গছ-গছনিৰ কথা— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


অনুশীলনী

১৷ উত্তৰ লিখা

(ক) চাৰিবিধ বৃক্ষৰ নাম লিখা।

উত্তৰ: চাৰিবিধ বৃক্ষ হৈছে— শাল, চেগুন, গমাৰি আৰু আঁহত।

(খ) অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম লিখা।

উত্তৰ: অসমত পোৱা দুবিধ মূল্যৱান কাঠ হৈছে— চেগুন আৰু তিতাচপা।

(গ) দুবিধ লতাজাতীয় উদ্ভিদৰ নাম লিখা।

উত্তৰ: দুবিধ লতাজাতীয় উদ্ভিদ হৈছে— আকাশীলতা আৰু ভেদাইলতা।

(ঘ) ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধ পাতৰ নাম লিখা।

উত্তৰ: ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধ পাতৰ নাম হৈছে— নিমপাত আৰু তুলসীপাত।

(ঙ) গছৰ শিপাৰ দুটা কাম কি কি?

উত্তৰ: গছৰ শিপাৰ দুটা কাম হৈছে— মাটিত খামুচি ধৰি গছজোপা থিয় কৰাই ৰখা, আৰু মাটিৰ পৰা সাৰ পানী শুহি লোৱা।

(চ) লাউ, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি?

উত্তৰ: লাউ, জিকা আদি গছৰ গা-গছ কোমল আৰু লেহুকা। ইহঁত বগাই যায়। বগাবৰ বাবে চাং সাজি দিয়া হয়।

(২) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।

‘ক’ অংশ ‘খ’ অংশ
চিত্ৰনলা গছৰ পৰা কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়।
তেজপাত চাহপাত প্ৰস্তুত কৰা হয়।
চাহ গছৰ পাতৰ পৰা তেল উলিওৱা হয়।
নিম গছৰ পাত ৰন্ধা-বঢ়া কামত ব্যৱহাৰ কৰা হয়।

উত্তৰ:

‘ক’ অংশ ‘খ’ অংশ
চিত্ৰনলা গছৰ পৰা তেল উলিওৱা হয়।
তেজপাত ৰন্ধা-বঢ়া কামত ব্যৱহাৰ কৰা হয়।
চাহ গছৰ পাতৰ পৰা চাহপাত প্ৰস্তুত কৰা হয়।
নিম গছৰ পাত কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়।

৩৷ খালী ঠাই পূৰ কৰা-

(ক) গছে           ৰ দ্বাৰা পানী শুহি লয়।

(খ) চাহ গছবোৰ চাপৰ আৰু          

(গ) কিছুমান           শাক হিচাপে ৰান্ধি খোৱা হয়।

(ঘ) টকৌ পাতেৰে           সজা হয়।

উত্তৰ:

(ক) গছে  শিপাৰ  দ্বাৰা পানী শুহি লয়।

(খ) চাহ গছবোৰ চাপৰ আৰু  জোপোহা 

(গ) কিছুমান  উদ্ভিদ  শাক হিচাপে ৰান্ধি খোৱা হয়।

(ঘ) টকৌ পাতেৰে  জাপি  সজা হয়।

৪৷ শুদ্ধ উত্তৰত ‘✔’ চিন দিয়া।

(ক) বাঁহ গছ গুল্ম/ বৃক্ষ/ তৃণ জাতীয় উদ্ভিদ।

(খ) গুল্ম জাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু/ ডাঙৰ।

(গ) বৃক্ষ জাতীয় উদ্ভিদৰ গা-গছ বৰ টান/ কোমল।

(ঘ) তাল/ আম/ নিম গছৰ পাতেৰে বিচনী সজা হয়।

উত্তৰ:

(ক) বাঁহ গছ গুল্ম/ বৃক্ষ/ তৃণ জাতীয় উদ্ভিদ।

(খ) গুল্ম জাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু/ ডাঙৰ।

(গ) বৃক্ষ জাতীয় উদ্ভিদৰ গা-গছ বৰ টান/ কোমল।

(ঘ) তাল/ আম/ নিম গছৰ পাতেৰে বিচনী সজা হয়

৫৷ এটাকৈ পাৰ্থক্য লিখা-

(ক) বৃক্ষ আৰু গুল্ম

উত্তৰ: বৃক্ষ জাতীয় উদ্ভিদৰ গা-গছ টান আৰু ডাল পাতেৰে ভৰা, আনহাতে গুল্ম জাতীয় উদ্ভিদবোৰ চাপৰ আৰু জোপোহা।

(খ) বাঁহ গছ আৰু আম গছ

উত্তৰ: বাঁহ গছৰ গা-গছ ফোপোলা আৰু পাব থকা, আনহাতে আম গছৰ গা-গছ শকত, টান আৰু ডাল-পাতেৰে ভৰা।

(গ) লতা আৰু তৃণ

উত্তৰ: লতাজাতীয় উদ্ভিদবোৰৰ গা-গছ কোমল আৰু লেহুকা। ইহঁত বগাই যায়, আনহাতে তৃণ জাতীয় উদ্ভিদবোৰ সৰু আৰু গা-গছ কোমল। কিছুমানৰ গা-গছ ফোপোলা।

৬৷ ফুটবোৰ লগ লগোৱা আৰু যিখন ছবি পালা তাত ৰং কৰা।


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

১৷ উদ্ভিদ কাক বোলে?

উত্তৰ: আমাৰ চাৰিওফালে থকা সৰু-ডাঙৰ সকলো গছ-গছনিকে উদ্ভিদ বোলে।

২৷ বৃক্ষ জাতীয় উদ্ভিদ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰ: যিবোৰ উদ্ভিদৰ গা-গছ শকত, টান আৰু ডাল-পাতেৰে ভৰা, সেইবোৰ উদ্ভিদকে বৃক্ষ জাতীয় উদ্ভিদ বোলে। যেনে—   আহঁত, কৃষ্ণচূড়া আদি।

৩৷ গুল্ম জাতীয় উদ্ভিদ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰ: যিবোৰ উদ্ভিদ চাপৰ আৰু জোপোহা, সেইবোৰ উদ্ভিদকে গুল্ম জাতীয় উদ্ভিদ বোলে। যেনে— জলকীয়া গছ, বেঙেনা গছ ইত্যাদি।

৪৷ লতা জাতীয় উদ্ভিদ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰ: যিবোৰ উদ্ভিদৰ গা-গছ কোমল আৰু লেহুকা, সেইবোৰ উদ্ভিদকে লতাজাতীয় উদ্ভিদ বোলে। যেনে— আকাশীলতা, ভেদাইলতা আদি।

৫৷ তৃণ জাতীয় উদ্ভিদ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰ: যিবোৰ উদ্ভিদ সৰু, গা-গছ ফোপোলা আৰু পাব থকা, সেইবোৰ উদ্ভিদকে তৃণ জাতীয় উদ্ভিদ বোলে। যেনে— দূবৰি বন, কেঞা বন আদি।

৬৷ বৃক্ষ জাতীয় উদ্ভিদৰ পৰা আমি কি পাওঁ?

উত্তৰ: বৃক্ষ জাতীয় উদ্ভিদৰ পৰা আমি কাঠ, খৰি আদি পাওঁ।

৭৷ কাঠ আমি কি কি কামত ব্যৱহাৰ কৰোঁ?

উত্তৰ: ঘৰ-দুৱাৰ সজা, বিভিন্ন আচবাব নিৰ্মাণ কৰা, খৰি হিচাপে ব্যৱহাৰ কৰা আদি কামত আমি কাঠ ব্যৱহাৰ কৰোঁ।

৮৷ অসম কি খেতিৰ বাবে বিখ্যাত?

উত্তৰ: অসম চাহখেতিৰ বাবে বিখ্যাত।

৯৷ গছ-গছনিৰ পৰা আমি কি কি পাওঁ?

উত্তৰ: গছ-গছনিৰ পৰা আমি খৰি, কাঠ, ফল-মূল, শাক-পাচলি আদিৰ উপৰিও চাউল, ডাইল আৰু বহুতো খাদ্য বস্তু পাওঁ। কিছুমান গছৰ পাত আমি ঔষধ হিচাপে ব্যৱহাৰ কৰোঁ। কপাহ গছৰ পৰা কাপোৰ পাওঁ। মৰাপাট গছৰ আঁহৰ পৰা ৰছী, বস্তা আদি তৈয়াৰ কৰা হয় ।  তাৰ উপৰি আমি উশাহত গ্ৰহণ কৰা অক্সিজেন গেছো গছ-গছনিৰ পৰাই পাওঁ।

১০৷ কি গছৰ পৰা কাপোৰ তৈয়াৰ কৰিব পাৰোঁ?

উত্তৰ: কপাহ গছৰ পৰা কাপোৰ তৈয়াৰ কৰিব পাৰোঁ।

১১৷ শিপা কাক বোলে?

উত্তৰ: উদ্ভিদৰ মাটিৰ তলত থকা অংশটোক শিপা বোলে।

১২৷ কলপাত আমি কি কামত ব্যৱহাৰ কৰোঁ?

উত্তৰ: কলপাত আমি বহুতো কামত ব্যৱহাৰ কৰোঁ।  বিয়া সবাহত কলপাতত খোৱা বস্তু থোৱা আৰু বিতৰণ কৰা হয়।  কলপাতত কলপিঠা বেহুৱা পাতত দিয়া মাছ আদি বনোৱা হয়। গোসাঁইৰ আগত চাকি দিওঁতেও আগলতি কলপাত এখন পাৰি লোৱা হয়।  

১৩৷ খালী ঠাই পূৰ কৰা।

(ক) উদ্ভিদৰ শিপাই             ৰোধ কৰাত আৰু             সংৰক্ষণ কৰাত সহায় কৰে।

(খ) তুলসীৰ পাত             হিচাপে ব্যৱহাৰ কৰা হয়।

(গ) গছে            দি ঠাইখন শীতল কৰি ৰাখে।

(ঘ) লাউ গছৰ গা-গছ            আৰু লেহুকা।

(ঙ) চাপৰ আৰু জোপোহা গছবোৰেই হৈছে            

উত্তৰ: 

(ক) উদ্ভিদৰ শিপাই  খহনীয়া  ৰোধ কৰাত আৰু  মাটি  সংৰক্ষণ কৰাত সহায় কৰে।

(খ) তুলসীৰ পাত  ঔষধ  হিচাপে ব্যৱহাৰ কৰা হয়।

(গ) গছে  ছাঁ  দি ঠাইখন শীতল কৰি ৰাখে।

(ঘ) লাউ গছৰ গা-গছ  কোমল  আৰু লেহুকা।

(ঙ) চাপৰ আৰু জোপোহা গছবোৰেই হৈছে   গুল্ম  

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ