মৌজাদাৰ ককা— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


অনুশীলনী

১৷ খালী ঠাই পূৰ কৰা:

ক) গাঁৱৰ মুখিয়ালগৰাকীক           বোলে।

খ) এক বা ততোধিক           লগ লাগি এখন গাঁও হয়।

গ)           খাজনা সংগ্ৰহ কৰে।

ঘ)           মুৰব্বীগৰাকীক জিলাধিপতি বোলে।

ঙ ) বহুতো জনসংখ্যা থকা নগৰক           বোলে।

চ) মহানগৰৰ মুখিয়ালগৰাকীক           বোলে।

উত্তৰ:

ক) গাঁৱৰ মুখিয়ালগৰাকীক  গাঁওবুঢ়া  বোলে।

খ) এক বা ততোধিক  চুবুৰি  লগ লাগি এখন গাঁও হয়।

গ)  মৌজাদাৰে  খাজনা সংগ্ৰহ কৰে।

ঘ)  জিলাৰ  মুৰব্বীগৰাকীক জিলাধিপতি বোলে।

ঙ ) বহুতো জনসংখ্যা থকা নগৰক  মহানগৰ  বোলে।

চ) মহানগৰৰ মুখিয়ালগৰাকীক  মেয়ৰ  বোলে।

২৷ শুদ্ধ উত্তৰটো বাছি উলিয়াই ‘✔’ চিন দিয়া।

ক) কেইঘৰমান মানুহ এঠাইত বাস কৰি প্ৰথমে মৌজা/ চুবুৰি✔/ মহকুমা গঠন কৰে।

খ) কেইখনমান মৌজা লগ লগাই গাঁও/ চুবুৰি/ ৰাজহচক্ৰ✔ গঠন কৰা হয়।

গ) এটা বা এটাতকৈ বেছি মহকুমা লগ লগাই জিলা✔/ ৰাজহচক্ৰ/ ৰাজ্য গঠন কৰা হয়।

ঘ) কেবাখনো গাঁও লগ লগাই প্ৰথমে চুবুৰি/ মৌজা✔/ মহকুমা গঠন কৰা হয়।

৩৷ কোনগৰাকী মুৰব্বী ক’ত থাকে আঁচ টানি মিলোৱা।

‘ক’ ‘খ’
গাঁৱত চক্ৰবিষয়া
মৌজাত গাঁওবুঢ়া
ৰাজহ চক্ৰত মহকুমাধিপতি
মহকুমাত জিলাধিপতি
জিলাত মৌজাদাৰ
নগৰত মেয়ৰ
মহানগৰত পৌৰপতি

উত্তৰ:


৪৷ মৌজাদাৰৰ কাম কি?

উত্তৰ: মৌজাদাৰৰ কাম হ’ল মাটিৰ গৰাকীৰ পৰা খাজনা সংগ্ৰহ কৰি চৰকাৰক দিয়া।

৫৷ সাধাৰণতে নগৰৰ ঘৰবোৰ কেনেকুৱা হয়?

উত্তৰ: নগৰৰ ঘৰবোৰ সাধাৰণতে ওখ, ডাঙৰ আৰু পকী হয়।

৬৷ উত্তৰ লিখা। (শিক্ষক-শিক্ষয়িত্ৰীৰ সহায়ত)

নিজৰ গাঁও বা চহৰখনৰ নাম: 

গাঁৱৰ গাঁওবুঢ়াগৰাকীৰ নাম: 

মৌজাখনৰ নাম:

মৌজাদাৰ গৰাকীৰ নাম:

মহকুমাটোৰ নাম:

জিলাখনৰ নাম:

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ