মণ্টুৰ খেতি‍— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


অনুশীলনী

১ ) উত্তৰ লিখা।

(ক) মণ্টুৰ দেউতাকে কোনবোৰ আলু বীজ হিচাপে ব্যৱহাৰ কৰিছিল?

উত্তৰ: মণ্টুৰ দেউতাকে গজালি ওলোৱা আলুবোৰ বীজ হিচাপে ব্যৱহাৰ কৰিছিল।

(খ) দহ দিনমানৰ পাছত মণ্টুৱে খেতিডৰাত কি দেখা পালে?

উত্তৰ: দহ দিনমানৰ পাছত মণ্টুৱে খেতিডৰাত আলুবোৰৰ পৰা মাটি ফুটি সৰু পুলি ওলোৱা  দেখা পালে৷

(গ) তিনি মাহৰ পাছত আলু খেতি চাবলৈ গৈ মণ্টুৱে মনত কিয় দুখ পাইছিল?

উত্তৰ: তিনি মাহৰ পাছত আলু খেতি চাবলৈ গৈ মণ্টুৱে আলু গছবোৰ শুকাই মৰহি যোৱা দেখি মনত দুখ পাইছিল৷

(ঘ) খেতি আৰম্ভ কৰাৰ পৰা আলু পূৰঠ হোৱালৈকে কিমান সময় লাগিছিল?

উত্তৰ: খেতি আৰম্ভ কৰাৰ পৰা আলু পূৰঠ হোৱালৈকে প্ৰায় তিনিমাহ সময় লাগিছিল।

(ঙ) আলুবোৰ পূৰঠ হ'লে গছবোৰৰ কি হয়?

উত্তৰ: আলুবোৰ পূৰঠ হ’লে গছবোৰ শুকাই মৰহি যায়।

২) কেইবিধমান শস্যৰ নাম লিখা।

উত্তৰ: ধান, ঘেঁহু, সৰিয়হ,  বুটমাহ, মগুমাহ, মচুৰ মাহ, মাটিমাহ, ৰহৰ মাহ, ৰাজমা আদিবোৰ শস্য।

৩ ) তোমালোকৰ অঞ্চলত বাৰিষা কালত আৰু খৰালি কালত ঘাইকৈ কি কি খেতি কৰা হয় লিখা।

উত্তৰ: আমাৰ অঞ্চলত বাৰিষাকালত ধান, ভোল, জিকা, ভেণ্ডি , ভাতকেৰেলা, ধুণ্ডুলি আদিৰ খেতি কৰা হয়।

খৰালি কালত আলু, কবি, মূলা, গাজৰ, ধনিয়া, সৰিয়হ, তিল, পালেং, লাই আদিৰ খেতি কৰা হয়।

৪) শুদ্ধ উত্তৰত ‘✔’ চিন দিয়া।

(ক) আলু খেতিৰ বাবে বালিচহীয়া মাটি অতি উত্তম।✔

(খ) আহু, শালি, বাও আদি মাহ জাতীয় শস্য। ❌

(গ) আলু পূৰঠ হ’লে গছৰ পাতবোৰ শুকাই যায়। ✔

(ঘ) ঘেঁহুৰ পৰা ভাত হয়।❌

(ঙ) ধান, মাহ, সৰিয়হ আদি শস্যৰ খেতি একে সময়তে হয়।❌

৫ ) খালী ঠাই পূৰ কৰা—

(ক) মণ্টুৰ দেউতাকে           মাহত আলু খেতি কৰিছিল । 

(খ) গজালি ওলোৱা আলুবোৰ           হিচাপে ব্যৱহাৰ কৰি মাটিত ৰুই আলু খেতি কৰা হয়।

(গ) খেতিবাতি কৰি বহু লোকে           নির্বাহ কৰে। 

(ঘ) তিল, সৰিয়হ, বেলিফুল আদি           জাতীয় শস্য।

(ঙ) খেতিৰ পৰা অধিক উৎপাদন পাবলৈ খেতিত           প্রয়োগ কৰা হয়। 

উত্তৰ:

(ক) মণ্টুৰ দেউতাকে  আহিন  মাহত আলু খেতি কৰিছিল। 

(খ) গজালি ওলোৱা আলুবোৰ  বীজ  হিচাপে ব্যৱহাৰ কৰি মাটিত ৰুই আলু খেতি কৰা হয়।

(গ) খেতিবাতি কৰি বহু লোকে  জীৱিকা  নির্বাহ কৰে।

(ঘ) তিল, সৰিয়হ, বেলিফুল আদি  তেল  জাতীয় শস্য।

(ঙ) খেতিৰ পৰা অধিক উৎপাদন পাবলৈ খেতিত  সাৰ  প্রয়োগ কৰা হয়।

৬) তলত দিয়া শস্যৰ পৰা আমি কি কি খাদ্যবস্তু পাওঁ লিখা। 

কুঁহিয়াৰ, ধান, ঘেঁহু, সৰিয়হ, বেলিফুল।

উত্তৰ: কুহিয়াঁৰৰ পৰা চেনি, গুৰ পাওঁ।

ধানৰ পৰা ভাত, পায়স, চিৰা, মুড়ী,  আখৈ, কৰাই, সান্দহ আদি পাওঁ।

ঘেঁহুৰ পৰা ৰুটি পাওঁ।

সৰিয়হৰ পৰা মিঠাতেল, বেহুৱা আদি পাওঁ।

বেলিফুল পৰা ৰিফাইন তেল পাওঁ।

৭) পচন সাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি?

উত্তৰ: এটা গাঁত খান্দি তাত গছ-গছনিৰ পাত, জাবৰ-জোঁথৰ, গোবৰ আদি পেলাই মাটিৰে ঢাকি দিব লাগে। মাজে মাজে পানী ছটিয়াই  থাকিব লাগে। কিছু দিনৰ পাছত সেইবোৰ পচি ভাল সাৰ হয়। এনেদৰে পচন সাৰ প্ৰস্তুত কৰিব পাৰি।


অন্যান্য প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


১। আমাৰ প্ৰধান আহাৰ কি?

উত্তৰ: আমাৰ প্ৰধান আহাৰ ভাত।

২৷ আমি চাউল কিহৰ পৰা পাওঁ?

উত্তৰ: আমি চাউল ধানৰ পৰা পাওঁ।

৩৷ আমি আটা কিহৰ পৰা পাওঁ?

উত্তৰ: আমি আটা ঘেঁহুৰ পৰা পাওঁ।

৪৷ অসমত কি কি খেতি কৰা হয়?

উত্তৰ: অসমত ধান, মাহ, তেল মছলা জাতীয় শস্য,  কুহিয়াঁৰ, মৰাপাট, আলু, কবি জলকীয়া, বেঙেনা, বিলাহী আদিৰ খেতি কৰি হয়।

৫৷ পাঁচবিধ মাহজাতীয় শস্যৰ নাম লিখা।

উত্তৰ: মাটিমাহ, মগুমাহ, বুট, মটৰ, ৰহৰ, মচুৰ আদিবোৰ মাহ জাতীয় শস্য।

৬৷ চাৰিবিধ তেল জাতীয় শস্যৰ নাম লিখা।

উত্তৰ: সৰিয়হ, তিল, তিচি, বেলিফুল, আদি তেল জাতীয় শস্য।

৭৷ পাঁচবিধ মছলা জাতীয় শস্যৰ নাম লিখা।

উত্তৰ: আদা, হালধি, জালুক, জিৰা, ধনীয়া আদি মছলা জাতীয় শস্য।

৮৷ খেতি কৰোঁতে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰিলে আমাৰ কি লাভ হয়?

উত্তৰ: খেতি কৰোঁতে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰিলে শস্যৰ উৎপাদন বাঢ়ে, খেতিত বেমাৰ আজাৰ কমে আৰু কম দিনতে খেতি চপাব পাৰি। খেতিয়কৰ শ্ৰমৰো লাঘৱ হয়।

৯৷ আমাক আহাৰ কিয় লাগে?

উত্তৰ: আহাৰ খালে আমাৰ দেহৰ বৃদ্ধি হয়, কাম কৰিবলৈ শক্তি পাওঁ আৰু আহাৰ খাই আমি জীয়াই থাকোঁ।

১০৷ আমি খেতি কিয় কৰোঁ?

উত্তৰ: শস্য উৎপাদনৰ বাবে আমি খেতি কৰোঁ।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ