সাধাৰণ প্ৰশ্ন

ক্ৰিয়াকলাপ

১। ‘মৰুৰা ফুল’ গ্ৰন্থখন কোনে সম্পাদনা কৰিছে?

  (ক) লক্ষ্মীনাথ বেজবৰুৱা 

  (খ) সত্যনাথ বৰা

  (গ) নৱকান্ত বৰুৱা

  (ঘ) দেৱকান্ত বৰুৱা

উত্তৰ: (গ) নৱকান্ত বৰুৱা৷ 

২। ‘এখুদ ককাইদেউ’ কোন?

  (ক) জ্যোতিপ্লসাদ আগৰৱালা 

  (খ) মিত্ৰদেৱ মহন্ত

  (গ) চন্দ্ৰকুমাৰ আগৰৱালা

  (ঘ) নৱকান্ত বৰুৱা

উত্তৰ: (ঘ) নৱকান্ত বৰুৱা৷ 

৩। নৱকান্ত বৰুৱাই কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

  (ক) ককাদেউতাৰ হাড় 

  (খ) কপিলীপৰীয়া সাধু

  (গ) গৰমা কুঁৱৰী

  (ঘ) শিয়ালী পালেগৈ ৰতনপুৰ

উত্তৰ: (ক) ককাদেউতাৰ হাড়৷ 

৪। নৱকান্ত বৰুৱাই লাভ কৰা বঁটাসমূহ হ’ল—

  (ক) সাহিত্য অকাডেমী বঁটা 

  (খ) অসম প্রকাশন পৰিষদ বঁটা

  (গ) অসম উপত্যকা সাহিত্য বঁটা

  (ঘ) আটাইবোৰ

উত্তৰ: (ঘ) আটাইবোৰ৷ 

৫। নৱকান্ত বৰুৱাই ভাৰত চৰকাৰৰ কি সন্মানেৰে বিভূষিত হৈছিল?

  (ক) পদ্ম

  (খ) পদ্মভূষণ

  (গ) ভাৰতৰত্ন 

  (ঘ) পদ্মবিভূষণ

উত্তৰ: (খ) পদ্মভূষণ৷ 

৬৷ ‘প্রহ্লাদ চৰিত্ৰ’ কোনে ৰচনা কৰিছিল?

  (ক) শংকৰদেৱ

  (খ) ৰাম সৰস্বতী

  (গ) মাধৱ কন্দলি

  (ঘ) হেম সৰস্বতী

উত্তৰ: (ঘ) হেম সৰস্বতী৷ 

৭। এতিয়ালৈকে উদ্ধাৰ হোৱা প্রাচীন অসমীয়া পুথিবিলাকৰ ভিতৰত আটাইতকৈ পুৰণি পুথি হ’ল—

  (ক) কীৰ্তন-ঘোষা 

  (খ) নামঘোষা

  (গ) প্রহ্লাদ চৰিত্র

  (ঘ) ভীম চৰিত

উত্তৰ: (গ) প্রহ্লাদ চৰিত্র৷ 

৮। প্রাক্‌শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন?

  (ক) কবিৰত্ন সৰস্বতী

  (খ) মাধৱ কন্দলি

  (গ) হেম সৰস্বতী

  (ঘ) ৰুদ্ৰ কন্দলি

উত্তৰ: (খ) মাধৱ কন্দলি৷ 

৯। মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যক কি সাহিত্য বোলে?

  (ক) মৌখিক সাহিত্য 

  (খ) লিখিত সাহিত্য

  (গ) অনুবাদ সাহিত্য

  (ঘ) এটাও নহয়

উত্তৰ: (ক) মৌখিক সাহিত্য৷ 

১০। অসমীয়া সাহিত্যৰ অন্যতম শিশু গ্ৰন্থ ‘মৌ-মহাভাৰত’ কাৰ ৰচনা?

  (ক) চন্দ্ৰধৰ বৰুৱা

  (খ) নৱকান্ত বৰুৱা

  (গ) মিত্ৰদেৱ মহন্ত

  (ঘ) অতুল চন্দ্ৰ হাজৰিকা

উত্তৰ: (গ) মিত্ৰদেৱ মহন্ত৷ 

১১। অসম সাহিত্য সভাৰ আৰম্ভণি গীতটি কি?

  (ক) চিৰ চেনেহী মোৰ ভাষা জননী

  (খ) অ’ মোৰ আপোনাৰ দেশ

  (গ) বন্দে মাতৰম

  (ঘ) ওপৰৰ এটাও নহয়

উত্তৰ: (ক) চিৰ চেনেহী মোৰ ভাষা জননী৷ 

১২৷ তলত দিয়া কোনবিধ বাদ্য বিহুগীত বা বিহুনৃত্যত ব্যৱহাৰ কৰা নহয়?

  (ক) গগনা 

  (খ) সুতুলি

  (গ) ঢোল 

  (ঘ) হাৰমনিয়াম

উত্তৰ: (ঘ) হাৰমনিয়াম৷ 

১৩। ‘অসমৰ ঢোলৰ যাদুকৰ’— বুলিলে অসমৰ কোনজন ব্যক্তিক জনা যায়?

  (ক) হেমাংগ বিশ্বাস 

  (খ) মঘাই ওজা

  (গ) ভূপেন হাজৰিকা

  (ঘ) বিষ্ণুপ্ৰসাদ আগৰৱালা

উত্তৰ: (খ) মঘাই ওজা৷ 

১৪। ‘ল’ৰাৰ জাতক’ কাৰ ৰচনা?

  (ক) নৱকান্ত বৰুৱা

  (খ) অতুলচন্দ্ৰ হাজৰিকা

  (গ) চন্দ্ৰকুমাৰ আগৰৱালা

  (ঘ) নিৰ্মলপ্রভা বৰদলৈ

উত্তৰ: (খ) অতুলচন্দ্ৰ হাজৰিকা৷ 

১৫। মহাপুৰুষ শংকৰদেৱে কোনখন অংকীয়া নাটৰ যোগেদি নাট ৰচনাৰ পাতনি মেলিছিল?

  (ক) পত্নীপ্রসাদ

  (খ) চিহ্নযাত্ৰা

  (গ) ৰামবিজয়

  (ঘ) পাৰিজাত হৰণ

উত্তৰ: (গ) ৰামবিজয়৷ 

১৬। শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা একমাত্ৰ অংকীয়া নাটখনৰ নাম কি?

  (ক) অৰ্জুন-ভঞ্জন

  (খ) চোৰধৰা

  (গ) কালিয়দমন 

  (ঘ) পত্নীপ্ৰসাদ

উত্তৰ: (ক) অৰ্জুন-ভঞ্জন৷ 

১৭। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?

  (ক) মোৰ জীৱন সোঁৱৰণ 

  (খ) চক্ৰধ্বজ সিংহ

  (গ) জয়মতী কুঁৱৰী 

  (ঘ) জুনুকা

উত্তৰ: (ক) মোৰ জীৱন সোঁৱৰণ৷ 

১৮। ‘বুঢ়ী আইৰ সাধু’ কাৰ ৰচনা?

  (ক) অতুল চন্দ্ৰ হাজৰিকা 

  (খ) জ্যোতিপ্ৰসাদ আগৰৱালা

  (গ) লক্ষ্মীনাথ বেজবৰুৱা

  (ঘ) সত্যনাথ বৰা

উত্তৰ: (গ) লক্ষ্মীনাথ বেজবৰুৱা৷ 

১৯৷ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুপুথিকেইখন হ’ল—

  (ক) চক্ৰধ্বজ সিংহ, শংকৰদেৱ

  (খ) পাচনি, নোমল

  (গ) জয়মতী কুঁৱৰী, বেলিমাৰ 

  (ঘ) বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা, জুনুকা

উত্তৰ: (ঘ) বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা, জুনুকা৷

২০। অসমৰ জাতীয় সংগীতটি কি?

  (ক) আমি অসমীয়া নহওঁ দুখীয়া 

  (খ) অ’ মোৰ আপোনাৰ দেশ

  (গ) চিৰ চেনেহী মোৰ ভাষা জননী 

  (ঘ) মানুহে মানুহৰ বাবে

উত্তৰ: (খ) অ’ মোৰ আপোনাৰ দেশ৷ 

২১। ‘বিশ্বকবি’ কোন?

  (ক) ৰবীন্দ্ৰনাথ ঠাকুৰ

  (খ) লক্ষ্মীনাথ বেজবৰুৱা

  (গ) অতুল চন্দ্ৰ হাজৰিকা 

  (ঘ) নলিনীবালা দেৱী

উত্তৰ: (ক) ৰবীন্দ্ৰনাথ ঠাকুৰ৷ 

২২। ৰবীন্দ্ৰনাথ ঠাকুৰে কোনখন গ্ৰন্থৰ বাবে ন’বেল বঁটা লাভ কৰিছিল?

  (ক) গোৰা 

  (খ) গীতাঞ্জলি

  (গ) ডাকঘৰ 

  (ঘ) ঘৰে বাইৰে

উত্তৰ: (খ) গীতাঞ্জলি৷ 

২৩। ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক কোন?

  (ক) লক্ষ্মীনাথ বেজবৰুৱা 

  (খ) হেমচন্দ্ৰ গোস্বামী

  (গ) চন্দ্ৰকুমাৰ আগৰৱালা 

  (ঘ) সত্যনাথ বৰা

উত্তৰ: (গ) চন্দ্ৰকুমাৰ আগৰৱালা৷ 

২৪। ‘শৰাই’, ‘ৰংপুৰে কথা কয়’, ‘পদুমনি’ এই কবিতাপুথিকেইখনৰ ৰচক কোন?

  (ক) পদ্মধৰ চলিহা

  (খ) চন্দ্ৰকুমাৰ আগৰৱালা

  (গ) নিৰ্মলপ্ৰভা বৰদলৈ 

  (ঘ) নৱকান্ত বৰুৱা

উত্তৰ: (ক) পদ্মধৰ চলিহা৷ 

২৫৷ ‘ধ্বনি কবি’ বুলিলে কোনগৰাকী কবিক জনা যায়?

  (ক) পদ্মধৰ চলিহা

  (খ) নৱকান্ত বৰুৱা

  (গ) বিনন্দচন্দ্ৰ বৰুৱা

  (ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ: (গ) বিনন্দচন্দ্ৰ বৰুৱা৷ 

২৬ ৷ ‘প্রতিধ্বনি’ কবিতাপুথিখনৰ ৰচক কোন?

  (ক) বিনন্দচন্দ্ৰ বৰুৱা 

  (খ) লক্ষ্মীনাথ বেজবৰুৱা

  (গ) নৱকান্ত বৰুৱা 

  (ঘ) নিৰ্মলপ্ৰভা বৰদলৈ

উত্তৰ: (ক) বিনন্দচন্দ্ৰ বৰুৱা৷ 

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ