মিনুৰ চিঠি‍— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


অনুশীলনী

১৷ উত্তৰ লিখা৷

ক) মেৰীয়ে কি বাহনত উঠি গুৱাহাটীলৈ আহিছিল?

উত্তৰ: মেৰীয়ে ৰে’লত উঠি গুৱাহাটীলৈ আহিছিল।

খ) মিনুৰ দেউতাকে টকাখিনি পাই কিহৰ সহায়ত ধন্যবাদ জনালে?

উত্তৰ: মিনুৰ দেউতাকে টকাখিনি পাই টেলিফোনৰ  সহায়ত ধন্যবাদ জনালে।

গ) তোমাৰ ঘৰৰ ওচৰৰ ডাকঘৰটোৰ নাম কি?

উত্তৰ: আমাৰ ঘৰৰ ওচৰৰ ডাকঘৰটোৰ নাম            

(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ঘৰৰ ওচৰৰ ডাকঘৰৰ নাম লিখিব লাগিব)

ঘ) চিঠি-পত্ৰ কঢ়িয়াই অনা মানুহজনক কি বুলি কোৱা হয়?

উত্তৰ: চিঠি-পত্ৰ কঢ়িয়াই অনা মানুহজনক ডাকোৱাল  বুলি কোৱা হয়।

ঙ) দূৰত থকা তোমাৰ আত্মীয়লৈ অতি সোনকালে কিহৰ সহায়ত খবৰ পঠিয়াবা?

উত্তৰ: দূৰত থকা মোৰ আত্মীয়লৈ অতি সোনকালে টেলিফোনৰ সহায়ত খবৰ পঠিয়াম।

চ) কাৰ জৰিয়তে মনি অৰ্ডাৰ কৰিব পাৰি?

উত্তৰ: ডাকঘৰৰ জড়িয়তে মনি অৰ্ডাৰ কৰিব পাৰি।

২৷ শুদ্ধ উত্তৰটোত ‘✔’ চিন দিয়া৷

ক) চিঠি, টেলিফোন আদিৰ যোগেদি আমি মনৰ ভাব আদান-প্ৰদান কৰিব পাৰোঁ।✔

খ) সকলো ডাকঘৰৰ পৰা টেলিগ্ৰাম কৰাৰ সুবিধা আছে।

গ) সকলো ডাকঘৰৰ পৰা টকা-পইচা পঠিয়াব পৰা যায়।

৩৷ চিঠি লিখা আৰু টেলিফোনত কথা পতা— এই দুটা কামৰ মাজত কি কি মিল আৰু অমিল আছে?

উত্তৰ: চিঠি লিখা আৰু টেলিফোনত কথা পতা— এই দুটা কামৰ মাজত থকা মিল হৈছে—  দুয়োটা মাধ্যমৰ জৰিয়তে দূৰৰ আত্মীয়ৰ লগত  মনৰ ভাৱ আদান-প্ৰদান কৰিব পাৰি।

চিঠি লিখা আৰু টেলিফোনত কথা পতা এই দুটা কামৰ মাজত  থকা অমিল হৈছে-চিঠিৰ জৰিয়তে খবৰ পঠিয়াবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। আনহাতে টেলিফোনৰ জৰিয়তে তৎক্ষণাত খবৰ পঠিয়াব পৰা যায়।

৪৷ মেৰীয়ে গুৱাহাটীত ফুৰি কি কি ঠাই দেখা পালে লিখা।

উত্তৰ: মেৰীয়ে গুৱাহাটীত ফুৰি কামাখ্যা মন্দিৰ, তাৰকাগৃহ,  শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ,  শৰাইঘাট দলং আৰু উমানন্দ মন্দিৰ দেখা পালে।

৫৷ তিনিবিধ যোগাযোগৰ মাধ্যমৰ নাম লিখা।

উত্তৰ: তিনিবিধ যোগাযোগৰ মাধ্যম হৈছে— চিঠি, টেলিফোন আৰু টেলিগ্ৰাম।

৬৷ ডাকঘৰৰ কাম কি কি?

উত্তৰ: ডাকঘৰৰ কাম হ'ল চিঠি-পত্ৰ, টকা-পইচা আৰু বস্তু নিৰ্দিষ্ট ঠিকনালৈ প্ৰেৰণ কৰা। লগতে টেলিগ্ৰাম পঠিওৱা আৰু টকা-পইচা জমা ৰখা কামো ডাকঘৰত কৰা হয়।

৭৷ তোমাৰ বন্ধু-বান্ধৱীলৈ তোমাৰ পৰীক্ষাৰ খবৰ জনাই চিঠি এখন লিখা।

উত্তৰ: মৰমৰ 

                 ৰুবুল 

মৰম ল’বা৷ আশা কৰোঁ তোমালোক  ভালে আছা। মোৰো বৰ্তমান ভালেই। 

এটা বিশেষ কথাৰ বাবে চিঠিখন লিখিলোঁ। কালি আমাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে৷ এইবাৰ পৰীক্ষাত  মই শ্ৰেণীত প্ৰথম স্থান পাই উত্তীৰ্ণ হৈছোঁ। মোৰ খুব ভাল লাগিছে। দেউতাই সেই বাবে মোক এখন চাইকেল আনি দিব বুলিও কৈছে। তোমাৰ পৰীক্ষা কেনেকুৱা হ’ল জনাবা। মাৰা আৰু দেউতাৰাৰ ভালনে? তোমাৰ ভণ্টী মাইনীৰ পঢ়া-শুনা কেনে চলিছে৷ বেছি  নিলিখোঁ৷ মাৰা আৰু দেউতাৰাক মোৰ শ্ৰদ্ধা জনাবা। শেষত তোমালৈ বহুত বহুত মৰম যাচি আজিলৈ সামৰিছো। চিঠিৰ উত্তৰ দিবা৷ 

       ইতি তোমাৰ বান্ধৱী 

           স্নিগ্ধা

অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নোত্তৰ 

১৷ মিনুৰ বান্ধৱী জনীৰ নাম কি?

উত্তৰ: মিনুৰ বান্ধৱী জনীৰ নাম মেৰী।

২৷ মেৰীৰ দেউতাৰ নাম কি?

উত্তৰ: মেৰীৰ দেউতাকৰ নাম শ্ৰীযুত যদু গগৈ।

৩৷ মেৰীৰ ঘৰ ক’ত?

উত্তৰ: মেৰীৰ ঘৰ তিনিচুকীয়াৰ ন পুখুৰীত।

৪৷ চিঠি এখন পঠিওৱাৰ আগত চিঠিৰ ওপৰত কি লিখিব লাগে?

উত্তৰ: চিঠি এখন পঠিওৱাৰ আগত চিঠিৰ ওপৰত সম্পূৰ্ণ নাম ঠিকনা লিখিব লাগে।

৫৷ চিঠিৰ ওপৰত লগোৱা টিকটটোক কি বোলে?

উত্তৰ:  চিঠিৰ ওপৰত লগোৱা টিকতটোক ডাক-টিকট  বোলে?

৬৷মেৰী গুৱাহাটীলৈ কেতিয়া যাবলৈ ঠিক কৰিছিল?

উত্তৰ: মেৰী গুৱাহাটীলৈ পূজাৰ বন্ধত যাবলৈ ঠিক কৰিছিল।

৭৷ ডিব্ৰুগড়ৰ কোন ঠাইৰ পৰা  উৰাজাহাজ চলে?

উত্তৰ: ডিব্ৰুগড়ৰ মোহনবাৰীৰ পৰা উৰাজাহাজ চলে।

৮৷ মেৰীৰ দেউতাক কি বাহনত উঠি গুৱাহাটীলৈ আহিছিল?

উত্তৰ: মেৰীৰ দেউতাক উৰাজাহাজেৰে গুৱাহাটীলৈ আহিছিল।

৯৷ মনি অৰ্ডাৰ কাক বোলে?

উত্তৰ: ডাকঘৰৰ যোগেদি টকা-পইচা পঠোৱাকে মনি অৰ্ডাৰ বোলে।

১০৷ টেলিগ্ৰাম ক্’ৰ পৰা কৰিব পাৰি?

উত্তৰ: টেলিগ্ৰাম ডাকঘৰৰ পৰা কৰিব পাৰি।

..........

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ