সম্ৰাট হৰ্ষবৰ্দ্ধন一 অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী

বিষয় : সমাজ বিজ্ঞান

পাঠ নং : ৫

অনুশীলনী প্ৰশ্নোত্তৰ


১। চমু উত্তৰ দিয়া।

(ক) থানেশ্বৰ ৰাজ্যৰ উত্থান কোন শতিকাত হৈছিল?

উত্তৰ: খ্ৰীষ্টীয় সপ্তম শতিকাৰ আৰম্ভণিতে থানেশ্বৰ ৰাজ্যৰ উত্থান হৈছিল।

(খ) পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? 

উত্তৰ: পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম হ’ল প্ৰভাকৰবৰ্দ্ধন।

(গ) হৰ্ষবৰ্দ্ধনে কি উপাধি লৈছিল?

উত্তৰ: হৰ্ষবৰ্দ্ধনে ‘ৰাজপুত্ৰ শিলাদিত্য’ উপাধি লৈছিল।

(ঘ) বাণভট্টই ৰচনা কৰা হৰ্ষবৰ্দ্ধন জীৱনীখনৰ নাম কি?

উত্তৰ: বাণভট্টই ৰচনা কৰা হৰ্ষবৰ্দ্ধন জীৱনীখনৰ নাম 'হৰ্ষচৰিত'।

(ঙ) হংসবেগ কোন আছিল?

উত্তৰ: হংসবেগ ভাস্কৰ বৰ্মনৰ এজন কটকী আছিল।

(চ) হৰ্ষবৰ্দ্ধনক কোনে নর্মদা নদীৰ পাৰৰ যুদ্ধত পৰাস্ত কৰিছিল?

উত্তৰ: হৰ্ষবৰ্দ্ধনক চালুক্য বংশৰ ৰজা দ্বিতীয় পুলকেশীয়ে নর্মদা নদীৰ পাৰৰ যুদ্ধত পৰাস্ত কৰিছিল।

(ছ) ভুক্তিৰ শাসকজনক কি বোলা হৈছিল?

উত্তৰ: ভুক্তিৰ শাসকজনক ‘কুমাৰমাত্য’ বোলা হৈছিল।

২। হৰ্ষবৰ্দ্ধন দিনৰ প্ৰজাই কি কি কৰ দিব লাগিছিল?

উত্তৰ: হৰ্ষবৰ্দ্ধন দিনৰ প্ৰজাই উৎপাদনৰ ছয় ভাগৰ এক অংশ কৰ দিব লাগিছিল। প্ৰজাই নগদ ধনেৰেও কৰ দিব পাৰিছিল। কৰক দুটা ভাগত ভাগ কৰা হৈছিল। সেই দুটা হʼল— ৱালি আৰু ভাগ।   

৩। হৰ্ষবৰ্দ্ধন বিষয়ে জনাত সহায় কৰা চাৰিখন তামৰ ফলিৰ নাম লিখা।

উত্তৰ: হৰ্ষবৰ্দ্ধন বিষয়ে জনাত সহায় কৰা চাৰিখন তামৰ ফলিৰ নাম হৈছে一 

  (ক) বাঁশখেৰা তামৰ ফলি, 

  (খ) মধুবন তামৰ ফলি, 

  (গ) সোণাপত তামৰ ফলি

  (ঘ) দ্বিতীয় পুলকেশীৰ আইহোল লিপি৷

৪। কামৰূপৰ লগত হৰ্ষৰ সম্পর্ক কেনে ধৰণৰ আছিল লিখা। 

উত্তৰ: হৰ্ষবৰ্দ্ধনৰ সমসাময়িক কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা স্থাপন কৰিছিল। ভাস্কৰ বৰ্মনক তেওঁ শ্ৰদ্ধা আৰু সন্মান কৰিছিল। হৰ্ষবৰ্দ্ধনে আয়োজন কৰা কনৌজ আৰু প্ৰয়াগৰ ধৰ্মমেলাত ভাস্কৰ বৰ্মন মুখ্য অতিথি আছিল। প্ৰয়াগ মহামেলাত হৰ্ষবৰ্দ্ধনে ভাস্কৰ বৰ্মনক একেখন ৰথতে লৈ নগৰ পৰিভ্ৰমণ কৰিছিল। অৰ্থাৎ কামৰূপৰ লগত হৰ্ষবৰ্দ্ধনৰ মিত্ৰতাৰ সম্পৰ্ক আছিল। 

৫। হৰ্ষবৰ্দ্ধন দিনত হোৱা সাহিত্যৰ উন্নতি সম্পর্কে লিখা।

উত্তৰ:  হৰ্ষবৰ্দ্ধন এজন সাহিত্যনুৰাগী আৰু বিদ্যুৎসাহী সম্ৰাট আছিল। তেওঁ নিজে ‘নাগানন্দ’, ‘ৰত্নাৱলী’ আৰু ‘প্ৰিয়দৰ্শিকা’ নামৰ তিনিখন অমূল্য নাটক লিখিছিল। তেওঁৰ পৃষ্ঠপোষকতাত কেইবাজনো সাহিত্যিকে কেইবাখনো অমৰ সাহিত্য ৰচনা কৰি গৈছে। তেওঁৰ ৰাজকবি বাণভট্টই ‘হৰ্ষচৰিত’ আৰু ‘কাদম্বৰী’ নামে দুখন বহুমূলীয়া গ্ৰন্থ ৰচনা কৰিছিল। 

৬। হৰ্ষবৰ্দ্ধন শাসন ব্যৱস্থা সম্পর্কে এটা টোকা লিখা। 

উত্তৰ: হৰ্ষবৰ্দ্ধন এগৰাকী সুশাসক আছিল। শাসনৰ সুবিধাৰ্থে তেওঁ ৰাজ্যখনক কেইখনমান ভুক্তিত ভাগ কৰিছিল। ভুক্তিবোৰক কিছুমান প্ৰদেশত আৰু প্ৰদেশবোৰক বিষয় বা জিলাত ভাগ কৰা হৈছিল। শাসনৰ প্ৰাথমিক ভেটি আছিল গাঁওবোৰ। গাঁওবোৰত শাসন চলাইছিল গ্ৰামিকসকলে। ভুক্তিবিলাক শাসন কৰিছিল কুমাৰমাত্যসকলে। বিষয়বোৰৰ শাসকসকলক বিষয়পতি বা আয়ুক্ত বোলা হৈছিল। শাসনৰ কেন্দ্ৰত আছিল ৰজা। তেওঁক সহায় কৰিবলৈ মন্ত্ৰী পৰিষদ আছিল। ৰজাৰ আদেশেই আছিল আইন। অৱশ্যে ৰজাই স্বেচ্ছাচাৰী শাসন চলাব নোৱাৰিছিল। 

৭। হৰ্ষবৰ্দ্ধন ৰাজত্বকালৰ এটি চমু বিৱৰণ দি ইতিহাসত তেওঁৰ স্থান নির্ণয় কৰা।

উত্তৰ: উত্তৰ ভাৰতৰ শেষ হিন্দু সম্ৰাট হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকাল বিভিন্ন কাৰ্য আৰু ঘটনাৰে ভৰপূৰ। বাণভট্টৰ ‘হৰ্ষচৰিত’, হিউৱেন চাঙৰ টোকা আৰু বিভিন্ন তামৰ ফলিসমূহৰ পৰা তেওঁৰ ৰাজত্বকালৰ বিষয়ে জানিব পাৰি। 

হৰ্ষবৰ্দ্ধনে নিজৰ সাম্ৰাজ্য বিস্তাৰৰ বাবে প্ৰথমে উত্তৰ ভাৰতৰ আন আন ৰাজ্যবোৰ আক্ৰমণ কৰিছিল। ককায়েকৰ হত্যাকাৰী শশাঙ্কক এসেকা দিবৰ বাবে ভাস্কৰ বৰ্মনৰ মিত্ৰতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি দুই দিশৰ পৰা দুয়োজন ৰজাই শশাঙ্কৰ ৰাজ্য আক্ৰমণ কৰিছিল। পাছত দুয়োজনে শশাঙ্কৰ ৰাজ্য নিজৰ মাজত ভগাই লৈছিল। তাৰ পাছত হৰ্ষবৰ্দ্ধনে বল্লভী ৰাজ্যৰ ৰজা ধ্ৰুৱসেন আৰু কংগোদ ৰাজ্যৰ ৰজাক পৰাজিত কৰিছিল। হৰ্ষচৰিতত উল্লেখ আছে যে হৰ্ষবৰ্দ্ধনে ‘তুষাৰ শৈল্যʼ অভিযান চলাইছিল। তেওঁ নেপাল আৰু কাশ্মীৰো আক্ৰমণ কৰিছিল আৰু সিন্ধু দেশো নিজৰ অধীনলৈ আনিছিল। হৰ্ষবৰ্দ্ধনে দক্ষিণ ভাৰতো নিজৰ অধীনলৈ আনিবলৈ চেষ্টা কৰিছিল। কিন্তু চালুক্য বংশৰ ৰজা দ্বিতীয় পুলকেশীয়ে তেওঁক পৰাস্ত কৰাৰ পাছত তেওঁ সেই আশা বাদ দিছিল। হৰ্ষবৰ্দ্ধন‌ এজন সুশাসক আছিল। শাসনৰ সুবিধাৰ্থে তেওঁ ৰাজ্যখনক বিভিন্ন ভাগ-উপভাগত বিভক্ত কৰি লৈছিল। তেওঁৰ দিনত প্ৰজাই উৎপাদনৰ ছয় ভাগৰ এক অংশ কৰ দিব লাগিছিল। তেওঁৰ বিচাৰ ব্যৱস্থা বৰ কঠোৰ আছিল। হৰ্ষবৰ্দ্ধন সাহিত্যানুৰাগী আৰু বিদ্যোৎসাহী ৰজা আছিল। তেওঁ সকলো ধৰ্মৰ প্ৰতি উদাৰ আছিল।

নিজৰ ব্যক্তিত্ব আৰু গুণৰাশিৰে তেওঁ সহজতেই সকলোকে আকৃষ্ট কৰিছিল। ভাৰত বুৰঞ্জীত হৰ্ষবৰ্দ্ধন এজন প্ৰতিভাশালী আৰু প্ৰতাপী সম্ৰাটৰূপে চিৰদিন জিলিকি থাকিব। 

৮। হৰ্ষবৰ্দ্ধন চৰিত্ৰ আৰু সাফল্যৰ মূল্যায়ন কৰা।

উত্তৰ: হৰ্ষবৰ্দ্ধন এজন শক্তিশালী ৰজা আছিল। তেওঁ সাম্ৰাজ্য বিস্তাৰৰ বাবে উত্তৰ ভাৰতৰ আন আন ৰাজ্যবোৰ আক্ৰমণ কৰিছিল। আত্মীয় স্বজনৰ প্ৰতি হৰ্ষবৰ্দ্ধনৰ ..... আছিল। ককায়েকৰ হত্যাকাৰী শশাঙ্কক এসেকা দিবৰ বাবে ভাস্কৰ বৰ্মনে শশাঙ্কৰ ৰাজ্য আক্ৰমণ কৰাৰ পৰা এই কথা প্ৰতিপন্ন হয়। হৰ্ষবৰ্দ্ধন এজন সাহিত্যানুৰাগী আৰু বিদ্যুৎসাহী সম্ৰাট আছিল। তেওঁ এজন সুশাসক আছিল। তেওঁ সকলো ধৰ্মৰ প্ৰতি উদাৰ আছিল। 

হৰ্ষবৰ্দ্ধনৰ ব্যক্তিত্ব আছিল আকৰ্ষণীয়। বিভিন্ন দেশৰ ৰজাসকল তেওঁৰ অনুৰাগী আৰু ব্যক্তিগত বন্ধু আছিল। তেওঁ ভাৰতৰ এজন সফল সম্ৰাটৰূপে চিৰদিন জিলিকি থাকিব।


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

১। প্ৰাচীন থানেশ্বৰ ৰাজ্য বৰ্তমান ভাৰতৰ কোনখন ৰাজ্যৰ অন্তৰ্গত?

উত্তৰ: প্ৰাচীন থানেশ্বৰ ৰাজ্য বৰ্তমান ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ অন্তৰ্গত।

২। পুষ্যভূতি বংশৰ শাসন কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ: প্ৰভাকৰবৰ্দ্ধনে পুষ্যভূতি বংশৰ শাসন প্ৰতিষ্ঠা কৰিছিল।

৩। প্ৰভাকৰবৰ্দ্ধনৰ জেষ্ঠ পুত্ৰৰ নাম কি?

উত্তৰ: প্ৰভাকৰবৰ্দ্ধনৰ জেষ্ঠ পুত্ৰৰ নাম— ৰাজ্যবৰ্দ্ধন। 

৪। দেৱগুপ্ত ক’ৰ ৰজা আছিল?

উত্তৰ: দেৱগুপ্ত মালৱাৰৰ ৰজা আছিল।

৫। শশাঙ্ক ক’ৰ ৰজা আছিল?

উত্তৰ: শশাঙ্ক গৌড়ৰ ৰজা আছিল।

৬। গ্ৰহবৰ্মন কোন বংশৰ ৰজা আছিল?

উত্তৰ: গ্ৰহবৰ্মন মৌখাৰী বংশৰ ৰজা আছিল।

৭। গ্ৰহবৰ্মনে কাক বিয়া কৰাইছিল?

উত্তৰ: গ্ৰহবৰ্মনে থানেশ্বৰৰ ৰজা প্ৰভাকৰবৰ্দ্ধনৰ জীয়েক ৰাজ্যশ্ৰীক বিয়া কৰাইছিল।

৮। প্ৰভাকৰবৰ্দ্ধনৰ মৃত্যুৰ পৈছত থানেশ্বৰৰ ৰজা কোন হৈছিল?

উত্তৰ: প্ৰভাকৰবৰ্দ্ধনৰ মৃত্যুৰ পৈছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰাজ্যবৰ্দ্ধন থানেশ্বৰৰ ৰজা  হৈছিল।

৯। কনৌজৰ ৰজা গ্ৰহবৰ্মনক কোনে হত্যা কৰিছিল?

উত্তৰ: কনৌজৰ ৰজা গ্ৰহবৰ্মনক মালৱাৰৰ ৰজা দেৱগুপ্তই গৌড় ৰজা শশাঙ্কৰ সহায়ত হত্যা কৰিছিল।

১০। ৰাজ্যবৰ্দ্ধনৰ মৃত্যুৰ পাছত থানেশ্বৰৰ ৰজা কোন হৈছিল?

উত্তৰ: ৰাজ্যবৰ্দ্ধনৰ মৃত্যুৰ পাছত হৰ্ষবৰ্দ্ধন থানেশ্বৰৰ ৰজা হৈছিল।

১১। হৰ্ষবৰ্দ্ধনে কিমান বছৰ বয়সত সিংহাসনত আৰোহণ কৰিছিল?

উত্তৰ: হৰ্ষবৰ্দ্ধনে ১৬ বছৰ বয়সত সিংহাসনত আৰোহণ কৰিছিল।

১২। হৰ্ষবৰ্দ্ধনে কিমান খ্ৰীষ্টাব্দত সিংহাসনত আৰোহণ কৰিছিল?

উত্তৰ: হৰ্ষবৰ্দ্ধনে ৬০৬ খ্ৰীষ্টাব্দত সিংহাসনত আৰোহণ কৰিছিল। 

১৩। সিংহাসনত আৰোহণ কৰি হৰ্ষবৰ্দ্ধনে কি উপাধি লৈছিল?

উত্তৰ: সিংহাসনত আৰোহণ কৰি হৰ্ষবৰ্দ্ধনে ‘ৰাজপুত শিলাদিত্য’ উপাধি লৈছিল।

১৪। হৰ্ষবৰ্দ্ধনে ক’ত ৰাজধানী পাতিছিল?

উত্তৰ: হৰ্ষবৰ্দ্ধনে কনৌজত ৰাজধানী পাতিছিল।

১৫। উত্তৰ ভাৰতৰ শেষ হিন্দু সম্ৰাট কোন আছিল?

উত্তৰ: উত্তৰ ভাৰতৰ শেষ হিন্দু সম্ৰাট আছিল হৰ্ষবৰ্দ্ধন।

১৬। ‘হৰ্ষচৰিত’ কোনে ৰচনা কৰিছিল?

উত্তৰ: ‘হৰ্ষচৰিত’ বাণভট্টই ৰচনা কৰিছিল।

১৭। হৰ্ষবৰ্দ্ধনৰ সমসাময়িক কামৰূপৰ ৰজা কোন আছিল?

উত্তৰ: হৰ্ষবৰ্দ্ধনৰ সমসাময়িক কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন।

১৮। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা স্থাপন কৰিবলৈ পঠোৱা কটকীজনৰ নাম কি?

উত্তৰ: ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা স্থাপন কৰিবলৈ পঠোৱা কটকীজনৰ নাম হংসবেগ।

১৯। হংসবেগে লৈ যোৱা উপহাৰবোৰৰ ভিতৰত কিহে হৰ্ষবৰ্দ্ধনৰ ৰাজসভাৰ পণ্ডিতসকলক মুগ্ধ কৰিছিল?

উত্তৰ: হংসবেগে লৈ যোৱা উপহাৰবোৰৰ ভিতৰত কাঁহ-পিতলৰ বাচন-বৰ্তন আৰু পাটকাপোৰে হৰ্ষবৰ্দ্ধনৰ ৰাজসভাৰ পণ্ডিতসকলক মুগ্ধ কৰিছিল।

২০। গৌড়ৰ ৰজা শশাঙ্কই ভাস্কৰ বৰ্মনৰ ৰাজ্যৰ কোনটো অঞ্চল কাঢ়ি লৈছিল?

উত্তৰ: গৌড়ৰ ৰজা শশাঙ্কই ভাস্কৰ বৰ্মনৰ ৰাজ্যৰ পুণ্ড্ৰবৰ্দ্ধন নামৰ অঞ্চলটো কাঢ়ি লৈছিল। 

২১। ধ্ৰুৱসেন ক’ৰ ৰজা আছিল?

উত্তৰ: ধ্ৰুৱসেন বল্লভী ৰাজ্যৰ ৰজা আছিল।

২২। তুষাৰ শৈল্য অভিযান কোনে চলাইছিল?

উত্তৰ: তুষাৰ শৈল্য অভিযান হৰ্ষবৰ্দ্ধনে চলাইছিল।

২৩। দ্বিতীয় পুলকেশী কোন বংশৰ ৰজা আছিল?

উত্তৰ: দ্বিতীয় পুলকেশী চালুক্য বংশৰ ৰজা আছিল।

২৪। হৰ্ষবৰ্দ্ধনৰ ৰাজ্যৰ সীমা ক’ৰ পৰা ক’লৈ আছিল?

উত্তৰ: হৰ্ষবৰ্দ্ধনৰ ৰাজ্যৰ সীমা— উত্তৰে জলন্ধৰ, পূবে পাটলিপুত্ৰ, দক্ষিণে নৰ্মদা নদী আৰু পশ্চিমে সৌৰাষ্ট্ৰলৈ বিয়পি আছিল।

২৫। হৰ্ষবৰ্দ্ধনৰ দিনত গাঁওবোৰৰ শাসন কোনে পৰিচালনা কৰিছিল?

উত্তৰ: হৰ্ষবৰ্দ্ধনৰ দিনত গাঁওবোৰৰ শাসন গ্ৰামিকসকলে পৰিচালনা কৰিছিল।

সম্রাট হর্ষবর্ধন class 6, অসম জাতীয় বিদ্যালয়/ সমাজ বি‍জ্ঞান/ ষষ্ঠ শ্ৰেণী/ AJB Social Science/ Lesson 5/ Samrat Harsh Vardhan/ harshbardhan/ Question Answer/ Assam Jatiya Bidyalay/

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ