ফুল— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)


অনুশীলন


১৷ উত্তৰ লিখা—

(ক) চাৰিবিধ ফুলৰ নাম লিখা।

উত্তৰ: চাৰিবিধ ফুলৰ নাম হৈছে—  জবা, অপৰাজিতা, নয়নতৰা, শেৱালি।

(খ) দুবিধ গোন্ধ নথকা ফুলৰ নাম লিখা।

উত্তৰ: দুবিধ গোন্ধ নথকা ফুলৰ নাম হৈছে— জবা আৰু অপৰাজিতা।

(গ) তিনিবিধ গোন্ধ থকা ফুলৰ নাম লিখা।

উত্তৰ: তিনিবিধ গোন্ধ থকা ফুলৰ নাম হৈছে— গোলাপ,  তগৰ, বকুল।

(ঘ) এবিধ ৰাতি ফুলা ফুলৰ নাম লিখা।

উত্তৰ: এবিধ ৰাতি ফুলা ফুলৰ নাম হৈছে— শেৱালি।

২৷ শুদ্ধ বাক্যত '✔' চিন দিয়া।

(ক) ফুলৰ পৰা তেল প্ৰস্তুত কৰা হয়।

(খ) গোলাপ ফুলৰ গোন্ধ নাই।

(গ) ৰাতি ফুল নুফুলে।

(ঘ) ফুলেৰে বিভিন্ন ধৰণৰ মালা গঁথা হয়।

(ঙ) কিছুমান লোকে ফুলৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰে।

উত্তৰ: 

(ক) ফুলৰ পৰা তেল প্ৰস্তুত কৰা হয়। ✔

(খ) গোলাপ ফুলৰ গোন্ধ নাই।

(গ) ৰাতি ফুল নুফুলে।

(ঘ) ফুলেৰে বিভিন্ন ধৰণৰ মালা গঁথা হয়।✔

(ঙ) কিছুমান লোকে ফুলৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰে।✔

৩৷ ফুলৰ তিনিটা ব্যৱহাৰ লিখা।

উত্তৰ: ফুলৰ তিনিটা ব্যৱহাৰ  হ’ল—

(i) কিছুমান  ফুলেৰে প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা হয়।

(ii) কিছুমান ফুল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। 

(iii) ফুল উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা হয়।

৪৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা।

‘ক’ ‘খ’
গোন্ধ নথকা ফুল নাৰ্জী
পানীত ফুলা ফুল জবা
শীতকালত ফুলা ফুল ভেঁট
ৰাতি ফুলা ফুল তগৰ
বসন্তকালত ফুলা ফুল শেৱালি

উত্তৰ:

‘ক’ ‘খ’
গোন্ধ নথকা ফুল নাৰ্জী
পানীত ফুলা ফুল জবা
শীতকালত ফুলা ফুল ভেঁট
ৰাতি ফুলা ফুল তগৰ
বসন্তকালত ফুলা ফুল শেৱালি

৫৷ খালী ঠাই পূৰ কৰা-

(ক) মৌ-মাখিয়ে ফুলৰ মৌ চুহি            তৈয়াৰ কৰে।

(খ)            ফুলক আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল বোলে।

(গ) কপৌ ফুল                       কালত ফুলে।

(ঘ) অবাবত ফুল ছিঙিব           

(ঙ) ফুলৰ খেতি কৰি            ভাৱে লাভৱান হ’ব পাৰি।

উত্তৰ:

(ক) মৌ-মাখিয়ে ফুলৰ মৌ চুহি  মৌ-জোল  তৈয়াৰ কৰে।

(খ)  পদুম  ফুলক আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল বোলে।

(গ) কপৌ ফুল  বসন্ত  কালত ফুলে।

(ঘ) অবাবত ফুল ছিঙিব  নালাগে 

(ঙ) ফুলৰ খেতি কৰি  আৰ্থিকভাৱে  লাভৱান হ’ব পাৰি।

৬৷ তলৰ ফুলৰ ছবিখনত ৰং কৰা।

উত্তৰ: 🌺


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


১৷

ফুলবোৰে বাগিছাত হালি-জালি নাচে,
গোলাপ, তগৰ,যুতি, কত ফুল আছে।
পদুম, কৰবী, জবা, মালতী, বকুল,
শেৱালি, হাছনাহানা কত কি যে ফুল।

ওপৰৰ পদ্যটোত থকা ফুলবোৰৰ নাম লিখা।

উত্তৰ: পদ্যটোত থকা ফুলবোৰৰ নাম  হৈছে— গোলাপ, তগৰ, যুতি, পদুম, কৰবী, জবা, মালতী, বকুল,  শেৱালি আৰু হাছনাহানা।

২৷ কি কি পতঙ্গই ফুলৰ মৌ খায়?

উত্তৰ: মৌ-মাখি, পখিলা, ভোমোৰা আদিয়ে ফুলৰ মৌ খায়।

৩৷ বৰ্তমান ফুলৰ বজাৰত কি কি  ফুলৰ চাহিদা বেছি?

উত্তৰ: বৰ্তমান ফুলৰ বজাৰত নাৰ্জী, গোলাপ, ডালিয়া আদি ফুলৰ চাহিদা বেছি।

৪৷ শীতকালত, বসন্তকালত, গোটেই বছৰ জুৰি আৰু ৰাতি ফুলা ফুলৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ: 

শীতকালত ফুলা ফুল— ডালিয়া, নাৰ্জী  

বসন্ত কালত ফুলা ফুল— কপৌ, নাহৰ, তগৰ 

গোটেই বছৰ জুৰি ফুলা ফুল— 

ৰাতি ফুলা ফুল— শেৱালি, ৰজনীগন্ধা, হাছনাহানা

৫৷ শুদ্ধ নে অশুদ্ধ লিখা—

(ক) তগৰ ফুলৰ গোন্ধ নাই।

উত্তৰ: অশুদ্ধ৷ 

(খ) ভোমোৰাই ফুলৰ মৌ খায়।

উত্তৰ: শুদ্ধ৷

(গ) নাহৰ ফুল বসন্ত কালত ফুলে।

উত্তৰ: শুদ্ধ৷

(ঘ) কিছুমান লোকে ফুলৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰে।

উত্তৰ: শুদ্ধ৷

(ঙ) আমি ফুল গছৰ যত্ন ল’ব নালাগে।

উত্তৰ: অশুদ্ধ৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ