উক্তি‍

➥ আমি যেনেদৰে কথা কওঁ, সেই কথা কোৱাৰ ধৰণেই হৈছে উক্তি।

➥ উক্তি দুই প্রকাৰৰ— প্রত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তি।

➥ আনে কোৱা কথাখিনি যেনে আছে তেনেই অৰ্থাৎ প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰিলে তাক প্রত্যক্ষ উক্তি বোলে।

➥ আনে কোৱা কথাখিনিৰ ভাব নিজৰ কথাৰে প্ৰকাশ কৰিলে তাক পৰোক্ষ উক্তি বোলে।


ক্ৰিয়াকলাপ

১। উক্তি কাক বোলে?

উত্তৰ: বাক্যত বক্তাই কথা কোৱাৰ ধৰণটোকেই উক্তি বোলা হয়৷

২। উক্তি কেই প্রকাৰৰ আৰু কি কি?

উত্তৰ: উক্তি দুই প্রকাৰৰ— প্রত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তি।

৩। প্ৰত্যক্ষ উক্তি কাক বোলে?

উত্তৰ: আনে কোৱা কথাখিনি যেনে আছে তেনেই অৰ্থাৎ প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰিলে তাক প্রত্যক্ষ উক্তি বোলে।

৪। পৰোক্ষ উক্তি কাক বোলে?

উত্তৰ: আনে কোৱা কথাখিনিৰ ভাব নিজৰ কথাৰে প্ৰকাশ কৰিলে তাক পৰোক্ষ উক্তি বোলে।

৫। উক্তি চিনাক্ত কৰা:

(ক) মধুৱে ক’লে, “মই এই বিষয়ে একো নাজানো৷”

উত্তৰ: মধুৱে ক’লে যে তেওঁ সে‍ই বিষয়ে একো নাজানে‍৷

(খ) সি ক’লে, “মই গুৱাহাটীলৈ যাম।”

উত্তৰ: সি ক’লে যে‍ সি‍ গুৱাহাটীলৈ যাব।

(গ) শিক্ষকে ছাত্ৰজনক কেতিয়াও মিছা কথা নক’বলৈ উপদেশ দিছিল।

উত্তৰ: শিক্ষকজনে ছাত্ৰজনক কৈছিল “কেতিয়াও মিছা কথা নক’বা।”

(ঘ) কবিতাই মাকক সুধিলে, “তুমি বজাৰলৈ যাবানে?”

উত্তৰ: কবিতাই মাকক বজাৰলৈ যাবনে সুধিলে৷

(ঙ) শিক্ষকে কৈছিল যে তেতিয়া পঢ়াৰ সময়।

উত্তৰ: শিক্ষকে কৈছিল “এতিয়া পঢ়াৰ সময়।”

(চ) তেওঁ ক’লে, “আহা ভাত খাওঁ।”

উত্তৰ: তেওঁ আমাক ভাত খাবলৈ যাবলৈ ক’লে।

৬। তলৰ প্রত্যক্ষ উক্তিক পৰোক্ষ উক্তিলৈ পৰিৱৰ্তন কৰা:

(ক) ৰাতুলে ক’লে, “মই গুৱাহাটীলৈ যাম৷”

উত্তৰ: ৰাতুলে ক’লে যে তেওঁ গুৱাহাটীলৈ যাব৷

(খ) নৰেনে তাক ক’লে, “তুমি মোক এখন কিতাপ দিয়া৷”

উত্তৰ: নৰেনে তাক এখন কিতাপ দিবলৈ ক’লে৷

(গ) শিক্ষকজনে ছাত্ৰজনক ক’লে, “কেতিয়াও মিছা কথা নক’বা।”

উত্তৰ: শিক্ষকে ছাত্ৰজনক কেতিয়াও মিছা কথা নক’বলৈ উপদেশ দিছিল।

(ঘ) সি ক’লে, “আজিৰ পৰা মই এনে কাম নকৰোঁ৷”

উত্তৰ: সি ক’লে যে সেই দিনাৰ পৰা সি‍ তে‍নে কাম নকৰে৷

(ঙ) কমলে ৰহিতক সুধিলে, “তোমাৰ দেউতাৰাৰ নাম কি?”

উত্তৰ: কমলে ৰহিতক দেউতাকৰ নাম সুধিলে৷

(চ) তেওঁ কৈছিল, “তুমি কাইলৈ ইয়ালৈ আহিবা৷”

উত্তৰ: তেওঁ পাছদিনা তালৈ যাবলৈ কৈছিল৷

(ছ) মই ৰীমাক ক’লোঁ, “মই চিনেমা চাবলৈ যাম।”

উত্তৰ: মই ৰীমাক ক’লোঁ যে‍ মই চিনেমা চাবলৈ যাম।

(জ) ৰীতাই কৈছিল, “মই স্কুললৈ যাম।”

উত্তৰ: ৰীতাই কৈছিল যে তাই স্কুললৈ যাব।

(ঝ) ল’ৰাটোৱে কৈছিল, “মই এতিয়া পঢ়া নাই।”

উত্তৰ: ল’ৰাটোৱে কৈছিল যে‍ সি‍ তে‍তিয়া পঢ়া নাই।

(ঞ) মাকে ক’লে, “ভগৱানে তোমাৰ মংগল কৰক।”

উত্তৰ: ভগৱানে তাৰ মংগল কৰাটো মাকে কামনা কৰিলে‍।

(ট) শিক্ষকে ক’লে, “সদায় ব্যাকৰণ পঢ়িবা। ব্যাকৰণ ভালকৈ জানিলেহে ভাষাটো আয়ত্ত কৰিব পাৰিবা।

উত্তৰ: সদায় ব্যাকৰণ পঢ়িবলৈ শিক্ষকে উপদেশ দিছিল আৰু ব্যাকৰণ ভালকৈ জানিলেহে ভাষাটো আয়ত্ত কৰিব পাৰি বুলি কৈছিল৷

(ঠ) মই ৰীণাক ক’লোঁ, “ৰীণাৰ মাক ঢুকাল।”

উত্তৰ: মই ৰীণাক তাইৰ মাক ঢুকাল বুলি ক’লোঁ।

(ড) সি ক’লে, “লাচিতে মোগলক জয় কৰিছে।”

উত্তৰ: সি ক’লে যে‍ লাচিতে মোগলক জয় কৰিছে।

৭। তলৰ পৰোক্ষ উক্তিক প্রত্যক্ষ উক্তিলৈ পৰিৱৰ্তন কৰা:

(ক) শিক্ষকে সদায় ব্যাকৰণ পঢ়িবলৈ ক’লে।

উত্তৰ: শিক্ষকে ক’লে, “সদায় ব্যাকৰণ পঢ়িবা।”

(খ) ৰীণাই ক’লে যে তাইৰ দেউতাক ঢুকাল।

উত্তৰ: ৰীণাই ক’লে, “মোৰ দেউতা ঢুকাল।”

(গ) মই ৰীতাক ক’লোঁ যে মই চিনেমা চাবলৈ যাম।

উত্তৰ: মই ৰীতাক ক’লোঁ, “মই চিনেমা চাবলৈ যাম।”

(ঘ) তাই মোক এখন কিতাপ দিছে বুলি তুমি কৈছা।

উত্তৰ: তুমি কৈছা, “তাই তোমাক এখন কিতাপ দিছে৷”

(ঙ) তেওঁ মোক ক’লে যে তেওঁ মোক ভাল পায়।

উত্তৰ: তেওঁ মোক ক’লে, “মই তোমাক ভাল পাওঁ।”

(চ) ৰাতুলে তাক এটা কলম দিবলৈ বুলি মোক ক’লে।

উত্তৰ: ৰাতুলে মোক ক’লে, “মোক এটা কলম দিয়া।”

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ