আমাৰ ৰাষ্ট্ৰীয় সংহতি— অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী

বিষয়: সমাজ বিজ্ঞান 
পাঠ নং : ৯

অনুশীলনী প্ৰশ্নোত্তৰ


১। এটা বাক্যত উত্তৰ লিখা।

(ক) আমাৰ ভাৰতীয় সংস্কৃতিৰ প্রধান বৈশিষ্ট্যটো কি?

উত্তৰ: আমাৰ ভাৰতীয় সংস্কৃতিৰ প্রধান বৈশিষ্ট্যটো হৈছে— বিভিন্নতাৰ মাজত ঐক্য।

(খ) ভাৰতবৰ্ষত কিমানটা ভাষাক সাংবিধানিক স্বীকৃতি প্রদান কৰা হৈছে?

উত্তৰ: ভাৰতবৰ্ষত ২২টা ভাষাক সাংবিধানিক স্বীকৃতি প্রদান কৰা হৈছে।

(গ) ভাৰতৰ ৰাষ্ট্রীয় ভাষা কি?

উত্তৰ: ভাৰতৰ ৰাষ্ট্রীয় ভাষা হিন্দী।

(ঘ) দক্ষিণ ভাৰতত কিহৰ তেল বেছিকৈ ব্যৱহাৰ কৰা হয়? 

উত্তৰ: দক্ষিণ ভাৰতত নাৰিকলৰ তেল বেছিকৈ ব্যৱহাৰ কৰা হয়।

(ঙ) ভাৰতবৰ্ষৰ কোন ৰাজ্যত মৰুভূমি আছে?

উত্তৰ: ভাৰতবৰ্ষৰ ৰাজস্থান ৰাজ্যত মৰুভূমি আছে।

(চ) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত থকা গেৰুৱা ৰঙটোৱে কি অর্থ প্রকাশ কৰে?

উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত থকা গেৰুৱা ৰঙটোৱে সাহস আৰু ত্যাগৰ অৰ্থ প্ৰকাশ কৰে।

(ছ) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ দীঘ-প্রস্থৰ অনুপাত কিমান?

উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ দীঘ-প্রস্থৰ অনুপাত ১.৫ : ১৷ অৰ্থাৎ পতাকাখনৰ দীঘ প্রস্থৰ ডেৰগুণ।

(জ) ভাৰতৰ ৰাষ্ট্রীয় সংগীতটো কিমান সময়ত গাই শেষ কৰিব লাগে?

উত্তৰ:  ভাৰতৰ ৰাষ্ট্রীয় সংগীতটো ৫২ ছেকেণ্ডত গাই শেষ কৰিব লাগে।

(ঝ) ভাৰতৰ ৰাষ্ট্রীয় প্রতীকৰ তলত লিপিবদ্ধ কথাষাৰ লিখা।

উত্তৰ: ভাৰতৰ ৰাষ্ট্রীয় প্রতীকৰ তলত লিপিবদ্ধ কথাষাৰ হৈছে— ‘‘সত্যমেৱ জয়তে’’।

(ঞ) অসমৰ পৰা আন ৰাজ্যসমূহলৈ ৰপ্তানি হোৱা এবিধ সামগ্ৰীৰ নাম লিখা।

উত্তৰ: অসমৰ পৰা আন ৰাজ্যসমূহলৈ ৰপ্তানি হোৱা এবিধ সামগ্ৰীৰ নাম হৈছে— চাহপাত।

২। তলত দিয়া প্রশ্নসমূহৰ যথাযথ উত্তৰ লিখা। (দুই বা তিনিশাৰী বাক্যত)

(ক) ৰাষ্ট্ৰীয় সংহতি মানে কি বুজা?

উত্তৰ: কোনো এখন ৰাষ্ট্ৰৰ সকলো লোক জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদিৰ পাৰ্থক্য পাৰিহাৰ কৰি একাত্মবোধেৰে বান্ধ খাই থকাকে ৰাষ্ট্ৰীয় সংহতি বোলে। অৰ্থাৎ দেশৰ জনগণে ইজনে আনজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি দেশৰ অখণ্ডতা বজাই ৰখাই ৰাষ্ট্ৰীয় সংহতি।

(খ) ভাৰতবৰ্ষক কিয় বিভিন্ন ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়?

উত্তৰ: পৃথিৱীৰ প্ৰায় সকলো ধৰ্মৰ লোকে ভাৰতত বাস কৰে। ভাৰতবৰ্ষৰ কোনো নিৰ্দিষ্ট ৰাষ্ট্ৰীয় ধৰ্ম নাই। ভাৰতবৰ্ষৰ সকলো ধৰ্মাৱলম্বী লোকে নিজ নিজ ধৰ্ম পালন কৰিব পাৰে। সেয়েহে ভাৰতবৰ্ষক বিভিন্ন ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়।

(গ) একক নাগৰিকত্ব মানে কি?

উত্তৰ: এখন দেশত বসবাস কৰা লোকসকলে যেতিয়া কেৱল দেশখনৰ নাগৰিকত্ব লাভ কৰিব, তাকে একক নাগৰিকত্ব বোলা হয়।

(ঘ) পাৰস্পৰিক নিৰ্ভৰশীলতাই কি বুজায়? উদাহৰণসহ লিখা।

উত্তৰ: খাদ্যশস্য, ফল-মূল, খনিজাত সামগ্ৰী আদিৰ ক্ষেত্ৰত এখন ৰাজ্য আন এখন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল। এইদৰে বিভিন্ন বস্তুৰ বাবে এখন ৰাজ্য আন এখন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হোৱাকে পাৰস্পৰিক নিৰ্ভৰশীলতা বোলে।

৩। চমু টোকা লিখা। (৩০ৰ পৰা ৪০টা শব্দৰ ভিতৰত)

(ক) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা।

উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনত তিনিটা ৰং লোৱা হৈছে— সেউজীয়া, বগা আৰু গেৰুৱা। প্ৰতিটো ৰঙৰ অর্থ তাৎপর্যপূর্ণ। একেবাৰে ওপৰৰ গেৰুৱা ৰং সাহস আৰু ত্যাগৰ প্রতীক। মাজত থকা বগা ৰঙে সত্য, শান্তি আৰু পৱিত্ৰতাক বুজায়। একেবাৰে তলৰ সেউজীয়া ৰঙে শস্যশ্যামলা সেউজীয়া ভাৰতবৰ্ষক সূচাইছে। বগা ৰঙৰ সোঁমাজত ২৪ ডাল দণ্ডযুক্ত এটা চক্র আছে। এই চক্ৰটো সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। চক্ৰটোক ন্যায়ৰ প্ৰতীকৰূপে লোৱা হৈছে। পতাকাখনৰ দীঘ প্রস্থৰ ডেৰগুণ হ’ব লাগে। ৰাষ্ট্ৰীয় পতাকাখনে আমাৰ ৰাষ্ট্ৰীয় সংহতি গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাইছে।

(খ) ভাৰতৰ ৰাষ্ট্রীয় সংগীত।

উত্তৰ: সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা গীতক ৰাষ্ট্রীয় সংগীতৰূপে স্বীকৃতি দিয়া হৈছে। সেয়া হৈছে কবিগুৰু ৰবীন্দ্ৰনাথে ৰচনা কৰা ‘জনগণ মন অধিনায়ক জয় হে’ গীতটি। এই গীতটি ১৯৫০ চনৰ ২৪ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় সংগীতৰূপে গ্রহণ কৰা হৈছিল। ৰাষ্ট্রীয় সংগীত শুনা মাত্রকে থিয় হৈ সন্মান জনোৱাটো আমাৰ সকলোৰে কর্তব্য। আমাৰ ৰাষ্ট্রীয় সংগীতটো প্রায় ৫২ ছেকেণ্ডত গাই শেষ কৰিব লাগে। ৰাষ্ট্রীয় সংগীতে দেশবাসীৰ মাজত ঐক্য-সংহতি গঢ়ি তুলিছে।

(গ) ভাৰতৰ ৰাষ্ট্রীয় প্রতীক।

উত্তৰ: সাৰনাথত থকা অশোক স্তম্ভটোক সমগ্ৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় প্রতীকটোত এখন ঘূৰণীয়া পীৰাৰ ওপৰত চাৰিটা সিংহৰ প্রতিমূর্তি আছে। সমুখৰ ফালৰ পৰা চালে তিনিটা সিংহৰ প্রতিমূর্তিহে দেখা পোৱা যায়। পীৰাৰ সন্মুখৰ ফালে মাজভাগত এটা ধর্মচক্র আছে। এই চক্ৰটোৰ সোঁফালে ষাঁড় গৰু আৰু বাঁওফালে এটা ঘোঁৰা আছে। প্ৰতীকটোৰ তলত দেৱনাগৰী লিপিত ‘‘সত্যমেব জয়তে’’, অর্থাৎ ‘‘সত্যৰ সদায় জয়’’ কথাষাৰ লিখা আছে। এই ৰাষ্ট্ৰীয় প্রতীকক সমগ্র দেশবাসীয়ে সন্মান জনায়। ৰাষ্ট্রীয় প্রতীক আমাৰ ৰাষ্ট্ৰীয় সংহতিৰ প্ৰতীকৰূপে পৰিগণিত হৈছে।

(ঘ) ভাৰতৰ মুদ্রা ব্যৱস্থা।

উত্তৰ: আমাৰ সমগ্ৰ দেশখনৰ বাবে একে মুদ্রা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অর্থাৎ অসমত যিবোৰ মুদ্রা (কাগজী নোট, ধাতুৰ খুচুৰা পইচা আদি) প্রচলিত, ভাৰতৰ আন আন ঠাইতো সেই একে মুদ্রা প্রচলিত। কিন্তু ভাৰতৰ বাহিৰত আমি আমাৰ দেশৰ মুদ্ৰাৰে বস্তু কিনা-বেচা কৰিব নোৱাৰোঁ। ভাৰতৰ বাহিৰত সোণ, ৰূপৰ মুদ্ৰা নাইবা আন্তঃৰাষ্ট্ৰীয় মুদ্রা ডলাৰ ব্যৱহাৰ কৰিব লাগিব। একে মুদ্রা ব্যৱস্থা আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংহতিৰ প্রতীক।

৪। ৰাষ্ট্ৰীয় সংহতি গঢ়ি তোলাৰ ক্ষেত্ৰত সহায়ক হ’ব পৰা যি কোনো পাঁচোটা মাধ্যমৰ বিষয়ে লিখা। (৫০টাৰ পৰা ৭৫টা শব্দৰ ভিতৰত)

উত্তৰ: ৰাষ্ট্ৰীয় সংহতি গঢ়ি তোলাৰ ক্ষেত্ৰত সহায়ক হ’ব পৰা যিকোনো পাঁচোটা মাধ্যম হৈছে—

(ক) প্ৰাদেশিক ভাষাৰ জ্ঞান আহৰণ : দেশখনৰ বিভিন্ন ৰাজ্যৰ ভাষাৰ জ্ঞান আহৰণ কৰি আমি আমাৰ ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰিব পাৰোঁ। দেশৰ বিভিন্ন ভাষা জানিলে দেশবাসীৰ লগত ভাবৰ আদান-প্ৰদান হয়। ফলত আমাৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠিব পাৰে। ইয়ে ৰাষ্ট্ৰীয় সংহতি গঢ়ি তোলাত সহায় কৰে।

(খ) ভ্ৰমণ: দেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি আমি দেশখনৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ উপৰি বিভিন্নজনৰ লগত বন্ধুত্ব স্থাপন কৰিব পাৰোঁ। এইদৰে আমাৰ মাজত একতাৰ ভাব বৃদ্ধি হৈ আমাৰ ৰাষ্ট্ৰীয় সংহতি কটকটীয়া কৰাত সহায়ক হয়।

(গ) ৰাষ্ট্ৰীয় অনুষ্ঠান : ৰাষ্ট্ৰীয় ক্ৰীড়া, ৰাষ্ট্ৰীয় সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰিও আমি আমাৰ ৰাজ্যবোৰৰ মাজত ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰিব পাৰোঁ।

(ঘ) পাৰস্পৰিক নিৰ্ভৰশীলতা : বিভিন্ন সা-সামগ্ৰীৰ বাবে এখন ৰাজ্য আন এখন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল। এই পাৰস্পৰিক নিৰ্ভৰশীলতাও আমাৰ ৰাষ্ট্ৰীয় সংহতি শক্তিশালী হোৱাত যথেষ্ট পৰিমাণে সহায়ক হয়।

(ঙ) ৰাষ্ট্ৰীয় দিৱস :  আমাৰ দেশৰ স্বাধীনতা দিৱস, গণৰাজ্য দিৱস আৰু গান্ধী জয়ন্তীক ৰাষ্ট্ৰীয় দিৱস হিচাপে গণ্য কৰা হয়। এই ৰাষ্ট্ৰীয় দিৱসসমূহে আমাৰ ৰাষ্ট্ৰীয় সংহতি শক্তিশালী হোৱাত যথেষ্ট অৰিহণা যোগাইছে।

৫। ৰাষ্ট্ৰীয় সংহতিত ব্যাঘাত জন্মাব পৰা যি কোনো পাঁচোটা দিশৰ বিষয়ে আলোচনা কৰা। (৫০টাৰ পৰা ৭৫টা শব্দৰ ভিতৰত)

উত্তৰ: ৰাষ্ট্ৰীয় সংহতিত ব্যাঘাত জন্মাব পৰা যি কোনো পাঁচটা দিশ হৈছে—

(ক) ব্যক্তি স্বাৰ্থপৰতা : ব্যক্তিগত স্বাৰ্থপৰতা ৰাষ্ট্ৰীয় সংহতিৰ প্ৰধান অন্তৰায়। ব্যক্তিগত স্বাৰ্থ ৰক্ষা কৰিবলৈ গৈ মানুহে বহুতো নকৰিবলগীয়া কাম কৰি পেলায় আৰু এইদৰে দেশৰ ৰাষ্ট্ৰীয় সংহতিত ব্যাঘাত জন্মায়।

(খ) হিংসা-বিদ্বেষ ভাব : আমাৰ মাজত থকা হিংসা-বিদ্বেষ ভাবেও ৰাষ্ট্ৰীয় সংহতিত ব্যাঘাত জন্মায়। পাৰস্পৰিক হিংসা, বিদ্বেষ আদিয়ে আমাৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠাৰ ক্ষেত্ৰত প্ৰধান অন্তৰায়ৰ সৃষ্টি কৰে।

(গ) উদাসীনতা : নাগৰিকৰ মাজত থকা উদাসীনতা ভাবধাৰাই ৰাষ্ট্ৰীয় সংহতি গঢ়ি উঠাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। কিয়নো উদাসীন নাগৰিকে দেশৰ কোনো কাৰ্যতে অংশগ্ৰহণ নকৰে অথবা কোনো ধৰণৰ অৰিহণা নোযোগায়।

(ঘ) সাম্প্ৰদায়িকতা : ৰাষ্ট্ৰীয় সংহতি গঢ়ি উঠাৰ ক্ষেত্ৰত এক প্ৰধান অন্তৰায় হৈছে সাম্প্ৰদায়িকতা। সাম্প্ৰদায়িকতাৰ অৰ্থ হৈছে ধৰ্মীয় গোড়ামী তথা আন ধৰ্মৰ প্ৰতি বিদ্বেষ ভাব। সাম্প্ৰদায়িকতাই দেশৰ ঐকতাত বাধাৰ সৃষ্টি কৰে।

(ঙ) উচ্চ-নীচ ভাব : কিছুমান ধনৱন্ত লোকে নিজক উচ্চ আৰু দৰিদ্ৰ লোকসকলক নীচ জ্ঞান কৰে। এই ভেদাভেদেও দেশৰ ৰাষ্ট্ৰীয় সংহতিত ব্যাঘাত জন্মায়।

৬। ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ বাবে ভাৰতবৰ্ষৰ সংবিধানত থকা ব্যৱস্থাসমূহ আলোচনা কৰা। (৭০ৰ পৰা ১০০টা শব্দৰ ভিতৰত)

উত্তৰ: ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ বাবে ভাৰতবৰ্ষৰ সংবিধানত থকা ব্যৱস্থাসমূহ হৈছে—

(ক) একক সংবিধান : ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ বাবে এখনেই সংবিধানৰ ব্যৱস্থা কৰা হৈছে, সেয়া হৈছে ভাৰতীয় সংবিধান। সংবিধানখন ভাৰতৰ সকলো নাগৰিকে মানি চলাটো বাধ্যতামূলক। একক সংবিধান ব্যৱস্থাই আমাৰ ৰাষ্ট্ৰীয় সংহতি গঢ়ি তোলাত বহু অৰিহণা যোগাইছে।

(খ) ৰাষ্ট্ৰীয় পতাকা : ভাৰতবৰ্ষৰ এখন ৰাষ্ট্ৰীয় পতাকা আছে। পতাকাখনক ভাৰতত বাস কৰা সকলো নাগৰিকে সন্মান প্ৰদৰ্শন কৰে।

(গ) ৰাষ্ট্ৰীয় সংগীত : সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা গীতক ৰাষ্ট্ৰীয় সংগীত হিচাপে গণ্য কৰা হৈছে। ৰাষ্ট্ৰীয় সংগীতে দেশবাসীক মাজত ঐক্য সংহতি গঢ়ি তুলিছে।

(ঘ) ৰাষ্ট্ৰীয় প্ৰতীক : সাৰনাথত থকা অশোক স্তম্ভটোক সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় প্ৰতীকটোক সকলোৱে সন্মান জনায়। এই প্ৰতীকটোৱে আমাৰ ৰাষ্ট্ৰীয় সংহতিৰো প্ৰতীকৰূপে পৰিগণিত হৈছে।

(ঙ) ৰাষ্ট্ৰীয় দিৱস : আমাৰ দেশৰ স্বাধীনতা দিৱস, গণৰাজ্য দিৱস আৰু গান্ধী জয়ন্তীক ৰাষ্ট্ৰীয় দিৱস হিচাপে গণ্য কৰা হয়। এই ৰাষ্ট্ৰীয় দিৱসসমূহে আমাৰ ৰাষ্ট্ৰীয় সংহতি শক্তিশালী হোৱাত যথেষ্ট অৰিহণা যোগাইছে।

(চ) একক নাগৰিকত্ব : আমাৰ দেশৰ সকলো নাগৰিকৰ বাবে এটা নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে। সেয়া হৈছে ভাৰতীয় নাগৰিকত্ব।

(ছ) একে মুদ্ৰা ব্যৱস্থা : আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ বাবে একে মুদ্ৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৰ্থাৎ ভাৰতৰ সকলো ৰাজ্যতে একে মুদ্ৰা প্ৰচলিত। 

(জ) একে ন্যায় ব্যৱস্থা আৰু সম অধিকাৰৰ ব্যৱস্থা : আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ বাবে একে ন্যায় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৰ্থাৎ শাস্তিৰ বিধান সমগ্ৰ দেশখনৰ বাবে একে। তদুপৰি সকলো নাগৰিকৰ বাবে সম অধিকাৰৰ ব্যৱস্থা কৰা হৈছে। 

    ভাৰতবৰ্ষৰ সংবিধানত অন্তৰ্ভুক্ত এই সকলোবোৰ ব্যৱস্থাই ৰাষ্ট্ৰীয় সংহতি কটকটীয়া কৰাত যথেষ্ট পৰিমাণে সহায়ক হয়।

আমাৰ ৰাষ্ট্ৰীয় সংহতি class 6/VI/ অসম জাতীয় বিদ্যালয়/ সমাজ বি‍জ্ঞান/ ষষ্ঠ শ্ৰেণী/ AJB Social Science/ Lesson 5/ Amar Jatiya Samhati/ Sanghati/ Question Answer/ Assam Jatiya Bidyalay/

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ