অপঠিত গদ্যাংশ আৰু পদ্যাংশ

অপঠিতৰ অৰ্থ হ’ল— যিটো আগতে পঢ়া নাই। অপঠিত গদ্যাংশ ছাত্ৰ-ছাত্ৰীয়ে কাৰোবাৰ সহায় নোহোৱাকৈ বুজিব পাৰে আৰু তাৰ আধাৰত প্রশ্নৰ উত্তৰ দিয়ে। ভাষাৰ বিকাশৰ বাবে এইটো অতি প্রভাৱশালী সাধন, অপঠিত গদ্যাংশৰ প্রশ্নৰ উত্তৰ কৰোঁতে চাবলগীয়া কেইটামান বিশেষ দিশ—

১। প্ৰথমতে গদ্যাংশটো ভালদৰে পঢ়ি ল’ব লাগে আৰু ইয়াৰ আধাৰত নিৰ্দিষ্ট প্ৰশ্নবোৰৰ যথাযথ উত্তৰ লিখিব লাগে।

২। প্রশ্নবোৰৰ উত্তৰ সংক্ষিপ্ত আৰু স্পষ্ট হোৱা উচিত।


ক্ৰিয়াকলাপ

১৷ তলত দিয়া গদ্যাংশৰ আধাৰত প্ৰশ্নসমূহৰ উত্তৰ লিখা।

দফা-১

বিপদৰ সময়তহে বন্ধুৰ প্রকৃত পৰিচয় পোৱা যায়। প্রকৃত বন্ধু পোৱাটো বৰ সহজ নহয়। ভাবি-চিন্তিহে কাৰোবাৰ লগত বন্ধুত্ব কৰা উচিত। বন্ধুত্ব কৰাৰ সময়ত ব্যক্তিজনৰ ব্যৱহাৰ, আচৰণ আদিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত। সঁচা বন্ধু বিনম্ৰ, সদাচাৰী, বিশ্বাসযোগ্য তথা চৰিত্ৰবান হোৱা দৰকাৰ। প্রকৃত বন্ধু এজন শিক্ষকৰ দৰেই— যি নিজৰ বন্ধুক শুদ্ধ পথ দেখুৱায়। যেতিয়া কোনো বিপদাপন্ন হয়, তেতিয়া বন্ধুৱে তেওঁৰ কাষত থাকি তেওঁৰ চাৰিওফালে নিৰাশাৰ অন্ধকাৰ দূৰ কৰাত তেওঁক সহায় কৰে। যিজনে সমুখত মিঠা কথাৰে মন মোহে আৰু পিছত বেয়াটো চিন্তা কৰে তেনে বন্ধুৰ পৰা আঁতৰত থকাটোৱেই যুগুত।


প্রশ্ন:

(ক) বন্ধুৰ প্রকৃত পৰিচয় কেতিয়া পোৱা যায়?

উত্তৰ: বিপদৰ সময়তহে বন্ধুৰ প্রকৃত পৰিচয় পোৱা যায়।

(খ) বন্ধুত্ব কৰাৰ সময়ত কোনবোৰ বিষয়ত অধিক গুৰুত্ব দিয়া উচিত?

উত্তৰ: বন্ধুত্ব কৰাৰ সময়ত ব্যক্তিজনৰ ব্যৱহাৰ, আচৰণ আদিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত।

(গ) প্ৰকৃত বন্ধুক কিয় শিক্ষকৰ দৰে বুলি কোৱা হয়?

উত্তৰ: প্রকৃত বন্ধু এজনে‍ নিজৰ বন্ধুক শুদ্ধ পথ দেখুৱায়। যেতিয়া কোনো বিপদাপন্ন হয়, তেতিয়া বন্ধুৱে তেওঁৰ কাষত থাকি তেওঁৰ চাৰিওফালে নিৰাশাৰ অন্ধকাৰ দূৰ কৰাত তেওঁক সহায় কৰে। সেয়েহে প্ৰকৃত বন্ধু এজনক শি‍ক্ষকৰ দৰেই বুলি কোৱা হয়৷

(ঘ) সমাৰ্থক শব্দ লিখা:

   বন্ধু = বান্ধৱ

   আন্ধাৰ = অন্ধকাৰ

   সময় = কাল

(ঙ) ওপৰৰ গদ্যাংশৰ এটি শিৰোনাম দিয়া।

উত্তৰ: প্ৰকৃত বন্ধু৷


১৷ দফাবোৰ পঢ়ি প্ৰত্যেকটো দফাৰ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা।

দফা-২

বুদ্ধদেৱৰ আচল নাম সিদ্ধাৰ্থ, গৌতম আৰু শাক্যসিংহ। তেওঁৰ পিতাকৰ নাম শুদ্ধোধন আৰু মাকৰ নাম মায়াদেৱী। বুদ্ধগয়াৰ বোধিবৃক্ষৰ তলত তেওঁ পৰম জ্ঞান লাভ কৰে। তেতিয়াৰ পৰা সিদ্ধাৰ্থৰ নাম হয় বুদ্ধ। বুদ্ধ শব্দৰ অৰ্থ জ্ঞানী৷ বুদ্ধদেৱে বৌদ্ধধৰ্ম প্ৰৱৰ্তন কৰিছিল।

১। শুদ্ধোধন আৰু মায়াদেবীৰ পুত্ৰৰ নাম হ’ল—

  (A) বুদ্ধিৰাম 

  (B) সিদ্ধাৰ্থ

  (C) নৰসিংহ 

  (D) সীমান্ত

উত্তৰ: (B) সিদ্ধাৰ্থ৷

২। বৌদ্ধধৰ্ম কোনে প্রৱৰ্তন কৰিছিল?

  (A) শংকৰদেৱ 

  (B) হজৰত মহন্মদ

  (C) বুদ্ধদেৱ 

  (D) বিশ্বামিত্ৰ

উত্তৰ: (C) বুদ্ধদেৱ৷

৩৷ বুদ্ধ শব্দৰ অৰ্থ হ’ল—

  (A) জ্ঞানী 

  (B) ৰজা

  (C) ধৰ্ম প্ৰচাৰক 

  (D) দানী

উত্তৰ: (A) জ্ঞানী৷


দফা-৩

জ্যোতিপ্ৰসাদ আগৰৱালাই (১৯০৩-১৯৫১) প্রথম অসমীয়া বোলছবি ‘জয়মতী’ নিৰ্মাণ কৰিছিল। ১৪ বছৰ বয়সত তেখেতে ৰচনা কৰা নাট হ’ল— শোণিত কুঁৱৰী। তেখেতে ৰচনা কৰা নাটসমূহৰ ভিতৰত কাৰেঙৰ লিগিৰী, ৰূপালীম, নিমাতী কইনা, লভিতা আদি উল্লেখযোগ্য।

১। প্রথম অসমীয়া বোলছবিৰ নাম হ’ল—

  (A) বনজুই

  (B) জয়মতী

  (C) ৰূপালীম

  (D) চিৰাজ

উত্তৰ: (B) জয়মতী৷

২। কিমান চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল?

  (A) ১৯০৩ 

  (B) ১৯০৪ 

  (C) ১৯০৫

  (D) ১৯০৬

উত্তৰ: (A) ১৯০৩৷

৩। চৈধ্য বছৰ বয়সতে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটকখনৰ নাম হ’ল—

  (A) নিমাতী কইনা

  (B) কাৰেঙৰ লিগিৰী 

  (C) লভিতা 

  (D) শোণিত কুঁৱৰী

উত্তৰ: (D) শোণিত কুঁৱৰী৷


দফা-৪

যতীন্দ্ৰনাথ দুৱৰাই ‘বাঁহী’ আলোচনীৰ মাধ্যমেৰে সাহিত্য জগতত আত্মপ্রকাশ কৰে। ‘ওমৰ তীৰ্থ, ‘আপোন সুৰ’, ‘বনফুল’, ‘মিলনৰ সুৰ’ আৰু ‘মৰমৰ সুৰ’ আদি তেখেতে ৰচনা কৰা পুথি। তেখেতৰ একমাত্ৰ গদ্যপুথিখন হৈছে ‘কথাকবিতা’৷ ‘ওমৰ তীৰ্থ’ পাৰস্যৰ কবি ওমৰ খৈয়ামৰ ‘ৰুবায়তা’ৰ তেখেতে কৰা সুন্দৰ ভাঙনি। ‘বনফুল’ কবিতাপুথিৰ বাবে তেখেতে ১৯৫২ চনত সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰে।


১। ১৯৫২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাপুথিখনৰ নাম হ’ল—

  (A) ওমৰ তীৰ্থ 

  (B) মৰমৰ ঘৰ

  (C) বনফুল

  (D) কথা কবিতা

উত্তৰ: (C) বনফুল৷

২। ওমৰ খৈয়াম কোন দেশৰ কবি?

  (A) ভাৰত 

  (B) পাৰস্য

  (C) জাপান 

  (D) নেপাল

উত্তৰ: (B) পাৰস্য৷

৩৷ যতীন্দ্ৰ নাথ দুৱৰাৰ ‘কথাকবিতা’ নামৰ পুথি এখন

  (A) কথাকবিতাৰ পুথি 

  (B) উপন্যাস

  (C) ভ্ৰমণ কাহিনী 

  (D) নাটক

উত্তৰ: (A) কথাকবিতাৰ পুথি৷

৪। ‘ওমৰ তীৰ্থ’ কোনখন গ্ৰন্থৰ অসমীয়া অনুবাদ?

  (A) বনফুল 

  (B) মৰমৰ ঘৰ

  (C) ৰামায়ণ

  (D) ৰুবায়ত

উত্তৰ: (D) ৰুবায়ত৷

৫। যতীন্দ্ৰনাথ দুৱৰাই কোনখন আলোচনীৰ জৰিয়তে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে?

  (A) বাঁহী

  (B) জোনাকী

  (C) ৰামধেনু

  (D) জয়ন্তী

উত্তৰ: (A) বাঁহী৷

২। কবিতাফাকি পঢ়ি তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা:

দিনেক যশোদা নন্দজায়া।

আপুনি মথন্ত দধি গৈয়া।।

কৃষ্ণৰ শৈশৱ লীলাক স্মৰি।

কৃষ্ণগীত গাৱন্ত সুন্দৰী।।

ক্ষৌম বস্তু পিন্ধি দিব্য মাছে৷

কটিত মেখলা বান্ধি আছে।।

(শিশুলীলা/শ্ৰীমন্ত শংকৰদেৱ)

১। শিশুলীলা কবিতাটোৰ কবি কোন?

উত্তৰ: শিশুলীলা কবিতাটোৰ কবি শ্ৰীমন্ত শংকৰদেৱ৷

২। ‘‘দিনেক যশোদা নন্দজায়া’’— ইয়াত ‘নন্দজায়া’ মানে কি?

উত্তৰ: ‘‘দিনেক যশোদা নন্দজায়া’’— ইয়াত ‘নন্দজায়া’ মানে নন্দৰ পত্নী অৰ্থাৎ যশোদা৷

৩৷ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদে‍ৱে ৰচনা কৰা গীতসমূহক কি গীত বোলে?

উত্তৰ: শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদে‍ৱে ৰচনা কৰা গীতসমূহক বৰগীত বোলে৷

৪৷ ‘শিশুলীলা’ কবিতাটোত কোনগৰাকী শিশুৰ কথা কোৱা হৈছে?

উত্তৰ: ‘শিশুলীলা’ কবিতাটোত শিশু কৃষ্ণৰ কথা কোৱা হৈছে৷

৫।

শুৱনি আমাৰগাঁওখন অতি
শুৱনি গছেৰে ভৰা
ডাল ভৰি ভৰিফল ফুল লাগে
কত পাওঁ তলসৰা।

(আমাৰ গাঁও/ আনন্দ চন্দ্ৰ আগৰৱালা)

১। ‘আমাৰ গাঁও’ কবিতাটোৰ কবিগৰাকীৰ নাম কি?

উত্তৰ: ‘আমাৰ গাঁও’ কবিতাটোৰ কবিগৰাকীৰ নাম আনন্দ চন্দ্ৰ আগৰৱালা৷

২। অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ বুলি কাক কোৱা হয়?

উত্তৰ: অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ বুলি আনন্দ চন্দ্ৰ আগৰৱালাক কোৱা হয়৷

৩। অৰ্থৰ পাৰ্থক্য লিখা:

কত = কিমান

ক’ত = কোন ঠাইত

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ