একতাৰ বল (অংকুৰণ, তৃতীয় শ্ৰেণী)


ক— পাঠভিত্তিক ক্ৰিয়া

সাধুটো তোমাৰ নিজৰ কথাৰে কোৱা।

উত্তৰ:

একতাৰ বল

এখন গাঁৱত মহীকান্ত নামেৰে এজন গাঁওবুঢ়া আছিল। তেওঁৰ নাতিয়েকহঁতৰ মাজত মিলা-প্ৰীতি নাছিল বাবে তেওঁৰ বৰ চিন্তা। এদিনাখন জহকালি সন্ধিয়া তেওঁ নাতিয়েকহঁতক সাধু শুনিবলৈ মাতিলে। সাধুৰ নাম শুনি সকলো ককাকৰ কাষলৈ ল'ৰি আহিল। ককাকে সিহঁতক এজন খেতিয়ক আৰু তেওঁৰ চাৰিজন পুতেকৰ সাধুটো ক'লে। খেতিয়কজনৰো চাৰিজন পুতেকৰ মাজত মিলা-প্ৰীতি নাছিল। সেয়ে এদিন খেতিয়কজনে পুতেকহঁতক মাতি আনি প্ৰত্যেককে একোডালকৈ ইকৰা ভাঙিবলৈ দিছিল। সকলোৱে অনায়াসে ইকৰাডাল ভাঙিব পাৰিছিল। তাৰ পিছত তেওঁ কেইবাডালো ইকৰা একেলগে বান্ধি ভাঙিবলৈ দিছিল। তেতিয়া কিন্তু এজন পুতেকেও মুঠাটো ভাঙিব পৰা নাছিল। তেতিয়া খেতিয়কজনে পুতেক কেইজনক বুজাইছিল যে, যিদৰে তেওঁলোকে  ইকৰাকেইডাল এডাল এডাল হৈ থাকোঁতে অনায়াসে ভাঙিব পাৰিলে, সেইদৰে তেওঁলোকো ইজনে সিজনৰ লগত মিলিজুলি নাথাকিলে আনে অনায়াসে বিপদ ঘটাব পাৰিব। কিন্তু ইকৰাকেইডাল একেলগে বান্ধি দিওঁতে যিদৰে তেওঁলোকে ভাঙিব নোৱাৰিলে, সেইদৰে তেওঁলোকো যদি একগোট হৈ থাকে, তেন্তে আনে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিব। খেতিয়কজনৰ কথা পুতেককেইজনে বুজি পালে আৰু একেলগে কামত লাগিলগৈ। 

সাধুটো শেষ কৰি মহীকান্ত গাঁওবুঢ়াই নাতিয়েকহঁতক একতাৰ বলৰ কথা বুজাইছিল যে মিলিজুলি থাকিলে সকলো কামতে সফলতা অৰ্জন কৰিব পৰা যায় আৰু বিপদৰ সন্মুখীন হ'লেও সাহসেৰে মোকাবিলা কৰিব পাৰি।

উত্তৰ দিয়া।

ক) গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক  লৈ কি হৈছিল?

উত্তৰ: গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক  লৈ মহাচিন্তা হৈছিল।

খ) সাধুকথা ক'ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে কি কৰিলে?

উত্তৰ: সাধুকথা ক'ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে ককাকৰ ওচৰত জুম বান্ধিলেহি ।

গ) খেতিয়কজনৰ কেইজন পুতেক আছিল?

উত্তৰ: খেতিয়কজনৰ ৪ জন পুতেক আছিল।

ঘ) পুতেককেইজনৰ মাজত মিলা-প্ৰীতি আছিলনে?

উত্তৰ: পুতেককেইজনৰ মাজত মিলা-প্ৰীতি নাছিল।

ঙ) দেউতাকে পুতেকহঁতক ইকৰা কাঠীবোৰ কি কৰিবলৈ দিলে?

উত্তৰ: দেউতাকে পুতেকহঁতক ইকৰা কাঠীবোৰ এজন এজনকৈ ভাঙিবলৈ  দিলে।

চ) ইকৰাৰ মুঠাটো সিহঁতে অকলশৰীয়াকৈ ভাঙিব পাৰিলে নে?

উত্তৰ:  ইকৰাৰ মুঠাটো সিহঁতে অকলশৰীয়াকৈ ভাঙিব নোৱাৰিলে। 

ছ) মিলিজুলি থাকিলে কি হয়?

উত্তৰ: মিলিজুলি থাকিলে আনে একো ক্ষতি কৰিব নোৱাৰে। সকলো কামতে সফলতা অৰ্জন কৰিব পৰা যায়।

থালখনত থকা শব্দবোৰ পঢ়া। শব্দবোৰৰ অৰ্থ পাচিটোৰ পৰা বিচাৰি নিজৰ বহীত লিখা।

                    
শব্দ অৰ্থ
জহকালি গৰম কালি
কাণসাৰ কোনো কথালৈ মনোযোগ দিয়া
পাঙিলে ভাবিলে
মিলা-প্ৰীতি একতা
অৰ্জন চেষ্টা কৰি পোৱা

তলৰ শব্দকেইটা ক্ৰমত সজাই বাক্যটো পুনৰ লিখা।

উদাহৰণ—  আছিল এখন খেতিয়ক গাঁৱত এজন 

এখন গাঁৱত এজন খেতিয়ক আছিল।

ক) চাৰিজন আছিল খেতিয়কজনৰ পুতেক

উত্তৰ: খেতিয়কজনৰ চাৰিজন পুতেক আছিল।

খ) পুতেক নাছিল মাজত কেইজনৰ মিলা-প্ৰীতি।

উত্তৰ: পুতেককেইজনৰ মাজত মিলা-প্ৰীতি নাছিল।

গ) ক্ৰমে আহিল হৈ বুঢ়া খেতিয়কজন

উত্তৰ: খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল।

ভাষা অধ্যয়ন

(ব্যাৱহাৰিক ব্যাকৰণ)


নাওখনত থকা শব্দবোৰ পঢ়া। খালী ঠাইত উপযুক্ত শব্দ লিখি বাক্যবোৰ সম্পূৰ্ণ কৰা।

ক) তেওঁৰ            ভাল।

খ) অবাবত            সময় নষ্ট নকৰিবা।

গ) মিলিজুলি কাম কৰিলে সহজে            অৰ্জন কৰিব পাৰি।

ঘ) খেতিয়কজনে খেতি-বাতি কৰি পৰিয়ালটো            দিছিল।

ঙ) বলেৰে নোৱাৰিলে            প্ৰয়োগ কৰিবা।

উত্তৰ:  

ক) তেওঁৰ  স্বভাৱ   ভাল।

খ) অবাবত   মূল্যৱান  সময় নষ্ট নকৰিবা।

গ) মিলিজুলি কাম কৰিলে সহজে  সাফল্য  অৰ্জন কৰিব পাৰি।

ঘ) খেতিয়কজনে খেতি-বাতি কৰি পৰিয়ালটো  পোহপাল  দিছিল।

ঙ) বলেৰে নোৱাৰিলে  বুদ্ধি   প্ৰয়োগ কৰিবা।

যুক্তাক্ষৰ ভাঙি পঢ়ো আহাঁ।

মূল্যৱান   ল্য  ল + য়  লই  য়ই  ল্য 

বাণিজ্য  জ্য  জ + য়  জই  য়ই  জ্য

সদস্য   স্য   স + য়  সই  য়ই  স্য


জানি থোৱা  'শ', 'ষ', 'স'ৰ লগত 'য়' যোগ হ'লে ধ্বনিকেইটাৰ উচ্চাৰণ 'চ্য' হয়। যেনে - শ্যামল, ভৱিষ্যত,  নমস্য 

যুক্তাক্ষৰ গঠন কৰোঁ আহা।

ল + য়  লই  য়ই  ল্য

জ + য়  জই  য়ই  জ্য

স + য়  সই  য়ই  স্য

হাতেৰে আমি কি কি কৰোঁ  লিখা।

খেলোঁহাতেৰে আমি  কেৰেম, লুডু, ডবা,  ক্ৰিকেট, ভলীবল,  টেনিছ,  আদি খেলোঁ।

খোলোঁ—  হাতেৰে আমি কাপোৰ, বাকচ, আলমিৰা, দুৱাৰ, সাঁফৰ আদি খোলোঁ।

ভাঙো—  হাতেৰে আমি গিলাচ, কাপ, প্লেট, কলহ, টেকেলি আদি ভাঙো।

মাছৰ ভিতৰত পৰা যুক্তাক্ষৰ আনি বাক্যকেইটা সম্পূৰ্ণ কৰা।

পিতৃ-মাতৃ আমাৰ পূজ্য
সময় অমূল্য  ধন।
শিক্ষাগুৰুসকল নমস্য

জানো আহা।

কিছুমান শব্দ লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে আমি সেই শব্দৰ গোটটোক বাক্য বোলোঁ। বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰক পদ বোলা হয়।

বাক্যৰ দুটা ভাগ
যাৰ বিষয়ে কোৱা হয়।
যিহৰ বিষয়ে কোৱা হয়।

যেনে— ‘‘খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল৷’’

বাক্যটোৰ এটা ভাগত খেতিয়কজনৰ বিষয়ে কোৱা হৈছে। আনটো ভাগত ক্ৰমে বুঢ়া হৈ আহিল বুলি কোৱা হৈছে। বাক্যটি এইদৰে দুভাগত ভাগ কৰিব পাৰি। যেনে—

ক অংশ খ অংশ
খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল।

ঠিক সেইদৰে তলৰ বাক্যসমূহ ভাগ কৰিলে দেখা পাম—

বাক্য ক অংশ খ অংশ
ককাকে সাধুকথা কৈছে ককাক সাধুকথা কৈছে
ককায়েকজন বিদ্যালয়লৈ গ'ল ককায়েকজন বিদ্যালয়লৈ গ'ল

তলৰ বাক্যকেইটা ভাগ কৰি লিখোঁ আহাঁ।

মতিউৰ এজন ভাল ল'ৰা।
পঙ্কজে কিতাপ পঢ়িছে।
শৰত বজাৰলৈ গ'ল।

ক অংশ খ অংশ
মতিউৰ এজন ভাল ল'ৰা।
পঙ্কজে কিতাপ পঢ়িছে।
শৰত বজাৰলৈ গ'ল।

যুক্তাক্ষৰ গঠন কৰোঁ আহাঁ।

ল + য় = ল্য

দ + য় = দ্য

ক + য় = ক্য

জ + য় = জ্য

স + য় = স্য


 জ্ঞান সম্প্ৰসাৰণ


'য়' কাৰ থকা শব্দ লিখোঁ আহাঁ।

মূল্য ৰাজ্য

স্য

তলৰ ছবিকেইখন চাই সাধুটো সজাই পৰাই কোৱা।

খেতিয়কজনে কি কৰিছে?

উত্তৰ: ...

চৰাইকেইটাই কি কৰিছে?
উত্তৰ: ...

খেতিয়কজনে কি পাতিছে?
উত্তৰ: ...

চৰাইকেইটাৰ কি হ'ল?
উত্তৰ: ...

চৰাইকেইটাই কি ভাবিছে?
উত্তৰ: ...

চৰাইকেইটাই কি কৰিলে?
উত্তৰ: ...

এতিয়া কি হ'ল?
উত্তৰ: ...

(গোটেই সাধুটো সজাই-পৰাই ক'লে তলত দিয়া ধৰণৰ হ'ব)

এসময়ত এজন খেতিয়কে বৰ কষ্টৰে এডৰা ধানখেতি কৰিছিল। ধানবোৰ বৰ লহপহকৈ বাঢ়ি আহিছিল। আঘোণ মাহ। খেতিয়ক জনে এদিন ধাননি ডৰা চাবলৈ গৈ দেখিছিল যে এজাক চৰায়ে ধানবোৰ খাই আছে। তেওঁ চৰাইজাক ধৰিবলৈ এখন জাল পাতি থ'লে। খেতিয়ক জন যোৱাৰ পিছত চৰাইজাক পুণৰ ধান খাবলৈ আহিল । তেতিয়া সিহঁত  জালত খেতিয়কৰ জালত বন্দী হৈ পৰিল। চৰাইজাকে  কি উপায়েৰে জালখনৰ পৰা ওলাব পাৰি চিন্তা কৰিবলৈ ধৰিলে। সিহঁতে ভাবি ভাবি এটাই উপায় উলিয়ালে যে যদি সিহঁত আটাইজাকে একেলগে উৰা মাৰে তেন্তে নিশ্চয় জালখনৰ সৈতে উৰি যাব পাৰিব। তাৰ পাছত সকলোৱে একেলগে উৰা মাৰিলে। ভবা মতেই সিহঁত জালখনৰ সৈতে উৰি যাব পাৰিলে। তাৰ পিছত চৰাইজাক জালৰ পৰা মুকলি হৈ পৰিল। 

নীতি শিক্ষা: বলেৰে নোৱৰা কাম বুদ্ধিৰে কৰিব পাৰি।

কোৱা।

খেতিয়কজনে কি কৰিছিল?

উত্তৰ: খেতিয়কজনে চৰাইজাক ধৰিবলৈ এখন জাল পাতিছিল।

শেষত কি হ'ল?

উত্তৰ: শেষত চৰাইজাক নিজৰ বুদ্ধিৰে উৰি যাবলৈ সক্ষম হ'ল।

জানো আহা

ক) বিপদত যাতে নপৰে তাৰ বাবে হাতীয়ে সদায় জাক পাতি ফুৰে।

খ) সেইদৰে বান্দৰেও বিপদৰ পৰা হাত সাৰিবলৈ জাক পাতি ফুৰে।

গ) কাউৰী এটা কেনেবাকৈ মৰিলে বা বিপদত পৰিলে লগৰ কাউৰীবোৰে ৰক্ষা কৰিবলৈ জাক পাতি কোৰ্হাল কৰে।

ঘ) অকলে দাঙিব নোৱৰা গধুৰ বস্তু লগে-ভাগেহে দাঙিব পাৰি।

পঢ়োঁ আহা

মূল্য     তুল্য

ভাজ্য     পূজ্য

নমস্য     সদস্য


ঘ— প্ৰকল্প


ক) গুড়ি‍ পৰুৱা এটাৰ সন্মুখত চেনি বা অন্য আহাৰ দি তালৈ মন কৰা। সি কি কৰে ভালকৈ লক্ষ্য কৰা আৰু এটি টোকা লিখা। 

উত্তৰ: গুড়ি‍ পৰুৱা এটাৰ সন্মুখত চেনি দিয়াত সি চেনিখিনিৰ ওচৰলৈ আহি চাই -চিতি আন পৰুৱাবোৰক খবৰ দিলেগৈ। তাৰ পাছত বহুতো পৰুৱাই লানি পাতি আহি চেনিখিনি নিজৰ থকা ঠাইলৈ কঢ়িয়াই নিলে আৰু লগে-ভাগে খালেগৈ।

খ) ঘৰৰ সকলোৱে মিলিজুলি কৰিব লগা কামৰ এখন তালিকা কৰা।

উত্তৰ: ঘৰৰ সকলোৱে মিলিজুলি কৰিব লগা কিছুমান কাম হৈছে—

খেতি-বাতি কৰা, মৰণা মৰা, ধান চাউল জৰা, ভাত ৰন্ধা, পৰিবেশ চাফ-চিকুণকৈ ৰখা ইত্যাদি।

গ) লগে-ভাগে কাম কৰাৰ উপৰি আমি লগে-ভাগে খাই আনন্দ পাওঁ। সৰস্বতী পূজা,  মধ্যাহ্ন ভোজনত লগে-ভাগে খোৱাৰ অভিজ্ঞতা বৰ্ণনা কৰা।

উত্তৰ: সৰস্বতী পূজাত আমি সকলো ছাত্ৰ-ছাত্ৰীয়ে একেলগে পূজাৰ প্ৰসাদ খাওঁ। তাৰ পিছত পূজাৰ খিচিৰি খাই বৰ ভাল লাগে। বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰিও বৰ ভাল লাগে। কাৰণ আমি সকলো ছাত্ৰ-ছাত্ৰীয়ে একেলগে আহাৰ গ্ৰহণ কৰিবলৈ পাওঁ।

------×-------

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ