আমাৰ কাপোৰ— অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী

বিষয় : বিজ্ঞান
পাঠ : ৬


1. শুদ্ধ উত্তৰটো কি হ’ব লিখা—

  i) ফলৰ পৰা পোৱা আঁহবিধ হ’ল—

   a ) মৰাপাট

   b ) লিনেন

   c ) কপাহ

   d ) মুগা

উত্তৰ: কপাহ।

 ii) কোনটো থূপৰ আটাইকেইবিধ আঁহ উদ্ভিদৰ পৰা পোৱা- 

   a) মৰাপাট, কপাহ, পাট

   b) মৰাপাট, কপাহ, মুগা

   c) কপাহ, নাইলন, এৰী

   d) কপাহ, নাৰিকলৰ আঁহ, লিনেন।

উত্তৰ: কপাহ, নাৰিকলৰ আঁহ, লিনেন।

 iii) কপাহৰ পৰা গুটি গুচোৱা সঁজুলিবিধ হ’ল— 

   a) নেওঠনী

   b) যঁতৰ

   c) টাকুৰি

   d) চেৰেকি

উত্তৰ: নেওঠনী।

2. আমাক কাপোৰ কিয় লাগে চমুকৈ লিখা। 

উত্তৰ: কাপোৰে আমাক জাৰ, মহ-ডাহ, পোক-পৰুৱা আদিৰ পৰা ৰক্ষা কৰে। ই আমাৰ লজ্জা নিৱাৰণো কৰে। সেয়ে আমাক কাপোৰ লাগে।

3. উদ্ভিদৰ পৰা পোৱা চাৰিবিধ আঁহৰ নাম লিখা। 

উত্তৰ:

  (১) কপাহ

  (২) নাৰিকলৰ আঁহ

  (৩) লিনেন আৰু

  (৪) মৰাপাট।

4. কপাহৰ খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্রয়োজন? কোন সময়ত ইয়াৰ গুটি সিঁচা হয়? 

উত্তৰ: কপাহৰ খেতিৰ বাবে গৰম আৰু সেমেকা জলবায়ুৰ প্ৰয়োজন। বাৰিষাৰ ঠিক আগতে কপাহৰ গুটি সিঁচা হয়।

5. মৰাপাটৰ আঁহ কেনেকৈ প্ৰস্তুত কৰা হয় লিখা।

উত্তৰ: মৰাপাটৰ আঁহ মৰাপাটৰ কাণ্ড বা মৰাপাটৰ গা-গছৰ পৰা প্ৰস্তুত কৰা হয়। উপযুক্ত সময়ত গছবোৰ কাটি মুঠি মুঠিকৈ বান্ধি ঠিয়কৈ ৰখা হয়।

এনেদৰে চাৰিদিনমান ৰাখিলে পাতবোৰ সৰে। গছবোৰ পচনো আৰম্ভ হয়। তাৰ পিছত মুঠিবোৰ একেলগে পুখুৰীৰ পানীত বুৰাই ৰখা হয়। এমাহ মান পিছত আঁহবোৰ এৰুওৱা হয়। আঁহবোৰ ভালদৰে ধুই ৰʼদত শুকুওৱা হয়। এনেদৰে মৰাপাটৰ আঁহ প্ৰস্তুত কৰা হয়।

6. নাৰিকলৰ কোন অংশৰ পৰা আঁহ উলিওৱা হয়? নাৰিকলৰ আঁহৰ ব্যৱহাৰ সম্বন্ধে চমুকৈ লিখা।

উত্তৰ: নাৰিকলৰ শুকান বাকলিৰ পৰা আঁহ উলিওৱা হয়। নাৰিকলৰ আঁহৰ ব্যৱহাৰ বহুত। ইয়াৰ মুগা আঁহেৰে জৰী, ছোফা, দলিচা, তুলি আদি প্ৰস্তুত কৰা হয়। বগা আঁহেৰে প্ৰধানকৈ ৰছী প্ৰস্তুত কৰে।

7. প্রাণীৰ পৰা পোৱা, উদ্ভিদৰ পৰা পােৱা আৰু সাংশ্লেষিক আঁহ চিনাক্ত কৰা—

কপাহ, এৰী, লিনেন, নাইলন, মৰাপাটৰ আঁহ, পলিএষ্টাৰ, মুগা, ঊণ।

উত্তৰ:

প্ৰাণীৰ পৰা পোৱা

উদ্ভিদৰ পৰা পোৱা

সাংশ্লেষিক

এড়ি

ঊণ

কপাহ

লিনেন

মৰাপাট

নাইলন

পলিয়েষ্টাৰ

8. শুদ্ধ উক্তিটো চিনাক্ত কৰা— 

a) গৰমত কপাহী কাপোৰ উপযোগী। 

উত্তৰ: শুদ্ধ।

b) যঁতৰেৰে কাপোৰ বোৱা হয়। 

উত্তৰ: অশুদ্ধ।

c) মৰাপাটৰ ফলৰ পৰা আঁহ উলিওৱা হয়। 

উত্তৰ: অশুদ্ধ।

d) নাৰিকলৰ গা-গছৰ পৰা আঁহ উলিওৱা হয়। 

উত্তৰ: অশুদ্ধ।

e) ধুতি আৰু শাৰী হ’ল আচলতে কাপোৰৰ টুকুৰা। 

উত্তৰ: অশুদ্ধ।

f) 'পূজাৰী ৰজা'ৰ মূর্তি মহেঞ্জোদাৰোত পোৱা গৈছে । 

উত্তৰ: শুদ্ধ।

g) প্ৰাচীন চীন দেশত পলুৰ পৰা পাট সূতা আহৰণ কৰিছিল।

উত্তৰ: শুদ্ধ।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ