গুণোৎসৱৰ ফলাফল ২০২২— Gunotsav Result 2022

Gunotsav Assam Result 2022

অসমত চলিত বৰ্ষ ২০২২ত তিনিটা পৰ্যায়ত ৩৩ খন জিলাত অনুষ্ঠিত হোৱা গুণোৎসৰ ফলাফল ০৫/০৯/২০২২ তাৰিখ, সোমবাৰে ঘোষণা কৰা হয়৷ এই গুণোৎসৱত মুঠ ৪৫,৭৩৫ খন বিদ্যালয়ে‍ অংশগ্ৰহণ কৰিছিল৷ তাৰে ভিতৰত ৪,৮২৬ খন বিদ্যালয়ে A+ গ্ৰেড, ১৭,০৪৫ খন বিদ্যালয়ে A গ্ৰেড, ১৩,২০৮ খন বিদ্যালয়ে B গ্ৰেড, ৪,৬৬৭ খন বিদ্যালয়ে C গ্ৰেড আৰু ২,১৩২ খন বিদ্যালয়ে D গ্ৰেড পাবলৈ সক্ষম হয়৷

অসমৰ ভিতৰত শিৱসাগৰ জিলাই A+ গ্ৰেড পোৱাৰ ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়৷ জিলাখনৰ ৫৯১ খন বিদ্যালয়ে লাভ কৰিছে A+ গ্ৰেড।


গুণোৎসৱৰ ফলাফল কিদৰে চাব? Check Gunotsav Result

প্ৰথমে, আপুনি Google Chrome ব্ৰাউজাৰ বা আপোনাৰ পছন্দৰ আন ব্ৰাউজাৰলৈ গৈ https://gunotsavassam.in/ লিংকটো খোলক৷ তেতিয়া তলত দিয়া ধৰণে ৱেবছাইটটো খোল খাব৷ ইয়াত ম'বাইলৰ পৰা গ্ৰহণ কৰা স্ক্ৰীনশ্বটসমূহ ক্ৰম অনুসাৰে  দিয়া হৈছে৷ কোনো এখন বিদ্যালয়ৰ ফলাফল চাবৰ বাবে আপোনাক সেই বিদ্যালয়খনৰ U-DISE Code জানিব লাগিব৷ কাৰণ লগ ইন কৰোঁতে আপুনি‍ Username আৰু Password লিখিবলগীয়া ঠাইখিনিত বিদ্যালয়খনৰ U-DISE Code টো অন্তৰ্ভুক্ত কৰিব লাগিব৷ এতিয়া তলৰ স্ক্ৰীনশ্বটসমূহ চালে বুজাত সহজ হ'ব৷

১৷ যিকোনো ব্ৰাউজাৰত https://gunotsavassam.in/ ছাইটটো খোলক৷

২৷ এতিয়া আপুনি তলত দিয়া ধৰণে দেখা পাব আৰু ADMIN LOGIN বুটামটোত ক্লিক কৰিব লাগিব৷

৩৷ এতিয়া তলত দিয়া ধৰণে দেখা পাব আৰু Username আৰু Password লিখিবলগীয়া দুয়োটা অংশতে বিদ্যালয়ৰ U-DISE Code অন্তৰ্ভুক্ত কৰি Login বুটামটোত ক্লিক কৰিব লাগিব৷

৪৷ এতিয়া আপুনি ফলাফল চাব বিচৰা বিদ্যালয়খনৰ নামেৰে সৈতে‍ তলত দিয়া ধৰণে ওলাব আৰু আপুনি তলৰ স্ক্ৰীনশ্বটটোত দেখুওৱা ধৰণে তিনিটা লাইন থকা অংশটোত ক্লিক্ কৰিব লাগিব৷

৫৷ এতিয়া তলত দিয়া দৰে দেখা পাব আৰু আপুনি বিদ্যালয়ৰ ফলাফল আৰু Report Card চাবৰ বাব‍ে School Report Cards অংশটোত ক্লিক কৰিব লাগিব৷

৬৷ এতিয়া তলত দিয়া ধৰণে ওলাব৷ যদি আপোনাৰ ম'বাইলত তলত ৰঙা কৰি দেখুওৱা কাঁড় চিনটো প্ৰদৰ্শিত নহয়, তেন্তে আপু্ন ব্ৰাউজাৰৰ Desktop View কৰি ল'লে তলত দিয়া দৰে দেখা পাব আৰু কাঁড় চিনটোত ক্লিক কৰি বিদ্যালয়ৰ Report Card চাব পাৰিব৷

৬৷ এতিয়া তলত দিয়া দৰে আপুনি চাব বিচৰা বিদ্যালয়খনৰ Report Card প্ৰদৰ্শিত হ'ব৷ 

ছাত্ৰ-ছাত্ৰীৰ Report Card কিদৰে চাব?

ছাত্ৰ-ছাত্ৰীৰ Report Card চাবৰ বাবে ওপৰত উল্লেখ কৰা ধৰণে ৫ নং পৰ্যায়লৈকে একেই থাকিব৷ তাৰ পাছত আমি Student Scorecards অংশটোত ক্লিক কৰিব লাগিব৷ তাৰ পাছত শ্ৰেণীসমূহ এখন তালিকাত প্ৰদৰ্শিত হ'ব আৰু আপুনি‍ চাব বিচৰা শ্ৰেণীটো লিষ্টখনৰ পৰা নিৰ্বাচন কৰিব লাগিব৷  তেতিয়া তলত দিয়া ধৰণে ওলাব৷ তলৰ তালিকাখন প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ Score ৰ তালিকা৷ সকলো ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ Score Card চাবলৈ বা Download কৰিবলৈ তলত ছবিখনত ৰঙাকৈ গোল কৰি দিয়া Bulk Download বুটামটোত ক্লিক কৰিব লাগিব৷ তেতিয়া সেই শ্ৰেণীটোৰ সকলো ছাত্ৰ-ছাত্ৰীৰ Score Card সমূহ একেলগে এটা PDF ফাইল হিচাপে আপোনাৰ ডিভাইচত Download হৈ পৰিব৷
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ