গুণোৎসৱ প্ৰশ্নকাকত— ২০২২, দ্বিতীয় পর্যায়, প্ৰথম দিন, পঞ্চম শ্ৰেণী

গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
তৃতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— C
মাধ্যম: অসমীয়া

Name of the Student :

Roll No :

Class :

Name of the School:


শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে নির্দেশনাৱলী—

— প্রশ্ন নম্বৰ 1 ৰ পৰা 58 লৈ ছাত্র-ছাত্রীয়ে শুদ্ধ বিকল্পটো বাছি উলিয়াই OMR Sheetত বৃত্তসমূহ গাঢ় কৰি পূৰ কৰিব৷

— প্রশ্ন নম্বৰ 59 ৰ পৰা 61 (e) লৈ প্রশ্নসমূহৰ উত্তৰ প্ৰশ্নকাকতত দিয়া নির্দিষ্ট ঠাইত ছাত্র-ছাত্রীক নিজে লিখিবলৈ দিব৷ শিক্ষকে উত্তৰসমূহ পৰীক্ষা কৰি নম্বৰ দিব আৰু নম্বৰসমূহ বহিঃমূল্যায়কৰ উপস্থিতিত OMR চীটত ভৰাব৷

— প্রশ্ন নম্বৰ 62ৰ যিকোনো এটা অংশ আৰু 63ৰ যিকোনো এটা অংশ ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ দিব৷ শিক্ষকে বহিঃমূল্যায়কৰ উপস্থিতিত মূল্যায়ন নিদের্শনাৱলীত দিয়া আৰ্হিত ছাত্ৰ-ছাত্রীক পঠনৰ নম্বৰ প্ৰদান কৰিব৷ মূল্যায়ন নিদের্শনাৱলীত দিয়া প্ৰ-পত্ৰৰ দৰে ছাত্র-ছাত্রীৰ সংখ্যা অনুযায়ী প্ৰ-পত্র প্রস্তুত কৰি নম্বৰসমূহ টুকি ৰাখিব আৰু পাছত OMR Sheetত বৃত্তসমূহ গাঢ় কৰি পূৰাব৷ অথবা শিক্ষকে পঠনৰ নম্বৰসমূহ পোনপটীয়াকৈও OMR Sheetত অন্তর্ভুক্ত কৰিব পাৰিব৷ 

— ছাত্র-ছাত্রীৰ নাম, ৰোল নং, শ্রেণী, বিদ্যালয়ৰ নামৰ তথ্যসমূহ ছাত্র-ছাত্রীয়ে পূৰ কৰিব৷


Language—1

জাৰৰ দিন

মিনুৱে বার্ষিক পৰীক্ষা দি মাকৰ লগত কেইদিমান থকাকৈ মামাকহঁতৰ গাঁৱলৈ গ’ল৷ গাঁওখনৰ নাম গোবিন্দপুৰ৷ মিনু অহাত মামাকৰ ল’ৰা-ছোৱালী কণ ভাইটি আৰু ৰূপাৰ কি যে স্ফূর্তি৷ ৰূপা মিনুতকৈ বয়সত এবছৰ ডাঙৰ৷ মিনুৱেও বহুদিনৰ মূৰত ককাক আইতাকক লগ পাই বৰ ভাল পালে৷ সন্ধিয়াপৰত ককাকে তিনিওকে নামঘৰলৈ লৈ গ’ল৷ নামঘৰত প্ৰসাদ খাই তিনিও আইতাকৰ ওচৰত বহিলোঁ৷ ঠাণ্ডাৰ দিন হোৱাৰ বাবে আইতাকে জুই পুৱাই আছিল৷ আইতাকে সিহঁতক সাধু শুনালে৷ আইতাকে ৰূপাক তামোল আনিবলৈ দিলে৷ ৰূপাই তামোল, পাণ আৰু চূণ দি খুন্দনাত ৰঙাকৈ তামোল খুন্দি দিলে৷ পাছদিনাখন ৰূপাই মিনুক সিহঁতৰ খেতিপথাৰ দেখুৱাবলৈ লৈ গ’ল৷ পথাৰত তেতিয়া দাৱনীয়ে ধান কাটি আছিলে৷ পকা ধানবোৰ সোণালী ৰঙৰ৷ অলপ দূৰ গৈ মিনুৱে দেখিলে ডাঙৰ পথাৰখনত চাৰিওফালে সেউজীয়াৰ মাজে মাজে ধুনীয়া হালধীয়া ফুল ফুলি আছে৷ মিনুৱে ৰূপাক সুধিলে, ‘‘এইবোৰ কি ফুল?’’ ৰূপাই ক’লে— ‘‘এইবোৰ সৰিয়হৰ ফুল৷’’ ইয়াৰ গুটিৰ পৰাই আমি খোৱা সৰিয়হৰ তেল প্ৰস্তুত কৰা হয়৷ মিনুৱে খেতিডৰালৈ গৈ ফুলবোৰ হাতেৰে চুই চালে৷ দুয়ো ফুৰি ফুৰি ঘৰলৈ উভতি আহিল৷ ঘৰত মামীয়েকে চোতালত বহি জলফাই টেঙা কাটি আছিল৷ তাকে দেখি ওচৰৰ জুপিও আহিল৷ মিনু, ৰূপা, কণ ভাইটি আৰু ওচৰৰ লগৰীয়া জুপিয়ে কলপাতত জলফাই টেঙা টকালি পাৰি খালে৷ এনেদৰে মিনুৱে ৰূপাহঁতৰ লগত স্ফূর্তি কৰি মামাকহঁতৰ ঘৰত জাৰৰ দিন কটালে৷ 

ওপৰত দিয়া দফাটো পঢ়ি প্রশ্নসমূহৰ উত্তৰ দিয়া৷

1. পকা ধানবোৰ কেনেকুৱা ৰঙৰ?

  (A) হালধীয়া

  (B) ৰঙা

  (C) সোণালী

  (D) সেউজীয়া

2. আইতাকক খুন্দনাত কোনে তামোল খুন্দি দিছিল? 

  (A) ৰূপাই

  (B) কণ ভাইটিয়ে

  (C) জুপিয়ে

  (D) মিনুৱে

3. জুপিয়ে ৰূপাহঁতৰ ঘৰলৈ কিয় আহিছিল?

  (A) খেলিবলৈ

  (B) জলফাই খাবলৈ

  (C) ফুৰিবলৈ

  (D) সাধু শুনিবলৈ

4. মিনুৱে কাৰ লগত মামাকহঁতৰ ঘৰলৈ গৈছিল?

  (A) ককাকৰ লগত

  (B) আইতাকৰ লগত

  (C) মাকৰ লগত

  (D) মামীয়েকৰ লগত

5. তলত দিয়া কোনটো বাক্যই ‘দাৱনী’ শব্দৰ অৰ্থ বুজাইছে? 

  (A) যিয়ে ধান ৰোৱে

  (B) যিয়ে ধান কাটে 

  (C) যিয়ে ধান বানে 

  (D) যিয়ে ধান জাৰে


গ্রন্থমেলাত এদিন

নিকু আৰু বাবুৰ মন আজি পুৱাৰ পৰাই উগুল-থুগুল৷ দেউতাকে আজি সিহঁতক গ্রন্থমেলালৈ নিব৷ পুৱাতে দুয়ো গা-পা ধুই যাবৰ বাবে সাজু হ’ল৷ দেউতাকে এঘাৰমান বজাত দুয়োকে গ্রন্থমেলালৈ লৈ গ’ল৷ দুয়ো দেখিলে ডাঙৰ খেলপথাৰখনৰ দুয়োফালে শাৰী শাৰীকৈ কিতাপৰ দোকান আছে৷ দেউতাকে ক’লে, ‘‘এইখনেই গ্রন্থমেলা৷ অর্থাৎ কিতাপৰ মেলা৷ ইয়াত অসমৰ বাহিৰৰ পৰাও মানুহে কিতাপ কিনিবলৈ আৰু বেচিবলৈ আহে৷’’

নিকুৱে ভায়েকৰ হাতত ধৰি দেউতাকৰ পিছে পিছে এখন এখনকৈ দোকানত সোমাল৷ কিতাপৰ দোকানবোৰত কিতাপবোৰ ধুনীয়াকৈ সজাই থোৱা আছে৷ দেউতাকে সিহঁতক শিশু-সাহিত্যৰ কিতাপ সজাই থোৱা মেজখনলৈ লৈ গ’ল৷ ধুনীয়া ধুনীয়া কিতাপবোৰ দেখি নিকুহঁতৰ কোনখন ল’ম কোনখন নলওঁ অৱস্থা হ’ল৷ তেতিয়া দেউতাকে বুজাই দিলে যে, ‘‘আমি আন কিতাপৰ দোকানতো সোমাম, তাত বেলেগ বেলেগ বিষয়ৰ কিতাপ চাব পাৰিবা৷’’ নিকুৱে প্ৰথমতে সোমোৱা দোকানখনৰ পৰা নৱকান্ত বৰুৱাৰ ‘মৰুৱা ফুল’ নামৰ পদ্যৰ কিতাপখন ল’লে৷ বাবুৱে ছবিৰ কিতাপ ল’লে৷ তাৰ পিছত সিহঁতে ইখনৰ পিছত সিখন দোকানত কিতাপবোৰ চাই গ’ল৷ নিকুৱে ‘বুঢ়ীআইৰ সাধু’, ‘ঈছপৰ সাধু’, ‘ওমলা গীত’ৰ পুথি কিনিলে৷ মোমায়েকৰ ছোৱালী ৰশ্মিৰ কাৰণে এখন ছবিত ৰংবোলোৱা কিতাপ ল’লে৷ দেউতাকেও দুখন উপন্যাস কিনিলে৷ কিছু সময় গ্রন্থমেলাত থাকি নিকুহঁত ঘৰলৈ আহিল৷ দেউতাকে ক’লে, ‘‘তোমালোকে আজি কিনা কিতাপবোৰ সমনীয়াৰ লগত আজৰি সময়ত পঢ়িবা৷’’ 

ওপৰত দিয়া দফাটো পঢ়ি প্রশ্নসমূহৰ উত্তৰ দিয়া৷ 

6. নিকুহঁতৰ মনত পুৱাৰ পৰা কিয় ফূর্তি লাগি আছিল?

  (A) ফুৰিবলৈ যাব

  (B) পঢ়িবলৈ যাব

  (C) গ্রন্থমেলালৈ যাব

  (D) খেলিবলৈ যাব 

7. নিকুৱে গ্রন্থমেলাত প্ৰথমতে কি কিতাপ কিনিছিল? 

  (A) ঈছপৰ সাধু

  (B) বুঢ়ীআইৰ সাধু 

  (C) মৰুৱা ফুল 

  (D) ছবিৰ কিতাপ 

৪. নিকুৱে ৰশ্মিৰ কাৰণে কি কিতাপ কিনিছিল? 

  (A) উপন্যাস

  (B) ছবিত ৰং বোলোৱা কিতাপ

  (C) সাধু কিতাপ 

  (D) ওমলা গীতৰ কিতাপ 

9. দেউতাকে নিকুহঁতক গ্রন্থমেলাত কিনা কিতাপবোৰ কাৰ লগত পঢ়িবলৈ কৈছিল? 

  (A) ৰশ্মিৰ লগত

  (B) বাবুৰ লগত

  (C) দেউতাকৰ লগত 

  (D) সমনীয়াৰ লগত 

10. তলৰ কোনটো শব্দই ‘গ্রন্থ’ শব্দৰ সমার্থক অর্থ প্রকাশ কৰিছে?

  (A) উপন্যাস

  (B) কিতাপ

  (C) সাধু 

  (D) কবিতা

11. তলৰ শব্দবোৰৰ কোনটো বিশেষ্য? 

  (A) শাৰী শাৰী

  (B) উগুল-থুগুল 

  (C) গ্রন্থমেলা 

  (D) ধুনীয়া


কণমাণি চৰাইটি

ঘৰচিৰিকা সৰু আকাৰৰ চৰাই৷ ইহঁতৰ মূৰটো ঘূৰণীয়া, ঠোঁট শকত আৰু নেজডাল চুটি৷ ঘৰচিৰিকাবোৰৰ ৰং ধোঁৱা আৰু মুগা বৰণীয়া৷ পিঠিখনত ক’লা আৰু মুগা বৰণৰ ফুটুকা-ফুটুকী চিন থাকে৷ মতা আৰু মাইকী চৰাইৰ বৰণ বেলেগ বেলেগ হয়৷ মাইকী ঘৰচিৰিকা সাধাৰণতে পাতলীয়া মুগা বৰণৰ৷ মতা ঘৰচিৰিকাৰ দেহৰ ৰং গাঢ় আৰু পিছৰ অংশ ৰঙচুৱা৷

বিশ্বৰ প্রায় সকলো ঠাইতে ঘৰচিৰিকা দেখিবলৈ পোৱা যায়৷ পাৰ চৰাইৰ দৰে ঘৰচিৰিকায়ো সাধাৰণতে মানুহৰ সৈতে থাকি ভাল পায়৷ ইহঁতে মানুহৰ ঘৰৰ চালত, মুধচত বাহ সাজে৷ ইহঁতে শুকান খেৰ, বন, নৰা, গছৰ শুকান ঠাৰি আদিৰে বাহ সাজে৷ ঘৰৰ চোতালত ‘চিৰিক্-চিৰিক্’কৈ মাতি জঁপিয়াই ফুৰে৷ ঘৰচিৰিকাই বিভিন্ন গছৰ গুটি, ধান-চাউল, পোক-পতংগ আদি খায়৷ মাইকী ঘৰচিৰিকাই এবাৰত চাৰিৰ পৰা পাঁচোটাকৈ কণী পাৰে৷ মতা আৰু মাইকী ঘৰচিৰিকাই দুয়ো মিলি পোৱালিক খাদ্য খুৱায়৷ কাউৰী, মেকুৰী, এন্দুৰ, ফেঁচা আদি ঘৰচিৰিকাৰ শত্রু৷ বর্তমান খেৰৰ ঘৰৰ সলনি পকী ঘৰ হোৱা বাবে, খেতিপথাৰত কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ, প্ৰদূষণ আদিৰ বাবে ঘৰচিৰিকাৰ সংখ্যা দ্রুতগতিত কমি আহিছে৷ সেয়েহে ঘৰচিৰিকাৰ সংৰক্ষণৰ বাবে মানুহক সচেতন কৰিবলৈ প্রতি বছৰৰ ২০ মার্চ তাৰিখে ‘বিশ্ব ঘৰচিৰিকা দিৱস’ পালন কৰা হয়৷ 

ওপৰত দিয়া দফাটো পঢ়ি প্রশ্নসমূহৰ উত্তৰ দিয়া৷ 

12. সমগ্র বিশ্বতে ২০ মার্চ তাৰিখে কি চৰাইৰ দিৱস পালন কৰা হয়?

  (A) কাউৰী

  (B) পাৰ 

  (C) ঘৰচিৰিকা 

  (D) ফেঁচা 

13. মাইকী ঘৰচিৰিকাৰ ৰং কেনেকুৱা?

  (A) পাতল মুগা

  (B) গাঢ় মুগা

  (C) ৰঙচুৱা

  (D) ধোঁৱা বৰণৰ 

14. ঘৰচিৰিকাৰ ঠোঁটটো কেনেকুৱা? 

  (A) ঘূৰণীয়া

  (B) শকত

  (C) সৰু 

  (D) চুটি 

15. বর্তমান কিয় দ্রুতগতিত ঘৰচিৰিকাৰ সংখ্যা কমি আহিছে?

  (A) ঘৰচিৰিকাক কাউৰী, মেকুৰী আদিয়ে খায়

  (B) ঘৰচিৰিকাক মানুহে ভাল নাপায়

  (C) ঘৰচিৰিকাৰ কণী অন্য চৰায়ে নষ্ট কৰে

  (D) খেৰৰ ঘৰৰ সলনি পকী ঘৰ হোৱা বাবে

16. ‘দ্রুত’ শব্দৰ অর্থ কি? 

 (A) কমকৈ 

 (B) খৰকৈ 

 (C) লাহেকৈ

 (D) বেছিকৈ 


গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
তৃতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— C
মাধ্যম: অসমীয়া

Language— 2

Read the following passage and answer the questions from 17 to 19. 

Riya’s cousins Tina, Diya and Mithu planned to spend their summer vacation at Riya’s house. Riya was the youngest and Diya was the eldest of the cousins. After dinner, they planned to watch a movie. Riya lied on the carpet, Tina sat on a chair, Mithu and Diya rested on the bed. ‘Look at the ghost in the movie!’ said Mithu. The girls closed their eyes. They were all frightened. Then, suddenly the lights went out. Tina shouted in fear. ‘What is that?’ cried Diya. Tina felt something walking over her feet. Riya looked around and shouted, ‘Tim!’ She knew it was her cat that frightened Tina. She ran after the cat towards the kitchen.

17. Who was the youngest of the cousins? 

  (A) Riya

  (B) Diya 

  (C) Mithu 

  (D) Tina 

18. What was the name of Riya’s cat? 

  (A) Mithu 

  (B) Tina 

  (C) Tim 

  (D) Riya 

19. Why did Tina shout? 

  (A) because there was a ghost in the movie 

  (B) because the lights went out 

  (C) because she was watching a movie 

  (D) because Tim walked over her feet


Read the following passage and answer the questions from 20 to 22. 

Rongpur Primary School is at Janakpur Colony of Goalpara district. It is a very good school. Children from nearby areas go there to study. There are five classrooms in the school. There are eleven male and eight female teachers in the school. The school also has a library, a kitchen and two playgrounds. There are separate toilets for girls and boys. The school has a beautiful flower garden at the front and a vegetable garden at the backyard. The school boundary is mostly covered with trees like banana, mango, coconut, guava etc. There are two neem trees at the front gate. It helps in keeping the air cool and clean. Sometimes the teachers take the children out and teach them under the neem trees. 

20. How many female teachers are there in Rongpur primary School? 

  (A) eleven

  (B) eight

  (C) two

  (D) five

21. Why do the teachers teach the children under the neem trees? 

  (A) because it is a very good school 

  (B) because children come from nearby areas 

  (C) because the school has five classrooms 

  (D) because the neem trees keep the air clean and cool.

22. Which one is similar in meaning to ‘read’? 

  (A) study

  (B) go

  (C) teach

  (D) take 


Read the following passage and answer the questions from 23 to 26. 

    Pabitora is a famous wild life sanctuary. It is situated at Morigaon district of Assam. In 1987 it was declared as a wild life sanctuary. There are different kinds of animals in Pabitora like the rhinos, wild boar, wild buffalo, Indian jackal, fox, kingfisher, owl, parrot, woodpecker, crane and wild ducks etc. Water buffaloes are also found there. Pabitora is famous for one-horned rhino too. There is a hanging bridge in Pabitora. The name of it is ‘Haduk Hanging Bridge’. People from different places come to visit Pabitora to see the animals.

23. What is Pabitora famous for?

  (A) water buffalo

  (B) kingfisher

  (C) one-horned rhino

  (D) parrot

24. Which of the following statements is correct?

  (A) Pabitora is a district of Assam

  (B) Pabitora is a hanging bridge.

  (C) Pabitora is a wild animal.

  (D) Pabitora is a wild life Sanctuary.

25. Which one is the opposite of ‘domestic’? 

  (A) wild

  (B) famous

  (C) visit

  (D) declared

26. Why do people visit Pabitora?

  (A) to declare it as a wild life sanctuary.

  (B) to see the animals.

  (C) to build a hanging bridge.

  (D) to see Morigaon district.


গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
তৃতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— C
মাধ্যম: অসমীয়া

MATHEMATICS

27. ‘পাঁচ হাজাৰ দুশ তিনি’ক সংখ্যাত প্ৰকাশ কৰিলে তলৰ কোনটো হ’ব? 

  (A) 523 

  (B) 5203

  (C) 5000203

  (D) 50203 

24. তলৰ কোনটো 3 আৰু 4 ৰ এটা সাধাৰণ গুণিতক হ’ব? 

  (A) 3

  (B) 4 

  (C) 1 

  (D) 12 

29. তলৰ কোনটো সকলো সংখ্যাৰে উৎপাদক? 

  (A) 0 

  (B) 1 

  (C) 2 

  (D) 10 

30. ভাজ্য = 2547, ভাজক = 100, ভাগফল = 25; তেন্তে ভাগশেষ কিমান? 

  (A) 7 

  (B) 47 

  (C) 125 

  (D) 547 

31. কাষৰ চিত্ৰত থকা ৰং দিয়া অংশক ভগ্নাংশত প্ৰকাশ কৰিলে তলৰ কোনটো হ’ব?


  (A) 1

  (B) \(\frac{1}{4}\)

  (C) \(\frac{1}{3}\)

  (D) \(\frac{3}{4}\)

32. \(\frac{12}{1000}\)ক দশমিকত প্রকাশ কৰিলে তলৰ কোনটো হ’ব? 

  (A) 0.12

  (B) 0.012

  (C) 1.2

  (D) 12

33. তলৰ দণ্ডচিত্ৰটোত কিছুমান ছাত্র-ছাত্রীৰ তেজৰ গ্ৰুপৰ তথ্য প্রকাশ কৰা হৈছে৷ AB তেজৰ গ্ৰুপৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

  (A) 4

  (B) 6

  (C) 7

  (D) 13

34. 16 চে.মি. বাহু বিশিষ্ট সমবাহু ত্রিভুজ এটাৰ পৰিসীমা হ’ব? 

  (A) 225 চে.মি.

  (B) 30 চে.মি.

  (C) 45 চে.মি.

  (D) 225 বর্গ চে.মি.

35. ৪ চে.মি. দৈর্ঘ্য আৰু 5 চে.মি. প্রস্থৰ আয়ত এটাৰ কালি কিমান হ’ব?

  (A) 13 চে.মি.

  (B) 26 চে.মি.

  (C) 40 বর্গ চে.মি.

  (D) 40 চে.মি.

36. 1845 চে.মি.ত কিমান মিটাৰ? 

  (A) 1.845 মি.

  (B) 18.45 মি. 

  (C) 184.5 মি. 

  (D) 0.1845 মি. 

37. 1 কিলোগ্রামত কিমান গ্রাম? 

  (A) 10 গ্রাম

  (B) 100 গ্রাম

  (C) 1000 গ্রাম

  (D) 10000 গ্রাম

34. এক সমকোণত কিমান ডিগ্রী? 

  (A) 30° 

  (B) 60° 

  (C) 90° 

  (D) 180° 

39. ঘড়ীৰ ঘণ্টা আৰু মিনিটৰ কাঁটা দুডালে 3 বজাত সৃষ্টি কৰা কোণটোৰ মাপ হ’ব৷ 

  (A) 30°

  (B) 45°

  (C) 60°

  (D) 90° 

40. তলৰ কোনটো ত্রিমাত্রিক আকৃতিৰ চিত্র? 

(A) 

(B)

(C)

(D)


41. তলৰ চানেকিটোৰ খালী বাকচত কি বহিব? 

M
M
M
M
(A)
M
(B)
M
(C)
M
(D)
M

42. 52960 ত 5 ৰ স্থানীয় মান কি? 

  (A) 5 

  (B) 500 

  (C) 5000 

  (D) 5000

43. তলৰ চানেকিটো সম্পূর্ণ কৰা—

3, 6, 9 , 4, 7, 12 , 5, 8, 15 , 4, 8, 20

  (A) 6, 8, 16

  (B) 5, 6, 9

  (C) 6, 9, 17

  (D) 6, 9, 18

44. 3 কিলোগ্রাম হালধি 500 গ্রামকৈ পেকেট কৰিলে কিমানটা পেকেট হ’ব? 

  (A) 3 টা৷ 

  (B) 5 টা 

  (C) 6 টা 

  (D) 8 টা


গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
তৃতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— C
মাধ্যম: অসমীয়া

EVS

45. মৰুভূমিত বাস কৰা এবিধ প্রধান প্রাণী হ’ল—

  (A) উট

  (B) গঁড়

  (C) বাঘ 

  (D) হাতী 

46. সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো হ’ল— 

  (A) পৃথিৱী

  (B) বুধ

  (C) নেপচুন 

  (D) শুক্র 

47. তলৰ কোনটো গোট সর্বভোজী প্রাণীৰে গঠিত বাছি উলিওৱা—

  (A) মানুহ, ভালুক

  (B) বাঘ, সিংহ

  (C) হৰিণা, হাতী 

  (D) গৰু, ছাগলী 

44. তলৰ কোনবিধ সাজপাৰ কাৰ্বি জনগোষ্ঠীয়ে পৰিধান কৰে?

  (A) দখনা

  (B) গেৰ

  (C) পিনি

  (D) ফাচকাই

49. শুদ্ধ উক্তিটো বাছি‍ উলিওৱা— 

  (A) মৰাণত চূণশিল পোৱা যায়

  (B) লিডুত তেল শোধনাগাৰ আছে

  (C) উমৰাংচুত খাৰুৱা তেল পোৱা যায়

  (D) মাৰ্ঘেৰিটাত কয়লা পোৱা যায়

50. কুকুৰীকণা ৰোগ কোনবিধ ভিটামিনৰ অভাৱত হয়?

  (A) ভিটামিন A

  (B) ভিটামিন D

  (C) ভিটামিন C

  (D) ভিটামিন B

51. বানপানীৰ পৰা ৰক্ষা পাবলৈ আমি কি ব্যৱস্থা ল’ব লাগে?

  (A) জলাশয়বোৰ পুতি পেলাব লাগে

  (B) য’তে ত’তে জাৱৰ-জোথৰ দ’ম কৰি থ’ব লাগে

  (C) বিছনা বা মেজৰ তলত আশ্রয় ল’ব লাগে

  (D) নলা-নর্দমা খান্দি পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে

52. বতৰৰ তথ্য সংগ্ৰহৰ বাবে ব্যৱহাৰ হোৱা কোনবিধ সঁজুলিৰ ছবি তলত দিয়া হৈছে?


  (A) এনিম’মিটাৰ

  (B) হাইগ্ৰ’মিটাৰ

  (C) ৰেইনগজ

  (D) বায়ু দিকদর্শীসূচক 

53. প্রটিন জাতীয় খাদ্যৰ এটা উদাহৰণ হ’ল— 

  (A) কণী 

  (B) বাদাম

  (C) মধুৰিআম

  (D) ভাত

54. বায়ু প্ৰদূষণ হ্রাস কৰিবলৈ তলৰ কোনটো ব্যৱস্থা ল’বা? 

  (A) পেলনীয়া প্লাষ্টিকৰ বটলবোৰ জ্বলাই দিবা

  (B) বৃক্ষৰোপণ কৰিবা

  (C) পলিথিনৰ বেগ বেছিকৈ ব্যৱহাৰ কৰিবা

  (D) ঘৰৰ জাবৰ জোথৰবোৰ জ্বলাই দিবা

55. কি সঁজুলিৰ দ্বাৰা বায়ুৰ উষ্ণতা জোখা হয়?

  (A) হাইগ্র’মিটাৰ

  (B) এনিম’মিটাৰ 

  (C) থার্ম’মিটাৰ 

  (D) ৰেইনগজ 

56. ভিটামিন E ৰ অভাৱত কি ৰোগ হয়? 

  (A) মাংসপেশীৰ বিকাৰ

  (B) হাড় বেঁকা হয়

  (C) বেৰি বেৰি

  (D) দৃষ্টিশক্তি কমি যায়

57. য়াকৰ দেহটো আৱৰি থাকে— 

  (A) সৰু পাখিৰে

  (B) দীঘল নোমেৰে 

  (C) ডাঠ ছালেৰে

  (D) মিহি ছালেৰে

58. কয়লা এবিধ—

  (A) বনজ সম্পদ

  (B) খনিজ সম্পদ

  (C) জলজ সম্পদ

  (D) কৃষিজাত সম্পদ


গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
তৃতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— C
মাধ্যম: অসমীয়া

Writing L1

59. তলৰ যিকোনো এটা বিষয় লৈ তিনিশাৰী বাক্য লিখা৷ 

  (A) তোমাৰ বিদ্যালয়

  (B) তোমাৰ শ্ৰেণীকোঠাটোত 

  (C) তুমি ভালপোৱা এবিধ ফুল

উত্তৰ:






Writing L2

60. Write three sentences on any one of the following: 

  (A) Classroom

  (B) My Best Friend 

  (C) Hospital

Ans: 






Numeracy

61. (a) যোগ কৰা:

1329
+ 482

উত্তৰ:

(b) বিয়োগ কৰা:

476
- 29

উত্তৰ:

(c) পূৰণ কৰা:

129
× 13

উত্তৰ:

(d) হৰণ কৰা:

2640 ÷ 60

উত্তৰ:





(e) দুযোৰ নাৰিকলৰ দাম 200 টকা হ’লে এটা নাৰিকল দাম কিমান? 

উত্তৰ:





গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
তৃতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— C
মাধ্যম: অসমীয়া

Reading— L1

শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীসকলক ইচ্ছানুসাৰে যিকোনো এটা অংশ পঢ়িবলৈ দিব।

তলত দিয়া যিকোনো এটা অংশ পঢ়া৷

প্রথম অংশ পল্লৱ আৰু নাহিদ স্কুলৰ পৰা ঘৰলৈ উভতিছে৷ আজি বতৰ ডাৱৰীয়া হৈ থকাৰ বাবে বৰ ঠাণ্ডা পৰিছে৷ নাহিদে ক’লে ‘‘বৰষুণ আহিব যেন লাগিছে! ব’লা, অলপ বেগাবেগিকৈ খোঁজ কাঢ়োঁ৷’’
দ্বিতীয় অংশ প্রেৰণাহঁতৰ দেউতাকে ঘৰৰ পাছফালে এখন পাচলিৰ বাগিছা পাতিছে৷ বন্ধাকবি, ফুলকবি, পালেং, লফা আদি শাক-পাচলিৰে বাগিছাখন সেউজীয়া হৈ পৰিছে৷ প্ৰেৰণাৰ দেউতাকে সদায়েই বাগিছা খনত পুৱা-গধূলি পানী দিয়ে৷
তৃতীয় অংশ আজি আকাশখন পৰিষ্কাৰ৷ উত্তম আৰু বেঞ্জামিনে নদীলৈ গা ধুবলৈ গৈছে৷ উত্তমে সাঁতুৰিব জানে কিন্তু বেঞ্জামিনে নাজানে৷ উত্তমে বেঞ্জামিনক সাঁতোৰ শিকিবলৈ ক’লে৷ 

Reading— L2
FRAME 1 Bwisagu is one of the seasonal festivals of Assam. It is a festival of the Bodo community of the state. Bwisagu means the start of the new year.  
FRAME 2 Rita asked her teacher, ‘‘Why are sports and games important for us?” Teacher replied enthusiastically, ‘‘Sports and games are important for our body and mind. It makes us more disciplined.’’  
FRAME 3 Nikhil has many activities planned for Sunday. He will start reading a new book. Then he will go for swimming. He will spend rest of the day with the family. 
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ