ময়ূৰ পক্ষীৰ জন্ম কাহিনী— (অংকুৰণ, তৃতীয় শ্ৰেণী)

ক - পাঠভিত্তিক ক্ৰিয়া 

১৷ উত্তৰ লিখা।

ক) স্বৰ্গৰ ৰজাজনৰ নাম কি?

উত্তৰ: স্বৰ্গৰ ৰজাজনৰ নাম ইন্দ্ৰ।

খ) তেওঁৰ ৰাজসভাৰ নৰ্তকী চৰাইজনীৰ নাম কি?

উত্তৰ: তেওঁৰ ৰাজসভাৰ নৰ্তকী চৰাইজনীৰ নাম বালিমাহী চৰাই।

গ) দেৱকন্যাই মৰ্ত্যলৈ যাওঁতে লগত কি লৈ গৈছিল?

উত্তৰ: দেৱকন্যাই মৰ্ত্যলৈ যাওঁতে লগত  এখন তাঁত- শাল লৈ গৈছিল।

ঘ) দেৱকন্যাই তাঁত-শাল খন কিয় নিছিল?

উত্তৰ: দেৱকন্যাই পৃথিৱীৰ সৌন্দৰ্য্য কাপোৰত বুটা বাছি আনিবলৈ তাঁত-শাল লগত নিছিল।

২৷ 'ময়ূৰ পক্ষীৰ জন্ম কাহিনী' পাঠটো সহজভাৱে নিজৰ কথাৰে কোৱা।

উত্তৰ: 

৩৷ উত্তৰ লিখা।

ক) দেৱকন্যাই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল?

উত্তৰ: দেৱকন্যাই পৃথিৱীত সৰিয়হ এডৰা দেখি বিমুগ্ধ হৈছিল।

খ) তেওঁ প্ৰথম কিছুদিন তাত কেনেদৰে কটাইছিল?

উত্তৰ: তেওঁ প্ৰথম কিছুদিন তাত বালিমাহীৰ লগত সৰিয়হ এডৰাৰ মাজে মাজে আৰু নৈৰ পাৰে পাৰে নাচি নাচি জপিয়াই আনন্দ মনেৰে দিন  কটাইছিল।

গ) দেৱকন্যাই পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ কিয় মন মেলিছিল?

উত্তৰ: দেৱকন্যাই পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ কিয় মন মেলিছিল?

উত্তৰ: দেৱকন্যাক লাহে লাহে পৃথিৱীৰ সৌন্দৰ্য্যই আমুৱালে। সেয়ে তেওঁ এদিন বালিমাহীক লগ পাই পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ মন মেলিছিল। 

ঘ) তেওঁ স্বৰ্গলৈ যাব খোজোঁতে কি হৈছিল?

উত্তৰ: দেৱকন্যা স্বৰ্গলৈ যাব খোজোঁতে মেঘ পাৰ হৈ সিপাৰলৈ যাব নোৱাৰি পুনৰ পৃথিৱীত পৰিছিলহি।

ঙ) দেৱকন্যা স্বৰ্গলৈ ঘূৰি যাব নোৱাৰাত দেৱৰাজে জীয়েকক কি কৈছিল?

উত্তৰ: দেৱকন্যা স্বৰ্গলৈ ঘূৰি যাব নোৱাৰাত দেৱৰাজে জীয়েকক অখাদ্য খাই ভুল কৰা বুলি কৈ পৃথিৱীতে ময়ূৰ পক্ষী হৈ থাকিবলৈ কৈছিল।

৪৷ পদুম ফুলৰ চকাত থকা শব্দবোৰ পঢ়া। ভোমোৰাৰ পাখিৰ পৰা অৰ্থ আনি শব্দৰ লগত মিলাই পদুম ফুলৰ পাহিত লিখা।

নৰ্তকী, হেঁপাহ,   নেৰা-নেপেৰাকৈ,  সৌন্দৰ্য্য , আমুৱালে

আমনি লাগিল , একেৰাহে,  নাচনী, ৰূপ, আগ্ৰহ 

খ- ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ) 

পেঞ্চিলত থকা যুক্তাক্ষৰবোৰ  কেনেদৰে ভাঙিছে চোৱা। এইবাৰ তলত দিয়া ধৰণেৰে পঢ়ো আৰু লিখোঁ আহাঁ।

মুগ্ধ  গ্ধ  গ+ধ  গ্ধ

ক্ষুব্ধ  ব্ধ  ব+ধ  ব্ধ

বস্ত্ৰ  স্ত্ৰ  স+ত+ৰ  স্ত্ৰ

মৰ্ত্য   ৰ্ত্য   ৰ+ত+য়  ৰ্ত্য

যত্ন  ত্ন  ত+ন  ত্ন 

গ+ধ  গই ধই গ্ধ

ব+ধ  বই ধই  ব্ধ

স+ত+ৰ  সই তই স্ত তাত  ৰ-কাৰে স্ত্ৰ

ৰ+ত+য়  ৰই তই ৰ্ত তাত য়-কাৰে ৰ্ত্য 

ত+ন  তই নই ত্ন

গ+ন   গই নই  গ্ন মগ্ন

ঘ+ন  ঘই নই ঘ্ন শত্ৰুঘ্ন

প+ন   পই নই  প্ন স্বপ্ন

ম+ন  মই নই  ম্ন নিম্ন

স+ন  সই নই  স্ন স্নান

২৷ কিছুমান শব্দৰ দুটাকৈ ৰূপ থাকে। তলৰ শব্দকেইটাৰ দুয়োটা ৰূপেই পাঠটোত ব্যৱহাৰ হৈছে। যেনে- 

   স্বৰ্গ   - সৰগ

   মৰ্ত্য   মৰত 

  পক্ষী   পখী

তলৰ শব্দবোৰৰো আন এটা ৰূপ পাঠটোত আছে। বিছাৰি উলিয়াই খালী ঠাইত লিখো আহাঁ।

বাৰ্তা   বতৰা

জন্ম   জনম

যত্ন   যতন

পিতৃ  পিতা

বৎসৰ   বছৰ

নৰ্তকী   নাচনী

৩৷ যুক্তাক্ষৰ গঠন কৰা।

           গ

           +  

   ন + (ধ) + [  ]

          [  ]


৪৷ যুক্তাক্ষৰ ভাঙি লিখা।

মুগ্ধ  গ্ধ  গ+ধ

ক্ষুব্ধ  ব্ধ  ব+ধ

বুদ্ধ   দ্ধ  দ+ধ

ইন্দ্ৰ  ন্দ্ৰ  ন+দ+ৰ 

বস্ত্ৰ  স্ত্ৰ  স+ত+ৰ

মৰ্ত্য ৰ্ত্য ৰ+ত+য়

৫। শব্দ গঠন কৰোঁ আহাঁ।

ক)       মুগ্ধ  বিমুগ্ধ 

     বি   শুদ্ধ  বিশুদ্ধ 

            দগ্ধ  বিদগ্ধ 

           খ্যাত  বিখ্যাত 

    বি    মোহিত  বিমোহিত

            দূৰ     বিদূৰ 

ওপৰৰ শব্দকেইটাৰ আগত বি যোগ হৈ সেইবোৰৰ অৰ্থ আৰু অধিক গাঢ় কৰিছে। কিন্তু তলৰ শব্দকেইটাৰ আগত বি যোগ দিলে বিপৰীত অৰ্থ প্ৰকাশ কৰিব।

খ)          মুখ   বিমুখ

       বি    পক্ষ  বিপক্ষ 

              তুষ্ট   বিতুষ্ট 


             মল   বিমল

       বি   ফল  বিফল

             বুদ্ধি   বিবুদ্ধি


৬। জানি থওঁ আহাঁ।

ধৰ্ম ধৰম 

কৰ্ম  কৰম

মিত্ৰ  মিতিৰ

ভক্তি  ভকতি

ভগ্নী  ভগিনী/ভনী

শস্য  শইচ

৭৷ পাঠটোত থকা এক বুজোৱা শব্দবোৰ 'এ'ৰে আৰম্ভ হৈছে। তেনে শব্দবোৰ বিছাৰি উলিয়াই লিখা। যেনে- এগৰাকী (এক গৰাকী)

উত্তৰ: 

একোবাৰ  (এবাৰ)

এদিনাখন (এক দিনাখন)

এখন  (এক খন)

এডৰা (এক ডৰা)

এদিন (এক দিন)

গ - জ্ঞান সম্প্ৰসাৰণ 

পঢ়ো আহাঁ।

  বুদ্ধদেৱ শুদ্ধোধনৰ পুত্ৰ। বুদ্ধদেৱৰ আন এটা নাম সিদ্ধাৰ্থ। তেওঁ প্ৰচাৰ কৰা ধৰ্মৰ নাম বৌদ্ধধৰ্ম। 

     কলিংগ যুদ্ধত অনেক মানুহ মৰিছিল। তাকে দেখি মহাৰাজ অশোক ক্ষুব্ধ আৰু ব্যথিত হৈছিল।

প্ৰশ্নসমূহৰ উত্তৰ লিখোঁ আহাঁ।

১৷ বুদ্ধদেৱৰ দেউতাকৰ নাম কি?

উত্তৰ:  বুদ্ধদেৱৰ দেউতাকৰ নাম শুদ্ধোধন।

২৷ সিদ্ধাৰ্থ কাৰ নাম?

উত্তৰ: সিদ্ধাৰ্থ বুদ্ধদেৱৰ আন এটা নাম।

৩৷ বুদ্ধদেৱ প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?

উত্তৰ: বুদ্ধদেৱ প্ৰচাৰ কৰা ধৰ্মটোৰ নাম বৌদ্ধধৰ্ম।

৪৷ মহাৰাজ অশোক কিয় ক্ষুব্ধ হৈছিল?

উত্তৰ: কলিংগৰ যুদ্ধত অনেক মানুহ মৰা দেখি মহাৰাজ অশোক ক্ষুব্ধ হৈছিল।

দলত আলোচনা কৰা।

ক) ময়ূৰ চৰাইৰ বিষয়ে

ময়ূৰ ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই। ই দেখিবলৈ বৰ ধুনীয়া । ইয়াৰ পাখিবোৰত বিভিন্ন ৰঙৰ সমাহাৰ দেখিবলৈ পোৱা যায়। ময়ূৰ পক্ষীয়ে চালি ধৰিলে দেখিবলৈ আৰু  মনোমোহা হৈ পৰে।

খ) মাত শুনি ভাল লগা চৰাইৰ বিষয়ে

মাত শুনি ভাল লগা চৰাইবোৰ হৈছে - কুলি,কেতেকী, মইনা আদি।

কুলি কেতেকীয়ে মাত আমি বসন্ত ঋতুতহে শুনিবলৈ পাওঁ।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ