অনুচ্ছেদ লেখন

➤ কোনো ভাব বা বিচাৰ সংক্ষেপতে লিখা কাৰ্যকে অনুচ্ছেদ বা দফা (Paragraph) লেখন বুলি কোৱা হয়। এইটোও এটা কলা বা কৌশল। ভাল অনুচ্ছেদ লিখাৰ কেইটামান চৰ্ত হ’ল—

➤ অনুচ্ছেদত ৰচনাৰ দৰে বহলাই লিখা নহয়।

➤ ভাল অনুচ্ছেদত কেৱল মূল বিষয়টোকহে কেন্দ্ৰবিন্দু হিচাপে ৰখা হয়।

➤ অনুচ্ছেদত বাক্য চুটি চুটি হোৱা উচিত। সকলো বাক্য এটা আনটোৰ সম্পৰ্কযুক্ত হ’ব লাগে।

➤ ভাষা সহজ-সৰল আৰু আকৰ্ষণীয় হোৱা উচিত।


ক্ৰিয়াকলাপ

১। নিম্নোক্ত যি কোনো এটা বিষয়ৰ সম্পৰ্কে দহোটামান শুদ্ধ বাক্যৰে একোটাকৈ দফা লিখা:

(ক) ব’হাগ বিহু

(খ) বিদ্যালয়ত পুথিভঁৰালৰ গুৰুত্ব

(গ) গ্ৰন্থ অধ্যয়নৰ উপকাৰিতা

(ঘ) ভ্ৰমণ

(ঙ) পৰিৱেশ

(চ) ব্ৰহ্মপুত্ৰ নদ

(ছ) ইণ্টাৰনেট

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ