গাই গাই যাওঁ— (অংকুৰণ, তৃতীয় শ্ৰেণী)

ক- পাঠভিত্তিক ক্ৰিয়া 

গীতকেইফাকি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে দলত ভাগহৈ গোৱা। ভালকৈ নোৱাৰিলে জনাসকলৰ পৰা শিকি লৈ বাৰে বাৰে অনুশীলন কৰিবা।

উত্তৰ দিয়া:

(ক) ৰ’দালিক বহিবলৈ কি পীৰা পাৰি দিম বুলি কৈছে?

উত্তৰ: ৰ’দালিক বহিবলৈ বৰ পীৰা পাৰি দিম বুলি কৈছে।

(খ) ৰ’দালিৰ মাকৰ কেইডালি চুলি?

উত্তৰ: ৰ’দালিৰ মাকৰ তিনিডালি চুলি।

(গ) বতা চৰায়ে ধান নাখালে কি খাব?

উত্তৰ: বতা চৰায়ে ধান নাখালে গোট কৰাই খাব।

(ঘ) ৰতনপুৰত কি কি বাদ্য বজায়?

উত্তৰ: ৰতনপুৰত ঢোল আৰু খোল বজায়।

(ঙ) খঁৰা শিয়ালৰ বিয়াত কোনে তামোল কাটে?

উত্তৰ: খঁৰা শিয়ালৰ বিয়াত ঘনচিৰিকাই তামোল কাটে।

বৃত্তাকাৰে থিয় হৈ প্রত্যেকেই গীতকেইটি এফাকিকৈ গাই যোৱা; য’ত শেষ হ’ব তাতে আকৌ প্ৰথমৰ পৰা আৰম্ভ কৰিবা৷ এইদৰে ভালকৈ গাবলৈ নিশি‍কালৈকে গাই থাকিবা।

শেষৰ ধ্বনি মিল থকা শব্দ পাঠৰ পৰা বিচাৰি চোৱা৷ উদাহৰণত দেখুওৱাৰ দৰে দুটাকৈ শব্দ লিখা৷

উদাহৰণ— আলি— চুলি জালি

চৰাই    শৰাই     কৰাই

খাম     যাম     নাম


খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

শব্দ গঠন কৰোঁ আহা।

উদাহৰণ:

ৰ’দ— ৰ’দালি

(ক) তৰা তৰালি 

       বেজ বেজালি 

       ল’ৰা  ল'ৰালি

       খৰ     খৰালি

(খ) বিৰিণা         বিৰিণাতলী

      মাহ                 মাহতলী

কঠিয়া + তলী    কঠিয়াতলী

সৰিয়হ               সৰিহয়তলী

কলহৰ   তলি কলহতলি

চৰুৰ     চৰুতলি

বাকচৰ বাকচতলি

কেৰাহীৰ কেৰাহীতলি

টোকা: তলি‍—পাত্ৰ বা আন কোনো বস্তু তলিভাগ

তলী— খেতি কৰা মাটি (যি শস্যৰ খেতি ভাল হয়, তাৰ নামৰ পাছত থাকে৷)

(গ) ডালি    চুলিডালি

    কোছা    চুলি‍ কোছা

    চুলি   টাৰি     চুলিটাৰি

    খিনি      চুলিখিনি

    কেইডাল   চুলিকেইডাল

জানো আহা

কবিয়ে ৰ’দালিক ৰ’দ দিবলৈ খাটনি ধৰিছে, ৰ’দ দিলে কবিয়ে ৰ’দালিক কিছুমান বস্তু দিম বুলি কৈছে। দিবহে, এতিয়ালৈকে কিন্তু দিয়া নাই। অৰ্থাৎ দিয়া কামটো পিছত কৰিব। পদ্যটোত পিছলৈ কৰা বা হোৱা বুজাবলৈ— দিম, খাম, যাম আদি শব্দ ব্যৱহাৰ হৈছে। এইবোৰ ভৱিষ্যৎ কাল বুজোৱা শব্দ।

ঠিক তেনেদৰে— যা - যাম, যাবা, যাবি, যাব

কৰ— কৰিম, কৰিবা, কৰিবি, কৰিব 

ভৱিষ্যৎ বুজোৱা শব্দ লিখোঁ আহা—

উদাহৰণ

দে দিম দিবি দিবা দিব

খা খাম খাবি খাবা খাব

যা যাম যাবি যাবা যাব

কাট কাটিম কাটিবি কাটিবি কাটিব

দলত আলোচনা কৰি এই ধৰণৰ শব্দ সাজিবলৈ দিব। যিটো দলে বেছি শব্দ সাজিব পাৰিব সেই দলটোৱেই বিজয়ী হ’ব।

পদ্যফাকি নিজৰ মতে লিখোঁ আহা

কবিৰ মতে

হুৰ্ হুৰ্ বতা চৰাই

মোৰ ধান নাখাবি

তোক দিম গোটা কৰাই

ধানো খাম উৰ

চাউলো খাম

দুয়ো নাচি‍-বাগি

ঘৰলৈ যাম৷


মোৰ মতে

হুৰ্ হুৰ্ পাৰ চৰাই

মোৰ মাহ নাখাবি

তোক দিম সোণৰ শৰাই

মাহো খাম

সৰিয়হো খাম

দুয়ো খেলি-ধুলি

বাহলৈ যাম।

কি গীতৰ লগত কি কি বাদ্য বজায় মিলাই নিজৰ বহীত লিখোঁ আহা—

নাম-প্ৰসংগ- খোল, 

লোকগীত-

টোকাৰী গীত- দোতাৰা, 

বাগুৰুম্বা- খাম, 

হোলীগীত-

বিহুনাম- সুতুলি, গগনা, বিহু ঢোল, টকা, পেঁপা, বাঁহী, 

জিকিৰ-

গোৱালপৰীয়া লোকগীত-

ঝুমৰি-

হুঁচৰি-

বৰগীত- খোল, 

স্থানীয় গীত আৰু বাদ্য-যন্ত্ৰৰ লগত পৰিচয় কৰাব।

তলৰ শব্দবোৰ পঢ়ি চাওঁ আহা। ইয়াৰে বাঁওফালৰ শব্দকেইটাই এটাক বুজাইছে আৰু সোঁফালৰ শব্দকেইটাই এটাতকৈ বে‍ছি বুজাইছে।

বাঁওফাল    সোঁফাল

বগলীটো - বগলীজাক

ফুলটো - ফুল এথোপা

কলটো – কলথোক

ছাগলীটো – ছাগলীপাল

বহুত বুজাবলৈ কি কি শব্দ ক’ত ব্যৱহাৰ হয় জানো আহা—

বিলাক - মানুহবিলাক, কিতাপবিলাক

বোৰ - ল’ৰাবোৰ, গৰুবোৰ

সকল - ভকতসকল, আইসকল

পাল - ছাগলীপাল, ভেড়াপাল

দল - সৈন্যদল, ল’ৰাদল

থোপা - ফুলথোপা, আঙুৰথোপা


গ- জ্ঞান সম্প্ৰসাৰণ

উত্তৰ দিয়া:

(ক) ৰ’দালিক ৰ’দ দিবলৈ খাটনি ধৰিছে— ৰ’দ নিদিলে আমাৰ কি কি অসুবিধা হ’ব পাৰে?

উত্তৰ: ৰ’দ নিদিলে আমাৰ কাপোৰ শুকুৱা, ধান শুকুৱা, খৰি শুকুৱা আদিত অসুবিধা হ’ব পাৰে।

(খ) ধান নাখালে চৰাইক গোট কৰাই দিব, তোমালোকে চৰাইক আৰু কি কি খাবলৈ দিব পাৰিবা?

উত্তৰ: আমি চৰাইক মাহ, সৰিয়হ আদি খাবলৈ দিব পাৰোঁ।

(গ) ঢোল, খোল ৰতনপুৰত বায়; তোমালোকৰ অঞ্চলত কি কি বাদ্য বজায়?

উত্তৰ: আমাৰ অঞ্চলত বাঁহী, গগনা, টকা, তাল, পেঁপা আদি বজায়।

(ঘ) খঁৰা শিয়ালৰ বিয়াত ঘনচিৰিকাই তামোল কাটে; আমাৰ বিয়াতো তামোল, পাণ কাটে। বিয়াত তামোল কটাৰ বাহিৰেও কি কি কটা, গোঁঠা আৰু সজোৱা দেখিছা?

উত্তৰ: বিয়াত খৰি , কলপাত আদি কটা দেখিছো। ফুলৰমালা, আমপাত আদি গোঁঠা দেখিছো। মণ্ডপ, ৰভাতলী আদি সজোৱা দেখিছো।

দলত বহি তলৰ পদ্যকেইফাকি পঢ়া। আঁচ টনা শব্দৰ লগত মিলাই খালী ঠাই পূৰ কৰা৷

(ক) 

ৰঙচুৱা পাখিৰে 

কণমাণি চৰাই

চোতালত দিছে ধান মাহ

খোৱাহি পেট ভৰাই৷

(খ) 

অকণমানি ভণ্টিজনী

নাম তাইৰ হিয়া

ব’হাগ মাহৰ মাজভাগত

তাইৰ বায়েকৰ বিয়া ।

(গ) বৰদৈচিলা আহিল দেখোন

মেলি দীঘল চুলি

হালি জালি নাচিছে

নিম গছৰ ডালি।

ভাবা আৰু উত্তৰ দিয়া।

(ক) বৰষুণ দিলে আমি কি কি কৰোঁ?

উত্তৰ: বৰষুণ দিলে আমি কাগজৰ নাওঁ সাজি খেলো, বৰষুণত ছাতি লৈ ইফালে-সিফালে যাওঁ ।

(খ) ধান আৰু চাউলৰ পৰা কি কি জলপান কৰা হয়?

উত্তৰ: ধান আৰু চাউলৰ পৰা কৰাই, মুড়ী, চিৰা, সান্দহ, পায়স আদি জলপান কৰা হয়।

গীতটি ভালদৰে পঢ়া। ছবিত থকা নাচনীজনীয়ে কোনবিধ অলংকাৰ ক’ত পিন্ধিব কোৱা৷

হাতত মুঠিখাৰু

ডিঙিত জোনবিৰি

ঢোলবিৰি দুগ্‌দুগী বাজে,

কাণতে থুৰীয়া

আঙুলিত আঙঠি

ওলাই আহা নাচোনৰ সাজে৷

উত্তৰ: ছবিত থকা নাচনীজনীয়ে ডিঙিত জোনবিৰি, ঢোলবিৰি আৰু দুগদুগী পিন্ধিব। হাতত মুঠিখাৰু, কাণত থুৰীয়া আৰু আঙুলিত আঙুঠি পিন্ধিব।

আঁচ টনা শব্দবোৰ কি কি ক্ষেত্ৰত ব্যৱহাৰ হয় জানি লোৱা৷

(ক) আবেলি বেলিৰ জিলিঙনি ঘৰৰ মজিয়াত পৰিছে।

(খ) ধলপুৱা আকাশত বেলিৰ ৰেঙণি পৰিছে।

(গ) মেঘৰ গাজনি-ঢেৰেকনিত কাৰো মাত কোনেও নুশুনা হৈ পৰিছে।

(ঘ) বতাহৰ হোহোৱনিয়ে ৰাতিৰ পৰিৱেশ জয়াল কৰি তুলিছে।

(ঙ) নাৱৰীয়াই ব’ঠা মাৰি নৈৰ পানীত খলকনি তুলিছে।

(চ) বহুৱাজনৰ বহুৱালি দেখি দৰ্শকসকলে খিল্‌খি‍লাই হাঁহিছে।

(ছ) ডেকাসকলে বিহুতলীত কাম-বন নকৰাকৈ টিঘিল্‌ঘিলাই ফুৰিছে।


ঘ— প্রকল্প

পুৰণি আলোচনী বা বাতৰি কাকতৰ পৰা বিভিন্ন চৰাইৰ ছবি সংগ্ৰহ কৰি ডাঠ কাগজত আঠা লগাই বেৰত ওলোমাই থ’ব পৰাকৈ তালিকা প্রস্তুত কৰা।

ধাননিত বতা চৰাইৰ বাহিৰে ধান খাবলৈ আৰু কি কি চৰাই আহে তালিকা কৰা।

উত্তৰ: ধাননিত বতা চৰাইৰ বাহিৰে ভাটৌ, শালিকা, কপৌ, ঘনচিৰিকা আদি চৰাই আহে।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ