অশুদ্ধি শোধন

➤ আমি কথা কোৱা আৰু লিখাৰ সময়ত অনেক প্রকাৰৰ ভুল হয়।

➤ শব্দৰ অশুদ্ধি

➤ বাক্যৰ অশুদ্ধি

➤ ভুল উচ্চাৰণ, ণত্ববিধি-ষত্ববিধিৰ নিয়ম নজনা, সন্ধি-প্ৰত্যয়ৰ ব্যৱহাৰ নজনা, বিভক্তিৰ প্ৰয়োগ নজনা আৰু সংস্কৃতৰ আৰ্হিত আখৰৰ ব্যৱহাৰ থকাৰ বাবে সাধাৰণতে শব্দ লিখোঁতে ভুল হয়।


ক্ৰি‍য়াকলাপ:

১৷ তলৰ আঁচটনা শব্দবোৰৰ শুদ্ধ ৰূপ লিখি বাক্যবোৰ পুনৰ লিখা।

(ক) প্ৰকাশে ভগৱানক  অঞ্জলী  যাচিছে।

উত্তৰ: প্ৰকাশে ভগৱানক অঞ্জলি‍ যাচিছে৷

(খ)  জেষ্ঠজনক  সন্মান জনোৱা উচিত।

উত্তৰ: জ্য‍েষ্ঠজনক সন্মান জনোৱা উচিত।

(গ) বাল্মিকীয়ে ৰামায়ন ৰচনা কৰিছিল৷

উত্তৰ: বাল্মীকি‍য়ে ৰামায়ণ ৰচনা কৰিছিল৷

(ঘ) আমি শুদ্ধ  উচ্ছাৰণ  কৰি কথা কোৱা উচিত।

উত্তৰ: আমি শুদ্ধ উচ্চাৰণ কৰি কথা কোৱা উচিত।

(ঙ) কলম্বাছে আমেৰিকা  আবিস্কাৰ  কৰিছিল।

উত্তৰ: কলম্বাছে আমেৰিকা আবিষ্কাৰ কৰিছিল।

(চ) নৰনাৰায়ন এজন বীৰ ৰজা আছিল।

উত্তৰ: নৰনাৰায়ণ এজন বীৰ ৰজা আছিল।

(ছ) কষ্ঠ কৰিলেহে যিকোনো কামত সফল হ'ব পাৰি।

উত্তৰ: কষ্ট কৰিলেহে যিকোনো কামত সফল হ'ব পাৰি।

২। তলত দিয়া অশুদ্ধ শব্দবোৰক সেইবোৰৰ শুদ্ধ ৰূপৰ লগত মিলোৱা।

(ক) ভূল(i) গুৰু
(খ) গুৰূ(ii) হাতলৰ
(গ) বিগ্যান(iii) ভুল
(ঘ) হাটলৰ(iv) জা-যোগাৰ
(ঙ) হাতজোৰ(v) বিজ্ঞান
(চ) যা-যোগাৰ(vi) হাতযোৰ

উত্তৰ:
(ক) ভূল(iii) ভুল
(খ) গুৰূ(i) গুৰু 
(গ) বিগ্যান(v) বিজ্ঞান
(ঘ) হাটলৰ(ii) হাতলৰ
(ঙ) হাতজোৰ(vi) হাতযোৰ
(চ) যা-যোগাৰ(iv) জা-যোগাৰ


৩। তলৰ কোনটো শব্দ শুদ্ধ বাছি উলিয়াই কাষৰ বাকচত (✔) চিন দিয়া:

(ক) 

(i) পৰিস্কাৰ...
(ii) পৰিষ্কাৰ
(iii) পৰীস্কাৰ...
(iv) পৰীষ্কাৰ...

(খ) 

(i) জ্যেষ্ঠ
(ii) জেষ্ঠ...
(iii) জ্যেস্থ...
(iv) জেস্থ...

৩। তলৰ কোনটো শব্দ অশুদ্ধ:

(i) পৰিস্কাৰ
(ii) পৰিষ্কাৰ
(iii) পৰীক্ষাৰ
(iv) পৰীক্ষাৰ

৪৷ তলৰ বাক্যবোৰ শুধৰাই লিখা৷

১। ৰমেনে ভাত খাই স্কুল গ’ল।

উত্তৰ: ৰমেনে ভাত খাই স্কুললৈ গ’ল।

২। তোমাৰ দেউতাই কি কৰিছে?

উত্তৰ: তোমাৰ দেউতাৰাই কি কৰিছে?

৩। তেওঁৰ মা ঘৰত নাই।

উত্তৰ: তেওঁৰ মাক ঘৰত নাই।

৪৷ মই কালি নামৰূপ যাম।

উত্তৰ: মই কাইলৈ নামৰূপলৈ যাম।

৫। যোৱাকালি প্রফুল্ল আমাৰ ঘৰলৈ আহিছিল।

উত্তৰ: কালি প্রফুল্ল আমাৰ ঘৰলৈ আহিছিল।

৬। আজি আমি চিৰিয়াখানা যাম।

উত্তৰ: আজি আমি চিৰিয়াখানালৈ যাম।

৭। সভাখন গাম্ভীৰ্যতাপূৰ্ণ হৈছিল।

উত্তৰ: সভাখন গাম্ভীৰ্যপূৰ্ণ হৈছিল।

৮। আমি গাঁও যাম।

উত্তৰ: আমি গাঁৱলৈ যাম।

৯৷ চাৰিটা বজাৰ লগে লগে তেওঁ আহি পাব।

উত্তৰ: চাৰি বজাৰ লগে লগে তেওঁ আহি পাব।

১০। মই দশমমান শ্ৰেণীত পঢ়েঁ।

উত্তৰ: মই দশম শ্ৰেণীত পঢ়োঁ৷

১১। তুমি যাবানে নাই?

উত্তৰ: তুমি যাবানে?

১২। মোৰ মূৰ বিষাইছে।

উত্তৰ: মোৰ মূৰ কামুৰিছে৷

১৩। শেৱালি ফুল ৰাতি ফুটে।

উত্তৰ: শেৱালি ফুল ৰাতি ফুলে৷

১৪। তোমাৰ মামা ঘৰত আছেনে?

উত্তৰ: তোমাৰ মোমায়েৰ ঘৰত আছেনে?

১৫। সি মোক গালি দিছে।

উত্তৰ: সি মোক গালি পাৰিছে৷

১৬। প্রধান শিক্ষকক লগ ধৰি কথাটো জানি আহিবা।

উত্তৰ: প্রধান শিক্ষকক লগ কৰি কথাটো জানি আহিবা।

১৭৷ কাণী বুঢ়ীটো মৰিল।

উত্তৰ: কাণী বুঢ়ীজনী মৰিল।

১৮। তাৰ চকু উঠিছে।

উত্তৰ: তাৰ চকু উখহিছে৷

১৯। তেওঁ সিংহাসন আহৰণ কৰিছে।

উত্তৰ: তেওঁ সিংহাসনত আৰোহণ কৰিছে।

২০৷ বেজবৰুৱাৰ ৰচনাৰ ভাষাবোৰ শুৱলা।

উত্তৰ: বেজবৰুৱাৰ ৰচনাৰ ভাষা শুৱলা।

২১৷ মোৰ মনত তেওঁ এজন ভাল মানুহ।

উত্তৰ: মোৰ মানত তেওঁ এজন ভাল মানুহ।

২২। মই অথনিকৈ বজাৰলৈ গৈছিলোঁ।

উত্তৰ: মই অথনি বজাৰলৈ গৈছিলোঁ।

২৩৷ ৰীণা অথনি বজাৰ যাব।

উত্তৰ: ৰীণা অথনি বজাৰলৈ গৈছিল৷

২৪। প্ৰীতমে বাছলৈ‍ ৰখি আছে?

উত্তৰ: প্ৰীতমে বাছলৈ ৰৈ আছে৷

২৫৷ আইতাই পিঠা বনাইছে।

উত্তৰ: আইতাই পিঠা পুৰিছে৷

২৬। মায়ে ভাত বনাইছে।

উত্তৰ: মায়ে ভাত ৰান্ধিছে৷

২৭। তাৰ পেহী ভাল নাচনী।

উত্তৰ: তাৰ পেহীয়েক ভাল নাচনী।

২৮। তোমাৰ বাইদেউ আজি আহিবনে?

উত্তৰ: তোমাৰ বাইদেৱেৰা আজি আহিবনে?

২৯। তাৰ মামা এজন ডাক্তৰ।

উত্তৰ: তাৰ মামাক এজন ডাক্তৰ।

৩০। ছোৱালীটোৱে ফুল বুটলিছে।

উত্তৰ: ছোৱালীজনীয়ে ফুল বুটলিছে।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ