বিষয় : অসমীয়া
পাঠ: তেৰ
ক্ৰিয়াকলাপ
অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ:
ধাম = পৱিত্ৰ ঠাই
ৰজ = ধূলি
পূত = পৱিত্ৰ
থান = বৈষ্ণৱসকলৰ গুৰুঘৰ; পূজা কৰা ঠাই৷
ইথানৰ = ইয়াৰ; এই ঠাইৰ
নিজান = নিৰ্জন
চউপাশে = চৌপাশে ( 'চউপাশ' কবিতাতহে ব্যৱহাৰ হয়)
[১] কবিতাটো মুখস্থ কৰাঁ।
[২] তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা:
ক) কবিয়ে ‘বৰপেটা’ক অসমৰ কি বুলি কৈছে?
উত্তৰ: কবিয়ে ‘বৰপেটা’ক অসমৰ কাশীপুৰী, দ্বাৰকা আৰু মথুৰাপুৰী বুলি কৈছে।
খ) কি শুনি বাটৰুৱাক কবিয়ে পৰাণ জুৰাই যাবলৈ কৈছে?
উত্তৰ: হৰিগুণ-নাম শুনি বাটৰুৱাক কবিয়ে পৰাণ জুৰাই যাবলৈ কৈছে।
গ) কাৰ পদধূলিৰে বৰপেটা পুণ্য স্থানলৈ পৰিৱৰ্তিত হৈছে?
উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ পদধূলিৰে বৰপেটা পুণ্য স্থানলৈ পৰিৱৰ্তিত হৈছে।
ঘ) বৰপেটা ধামত ক’ত ক’ত হৰিনাম শুনা যায়?
উত্তৰ: বৰপেটা ধামত আকাশত, বতাহত, শিশুৰ মুখত, নাৱত আৰু ব’ঠাৰ কোবত হৰিনাম শুনা যায়।
ঙ) কি শুনি শোক-তাপ দূৰতে পলায়?
উত্তৰ: হৰিৰ মহিমা শুনি শোক-তাপ দূৰতে পলায়।
চ) কি কি উৎসৱত হৰিনাম গায়?
উত্তৰ: বিবাহ, জন্মদিন, বিহু আদি উৎসৱত হৰিনাম গায়।
ছ) হৰিৰ মহিমা গাই নাৱৰীয়াই ক’ত নাও বায়?
উত্তৰ: হৰিৰ মহিমা গাই নাৱৰীয়াই বৰনৈৰ বিমল বুকুত নাও বায়।
জ) তিথি উৎসৱত ডেকাহঁতে কি কৰে?
উত্তৰ: তিথি উৎসৱত ডেকাহঁতে নাওখেল খেলে।
ঝ) বৰপেটা ধামত মানৱৰ কেনেদৰে মহামিলন ঘটিছে?
উত্তৰ: বৰপেটা ধামত চৌপাশে তাল-খোল, মৃদংগৰ মহাৰোলত হৰিনাম সংকীৰ্তন চলি থাকে। সুখী-দুখী, পাপী-তাপী সকলোৱে কাষ চাপি আহি হৰিনাম চাই যোৱাৰ ফলত বৰপেটা ধামত মানৱৰ মহামিলন ঘটিছে।
ঞ) কি আদৰ্শ লৈ কোনে এই অসমী আইৰ বুকুলৈ আহিছে? তেৰাই কি এৰি গৈছে?
উত্তৰ: উচ্চ-নীচ ভেদাভেদ নাৰাখি সকলো হৰিভক্তৰ সমান আসন— এই আদৰ্শ লৈ মহাপুৰুষ শংকৰদেৱ এই অসমী আইৰ বুকুলৈ আহিছে। তেৰাই সাম্যমন্ত্ৰ হৰিনাম আৰু পৱিত্ৰ কীৰ্তন থান এৰি গৈছে।
ট) জগতগুৰুজনাই কেনেদৰে অসমীয়া জাতি গঢ়িছে?
উত্তৰ: জগতগুৰুজনাই ঠায়ে ঠায়ে ধৰ্মসত্ৰ পাতি, নানা শাস্ত্ৰ ব্যাখ্যা কৰি, মাতৃভাষা পূৰ্ণ কৰি অসমীয়া জাতিক গঢ়িছে।
ঠ) জগতগুৰুজনাৰ কি মহামন্ত্ৰ জপি পাপী-তাপীয়ে মুক্ত হ’ব বাৰু?
উত্তৰ: জগতগুৰুজনাই প্ৰচাৰ কৰা সাম্যমন্ত্ৰ জপি পাপী-তাপীয়ে মুক্ত হ’ব।
[৩] কবিতাটিৰ কথাখিনি তোমাৰ নিজৰ কথাৰে লিখিবলৈ যত্ন কৰাঁ।
[৪] বাক্য ৰচনা কৰা।
পৰাণ : সুকণ্ঠী গায়িকাগৰাকীৰ গীত শুনি পৰাণ জুৰায় যায়।
মহিমা : ভগৱানৰ মহিমা সাধাৰণ মানুহে বুজিব নোৱাৰে।
নিজান : নিজান ঠাইলৈ অকলে যাব নালাগে।
আৱাহন : ঈশ্বৰক আৱাহন কৰিবলৈ প্ৰকৃত ভক্তিয়েই যথেষ্ট।
উচ্চ-নীচ : শংকৰদেৱে মানুহৰ মাজত উচ্চ-নীচ ভেদাভেদ ৰখা নাছিল।
[৫] খালী ঠাই পূৰ কৰা।
বাটেৰে যোৱা লোক যি = বাটৰুৱা।
নাও বায় যি = নাৱৰীয়া
নৈত নাৱেৰে বেপাৰ কৰে যি = সদাগৰ
হাল বাঢ়ি যি = হালোৱা
খেল খেলে যি = খেলুৱৈ
বাঁহ- বেতৰ কাম কৰে যি = বাঢ়ৈ
৬। পঢ়া আৰু লিখা।
| সুখী | + | দুখী | = | সুখী-দুখী |
| পাপী | + | তাপী | = | পাপী-তাপী |
| উচ্চ | + | নীচ | = | উচ্চ-নীচ |
| শোক | + | তাপ | = | শোক-তাপ |
| গছে | + | পাতে | = | গছে-পাতে |
| তাল | + | খোল | = | তাল-খোল |
৭। পঢ়া, বুজা আৰু লিখা।
| আকাশ | — | আকাশী |
| বন | — | বননি |
| ধন | — | ধনী |
| পাপ | — | পাপী |
| তাপ | — | তাপী |
| সুখ | — | সুখী |
| দুখ | — | দুখী |
| মান | — | মানী |
| হাবি | — | হাবিয়নি |
| কাঠ | — | কাঠনি |
| শাক | — | শাকনি |
| বাদাম | — | বাদামী |
| গোলাপ | — | গোলাপী |
| দাগ | — | দাগী |
| কপাহ | — | কপাহী |
| দৰদ | — | দৰদী |
৮। তলৰ উদাহৰণটো চাই বাকীকেইটা নিজে কৰা।
| উচ্চ | + | আসন | = | উচ্চাসন |
| নীচ | + | আসন | = | নীচাসন |
| হিম | + | আলয় | = | হিমালয় |
| মহা | + | আশয় | = | মহাশয় |
| কুশ | + | আসন | = | কুশাসন |
| নিম্ন | + | আসন | = | নিম্নাসন |
| নীল | + | অচল | = | নীলাচল |
৯। তোমাৰ জন্মভূমিখন বিশেষ কোনো কথাৰ বাবে বিশেষত্বপূৰ্ণ নেকি? যদি হয়, তেন্তে জনমভূমিখনক লৈ এই কবিতাটোৰ আৰ্হিত কবিতা ৰচনা কৰিবলৈ যত্ন কৰা।
১০। কবিতাটোত উল্লেখ থকা বাদ্যযন্ত্ৰসমূহৰ উপৰি তুমি জনা আন আন বাদ্যযন্ত্ৰৰ নাম লিখা।
উত্তৰ: ঢোল, টকা, পেঁপা, গগনা, বাঁহী, গিটাৰ, তানপুৰা, বেহেলা, ডগৰ, নেগেৰা, বৰকাঁহ, মাদল, দবা, তবলা, হাৰমনিয়াম আদি।
গগনা : গগনা বাঁহেৰে তৈয়াৰ কৰা হয়। ইয়াক বিহুগীতৰ লগত বজোৱা হয়। গগনা দুই প্ৰকাৰৰ। লাহৰী গগনা আৰু ৰামধন গগনা। ডেকাই বজোৱা গগনাক ৰামধন গগনা আৰু গাভৰুৱে বজোৱা গগনাক লাহৰী গগনা বোলে।
১১। কাশীপুৰী, মথুৰাপুৰী নামৰ ঠাইৰ দৰে পুৰী শব্দটো থকা তুমি জনা আন ঠাইৰ নাম লিখা।
উত্তৰ: অভয়াপুৰী৷
১২। চমুটোকা লিখা।
কাশীপুৰী, মথুৰা পুৰী, বৰপেটা ধাম

