সাহিত্য

মনৰ ভাৱ-অনুভূতি প্রকাশৰ পৰিমাৰ্জিত আৰু মধুৰ ৰূপেই সাহিত্য। সাহিত্য দুই প্রকাৰৰ

১৷ মৌখিক সাহিত্য, ২। লিখিত সাহিত্য।

চহা লোকৰ মুখে মুখে প্রচলিত যি সাহিত্য, সেয়াই মৌখিক সাহিত্য। মৌখিক সাহিত্যৰ ভাগবোৰ হ’ল —(১) লোকগীত, (২) লোককথা, (৩) প্রবচন, বচন, লোকোক্তি, যোজনা, (৪) সাঁথৰ আৰু (৫) লোকভাষা।

লিখন শৈলীৰ জৰিয়তে যি সাহিত্য সৃষ্টি হয় সেয়াই লিখিত সাহিত্য। কাব্য, নাটক, প্রবন্ধ, গল্প, উপন্যাস, জীৱনী, চিঠি-পত্ৰ, পদ্য, কবিতা সমালোচনা, আত্মজীৱনী আদি লিখিত সাহিত্যৰ বিভিন্ন প্রকাৰ।


ক্ৰিয়াকলাপ

১। সাহিত্য কি? সাহিত্য কেই প্রকাৰৰ আৰু কি কি?

উত্তৰ: মনৰ ভাৱ-অনুভূতি প্রকাশৰ পৰিমাৰ্জিত আৰু মধুৰ ৰূপেই সাহিত্য।

২৷ মৌখিক সাহিত্য কাক বোলে? মৌখিক সাহিত্যৰ ভাগবোৰ কি কি?

উত্তৰ: চহা লোকৰ মুখে মুখে প্রচলিত যি সাহিত্য, সেয়াই মৌখিক সাহিত্য। মৌখিক সাহিত্যৰ ভাগবোৰ হ’ল —(১) লোকগীত, (২) লোককথা, (৩) প্রবচন, বচন, লোকোক্তি, যোজনা, (৪) সাঁথৰ আৰু (৫) লোকভাষা।

৩। লিখিত সাহিত্য কি? এক প্রকাৰ লিখিত সাহিত্যৰ নাম লিখা।

উত্তৰ: লিখন শৈলীৰ জৰিয়তে যি সাহিত্য সৃষ্টি হয় সেয়াই লিখিত সাহিত্য। এক প্ৰকাৰৰ লিখিত সাহিত্য হ’ল গল্প৷

৪। লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰা সাধুকথাৰ পুথি এখনৰ নাম লিখা।

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰা সাধুকথাৰ পুথি এখনৰ নাম হ’ল ‘বুঢ়ী আইৰ সাধু’৷

৫। তুমি জনা দুখন উপন্যাসৰ নাম লিখা।

উত্তৰ: মই জনা দুখন উপন্যাসৰ নাম হ’ল— ‘মৃত্যুঞ্জয়’ আৰু ‘মাকাম’৷

৬। অসমীয়া সাহিত্যৰ চুটিগল্পৰ জনক কোন?

উত্তৰ: অসমীয়া সাহিত্যৰ চুটিগল্পৰ জনক হ’ল লক্ষ্মীনাথ বেজবৰুৱা৷

৭। ‘সাৰথি’ কাৰ ৰচনা?

উত্তৰ: ‘সাৰথি’ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা৷

৮। অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

উত্তৰ: অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ৷

৯। প্ৰাক্‌শংকৰী যুগৰ দুগৰাকী সাহিত্যিকৰ নাম লিখা।

উত্তৰ: প্ৰাক্‌শংকৰী যুগৰ দুগৰাকী সাহিত্যিকৰ নাম হ’ল— মাধৱ কন্দলি আৰু হেম সৰস্বতী৷

১০। ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক জনা যায়?

উত্তৰ: ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক জনা যায়৷

১১। প্ৰথম অসমীয়া নাটকখনৰ নাম কি?

উত্তৰ: প্ৰথম অসমীয়া নাটকখনৰ নাম হ’ল— ভানুমতী৷

১২। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন?

উত্তৰ: অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা৷

১৩। অসমীয়া সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন?

উত্তৰ: অসমীয়া সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী৷

১৪। তলত উল্লেখ কৰা সাহিত্যিককেইগৰাকীৰ আত্মজীৱনীকেইখনৰ নাম লিখা৷

(ক) লক্ষ্মীনাথ বেজবৰুৱা 

(খ) ড° ভবেন্দ্ৰনাথ শইকীয়া

(গ) নিৰ্মলপ্ৰভা বৰদলৈ

(ঘ) ড° মহেশ্বৰ নেওগ

উত্তৰ:

(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ’ল— ‘মোৰ জীৱন সোঁৱৰণ’

(খ) ড° ভবেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখনৰ নাম হ’ল— ‘জীৱন বৃত্ত’

(গ) নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম হ’ল— ‘জীৱন জীৱন বৰ অনুপম’

(ঘ) ড° মহেশ্বৰ নেওগৰ আত্মজীৱনীখনৰ নাম হ’ল— ‘জীৱনৰ দীঘ আৰু বাণি’

১৫। উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ ভিতৰত প্ৰথমে ‘ৰামায়ণ’ৰ অনুবাদ কোনে কৰিছিল?

উত্তৰ: উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ ভিতৰত প্ৰথমে মাধৱ কন্দলিয়ে ‘ৰামায়ণ’ৰ অনুবাদ কৰিছিল৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ