পত্ৰ লেখন

চিঠি হৈছে দূৰত থকা লোকসকলৰ সৈতে সম্পৰ্ক ৰক্ষাৰ এক মাধ্যম। বিষয় অনুসৰি চিঠি চাৰি প্রকাৰৰ—

১। ব্যক্তিগত চিঠি-পত্ৰ

২। আবেদন পত্ৰ

৩। ব্যৱসায়িক চিঠি-পত্ৰ

৪। কাৰ্যালয় সম্বন্ধীয় চিঠি-পত্ৰ

যিকোনো প্ৰকাৰৰ চিঠিৰে কেইটামান নিৰ্দিষ্ট অংশ থাকে—

১। শিৰোনাম

২। সম্বোধন

৩। চিঠিৰ পাঠ

৪। সামৰণি

পত্ৰ/ আবেদন লিখাৰ সময়ত মনোযোগ দিবলগীয়া কেইটামান বিশেষ কথা হ’ল—

১। ভাষা-সহজ আৰু স্পষ্ট হোৱা উচিত।

২। লেখা চাফ-চিকুণ আৰু স্পষ্ট হোৱা উচিত।

৩৷ বাক্যবোৰ সৰল আৰু চুটি হোৱা উচিত।

৪। সম্বোধন কৰোঁতে উচিত সম্বোধন কৰিব লাগে।

৫। অনাৱশ্যক কথা লিখিব নালাগে।


ক্ৰিয়াকলাপ:

১৷ তোমাৰ অসুখৰ বাবে তুমি তিনিদিন স্কুললৈ আহিব পৰা নাছিলা। তাৰ বাবে ছুটী বিচাৰি শ্ৰেণী শিক্ষকৰ জৰিয়তে প্রধান শিক্ষকলৈ এখন আবেদন লিখা৷

২। বিদ্যালয়ত এখন বাগ্মিতা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছা। ইয়াৰ বাবে অনুমতি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা।

৩৷ গৰমৰ বন্ধত তুমি এখন ঐতিহাসিক ঠাই ভ্ৰমণ কৰিলা। তোমাৰ ভ্ৰমণ অভিজ্ঞতাৰ বিষয়ে জনাই দূৰৈত থকা বন্ধুলৈ এ্রখন চিঠি লিখা।

৪। তুমি পঢ়ি ভাল পোৱা এখন কিতাপৰ বিষয়ে চমুকৈ বৰ্ণনা কৰি বন্ধুলৈ এখন চিঠি লিখা।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ