মাকণৰ চিঠি‍— (অংকুৰণ, তৃতীয় শ্ৰেণী)

ক - পাঠভিত্তিক ক্ৰিয়া।

১৷ উত্তৰ দিয়া।

ক) মিস্ত্ৰিজনে প্ৰধান শিক্ষকক কাগজত কি লিখি দিছিল?

উত্তৰ: মিস্ত্ৰিজনে প্ৰধান শিক্ষকক কাম কৰাৰ বাবদ পাবলগীয়া পইচাৰ হিচাপ কাগজত কি লিখি দিছিল।

খ) মিস্ত্ৰিজনে স্কুলত কি কাম কৰিছিল?

উত্তৰ: মিস্ত্ৰিজনে স্কুলত কাঠৰ আচবাব সজা কাম কৰিছিল।

গ) প্ৰধান শিক্ষকে মিস্ত্ৰিজনক টকাকেইটামান দিয়া দেখি মাকণে কি ভাবিলে?

উত্তৰ: প্ৰধান শিক্ষকে মিস্ত্ৰিজনক টকাকেইটামান দিয়া দেখি মাকণে ভাবিলে যে তায়ো মাকক ঘৰৰ কামত সহায় কৰি দিয়াৰ বাবদ পইচা বিছাৰিব পাৰে।

ঘ) কামবোৰৰ বাবে মাকণে মাকৰ পৰা কি বিচাৰিছে?

উত্তৰ: কামবোৰৰ বাবে মাকণে মাকৰ পৰা পইচা  বিচাৰিছে।

২৷ ক) স্কুলৰ পৰা আহি মাকণে কি কি কৰিলে?

উত্তৰ: স্কুলৰ পৰা আহি মাকণে মাকে বাঢ়ি দিয়া ভাতকেইটা খৰধৰকৈ খাই ৰাহি হোৱা খোৱা বস্তুখিনি ঢাকি-ঢুকি সামৰি থ'লে। ভাত খোৱা বাচনখিনি ধুলে আৰু কোঠালিটো সাৰি অঁটালে। তাৰ পিছত পঢ়া টেবুললৈ গৈ এখিলা কাগজত তাই কৰা কামৰ হিচাপ মাকলৈ লিখিলে। 

খ) মাকে চিঠিত মাকণৰ বাবে কৰা কি কি কামৰ হিচাপ দিছে?

উত্তৰ: মাকে চিঠিত মাকণৰ বাবে কৰা কামৰ হিচাপ এনেধৰণৰ- ১৷ তুলি-তালি ডাঙৰ কৰা, 

২৷কাপোৰ-কানি ধুই দিয়া 

৩৷ ভাত ৰান্ধি খুওৱা।

৪৷ বেমাৰত টোপনি ক্ষতি কৰি শুশ্ৰূষা কৰা

গ) মাকৰ চিঠিখন পঢ়ি মাকণে কি কি শিকিলে?

উত্তৰ: মাকৰ চিঠিখন পঢ়ি মাকণে চিঠি লিখাৰ নিয়মবোৰ  শিকিলে । লগতে মাক-দেউতাকে সন্তানৰ বাবে কৰা কষ্টবোৰৰ কথা অনুভৱ কৰিব পাৰিল। 

৩৷ চিঠি লিখোঁতে কালৈ কেনেকৈ সম্বোধন কৰি লিখিবা? 

ক) মাৰালৈ

খ) দেউতাৰালৈ 

গ) সৰুলৈ 

ঘ) বন্ধুলৈ 

উত্তৰ:

 ক) মাৰালৈ    পূজনীয়া বা শ্ৰদ্ধেয়া 

খ) দেউতাৰালৈ   পূজনীয় বা শ্ৰদ্ধেয়

গ) সৰুলৈ  মৰমৰ

ঘ) বন্ধুলৈ    প্ৰিয় 

 ৪৷ চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ক'ত লিখিব লাগে?

উত্তৰ: চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ওপৰত লিখিব লাগে।

৫৷ ঠিকনাত কি কি লিখিব লাগে?

উত্তৰ: ঠিকনাত যালৈ চিঠিখন পঠোৱা হয় তেওঁৰ  নাম, গাওঁ বা নগৰ, ডাকঘৰ, জিলা আৰু পিন বা ডাক সূচাংক লিখিব লাগে।

৬৷ খামৰ ওলোটা পিঠিত কাৰ ঠিকনা লিখিব লাগে?

উত্তৰ: খামৰ ওলোটা পিঠিত চিঠি লিখোঁতাই নিজৰ ঠিকনা লিখিব লাগে।

৭৷ চিঠি কেনেকৈ পঠিয়াব লাগে লিখা।

উত্তৰ: ডাকঘৰৰ জৰিয়তে  চিঠি পঠিয়াব খুজিলে চিঠিখন খামত ভৰাই আঠা লগাই খামৰ ওপৰত যালৈ পঠিওৱা হয় তেওঁৰ ঠিকনা লিখিব লাগে । লগতে খামৰ ওপৰত ডাক টিকট লগাই ডাক বাকচত ভৰাই থৈ আহিব লাগে।

খ - ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ)

১৷ যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখোঁ আহাঁ।

বিস্ময়  স্ম  স+ম সই  মই স্ম 

   জম্মু  ম্ম  ম+ম  মই মই  ম্ম

সন্মান  ন্ম  ন+ম  নই মই ন্ম

ৰুক্মিণী  ক্ম ক+ম  কই মই ক্ম 

মহাত্মা  ত্ম  ত+ম  তই মই ত্ম 

পদ্ম  দ্ম  দ+ম  দই মই দ্ম 

যুগ্ম  গ্ম গ+ম  গই মই গ্ম

কল্মৌ  ল্ম ল+ম  লই মই ল্ম 

ব্ৰহ্মপুত্ৰ  হ্ম হ+ম হই মই হ্ম

উষ্ম ষ্ম ষ+ম  ষই মই ষ্ম 

ৰশ্মি  শ্ম শ+ম শই মই শ্ম 

বিপ্লৱ প্ল প+ল  পই লই প্ল 

ক্লান্ত  ক্ল  ক+ল  কই লই ক্ল 

গ্লানি গ্ল গ+ল  গই লই  গ্ল 

ফ্লৰাইড  ফ্ল ফ+ল  ফই লই  ফ্ল 

ব্লাউজ ব্ল ব+ল বই লই ব্ল 

ম্লান ম্ল  ম+ল মই লই ম্ল 

পাল্লা ল্ল ল+ল  লই লই ল্ল 

শ্ল'গান শ্ল শ+ল শই লই শ্ল 

প্ৰহ্লাদ  হ্ল হ+ল  হই লই হ্ল 

শুশ্ৰূষা  শ্ৰূ শ+ৰ+ঊ শই ৰই শ্ৰ তাত ঊ-কাৰে শ্ৰূ 

২৷ যুক্তাক্ষৰ গঠন কৰোঁ আহাঁ।

স+ম  সই মই স্ম 

প+ল  পই লই প্ল

শ+ৰ+ঊ শই ৰই শ্ৰ তাত ঊ-কাৰে শ্ৰূ 

৩৷ উদাহৰণটো পঢ়া । তেনেদৰে খালী ঠাইত যুক্তাক্ষৰ লিখি পঢ়ো আহাঁ।

উদাহৰণ- ...ৰণ  -  স্মৰণ 

স্ম  বিস্ময় বিস্মিত স্মাৰক 

প্ল প্লাৱন  প্লাম  প্লেগ 

শ্ৰূ শুশ্ৰূষা  শুশ্ৰূষাকাৰিণী 

জানি লোৱা

শু,  শূ,  শ্ৰ, শ্ৰু,  শ্ৰূ- ৰূপ সলনিৰ বিষয়ে জনা 

ক) শত উ যোগ হ'লে তাৰ ৰূপ সলনি হৈ শু হয়।

খ) কিন্তু শত ঊ যোগ হ'লে তাৰ ৰূপ সলনি নহয়, অৰ্থাৎ শূ হয়।

গ) শত ৰ-কাৰ যোগ হ'লে শ্ৰ হয় আৰু তাৰ উচ্চাৰণ 'ছ্ৰ' ৰ দৰে হয়। 

ঘ) শ্ৰ-ৰ লগত উ-কাৰ যোগ হ'লে শ্ৰু লিখা হয়। যেনে - শ্ৰুতলিপি।

ঙ) শ্ৰ-ৰ লগত ঊ-কাৰ যোগ হ'লে শ্ৰূ লিখা হয় । যেনে - শুশ্ৰূষা।

তলৰ বাক্যত চিন দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা।

স্কুলৰ পৰা আহি ৰীতাই দেখিলে যে ঘৰৰ আগফালৰ দুৱাৰখন বন্ধ হৈ আছে, লৰা-লৰিকৈ তাই কাষতে থকা বাওঁফালৰ সৰু খিৰিকীখন টানি চালে। সেইখনো টান, খুলিব নোৱাৰি। খেলিবলৈ নাপাব বুলি তাইৰ বেজাৰ লাগিল।

পাছফাল    খোলা    মাজত    সোঁ   ডাঙৰ    ঢিলা     পাৰি    পাব    আনন্দ 

পাঠটো পঢ়ি পাঠত থকা যুৰীয়া শব্দবোৰ বিচাৰি নিজৰ বহীত লিখা।

উদাহৰণ- লৰা-লৰি

উত্তৰ:  ঢাকি-ঢুকি, কুশল-মঙ্গল, খা-খবৰ, ডাক-ঘৰ, তুলি-তালি,  কাপোৰ-কানি।

শিকোঁ আহাঁ।

ইতিমধ্যে তোমালোকে পদ আৰু বাক্যৰ ধাৰণা পাই আহিছা। তলৰ শব্দকেইটালৈ মন কৰা - 

   মাকণ, মা, চিঠি, লিখা- এইবোৰ একোটা একোটা শব্দ। শব্দকেইটা একগোট কৰি আমি এনেদৰে লিখিব পাৰোঁ - মাকণ মা চিঠি লিখা 

 এই শব্দৰ গোটটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা নাই। 

  এতিয়া এই শব্দকেইটা যদি আমি এনেদৰে লিখোঁ- মাকণে মাকলৈ চিঠি লিখিলে। তেতিয়া ই এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব। বাক্যত ব্যৱহাৰ হোৱাৰ লগে লগে শব্দৰ ৰূপৰ কিছুমান সাল-সলনি ঘটে।

শব্দ আৰু পদৰ মাজত থকা পাৰ্থক্যবিলাক চোৱা আৰু কোৱা।

শব্দ         পদ

মাকণ    মাকণে, মাকণৰ

মাক    মাকলৈ, মাকক

চিঠি    চিঠিত, চিঠিৰ

লিখ    লিখিছে,লিখিব,                     লিখিছিল ইত্যাদি।

ওপৰৰ শব্দবোৰ খটুৱাই আমিও তেনেদৰে তলৰ বাক্যকেইটা লিখোঁ আহাঁ।

মাকণে মাকলৈ চিঠি লিখিছে।

মাকণে মাকলৈ টকাৰ হিচাপ চিঠিত লিখিছিল।

মাকে মাকণলৈ চিঠিত কি লিখিছিল।

মাকণে মাকলৈ চিঠি লিখিব।

এতিয়া তোমালোকে তলৰ শব্দবোৰ খটুৱাই কেইটামান বাক্য লিখা।

ৰহিমলা  জাকৈ  মাছ   ধৰ

উদাহৰণ  - ৰহিমলাই জাকৈৰে মাছ ধৰিছে।

ক) ৰহিমলাই জাকৈৰে মাছ ধৰি ভাল পায়।

খ) ৰহিমলাই জাকৈৰে প্ৰায়েই মাছ ধৰে।

গ) ৰহিমলা জাকৈৰে মাছ ধৰাত পাকৈত।

ঘ) ৰহিমলাই জাকৈৰেই মাছ ধৰি আনে।

জানো আহাঁ।

প্ৰধান শিক্ষকে মিস্ত্ৰিজনক কাম কৰাৰ বাবে পইচা দিয়া দেখি মাকণৰ মনত উদ্ভৱ হোৱা ভাবটো এনেদৰে প্ৰকাশ কৰিছে। - "কাম কৰিলে যে পইচা পায় মই আজিহে জানিলোঁ। ময়ো ঘৰত কৰা কামৰ বাবে পইচা পাব লাগে।"

- এই কথাখিনি মাজেৰে মাকণৰ মনৰ ভাব প্ৰকাশ পাইছে। কথাখিনি প্ৰকাশ নকৰা হ'লে আমি মাকণৰ মনৰ ভাবটো বুজি নাপালোঁহেঁতেন।

 তেনেদৰে নিজৰ মনৰ ভাব প্ৰকাশ কৰি লিখা বা কোৱা কথাকে ভাষা বোলে।

মাকণে কোৱা কথাখিনিকে ঘৰত ককাকে এনেদৰে কয়- "কাম কললি পইচাৰ পায় বুলি মই আজিহে জানলু । ময়ো ঘৰোত কৰা কামৰ বাবে পইচা পাবা লাগেই।" 

- এই কথাখিনিৰ মাজেৰেও মনৰ ভাব প্ৰকাশ পাইছে। গতিকে , ইও ভাষা। কিন্তু ই হ'ল ককাকহঁতৰ ঘৰত কোৱা কথিত ভাষা। 

- মুঠতে ভাষাৰ দুটা ৰূপ - এটা ঘৰুৱা বা কথিত ভাষা আৰু আনটো মান্য বা লিখিত ভাষা।

- মান্য বা লিখিত ভাষা সকলোতে একে , কিন্তু ঘৰুৱা বা কথিত ভাষাটো ঠাই বিশেষে ভিন ভিন।

মাকণৰ ককাকে কোৱা কথাখিনি তোমাৰ ককা, আইতা বা আন মানুহে ঘৰুৱা ভাষাত কেনেকৈ কয় কোৱা।

উত্তৰ:

গ - জ্ঞান সম্প্ৰসাৰণ

পঢ়ো আৰু লিখোঁ আহাঁ।

প্লাম এবিধ বগৰী জাতীয় ফল।

বিস্ময় মানে আচৰিত।

ৰুগীয়া লোকক শুশ্ৰূষা কৰিবা।

গৰমৰ বন্ধ কেনেকৈ কটালা সেই বিষয়ে জনাই তোমাৰ লগৰীয়া এগৰাকীলৈ এখন চিঠি লিখা। 

উত্তৰ: প্ৰিয়    

                ৰাণু

    মৰম ল'বা। আশাকৰোঁ তোমালোক ভালে আছা। আমাৰো বৰ্তমান ভালেই। বহুত দিন তোমাৰ পৰা চিঠি -পত্ৰ পোৱা নাই। সেয়ে ভাবিলো ময়ে লিখোঁ । 

     কাইলৈৰ পৰা আমাৰ গৰম বন্ধ শেষ হ'ব। পুণৰ স্কুললৈ যাব পাৰিম বাবে বৰ ভাল লাগি আছে। এইবাৰ গৰমৰ বন্ধত আমি মামাহঁতৰ ঘৰলৈ গৈছিলোঁ । তাত থাকি বৰ ভাল লাগিল। মামাৰ পৰা মই কাগজেৰে বহুত বস্তু বনাবলৈ শিকিলো। তাত বহুতো ভাল ভাল কিতাপ পঢ়িবলৈ পালোঁ । দুখনমান কিতাপ মই লৈ আহিছোঁ । তাত এসপ্তাহ থাকি ঘৰলৈ আহি খেতি পথাৰৰ কামত দেউতাক সহায় কৰি দিছিলো। পথাৰত চাহ জলপান দিবলৈ গৈ বোকাত নামি ইমান যে ভাল লাগিছিল। আমক ঘৰত কৰিবলৈ ছাৰ বাইদেউসকলে বহুতো কাম দিছিল। পুৱা গধূলি সেইবোৰ কৰিছিলোঁ । তুমি তোমাৰ খবৰ জনাবা। লগতে গৰমৰ বন্ধত কি কি কৰিলা জনাই মোলৈ লিখিবাচোন। আজিলৈ সামৰিছো। চিঠিৰ উত্তৰ পাম বুলি আশা কৰিছোঁ।  

    ইতি তোমাৰ বান্ধৱী 

        বিজু

তলৰ বাক্যশাৰী তিনিবাৰকৈ লিখা।

আমি ৰোগীক শুশ্ৰূষা কৰোঁ।

ভাবা আৰু লিখা।

ক) তোমালোকৰ ঘৰৰ কাৰোবাৰ অসুখ হ'লে তুমি কি কি কৰিবা?

উত্তৰ: আমাৰ ঘৰৰ কাৰোবাৰ অসুখ হ'লে মই তেওঁক আৰাম দিবৰ বাবে যি পাৰোঁ কৰিম।গা- মূৰ মালিচ কৰিম। খোজকাঢ়ি যাওঁতে হাতত ধৰি সহায় কৰিম। খোৱা বোৱাৰ খবৰ ৰাখিম।

খ) ঘৰৰ ডাঙৰ লোকসকল কোনো কামৰ বাবে বাহিৰলৈ গ'লে ঘৰত তুমি কি কি সাৱধানতা অৱলম্বন কৰিবা?

উত্তৰ: ঘৰৰ ডাঙৰ লোকসকল কোনো কামৰ বাবে বাহিৰলৈ গ'লে ঘৰত মই দুৱাৰ-খিৰিকিবোৰ ভালদৰে জপাই ৰাখিব। অযথা বিদ্যুতৰ অপচয় হৈছে নেকি তালৈ মন-কাণ দিম, গেছৰ চিলিণ্ডাৰ অফ আছে নে নাই লক্ষ্য ৰাখিম। এনেদৰে সাৱধানতা অৱলম্বন কৰিম।

সাঁথৰ ভাঙি কওঁ আহাঁ।

ক) মাক জুটুলি-পুটুলি

পুতেক চোকা টেকেলা।

উত্তৰ: জলকীয়া।

খ) ৰজাৰ কলি গাই

ঘাটে ঘাটে পানী খায়।

উত্তৰ: বৰশী।

ঘ- প্ৰকল্প

তোমালোকৰ ঘৰলৈ অহা চিঠি-পত্ৰবোৰ তলত দিয়া ধৰণেৰে ভাগ কৰি এখন এলবাম প্ৰস্তুত কৰা।

সূচীপত্ৰ 

১৷ বিয়ালৈ নিমন্ত্ৰণ কৰা চিঠি।

২৷ উৎসৱ-পাৰ্বণলৈ নিমন্ত্ৰণ কৰা চিঠি।

● বিহু 

● পূজা-পাৰ্বণ 

● জন্মদিন

● অন্নপ্ৰাসন

৩৷ অন্যান্য চিঠি- পত্ৰ

● বন্ধু-বান্ধৱীৰ

● মা-দেউতাৰ 

● আত্মীয়-কুটুমৰ

● নিজে আনলৈ পঠিওৱা

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ