গুণোৎসৱ প্ৰশ্নকাকত— ২০২২, দ্বিতীয় পর্যায়, দ্বিতীয় দিন, পঞ্চম শ্ৰেণী

গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
দ্বিতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— B
মাধ্যম: অসমীয়া

Name of the Student :

Roll No :

Class :

Name of the School:


শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে নির্দেশনাৱলী—

— প্রশ্ন নম্বৰ 1 ৰ পৰা 58 লৈ ছাত্র-ছাত্রীয়ে শুদ্ধ বিকল্পটো বাছি উলিয়াই OMR Sheetত বৃত্তসমূহ গাঢ় কৰি পূৰ কৰিব৷

— প্রশ্ন নম্বৰ 59 ৰ পৰা 61 (e) লৈ প্রশ্নসমূহৰ উত্তৰ প্ৰশ্নকাকতত দিয়া নির্দিষ্ট ঠাইত ছাত্র-ছাত্রীক নিজে লিখিবলৈ দিব৷ শিক্ষকে উত্তৰসমূহ পৰীক্ষা কৰি নম্বৰ দিব আৰু নম্বৰসমূহ বহিঃমূল্যায়কৰ উপস্থিতিত OMR চীটত ভৰাব৷

— প্রশ্ন নম্বৰ 62ৰ যিকোনো এটা অংশ আৰু 63ৰ যিকোনো এটা অংশ ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ দিব৷ শিক্ষকে বহিঃমূল্যায়কৰ উপস্থিতিত মূল্যায়ন নিদের্শনাৱলীত দিয়া আৰ্হিত ছাত্ৰ-ছাত্রীক পঠনৰ নম্বৰ প্ৰদান কৰিব৷ মূল্যায়ন নিদের্শনাৱলীত দিয়া প্ৰ-পত্ৰৰ দৰে ছাত্র-ছাত্রীৰ সংখ্যা অনুযায়ী প্ৰ-পত্র প্রস্তুত কৰি নম্বৰসমূহ টুকি ৰাখিব আৰু পাছত OMR Sheetত বৃত্তসমূহ গাঢ় কৰি পূৰাব৷ অথবা শিক্ষকে পঠনৰ নম্বৰসমূহ পোনপটীয়াকৈও OMR Sheetত অন্তর্ভুক্ত কৰিব পাৰিব৷ 

— ছাত্র-ছাত্রীৰ নাম, ৰোল নং, শ্রেণী, বিদ্যালয়ৰ নামৰ তথ্যসমূহ ছাত্র-ছাত্রীয়ে পূৰ কৰিব৷


Language—1

ফুলনি বাগিচা

আমাৰ বিদ্যালয়খনৰ নাম কেতেকীবাৰী প্রাথমিক বিদ্যালয়৷ বিদ্যালয়খনৰ মূল তোৰণৰ ওচৰতে দুজোপা বকুল গছ আছে৷ পশ্চিম দিশত এখনি ধুনীয়া ফুলনি বাগিচা আছে৷ ফুলনি বাগিচাখনে বিদ্যালয়খন শুৱনি কৰি তুলিছে৷ বাগিচাখন গোলাপ, জবা, নার্জী, তগৰ, নয়নতৰা, দুই প্রকাৰৰ অপৰাজিতা আদি ফুলেৰে ভৰি আছে৷ তগৰ ফুলা সময়ত বিদ্যালয়খনৰ চৌপাশ গোন্ধত আমোলমোলাই থাকে৷ নার্জি ফুলবোৰ ঠাণ্ডাৰ দিনত ফুলে৷ বাগিচাখনত ৰঙা, বগা আৰু গুলপীয়া তিনি প্রকাৰৰ জবা ফুলৰ গছ আছে৷ বাগিচাখনত মুঠতে দহ-বাৰ প্ৰকাৰৰ ফুলগছ আছে৷ গৰু-ছাগলী সোমাব নোৱৰাকৈ বাগিচাখনৰ চাৰিওকাষে বাঁহৰ বেৰ সাজি দিয়া হৈছে৷ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে সপ্তাহৰ এটা দিনত বাগিচাখনত চাফ-চিকুণৰ কাম কৰে৷ বিজ্ঞানৰ ডেকা ছাৰে সকলোকে কামবোৰ ভগাই দিয়ে৷ ফুল গছবোৰত পানী দিয়া, গুৰিবোৰ চিকুণাই দিয়া, শুকান পাতবোৰ সাৰি পেলোৱা আদি কামবোৰ সকলোৱে আনন্দ মনেৰে কৰে৷ ছাৰে সদায় গছবোৰক মৰম কৰিবলৈ কয়৷ ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ দিনা বাগিচাখনত নতুন নতুন ফুলৰ পুলি ৰোৱা হয়৷ বকুল ফুলাৰ দিনত আমি তলসৰা বকুল ফুলেৰে মালা গাথোঁ৷ আমি সকলোৱে বিদ্যালয় চৌহদৰ লগতে ফুলনি বাগিচাখন সদায় পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখোঁ৷ 

ওপৰত দিয়া দফাটো পঢ়ি প্রশ্নসমূহৰ উত্তৰ দিয়া৷

1. ফুলনিখনত কেই প্ৰকাৰৰ জবা ফুল আছে? 

  (A) দহ প্রকাৰৰ

  (B) তিনি প্রকাৰৰ

  (C) দুই প্রকাৰৰ

  (D) বাৰ প্ৰকাৰৰ

2. কি ফুল ফুলিলে চৌপাশ আমোলমোলাই থাকে? 

  (A) জবা

  (B) গোলাপ

  (C) তগৰ

  (D) নার্জি

3. বাগিচাখনৰ চাৰিওকাষে কিয় বাঁহৰ বেৰ সাজি দিয়া হৈছে? 

  (A) ফুল ছিঙিব নোৱৰাকৈ 

  (B) গৰু-ছাগলী সোমাব নোৱৰাকৈ

  (C) চাফ-চিকুণকৈ ৰাখিবলৈ

  (D) ছাত্র-ছাত্রীয়ে সোমাব নোৱৰাকৈ 

4. বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীবোৰে কি ফুলৰ মালা গাঁথে?

  (A) অপৰাজিতা

  (B) তগৰ 

  (C) নয়নতৰা

  (D) বকুল 

5. তলৰ কোনটো শব্দই ‘পৰিষ্কাৰ’ শব্দটিৰ অৰ্থ বুজাইছে? 

  (A) ভাল

  (B) চাফ-চিকুণ

  (C) শুৱনি

  (D) ধুনীয়া

6. তলৰ শব্দবোৰৰ কোনটো বিশেষ্য? 

  (A) গোন্ধ৷ 

  (B) জিৰণি 

  (C) নয়নতৰা 

  (D) চিকুণ


জাৰৰ দিন

মিনুৱে বার্ষিক পৰীক্ষা দি মাকৰ লগত কেইদিমান থকাকৈ মামাকহঁতৰ গাঁৱলৈ গ’ল৷ গাঁওখনৰ নাম গোবিন্দপুৰ৷ মিনু অহাত মামাকৰ ল’ৰা-ছোৱালী কণ ভাইটি আৰু ৰূপাৰ কি যে স্ফূর্তি৷ ৰূপা মিনুতকৈ বয়সত এবছৰ ডাঙৰ৷ মিনুৱেও বহুদিনৰ মূৰত ককাক আইতাকক লগ পাই বৰ ভাল পালে৷ সন্ধিয়াপৰত ককাকে তিনিওকে নামঘৰলৈ লৈ গ’ল৷ নামঘৰত প্ৰসাদ খাই তিনিও আইতাকৰ ওচৰত বহিলোঁ৷ ঠাণ্ডাৰ দিন হোৱাৰ বাবে আইতাকে জুই পুৱাই আছিল৷ আইতাকে সিহঁতক সাধু শুনালে৷ আইতাকে ৰূপাক তামোল আনিবলৈ দিলে৷ ৰূপাই তামোল, পাণ আৰু চূণ দি খুন্দনাত ৰঙাকৈ তামোল খুন্দি দিলে৷ পাছদিনাখন ৰূপাই মিনুক সিহঁতৰ খেতিপথাৰ দেখুৱাবলৈ লৈ গ’ল৷ পথাৰত তেতিয়া দাৱনীয়ে ধান কাটি আছিলে৷ পকা ধানবোৰ সোণালী ৰঙৰ৷ অলপ দূৰ গৈ মিনুৱে দেখিলে ডাঙৰ পথাৰখনত চাৰিওফালে সেউজীয়াৰ মাজে মাজে ধুনীয়া হালধীয়া ফুল ফুলি আছে৷ মিনুৱে ৰূপাক সুধিলে, ‘‘এইবোৰ কি ফুল?’’ ৰূপাই ক’লে— ‘‘এইবোৰ সৰিয়হৰ ফুল৷’’ ইয়াৰ গুটিৰ পৰাই আমি খোৱা সৰিয়হৰ তেল প্ৰস্তুত কৰা হয়৷ মিনুৱে খেতিডৰালৈ গৈ ফুলবোৰ হাতেৰে চুই চালে৷ দুয়ো ফুৰি ফুৰি ঘৰলৈ উভতি আহিল৷ ঘৰত মামীয়েকে চোতালত বহি জলফাই টেঙা কাটি আছিল৷ তাকে দেখি ওচৰৰ জুপিও আহিল৷ মিনু, ৰূপা, কণ ভাইটি আৰু ওচৰৰ লগৰীয়া জুপিয়ে কলপাতত জলফাই টেঙা টকালি পাৰি খালে৷ এনেদৰে মিনুৱে ৰূপাহঁতৰ লগত স্ফূর্তি কৰি মামাকহঁতৰ ঘৰত জাৰৰ দিন কটালে৷ 

ওপৰত দিয়া দফাটো পঢ়ি প্রশ্নসমূহৰ উত্তৰ দিয়া৷ 

7. পকা ধানবোৰ কেনেকুৱা ৰঙৰ?

  (A) হালধীয়া

  (B) ৰঙা

  (C) সোণালী

  (D) সেউজীয়া

৪. আইতাকক খুলনাত কোনে তামোল খুন্দি দিছিল? 

  (A) ৰূপাই

  (B) কণ ভাইটিয়ে

  (C) জুপিয়ে

  (D) মিনুৱে

9. জুপিয়ে ৰূপাহঁতৰ ঘৰলৈ কিয় আহিছিল?

  (A) খেলিবলৈ

  (B) জলফাই খাবলৈ

  (C) ফুৰিবলৈ

  (D) সাধু শুনিবলৈ

10. মিনুৱে কাৰ লগত মামাকহঁতৰ ঘৰলৈ গৈছিল?

  (A) ককাকৰ লগত

  (B) আইতাকৰ লগত

  (C) মাকৰ লগত

  (D) মামীয়েকৰ লগত

11. তলত দিয়া কোনটো বাক্যই ‘দাৱনী’ শব্দৰ অৰ্থ বুজাইছে? 

  (A) যিয়ে ধান ৰোৱে

  (B) যিয়ে ধান কাটে 

  (C) যিয়ে ধান বানে 

  (D) যিয়ে ধান জাৰে


মেকুৰী

মেকুৰী এবিধ চাৰিঠেঙীয়া জন্তু৷ মেকুৰী বগা, মুগা, ক’লা, পখৰা, ধোঁৱা বৰণীয়া নানা বৰণৰ থাকে৷ ইয়াৰ গাটো কোমল নোমেৰে আৱৰা৷ মেকুৰীৰ মুখখন ঘূৰণীয়া৷ তাৰ দুয়োকাষে দীঘল গোঁফ থাকে৷ ইয়াৰ কাণ দুখন থিয় আৰু এডাল দীঘল নেজ থাকে৷ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল৷ মেকুৰীয়ে আন্ধাৰতো দেখা পায়৷ মেকুৰীৰ প্ৰতিখন ঠেঙৰ হাতোৰাত পাঁচোটাকৈ চোকা নখ আছে৷ চিকাৰৰ সময়ত এই নখ ব্যৱহাৰ কৰে৷ মেকুৰীয়ে বৰ কৌশলেৰে চিকাৰ কৰিব জানে৷ সৰু-সুৰা জন্তু, নিগনি আদি সহজে ধৰিব পাৰে৷ মেকুৰী দেখিবলৈ বাঘৰ দৰে৷৷ 

মেকুৰী মাংসাহাৰী৷ ই বেছিকৈ মাছ, ভাত, গাখীৰ আদি খায়৷ এন্দুৰ, নিগনি আদিও ধৰি খায়৷ মাছ আৰু গাখীৰ মেকুৰীৰ প্রিয় খাদ্য৷ ই কোমল আৰু উম লগা ঠাইত শুবলৈ ভাল পায়৷ সেইবাবে ছাই, তুঁহ আদিত মেকুৰী বেছিকৈ শোৱে৷ মতা মেকুৰীক বোন্দা আৰু মাইকী মেকুৰীক বুন্দী বা জাঁই বোলে৷ জাঁই মেকুৰীয়ে এবাৰত ৪/৫ টাকৈ পোৱালি দিয়ে৷ পোৱালিয়ে মাকৰ গাখীৰ খাই ডাঙৰ হয়৷ মেকুৰীৰ ঘ্রাণ শক্তি অতি চোকা৷ ই বহু দূৰৰ পৰাই বস্তুৰ গোন্ধ পায়৷ 

ওপৰত দিয়া দফাটো পঢ়ি প্রশ্নসমূহৰ উত্তৰ দিয়া৷ 

12. মেকুৰী দেখিবলৈ কাৰ দৰে? 

  (A) সিংহৰ দৰে 

  (B) বাঘৰ দৰে

  (C) এন্দুৰৰ দৰে

  (D) নিগনিৰ দৰে

13. মতা মেকুৰীক কি বোলে?

  (A) বুন্দী

  (B) জাঁই

  (C) চিকাৰী

  (D) বোন্দা

14. মেকুৰীৰ প্রিয় খাদ্য কি? 

  (A) মাছ 

  (B) ভাত 

  (C) এন্দুৰ 

  (D) নিগনি

15. মেকুৰীয়ে ঠেঙৰ নখবোৰ কেতিয়া ব্যৱহাৰ কৰে? 

  (A) শুই থকা সময়ত

  (B) খোৱাৰ সময়ত

  (C) আন্ধাৰত খোজ কঢ়াৰ সময়ত

  (D) চিকাৰৰ সময়ত

16. ‘ঘ্রাণ’ শব্দৰ অর্থ কি?

  (A) খোৱা

  (B) দেখা

  (C) গোন্ধ লোৱা

  (D) শুনা

গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
দ্বিতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— B
মাধ্যম: অসমীয়া

Language— 2

Read the following passage and answer the questions from 17 to 19. 

Riya’s cousins Tina, Diya and Mithu planned to spend their summer vacation at Riya’s house. Riya was the youngest and Diya was the eldest of the cousins. After dinner, they planned to watch a movie. Riya lied on the carpet, Tina sat on a chair, Mithu and Diya rested on the bed. ‘Look at the ghost in the movie!’ said Mithu. The girls closed their eyes. They were all frightened. Then, suddenly the lights went out. Tina shouted in fear. ‘‘What is that?’’ cried Diya. Tina felt something walking over her feet. Riya looked around and shouted, ‘‘Tim! She knew it was her cat that frightened Tina. She ran after the cat towards the kitchen. 

17. Who sat on a chair? 

  (A) Mithu

  (B) Riya

  (C) Tina

  (D) Diya

18. Who lied on the carpet? 

  (A) Diya

  (B) Mithu

  (C) Tina

  (D) Riya

19. Why was Tina happy? 

  (A) because the movie was scary

  (B) because they were watching a movie

  (C) because it was their summer vacation

  (D) because the lights went out


Read the following passage and answer the questions from 20 to 22. 

Rongpur Primary School is at Janakpur Colony of Goalpara district. It is a very good school. Children from nearby areas go there to study. There are five classrooms in the school. There are eleven male and eight female teachers in the schools. The school also has a library, a kitchen and two playgrounds. There are separate toilets for girls and boys. The school has a beautiful flower garden at the front and a vegetable garden at the backyard. The school boundary is mostly covered with trees like banana, mango, coconut, guava etc. There are two neem trees at the front gate. It helps in keeping the air cool and clean. Sometimes the teachers take the children out and teach them under the neem trees. 

20. How many male teachers are there in Rongpur primary School?

  (A) eight

  (B) five

  (C) eleven

  (D) two

21. ‘‘It helps in keeping the air cool and clean.”— What does ‘‘it’’ refer to here?

  (A) neem trees

  (B) banana trees

  (C) flower garden

  (D) vegetable garden

22. What is the opposite of ‘‘dirty’’?

  (A) clean

  (B) beautiful

  (C) cool

  (D) good

Read the following passage and answer the questions from 23 to 26.

Pabitora is a famous wild life sanctuary. It is situated at Morigaon district of Assam. In 1987 it was declared as a wild life sanctuary. There are different kinds of animals in Pabitora like the rhinos, wild boar, wild buffalo, Indian jackal, fox, kingfisher, owl, parrot, woodpecker, crane and wild ducks etc. Water buffaloes are also found there. Pabitora is famous for one-horned rhino too. There is a hanging bridge in Pabitora. The name of it is ‘Haduk Hanging Bridge’. People from different places come to visit Pabitora to see the animals.

23. What is Pabitora famous for?

  (A) water buffalo

  (B) kingfisher

  (C) one-horned rhino

  (D) parrot

24. Which of the following statements is correct? 

  (A) Pabitora is a district of Assam.

  (B) Pabitora is a hanging bridge.

  (C) Pabitora is a wild animal. 

  (D) Pabitora is a wild life Sanctuary.

25. Which one is the opposite of ‘domestic’? 

  (A) wild

  (B) famous

  (C) visit

  (D) declared

26. Why do people visit Pabitora? 

  (A) to declare it as a wild life sanctuary.

  (B) to see the animals.

  (C) to build a hanging bridge.

  (D) to see Morigaon district.

গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
দ্বিতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— B
মাধ্যম: অসমীয়া

MATHEMATICS

27. ‘তিনি হাজাৰ দুশ বিৰাশী’ক সংখ্যাত প্ৰকাশ কৰিলে তলৰ কোনটো হ’ব?

  (A) 3228

  (B) 3282

  (C) 3822

  (D) 3288

28. তলৰ কোনটো 3 আৰু 5 ৰ এটা সাধাৰণ গুণিতক?

  (A) 3

  (B) 5

  (C) 8

  (D) 15

29. তলৰ কোনটো সকলো সংখ্যাৰে উৎপাদক?

  (A) 0

  (B) 1

  (C) 2

  (D) 10

30. ভাজ্য = 1338, ভাজক = 100, ভাগফল = 13, তেন্তে ভাগশেষ কিমান?

(A) 7

(B) 38

(C) 113

(D) 338

31. তলৰ চিত্ৰত ৰং দিয়া অংশটোক ভগ্নাংশত প্ৰকাশ কৰিলে তলৰ কোনটো হ’ব?

(A) 2

(B) \(\frac{1}{4}\)

(C) \(\frac{1}{2}\)

(D) \(\frac{2}{2}\)

32. \(\frac{57}{1000}\) ক দশমিকত প্রকাশ কৰিলে তলৰ কোনটো হ’ব?

(A) 5.7

(B) 0.57

(C) 0.057

(D) 0.0057

33. তলৰ দণ্ডচিত্ৰটোত কিছুমান ছাত্র-ছাত্রীৰ তেজৰ গ্ৰুপৰ তথ্য প্রকাশ কৰা হৈছে৷ AB তেজৰ গ্ৰুপৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

(A) 4

(B) 6

(C) 7

(D) 13

34. আয়ত এটাৰ পৰিসীমা 60 চে.মি, দৈর্ঘ্য 20 চে.মি. হ’লে প্রস্থ কিমান হ’ব?

  (A) 3 চে.মি.

  (B) 10 চে.মি.

  (C) 30 চে.মি.

  (D) 90 চে.মি.

35. 9 চে.মি. বাহুবিশিষ্ট বর্গ এটাৰ কালি কিমান হ’ব?

  (A) 18 বর্গ চে.মি.

  (B) 36 বর্গ চে.মি.

  (C) 41 চে.মি.

  (D) 41 বর্গ চে.মি.

36. 3695 চে.মি.ত কিমান মিটাৰ?

  (A) 369.5 মিটাৰ

  (B) 36.95 মিটাৰ

  (C) 3.695 মিটাৰ

  (D) 0.3695 মিটাৰ

37. 1 কুইণ্টলত কিমান কিলোগ্রাম?

  (A) 100 কিঃ গ্রাঃ

  (B) 10 কিঃ গ্রাঃ

  (C) 1000 কিঃ গ্রাঃ

  (D) 0.1 কিঃ গ্রাঃ

38. এক সমকোণত কিমান ডিগ্রী?

  (A) 30°

  (B) 60°

  (C) 90°

  (D) 180°

39. ঘড়ীৰ ঘণ্টা আৰু মিনিটৰ কাঁটা দুডালে 6 বজাত সৃষ্টি কৰা কোণটোৰ মাপ কিমান হ’ব?

  (A) 60°

  (B) 90°

  (C) 120°

  (D) 180°

40. তলৰ কোনটো ত্রিমাত্রিক আকৃতিৰ চিত্র?

(A) 

(B)

(C)

(D)


41. তলৰ চানেকিটোৰ খালী বাকচটোত কি বহিব?

T
T
T
T

(A)
T
(B)
T
(C)
T
(D)
T

42. 49560 ত 4 ৰ স্থানীয় মান কি?

  (A) 4

  (B) 400

  (C) 4000

  (D) 40000

43. তলৰ চানেকিটো সম্পূর্ণ কৰা—

2, 6, 10 , 3, 7, 15 , 4, 8, 20 , 4, 8, 20

(A) 4, 8, 15

(B) 4, 8, 25

(C) 5, 9, 22

(D) 5, 9, 25

44. 5 কিলোগ্রাম মচুৰ দাইলক 500 গ্রামকৈ পেকেট কৰিলে কিমানটা পেকেট হ’ব?

  (A) 5 টা

  (B) ৪ টা

  (C) 9 টা

  (D) 10 টা

গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
দ্বিতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— B
মাধ্যম: অসমীয়া

EVS

45. অতি শীতল পৰিৱেশত বাস কৰা প্রাণীটো হ’ল— 

  (A) উট

  (B) জেব্রা

  (C) বগা ভালুক

  (D) বাঘ

46. সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ’ল—

  (A) পৃথিৱী

  (B) শুক্র

  (C) নেপচুন

  (D) ইউনেৰাচ 

47. তলৰ কোনটো গোট সর্বভোজী প্রাণীৰে গঠিত বাছি উলিওৱা—

  (A) মানুহ, ভালুক

  (B) গৰু, ছাগলী

  (C) হৰিণা, হাতী

  (D) বাঘ, সিংহ

48. তলৰ কোনবিধ ডিমাচা জনগোষ্ঠীয়ে পৰিধান কৰা সাজপাৰ? 

  (A) জিচু

  (B) পেকক

  (C) ফাগা

  (D) আৰণাই

49. শুদ্ধ উক্তিটো বাছি উলিওৱা—

  (A) মৰাণত চূণশিল পোৱা যায়

  (B) লিডুত তেল শোধনাগাৰ আছে

  (C) উমৰাংচুত খাৰুৱা তেল পোৱা যায়

  (D) মাৰ্ঘেৰিটাত কয়লা পোৱা যায়

50. বেৰি বেৰি ৰোগ কোনবিধ ভিটামিনৰ অভাৱত হয়?

  (A) ভিটামিন A

  (B) ভিটামিন B

  (C) ভিটামিন C

  (D) ভিটামিন D

51. বানপানীৰ পৰা ৰক্ষা পাবলৈ আমি কি ব্যৱস্থা ল’ব লাগে? 

  (A) জলাশয়বোৰ পুতি পেলাব লাগে৷

  (B) য’তে ত’তে জাৱৰ-জোথৰ দম কৰি থ’ব লাগে৷

  (C) বিচনা বা মেজৰ তলত আশ্রয় ল’ব লাগে

  (D) নলা-নদর্মা খান্দি পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে

52. বতৰৰ তথ্য সংগ্ৰহৰ বাবে ব্যৱহাৰ হোৱা কোনবিধ সঁজুলিৰ ছবি তলত দিয়া হৈছে?

  (A) এনিম’মিটাৰ

  (B) হাইগ্ৰ’মিটাৰ

  (C) বায়ু দিকদর্শীসূচক

  (D) ৰেইনগজ

53. শৰ্কৰাজাতীয় খাদ্যৰ এটা উদাহৰণ হ’ল—

  (A) গাখীৰ

  (B) ভাত

  (C) কণী

  (D) মাছ

54. পানী প্ৰদূষণ হ্রাস কৰিবলৈ তলৰ কোনটো ব্যৱস্থা ল’ব লাগে?

  (A) পুখুৰীত গা-ধোৱা বন্ধ কৰিব লাগে

  (B) ঘৰুৱা আৱৰ্জনাবোৰ পুখুৰীত পেলাব লাগে

  (C) পুখুৰীত গৰু-ম’হক গা ধুৱাব লাগে

  (D) পুখুৰীত বাচন-বৰ্তন ধুব লাগে

55. কি সঁজুলিৰ সহায়ত বতাহৰ গতিবেগ জোখা হয়? 

  (A) ৰেইনগজ

  (B) এনিম’মিটাৰ

  (C) বায়ু মোজা

 (D) থার্ম’মিটাৰ

56. ভিটামিন K ৰ অভাৱত কি ৰোগ হয়?

  (A) মেদবহুলতা

  (B) শৰীৰৰ বৃদ্ধিত বাধা জন্মায়

  (C) হাড় ঠুনুকা হয়

  (D) শৰীৰত কটা-ছিঙা হ’লে তেজ বন্ধ নহয়

57. নেমুটেঙাত তলৰ কোনটো উপাদান পোৱা যায়?

  (A) শৰ্কৰা

  (B) প্র’টিন

  (C) চর্বি

  (D) ভিটামিন আৰু খনিজ পদার্থ

58. কয়লা এবিধ—

  (A) বনজ সম্পদ

  (B) খনিজ সম্পদ

  (C) জলজ সম্পদ

  (D) কৃষিজাত সম্পদ


গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
দ্বিতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— B
মাধ্যম: অসমীয়া

Writing L1

59. তলৰ যিকোনো এটা বিষয় লৈ তিনিশাৰী বাক্য লিখা৷ 

(A) তোমাৰ ভাল লগা জন্তু

(B) তুমি ভাল পোৱা এবিধ ফুল

(C) তোমাৰ প্রিয় ঠাই

উত্তৰ:






Writing L2

60. Write three sentences on any one of the following:

(A) School bag

(B) My favourite game/sports

(C) School garden

Ans: 






Numeracy

61. (a) যোগ কৰা:

1835
+ 397

উত্তৰ:

(b) বিয়োগ কৰা:

321
- 73

উত্তৰ:

(c) পূৰণ কৰা:

309
× 16

উত্তৰ:

(d) হৰণ কৰা:

        288 ÷ 16

উত্তৰ:





(e) এক ডজন মালভোগ কলৰ দাম 96 টকা হ’লে 5 টা কলৰ দাম কিমান?

উত্তৰ:





গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
দ্বিতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— B
মাধ্যম: অসমীয়া

Reading— L1

শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীসকলক ইচ্ছানুসাৰে যিকোনো এটা অংশ পঢ়িবলৈ দিব।

তলত দিয়া যিকোনো এটা অংশ পঢ়া৷

প্রথম অংশ জাহ্নৱী আৰু কণিকা ঘৰলৈ উভতিছে৷ সিহঁতে স্থানীয় ক্রিকেট খেল প্রতিযোগিতা চাবলৈ গৈছিল৷ সিহঁতে নিজৰ অঞ্চলৰ দলটোক সমর্থন জনাবলৈ গৈছিল৷
দ্বিতীয় অংশ ‘আন্ধাৰ হৈ আহিছে, সোনকালে ঘৰলৈ যাওঁ ব’লা’— ক্রিকেট খেলি উভতি আহোঁতে সমীৰণে ত্রিদিপক ক’লে৷ সিহঁতৰ ঘৰ একে অঞ্চলতে বাবে একেলগে অহা-যোৱা কৰে৷
তৃতীয় অংশ অম্লান জিতাৰ পেহীয়েকৰ ল’ৰা৷ সি ইঞ্জিনিয়াৰিং পঢ়ি আছে৷ মেধাৱী ছাত্র হিচাপে অঞ্চলটোত তাৰ সুনাম আছে৷

Reading— L2
FRAME 1 Last Sunday, I visited the state zoo with my friends. We bought tickets to enter the zoo. We saw tigers, monkeys, porcupines, elephants and various other animals in the zoo.
FRAME 2 Water is very important for every life forms on Earth. We use water for various purposes like drinking, cleaning, farming, cooking and so on. Water is a precious resource.
FRAME 3 Do you like looking at the sky in the evening? The moon shines brightly and looks like a lamp in the sky. The stars twinkle and glow and make the sky more bright.
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ