সাঁথৰ এক প্রকাৰ ভাষাৰ খেল। সাঁথৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বুদ্ধি, চিন্তাশক্তিৰ বিকাশ হয়। সাঁথৰত সাধাৰণতে কোনো বস্তু বা প্রাণীৰ লগত জড়িত সংকেত দিয়া হয়।
ক্ৰিয়াকলাপ
১। মাত আছে, মানুহ নাই
ঘৰ আছে দুৱাৰ নাই।
উত্তৰ: ৰেডিঅ’৷
২। এজনী গাই খৰি খায়,
পানী খালেই মৰি যায়।
উত্তৰ: জুই৷
৩। হাবিত কাহে ওলাই নাহে।
উত্তৰ: কুঠাৰ৷
৪। মাক জুটুলি-পুটুলি
পুতেক চোকা টেকেলা।
উত্তৰ: জলকিয়া৷
৫। পেট আছে পেটু নাই
মুখ আছে জিভা নাই।
উত্তৰ: কলহ৷
৬। ঢাপে ঢাপে গ’লোঁ
ঢাপলিকা পালোঁ,
কুটি-বাছি থৈ
ছমাহলৈ খালোঁ।
উত্তৰ: বাঁহগাজ৷
৭। টুপ টুপ টুপলি,
পানী পালে মুকলি।
উত্তৰ: জাল৷
৮। কলিংগৰ লিংগ কাটি
পাঠাৰ কাটি পা
লবংগৰ বংগ কাটি
মজা মাৰি খা।
উত্তৰ: কঁঠাল৷
৯। জগতৰ পালক চা
মাজৰটো নকওঁ যা,
শেষৰটো ল
কোনে পাৰ ক?
উত্তৰ: চাউল৷
১০। পাঁচ পিঠি মূৰটো
দুহাত কুৰি আঙুল নাকটো,
পেট-পিঠি নাই
ই কি বাৰু কোৱা ভাই?
উত্তৰ: মানুহ৷
ছাত্ৰ-ছাত্ৰীসকলে নিজাকৈ সাঁথৰ সংগ্ৰহ কৰি টোকাবহীত লিপিবদ্ধ কৰিব।