ৰচনা লিখন

কোনো এটা বিষয় সম্পৰ্কে নিজস্ব চিন্তাধাৰাৰে সংযত বাক্য-বিন্যাস, যুক্তিপূৰ্ণ তথ্যপাতিৰে আৰম্ভণিৰ পৰা শেষলৈকে আঁতিগুৰি লগাই লিখা পদ্ধতিকে অসমীয়াত ৰচনা বোলা হয়।

কোনো এটা বিষয় সম্পৰ্কে ৰচনা লিখিব লাগিলে প্রথমে বিষয়টো সম্পৰ্কত এটা সামগ্ৰিক ধাৰণা কৰি ল’ব লাগে। ৰচনা লিখন অতি গুৰুত্বপূৰ্ণ লিখন কৌশল। 

ৰচনাৰ বিষয়বস্তুৰ কোনো সীমা নাথাকে। যিকোনো বিষয়ৰে ৰচনা লিখিব পাৰি। ৰচনাৰ বিষয়বস্তু এনেকুৱা হয়, যিবোৰ আমাৰ আগৰে পৰাই পৰিচিত। আমি আমাৰ মা-দেউতা আৰু শিক্ষাগুৰুৰ লগত কথা-বতৰা পতাৰ লগতে বিভিন্ন বাতৰি কাকত-আলোচনী, কিতাপ-পত্ৰ পঢ়িও এই বিষয়বোৰৰ বিষয়ে অধিক জানি ল’ব পাৰোঁ৷


ৰচনাৰ প্ৰধান অংশ

ৰচনাৰ তিনিটা প্রধান অংশ থাকে।

১। ভূমিকা বা আৰম্ভণি: এটি সুন্দৰ ভূমিকাৰে আৰম্ভ কৰা ৰচনাখনো সুন্দৰ হয়। ভূমিকা এটা দফাত লিখিব লাগে।

২। বিষয়বস্তু: তিনি-চাৰিটামান দফাত বিষয়বস্তুক ক্ৰমবদ্ধভাৱে উপস্থাপন কৰিব লাগে।

৩। সামৰণি বা উপসংহাৰ: ৰচনাখনত লিখা সকলো কথাৰ সাৰ অংশ সামৰণিত লিখিব লাগে। এটা দফাতে সামৰণি লিখা উচিত৷


ৰচনা এখন লিখোঁতে মনোযোগ দিবলগীয়া দিশ

(ক) ৰচনাখন লিখিবলৈ লোৱাৰ পূৰ্বে বিষয়টো ভালদৰে চিন্তা-ভাৱনা কৰা উচিত।

(খ) বিষয় সম্বন্ধিত মূল কথাখিনিৰ এটি ৰূপৰেখা তৈয়াৰ কৰি ল’ব লাগে।

(গ) ৰূপৰেখা অনুযায়ী নিজৰ কথাখিনি দফাত ভাগ কৰি লিখা উচিত।

(ঘ) ৰচনাৰ ভাষা মৌলিক, সৰল আৰু শুদ্ধ হ’ব লাগে।

(ঙ) অনাৱশ্যক কথা লিখাৰ প্রয়োজন নাই।

(চ) শব্দৰ সীমাৰ প্রতি মন দিয়া উচিত।

(ছ) মহাপুৰুষৰ উক্তি বা কবিতাৰ পংক্তিৰ দ্বাৰা ৰচনা এখন আকৰ্ষণীয় কৰি তুলিব পাৰি।

(জ) বাক্যৰ পুনৰুক্তি হোৱা অনুচিত।


ক্ৰিয়াকলাপ:

১। তলত দিয়া বিষয়সমূহক লৈ একোখন ৰচনা লিখা:

(ক) তোমাৰ প্রিয় সাহিত্যিক

(খ) তোমাৰ প্ৰিয় গ্ৰন্থ

(গ) অসমৰ কুটীৰ শিল্প

(ঘ) অসমৰ জাতীয় উৎসৱ

(ঙ) সমাজ সংগঠনত ছাত্ৰৰ কৰ্তব্য

(চ) দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান

(ছ) ছাত্ৰ আৰু ৰাজনীতি

(জ) বিদ্যালয়ৰ খেল-ধেমালি

(ঝ) বিদ্যালয়ৰ পুথিভঁৰাল

(ঞ) বাতৰি-কাকত

(ট) তোমাৰ জীৱনৰ লক্ষ্য

(ঠ) জীৱন চৰিত পাঠ

(ড) দূৰদৰ্শন— ইয়াৰ সুফল আৰু কুফল

(ঢ) বিদ্যালয়ৰ বঁটা বিতৰণী সভা

(ণ) অসমৰ বানপানী

(ত) কম্পিউটাৰ

(থ) পৰিৱেশ অধ্যয়ন

(দ) প্ৰাকৃতিক দুৰ্যোগ

(ন) বিদ্যালয়ৰ আলোচনী

(প) পৰিৱেশ প্রদূষণ আৰু ইয়াৰ প্রতিকাৰ

(ফ) অসমৰ প্রাকৃতিক সম্পদ

(ব) অসমৰ প্রাকৃতিক সৌন্দৰ্য

(ভ) গ্ৰন্থমেলা

(ম) তোমাৰ প্ৰিয় ব্যক্তি

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ