ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা— (অংকুৰণ, তৃতীয় শ্ৰেণী)

ক— পাঠভিত্তিক ক্ৰিয়া 

কোৱা আৰু লিখা৷

ক) জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান

ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছা

খ) উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ঠাইখন

লণ্ডন

গ) তেখেতৰ পূৰ্বপুৰুষসকল ক’ৰ?

ৰাজস্থানৰ

ঘ) বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন

বাৰ্লিন

ঙ) জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি?

জয়মতী

চ) তেখেতে চৈধ্য বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম

শোণিতকুঁৱৰী

উত্তৰ দিয়া।

ক) জ্যোতিপ্ৰসাদ আগৰৱালাক কিয় ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হৈছে?

উত্তৰ: অসমীয়া সংস্কৃতিক ন ন ৰূপ দিয়াৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হৈছে৷

খ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো কিয় শিল্পী দিৱস হিচাপে পালন কৰা হয়?

উত্তৰ: জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়।

তলৰ শব্দবোৰ পাঠত বিচাৰি পঢ়া। দলত আলোচনা কৰি শব্দৰ লগত অৰ্থ কাঁড় চিনেৰে মিলোৱা।

শব্দ অৰ্থ
সম্ভ্ৰান্ত অলংকৃত
নিগাজিকৈ দান, বৰঙণি
নিৰ্মাণ সজা, গঢ়া, তৈয়াৰ কৰা, প্ৰস্তুত কৰা কাৰ্য
বিভূষিত মান্য, সন্মান পাবৰ যোগ্য
অৱদান স্থায়ীভাৱে

উত্তৰ:

শুদ্ধ উত্তৰটোৰে বাক্যটো পুনৰ লিখা।

ক) ১৯০৩ চনত/ ১৯০৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল৷

উত্তৰ: ১৯০৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।

খ) জয়মতী/ ইন্দ্ৰমালতী প্ৰথম অসমীয়া বোলছবি৷

উত্তৰ: জয়মতী প্ৰথম অসমীয়া বোলছবি।

গ) ১৭ জানুৱাৰী/ ১৭ জুন তাৰিখে ‘শিল্পী দিৱস’ পালন কৰা হয়।

উত্তৰ: ১৭ জানুৱাৰী তাৰিখে ‘শিল্পী দিৱস’ পালন কৰা হয়।

ঘ) ১৭ জুন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন/ মৃত্যুদিন।

উত্তৰ: ১৭ জুন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন।

খ— ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

এটা শব্দত প্ৰকাশ কৰোঁ আহা৷

গীত গোৱা লোক গায়ক
অভিনয় কৰা লোক অভিনেতা
গীতত সুৰ দিয়া লোক সুৰকাৰ
নাটক ৰচনা কৰা লোক নাট্যকাৰ
গীত ৰচনা কৰা লোক গীতিকাৰ
ভাও দিয়া লোক ভাৱৰীয়া

বাক্য গঠন কৰা৷

নিৰ্মাণ নিগাজি অৱদান বোলছবি

নিৰ্মাণ: 

নিগাজি:

অৱদান:

বোলছবি:

যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা।

কণ্ঠ  ণ্ঠ  ণ + ঠ  ণই ঠই ণ্ঠ

শিল্পী ল্প  ল + প  লই পই  ল্প

সম্ভ্ৰান্ত ম্ভ্ৰ ম + ভ + ৰ  মই ভই ম্ভ তাত ৰ কাৰে ম্ভ্ৰ

সংস্কৃতি স্কৃ স + ক + ঋ  সই কই স্ক তাত ঋ কাৰে  স্কৃ 

ডিব্ৰুগড়  ব্ৰু  ব + ৰ + উ  বই ৰই ব্ৰ তাত উ কাৰে (ব্ৰু) ব্ৰু 

যুক্তাক্ষৰ গঠন কৰোঁ আহা।

ণ + ঠ  ণই ঠই ণ্ঠ

ল + প লই পই ল্প

ম + ভ + ৰ মই ভই ম্ভ তাত ৰ কাৰে ম্ভ্ৰ

স + ক + ঋ সই কই স্ক তাত ঋকাৰে স্কৃ

ব + ৰ + উ বই ৰই ব্ৰ তাত উ কাৰে ব্ৰু (ব্ৰু)

ধ + ৰ + উ ধই ৰই ধ্ৰ তাত উ কাৰে ধ্ৰু (ধ্ৰু)

গ—  জ্ঞান সম্প্ৰসাৰণ

খালী ঘৰত যুক্তাক্ষৰ লিখি শব্দবোৰ পঢ়া।

ণ্ঠ  কণ্ঠ  বৈকুণ্ঠ  অণ্ঠ কণ্ঠ

ল্প  শিল্প কল্পনা  কল্পতৰু

যুক্তাক্ষৰ ভাঙি লিখা।


ব্ৰু= ব + ৰ + উ
ধ্ৰু= ধ + ৰ + উ
ম্ভ্ৰ= ম + ভ + ৰ

জানো আহা৷

অসমৰ সংগীত সূৰ্য ড° ভূপেন হাজৰিকা
অসমৰ নটসূৰ্য ফণী শৰ্মা
অসমৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
অসমৰ গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে
অসমৰ জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ

পঢ়োঁ আহা৷

অৰুণিমাই সুৱলা কণ্ঠৰে গীত গাইছে। তেওঁ সম্ভ্ৰান্ত ঘৰৰ জীয়ৰী৷ তেওঁৰ ঘৰ ডিব্ৰুগড়ত। ধ্ৰুৱৰ কাহিনী পঢ়ি তেওঁ অভিভূত হৈছিল। ধ্ৰুৱ ভগৱানৰ পৰম ভক্ত আছিল। 

জানো আহা৷

(ক) আইদেউ সন্দিকৈ— অসমীয়া বোলছবিৰ প্ৰথম নায়িকা। তেওঁ জ্যোতিপ্ৰসাদ  আগৰৱালাৰ ‘জয়মতী’ ছবিত জয়মতীৰ ভাও লৈছিল।

(খ) জ্যোতিপ্ৰসাদ আগৰৱালা— একাধাৰে কবি, চিত্ৰকৰ, সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, পৰিচালক, প্ৰযোজক, গায়ক, প্ৰবন্ধকাৰ আছিল।

বিদ্যালয়ত তোমালোকে কি কি দিৱস পালন কৰা তাৰ এখন তালিকা প্ৰস্তুত কৰা। 

উত্তৰ: বিদ্যালয়ত আমি শিল্পী দিৱস, শিক্ষক দিৱস, গান্ধী জয়ন্তী, শিশু দিৱস, সুধাকণ্ঠ দিৱস, বিষ্ণু ৰাভা দিৱস আদি পালন কৰোঁ। 

কেইখনমান অসমীয়া বোলছবিৰ নাম কোৱা।

উত্তৰ:  জয়মতী, ইন্দ্ৰমালতী, ককাদেউতা নাতি আৰু হাতী, বোৱাৰী, বুকুৰ মাজত জ্বলে, উজনীৰ দুজনী গাভৰু, বাৰুদ, ককাদেউতাৰ ঘৰজোঁৱাই, ৰামধেনু, কাঞ্চনজঙ্ঘা আদি।

তোমাৰ বিদ্যালয়ত শিল্পী দিৱস কেনেদৰে উদ্‌যাপন কৰা সেই বিষয়ে পাঁচটা বাক্য লিখা।

উত্তৰ: আমাৰ বিদ্যালয়ত  জানুৱাৰী মাহৰ ১০ তাৰিখমানৰ পৰাই শিল্পী দিৱসৰ প্ৰস্তুতি আৰম্ভ হয়৷ আমি জ্যোতি সংগীত, দলীয় নৃত্য, সমবেত সংগীত, কবিতা আবৃত্তি আদিৰ আখৰা আৰম্ভ কৰোঁ৷ ১৭ জানুৱাৰীৰ দিনা সোনকালেই বিদ্যালয়ত উপস্থিত হৈ চাফাই, মঞ্চসজ্জা আদি কাম কৰোঁ৷ শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ আলোকচিত্ৰত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়৷ তাৰ পাছত সভা আৰম্ভ হয়৷ সভাত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সম্পৰ্কে আলোচনা কৰা হয়৷  আমি ছাত্ৰ-ছাত্ৰীসকলে জ্যোতি সংগীত, নৃত্য আৰু কবিতা আবৃত্তি আদি পৰিৱেশন কৰোঁ৷ এনেদৰে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠানৰ সামৰণি পৰে।

জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীতটি লগে-ভাগে গাওঁ আহা।

নূপুৰে মাতে ৰুণ জুন 

    নূপুৰে মাতে ৰুণ জুন 

    নূপুৰে মাতে৷

সখী যাবৰ বেলি

    আমাৰ হিয়াখনি

    বিষাদে ছাটে।

সখী বিষাদে ছাটে


বিদায়ৰ পৰতে

    চলে চলি চকুতে 

        চকুপানী নাটে

সখী চকুপানী নাটে।

যোৱা সখী দিছোঁ বিদায়

মনতে ৰাখিবা সদায় 

এৰোনো কি সতে।

সখী এৰোনো কি সতে।


ঘ— প্ৰকল্প 

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তোমালোকৰ বাবে ৰচনা কৰা ‘ঘোঁৰা ডাঙৰীয়া’ নামৰ নাটিকাখন শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰী লগ হৈ অভিনয় কৰা।

তোমালোকৰ কেইজনমানে অভিনয় কৰিবা, কেইজনমানে মঞ্চ সজাবা, কেইজনমানে সাজ-পোছাক যোগাৰ কৰিবা, কেইজনমানে নাটকৰ বচন সোঁৱৰাই দিবা। কেইজনমানে নাটকখন চাই কেনেকুৱা পালা ক’বা। এনেদৰে শিক্ষকৰ সহায়ত সকলোৱে নাটিকাখনিত অংশগ্ৰহণ কৰিবা।

প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত সংগ্ৰহ কৰি দলত পৰিৱেশন কৰিবা।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ