প্ৰাণীৰ বাসস্থান— (পৰিৱেশ অধ্যয়ন, তৃতীয় শ্ৰেণী)

অনুশীলনী

১৷ উত্তৰ লিখা—

(ক) তিনিটা পোহনীয়া প্ৰাণীৰ নাম লিখা।

উত্তৰ: তিনিটা পোহনীয়া প্ৰাণী হ’ল— গৰু, ছাগলী, হাঁহ।

(খ) ঘৰ সাজোঁতে ব্যৱহাৰ কৰা তিনিবিধ সামগ্ৰীৰ নাম লিখা।

উত্তৰ: ঘৰ সাজোঁতে ব্যৱহাৰ কৰা তিনিবিধ সামগ্ৰীৰ নাম হৈছে— ইটা, বালি আৰু চিমেণ্ট।

(গ) পানীৰ তলৰ গাঁতত সোমাই থকা দুবিধ মাছৰ নাম লিখা।

উত্তৰ: পানীৰ তলৰ গাঁতত সোমাই থকা দুবিধ মাছৰ নাম হৈছে— শিঙি আৰু মাগুৰ।

(ঘ) হাবিৰ মাজত থকা গুহাত বাস কৰা দুবিধ প্ৰাণীৰ নাম লিখা।

উত্তৰ: হাবিৰ মাজত থকা গুহাত বাস কৰা দুবিধ প্ৰাণী হৈছে— বাঘ আৰু সিংহ। 

২৷ খালী ঠাই পূৰ কৰা— 

(ক)            প্ৰাণীক মানুহে থকা ঠাইৰ ব্যৱস্থা কৰি দিয়ে।

(খ) পাতসীয়া চৰায়ে            সী বাহ সাজে।

(গ) কুলি চৰায়ে নিজে বাহ           

(ঘ) মৌ-মাখিৰ বাহক            বোলে।

উত্তৰ:

(ক)  পোহনীয়া  প্ৰাণীক মানুহে থকা ঠাইৰ ব্যৱস্থা কৰি দিয়ে।

(খ) পাতসীয়া চৰায়ে  গছৰ   পাত  সী বাহ সাজে।

(গ) কুলি চৰায়ে নিজে বাহ  নাসাজে 

(ঘ) মৌ-মাখিৰ বাহক  মৌ-চাক  বোলে।

৩৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা।

‘ক’ ‘খ’
বাঘ, সিংহ গছৰ খোৰোঙত বাস কৰে।
চৰায়ে বাহত মাটিৰে বাহ সাজে।
উঁইপৰুৱা, কুমাৰণীয়ে কণী পাৰি পোৱালি জগায়।
বাঢ়ৈটোকা চৰায়ে গুহাত থাকে

     ‘ক’              ‘খ’

উত্তৰ:

৪৷ শুদ্ধ বাক্যটোত ‘✔’ শুদ্ধ চিন দিয়া।

(ক) সকলো প্ৰাণীকে ৰ’দ, বৰষুণ আৰু শত্ৰুৰ পৰা ৰক্ষা পাবৰ বাবে বাসস্থান লাগে।

(খ) কপৌ চৰায়ে গছৰ গাত খোৰোং কৰি বাস কৰে।

(গ) টোকোৰা চৰায়ে তামোল, নাৰিকল আদি গছত বাহ সাজে।

(ঘ) ঘৰৰ ভেঁটি ওখ আৰু ৰ’দ পৰা হ’ব লাগে।

(ঙ) কণামুচৰি আৰু মাছৰোকা চৰায়ে সাঁতুৰি ভাল পায় বাবে ইহঁতে নৈ, বিল আদিৰ পাৰত থকা গছত বাহ সাজে।

উত্তৰ: 

(ক) সকলো প্ৰাণীকে ৰ’দ, বৰষুণ আৰু শত্ৰুৰ পৰা ৰক্ষা পাবৰ বাবে বাসস্থান লাগে।✔

(খ) কপৌ চৰায়ে গছৰ গাত খোৰোং কৰি বাস কৰে।

(গ) টোকোৰা চৰায়ে তামোল, নাৰিকল আদি গছত বাহ সাজে।✔

(ঘ) ঘৰৰ ভেঁটি ওখ আৰু ৰ’দ পৰা হ’ব লাগে। ✔

(ঙ) কণামুচৰি আৰু মাছৰোকা চৰায়ে সাঁতুৰি ভাল পায় বাবে ইহঁতে নৈ, বিল আদিৰ পাৰত থকা গছত বাহ সাজে।

৫৷ কোন প্ৰাণী ক’ত থাকে লিখা— কেঁচু, জেঠী, হৰিণা, কাছ, সাপ।

উত্তৰ: কেঁচু — গাঁতত থাকে।

জেঠী— ঘৰৰ বেৰ আৰু  চিলিঙত থাকে।

হৰিণা— হাবিত থাকে।

কাছ— পানীত থাকে।

সাপ— গাঁতত থাকে।

অন্যান্য প্ৰয়োজনীয় প্ৰশ্নোত্তৰ 

১৷ চৰায়ে কেনেদৰে বাহ সাজে?

উত্তৰ: চৰায়ে খেৰ, কূটা, ঘাহঁ-বন, গছৰ শুকান পাত আদি ঠোঁটেৰে কঢ়িয়াই আনি বাহ সাজে।

২৷ কুলি চৰায়ে ক’ত কণী পাৰে?

উত্তৰ:  কুলি চৰায়ে কাউৰীৰ বাহত কণী পাৰে।

৩৷ কপৌ চৰায়ে ক’ত বাহ সাজে?

উত্তৰ: কপৌ চৰায়ে গছৰ ফেৰেঙনিত বাহ সাজে।

৪৷ কণামুচৰি, মাছৰোকা আদি চৰাই পুখুৰী, নৈ, বিল আদিৰ পাৰত কিয় থাকে?

উত্তৰ:কণামুচৰি, মাছৰোকা আদি চৰায়ে মাছ খাই ভাল পায় বাবে পুখুৰী, নৈ, বিল আদিৰ পাৰত থাকে।

৫৷ গঁড় কেনেকুৱা ঠাইত থাকে?

উত্তৰ: গঁড় ওখ ঘাঁহনি অঞ্চলত থাকে।

৬৷ হাতী, বনৰীয়া ম’হ আদি কেনেকুৱা ঠাইত থাকে?

উত্তৰ: হাতী, বনৰীয়া ম’হ আদি ঘন হাবিৰ মাজত থাকে।

৭৷ হাতীয়ে কিয় জাক পাতি থাকে?

উত্তৰ: হাতীয়ে শত্ৰুৰ পৰা ৰক্ষা পাবৰ বাবে জাক পাতি থাকে।

৮৷ মৌ-মাখিয়ে কিহেৰে বাহ সাজে?

উত্তৰ: মৌ-মাখিয়ে নিজৰ গাত থকা মমেৰে বাহ সাজে।

৯৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।

‘ক’ ‘খ’
খেৰীঘৰ পাহাৰীয়া আৰু নৈ-পৰীয়া অঞ্চলত সজা হয়।
পকীঘৰ খেৰ, বাঁহেৰে সজা হয়।
চাংঘৰ কাঠ আৰু টিনেৰে সজা হয়।
কাঠৰ ঘৰ ইটা, বালি, চিমেণ্টেৰে সজা হয়।

উত্তৰ:      

১০৷ খালী ঠাই পূৰ কৰা—

(ক) বন্ধ পানীত ....... কণী পাৰে ।

(খ) ঘৰৰ চৌহদৰ পৰা পানী ওলাই যাবৰ বাবে ......ৰ ব্যৱস্থা থাকিব লাগে।

(গ) দিনৰ ভাগত ঘৰৰ খিৰিকী ........ ৰাখিব লাগে।

(ঘ) শিয়াল .......ত থাকে।

(ঙ) গৰু ........ত থাকে।

উত্তৰ:

(ক) বন্ধ পানীত মহে কণী পাৰে ।

(খ) ঘৰৰ চৌহদৰ পৰা পানী ওলাই যাবৰ বাবে নলাৰ ব্যৱস্থা থাকিব লাগে।

(গ) দিনৰ ভাগত ঘৰৰ খিড়ীকি খুলি ৰাখিব লাগে।

(ঘ) শিয়াল গাঁতত থাকে।

(ঙ) গৰু গোহালিত থাকে।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ