সবৰমতী আশ্ৰমত গান্ধীজী— (অংকুৰণ, তৃতীয় শ্ৰেণী)

ক - পাঠভিত্তিক ক্ৰিয়া

১৷ দলত ভাগ হৈ পাঠৰ ছবিকেইখনত কি কি দেখিছা আলোচনা কৰা।

উত্তৰ:

২৷ উত্তৰ দিয়া।

১) ক) গান্ধীজীয়ে ঘোঁৰা গাড়ীখন কেই বজাত আনিবলৈ কৈছিল?

উত্তৰ:গান্ধীজীয়ে ঘোঁৰা গাড়ীখন ৰাতিপুৱা আঠ বজাত আনিবলৈ কৈছিল।

খ) সময়মতে কোন আহি নাপালেহি?

উত্তৰ: সময়মতে কচোৱান জন আহি নাপালেহি।

গ) "সময়ৰ কাম সময়ত হোৱাতো মই বাঞ্ছা কৰোঁ " - কথাষাৰ কোনে কৈছিল?

উত্তৰ: "সময়ৰ কাম সময়ত হোৱাতো মই বাঞ্ছা কৰোঁ " - কথাষাৰ গান্ধীজীয়ে  কৈছিল।

২৷ ক) চাইকেল চলাই হ'লেও গান্ধীজীয়ে সভাত কিয় উপস্থিত হৈছিলগৈ?

উত্তৰ: কচোৱানজন সময়মতে আহি নোপোৱাৰ বাবে গান্ধীজীয়ে  চাইকেল চলাই হ'লেও  সভাত  উপস্থিত হৈছিলগৈ। কাৰণ তেওঁ সময়ৰ কাম সময়ত কৰিব বিচাৰে।

খ) ' মোক ক্ষমা কৰক ' বুলি কচোৱানজনে কাক আৰু কিয় কৈছিল?

উত্তৰ: ' মোক ক্ষমা কৰক ' বুলি কচোৱানজনে গান্ধীজীক কৈছিল । কাৰণ তেওঁ সময়মতে আহিব পৰা নাছিল।

গ) গান্ধীজীয়ে কচোৱানজনক 'মহৎ কাম কৰিলা' বুলি কিয় কৈছিল?

উত্তৰ: কচোৱানজনে ৰোগী এজনক হস্পিতালত থৈ আহিবলগীয়া হোৱাৰ বাবে সময় মতে আহি পোৱা নাছিল । তাৰ বাবে গান্ধীজীৰ ওচৰত তেওঁ ক্ষমা বিচাৰিছিল। কচোৱানজনে ৰোগীক সহায় কৰাৰ বাবে  গান্ধীজীয়ে কচোৱানজনক 'মহৎ কাম কৰিলা' বুলি  কৈছিল।

৩৷ -কাৰ (স্বৰ) চিন নথকা শব্দৰ কাষৰ বাকচত ৰঙা ৰং আৰু -কাৰ ( স্বৰ) চিন থকাবোৰত ক'লা ৰং দিয়া।

পলম  মহৎ  মহান  গান্ধী  সময়ত  কাম  হ'ল  মই   সহায়   এখন

উত্তৰ:  পলম  মহৎ  মহান  গান্ধী  সময়ত  কাম  হ'ল  মই   সহায়   এখন

৪৷ পাঠৰ আধাৰত তলৰ বাক্যবোৰ ক্ৰমত সজাই লিখা।

- গান্ধীজী চাইকেল চলাই সভালৈ গ'ল।

- গান্ধীজীক এখন গাঁৱৰ সভালৈ নিমন্ত্ৰণ কৰিছিল।

- কচোৱানে পাছত আহি ক'লে- মই ৰোগী এজনক হাস্পতালত থৈ অহাৰ বাবে পলম হ'ল।

- গান্ধীজীয়ে সভালৈ যাবৰ বাবে এখন ঘোঁৰা- গাড়ী বন্দবস্ত কৰিলে।

- কচোৱানজন সময়মতে নাহিল।

উত্তৰ: গান্ধীজীক এখন গাঁৱৰ সভালৈ নিমন্ত্ৰণ কৰিছিল।গান্ধীজীয়ে সভালৈ যাবৰ বাবে এখন ঘোঁৰা- গাড়ী বন্দবস্ত কৰিলে।কচোৱানজন সময়মতে নাহিল।গান্ধীজী চাইকেল চলাই সভালৈ গ'ল।কচোৱানে পাছত আহি ক'লে- মই ৰোগী এজনক হাস্পতালত থৈ অহাৰ বাবে পলম হ'ল।

৫৷ শুদ্ধ বানানটোত ঘূৰণীয়া চিন দিয়া। কাষৰ খালী ঠাইত শব্দটো পুনৰ লিখা।

শবৰমতী/ সৱৰমতি/ সবৰমতী  ...........

গান্ধীজি/ গান্ধীজী/ গান্ধিজী ............

হাস্পতাল/ হাস্পাতাল / হাস্পাটাল .........

৬৷ শুদ্ধ শব্দটোত ঘূৰণীয়া চিন দিওঁ আহাঁ।

ৰোগীক চিকিৎসা কৰা ঠাই  - হাস্পতাল/ থানা

ঘোঁৰা-গাড়ী চলোৱা মানুহ - গাৰোৱান/ কচোৱান

ঋষি-মুনি বাস কৰা ঠাই -  বিদ্যালয়/ আশ্ৰম

সভাত উপস্থিত থকা লোক - সভাসদ/ সমাজকৰ্মী

সভাত বক্তৃতা দিয়া লোক - গায়ক/ বক্তা

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখোঁ আহাঁ।

উদ্দেশ্য  দ্দ  দ+দ  দই দই দ্দ

বাঞ্ছা  ঞ্ছ  ঞ+ছ  ঞই ছই ঞ্ছ

যুক্তাক্ষৰ গঠন কৰোঁ আহাঁ।

দ+দ  দই দই দ্দ

ঞ+ছ  ঞই ছই ঞ্ছ

যুক্তাক্ষৰৰ সহায়ত শব্দ লিখা।

দ্দ  উদ্দাম  খ...ৰ

ঞ্ছ  বাঞ্ছিত  লা...না

উত্তৰ: দ্দ  উদ্দাম  খদ্দৰ

ঞ্ছ  বাঞ্ছিত  লাঞ্ছনা

দলত আলোচনা কৰি বাক্য লিখা।

উদাহৰণ স+ক স্ক 

ভাস্কৰ - সূৰ্যৰ আন এটা নাম ভাস্কৰ।

অস্কাৰ-  অস্কাৰ এবিধ বঁটা।

ন+দ ন্দ

সেন্দুৰ- সেন্দুৰৰ ৰং ৰঙা।

মন্দিৰ- মন্দিৰত পূজা কৰা হয়।

ন+ধ ন্ধ

অন্ধ- অন্ধ লোকক সহায় কৰিব লাগে।

আন্ধাৰ- অমাৱস্যাৰ ৰাতি ঘোৰ আন্ধাৰ হয়।

বেটৰ ওপৰত থকা যুক্তাক্ষৰবোৰ উপযুক্ত ঠাইত লিখা।

দ+দ = দ্দ

ন+ধ= ন্ধ

ঞ+ছ= ঞ্ছ

ঞ+চ= ঞ্চ

ফুলৰ পৰা শব্দ আনি বাক্যকেইটা সম্পূৰ্ণ কৰা।

বান্দৰে কল খায়।

দন্ত মানে দাঁত।

ৰোগী চিকিৎসা কৰা ঠাইক হাস্পতাল বোলে।

জানি লোৱা।

'ক' - অংশ     'খ'- অংশ

   মই                    আমি

  তুমি                 তোমালোক 

  তেওঁ                 তেওঁলোক 

  সি                      সিহঁত 

  তাই              তাহাঁত/সিহঁত 

'ক' অংশৰ শব্দবোৰে এজনক বুজাইছে।

'খ'- অংশৰ শব্দবোৰে বহুতক বুজাইছে।

এজন বা এটাক বুজালে একবচন আৰু দুজন বা তাতকৈ অধিকক বুজালে বহুবচন।

বহুবচন বুজোৱা শব্দ ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰোঁ আহাঁ।

উদাহৰণ- মই সভালৈ যাম।

আমি সভালৈ যাম।

ক) তুমি ঘোঁৰা গাড়ী এখন যোগাৰ কৰিবা।

তোমালোকে ঘোঁৰা গাড়ী এখন যোগাৰ কৰিবা।

খ) সি সময়মতে নাহিল।

সিহঁত সময়মতে নাহিল।

গ) তেওঁ সদায় সময়মতে কাম-কাজ কৰে।

তেওঁলোকে সদায় সময়মতে কাম-কাজ কৰে।

বেজিৰ ভিতৰত থকা বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰা।

সুখী  দুখী

অসুবিধা  সুবিধা

সন্মান   অসন্মান

ৰোগী   নিৰোগী

গ- জ্ঞান সম্প্ৰসাৰণ

১৷ তুমি বিদ্যালয়লৈ যাওঁতে তোমাৰ লগৰীয়া এজনে উজুটি খাই দুখ পালে তুমি কি কৰিবা।

উত্তৰ: মই বিদ্যালয়লৈ যাওঁতে মোৰ লগৰীয়া এজনে উজুটি খাই দুখ পালে মই তেওঁক হাতত ধৰি খোজকাঢ়ি যোৱাত সহায় কৰিম।

২৷ সময়ৰ কাম সময়ত নকৰিলে কি হয় লিখা।

সময়ত আহাৰ নাখালে - পেটৰ সমস্যা হয়।

সময়ত ঔষধ নাখালে - বেমাৰ ভাল নহয়।

সময়ত নিজৰ কাম নকৰিলে - পিছত খৰ-ধৰকৈ কৰিব লগা হয়।

সময়ত ৰেলষ্টেচনত উপস্থিত নহ'লে- ৰেল ধৰিব নোৱাৰি।

পঢ়ো আহাঁ।

উদ্দেশ্য মানে লক্ষ্য। লাঞ্ছিত শব্দৰ অৰ্থ লাজ পোৱা। বাঞ্ছা মানে ইচ্ছা। হাতেৰে কপাহৰ সূতা কাটি হাতে বোৱা কাপোৰক খদ্দৰ বোলে।

বিদ্যালয়ত তুমি কি কি নিয়ম মানি চলা লিখা।

উত্তৰ: মই বিদ্যালয়ত সময়মতে উপস্থিত হৈ চাফাই কৰোঁ। তাৰ পিছত ভৰি-হাত ধুই প্ৰাতঃসভাত উপস্থিত থাকোঁ। নিৰ্দিষ্ট সময়ত শ্ৰেণী কোঠাত সোমাই পঢ়া-শুনা কৰোঁ। ছাৰ - বাইদেউসকলে কোৱা কথা মানি চলো। সময়মতে মধ্যাহ্ন ভোজন কৰি লেজাৰত খেলা-ধূলা কৰোঁ। তাৰ পিছত পুনৰ শ্ৰেণীসমূহ কৰি ছুটিত ঘৰলৈ আহোঁ। বিদ্যালয়ত থকা সময়খিনি সম্পূৰ্ণ নিয়ম-শৃংখলাৰ মাজত থাকিবলৈ চেষ্টা কৰোঁ।

নিজৰ মতে খালী ঠাই পূৰ কৰা।

   মই সাত বজাৰ পৰা বিদ্যালয়লৈ যাবলৈ সাজু হওঁ। বিদ্যালয়ত ৯ বজাৰ লগে লগে প্ৰাতঃসভা আৰু ৯.১৫ বজাৰ লগে লগে শ্ৰেণী আৰম্ভ হয়। ১২.১৫ বজাত মধ্যাহ্ন ভোজন কৰাৰ পিছত পুনৰ ১২.৪৫ বজাত শ্ৰেণীত সোমাওঁ। ২ বজাত আমাৰ বিদ্যালয় ছুটী হয়।

পদ্যটো পঢ়া আৰু শিক্ষকৰ সহায়ত  মূল কথাখিনি বুজি লোৱা

উত্তৰ: 'যেতিয়াৰ যিটো বন' পদ্যটোৰ মূল কথাখিনি হৈছে-  সময়ৰ কাম সময়ত কৰা উচিত। কামবোৰ পিছত কৰিম বুলি পেলাই থ'ব নালাগে। কাৰণ আজি কামটো কৰিবলৈ যিখিনি সুবিধা আছে পিছলৈ নাথাকিবও পাৰে। প্ৰতি পল মানুহৰ জীৱন কাল কমি আহি আছে। সেয়ে প্ৰয়োজনীয় কামবোৰ সোনকালে কৰি পেলোৱাই মংগল। সময়মতে কামবোৰ কৰি গ'লে কঠিন যেন ভবা কামটোও সহজ হৈ পৰে। এলাহ ত্যাগ কৰি ভালদৰে কাম কৰিলে নাম ,যশ নিশ্চয় লাভ কৰিব পৰা যায়।

আচৰণৰ বিষয়ে জানো আহাঁ।

আলহী আদৰিছে।

উপহাৰ গ্ৰহণ কৰিছে।

ক্ষমা বিচাৰিছে।

কিতাপখন খুজিছে।

শুভেচ্ছা জনাইছে।

সেৱা কৰিছে।

ঘ - প্ৰকল্প 

তিনিজন মহৎ লোকৰ ছবি সংগ্ৰহ কৰি তেওঁলোকৰ বিষয়ে দুশাৰীকৈ বাক্য লিখা।

উত্তৰ: 

মহৎ লোকৰ পাঁচটা বাণী সংগ্ৰহ কৰি তোমাৰ বহীত লিখা।

উত্তৰ:

তুমি পুৱা শুই উঠাৰ পৰা ৰাতিলৈ কি কি কৰা তাৰে এখন দিনলেখা লিখা।

উত্তৰ:

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ