গুণোৎসৱ প্ৰশ্নকাকত— ২০২২, দ্বিতীয় পর্যায়, তৃতীয় দিন, পঞ্চম শ্ৰেণী

গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
তৃতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— C
মাধ্যম: অসমীয়া

Name of the Student :

Roll No :

Class :

Name of the School:


শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে নির্দেশনাৱলী—

— প্রশ্ন নম্বৰ 1 ৰ পৰা 58 লৈ ছাত্র-ছাত্রীয়ে শুদ্ধ বিকল্পটো বাছি উলিয়াই OMR Sheetত বৃত্তসমূহ গাঢ় কৰি পূৰ কৰিব৷

— প্রশ্ন নম্বৰ 59 ৰ পৰা 61 (e) লৈ প্রশ্নসমূহৰ উত্তৰ প্ৰশ্নকাকতত দিয়া নির্দিষ্ট ঠাইত ছাত্র-ছাত্রীক নিজে লিখিবলৈ দিব৷ শিক্ষকে উত্তৰসমূহ পৰীক্ষা কৰি নম্বৰ দিব আৰু নম্বৰসমূহ বহিঃমূল্যায়কৰ উপস্থিতিত OMR চীটত ভৰাব৷

— প্রশ্ন নম্বৰ 62ৰ যিকোনো এটা অংশ আৰু 63ৰ যিকোনো এটা অংশ ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ দিব৷ শিক্ষকে বহিঃমূল্যায়কৰ উপস্থিতিত মূল্যায়ন নিদের্শনাৱলীত দিয়া আৰ্হিত ছাত্ৰ-ছাত্রীক পঠনৰ নম্বৰ প্ৰদান কৰিব৷ মূল্যায়ন নিদের্শনাৱলীত দিয়া প্ৰ-পত্ৰৰ দৰে ছাত্র-ছাত্রীৰ সংখ্যা অনুযায়ী প্ৰ-পত্র প্রস্তুত কৰি নম্বৰসমূহ টুকি ৰাখিব আৰু পাছত OMR Sheetত বৃত্তসমূহ গাঢ় কৰি পূৰাব৷ অথবা শিক্ষকে পঠনৰ নম্বৰসমূহ পোনপটীয়াকৈও OMR Sheetত অন্তর্ভুক্ত কৰিব পাৰিব৷ 

— ছাত্র-ছাত্রীৰ নাম, ৰোল নং, শ্রেণী, বিদ্যালয়ৰ নামৰ তথ্যসমূহ ছাত্র-ছাত্রীয়ে পূৰ কৰিব৷


Language—1

প্রকাশহঁতৰ খেলপথাৰ

প্রকাশৰ ঘৰ মাণিকপুৰ গাঁৱত৷ গাঁওখনৰ পশ্চিম দিশে এখন ডাঙৰ খেলপথাৰ আছে৷ গাঁৱৰ ল’ৰা-ছোৱালীবোৰে এই খেলপথাৰখনতে খেলা-ধূলা কৰে৷ খেলপথাৰখন সেউজীয়া ঘাঁহনিৰে ভৰা৷ প্রকাশহঁতে বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ পাছত ভাত-পানী খাই লগৰীয়াৰ লগত ক্রিকেট খেলে৷ বন্ধৰ দিনত সিহঁতে ফুটবলো খেলে৷ গাঁৱৰে ডেকা ল’ৰাহঁতে মিলি এটা ফুটবল কিনিছে৷ ডাঙৰ ল’ৰাবোৰে গধূলি পৰত ভলীবল খেলে৷ প্ৰকাশৰ ভনীয়েক ৰিণিহঁতে এই খেলপথাৰতে দৌৰ আৰু ৰুমাল চুৰি খেলে৷ তৰাই বেগাই দৌৰিব পাৰে৷ বিদ্যালয় বন্ধৰ দিনত ৰিণি, তৰা, সোণটি আৰু ৰাখীয়ে খেলপথাৰৰ এটা চুকত বহি ঘৰ ঘৰ খেলে৷ কেতিয়াবা অন্য গাঁৱৰ ল’ৰাবোৰেও ইয়াত ফুটবল আৰু ক্রিকেট খেলিবলৈ আহে৷

মাঘ বিহুৰ দোমাহীৰ দিনাখন খেলপথাৰখনত বিভিন্ন খেলৰ প্রতিযোগিতা পতা হয়৷ সকলোৰে মনবোৰ আনন্দৰে ভৰি পৰে৷ সৰুবোৰে পাৰ পানী উঠা-বহা খেলে৷ প্রকাশহঁতে লগৰবোৰৰ লগত ৩০০ মিটাৰ আৰু ৫০০ মিটাৰ দৌৰত ভাগ লয়৷ প্ৰকাশৰ মাক, খুড়ীয়েকহঁতেও গাঁৱৰ অন্য তিৰোতাবোৰৰ লগত কলহ ভঙা আৰু ৰছী টনা খেলে৷ সেইদিনাখন গাঁৱৰ সকলোৱে খুব স্ফূর্তি কৰে৷ ৰঙালী বিহুত ল’ৰা-ছোৱালীবোৰে ঢোল-পেঁপা লৈ খেলপথাৰখনতে বিহুনাচ নাচে৷ প্রকাশহঁতৰ বিদ্যালয়ৰ ছাৰ-বাইদেউসকলে সদায় কয় যে, সু-স্বাস্থ্যৱান হৈ থাকিবলৈ খেলা-ধূলা কৰি থকাটো খুবেই আৱশ্যক৷ খেলা-ধূলা কৰিলে শৰীৰৰ লগতে মনো ভালে থাকে আৰু সকলোৰে লগত মিলা-প্রীতি বৃদ্ধি পায়৷ 

ওপৰত দিয়া দফাটো পঢ়ি প্রশ্নসমূহৰ উত্তৰ দিয়া৷

1. বিদ্যালয়ৰ পৰা আহি প্রকাশহঁতে কি খেল খেলে?

  (A) ফুটবল

  (B) ভলীবল

  (C) ক্রিকেট

  (D) দৌৰা

2. তৰাই কোনবিধ খেল ভালকৈ খেলিব পাৰে?

  (A) ৰুমাল চুৰি

  (B) দৌৰা

  (C) ফুটবল

  (D) ভলীবল

3. প্ৰকাশৰ মাকে গাঁৱৰ অন্য তিৰোতাৰ লগত কি খেল খেলে? 

  (A) দৌৰা

  (B) ক্রিকেট

  (C) ফুটবল

  (D) ৰচী টনা

4. খেলা-ধূলা কৰিলে কি হয়? 

  (A) শৰীৰৰ লগত মনো ভালে থাকে

  (B) সময় পাৰ হয়

  (C) পুৰস্কাৰ পায়

  (D) প্রতিযোগিতাত ভাগ ল’ব পাৰি

4. তলৰ কোনটো শব্দই ‘আনন্দ’ শব্দটিৰ সমার্থক অর্থ বুজাইছে?

  (A) মিলা-প্রীতি

  (B) স্ফূর্তি

  (C) খেলা-ধূলা

  (D) ভাল

6. তলৰ শব্দবোৰৰ কোনটো বিশেষ্য?

  (A) সেউজীয়া

  (B) বহুত

  (C) ডাঙৰ

  (D) ভাল 


পাৰ চৰাই

আমাৰ ঘৰবোৰত সঘনে দেখা এবিধ চৰাই হৈছে পাৰ চৰাই৷ ই দেখিবলৈ ধুনীয়া৷ ইহঁত নানা বৰণৰ৷ কিছুমান পাৰ চৰাই সম্পূর্ণ বগা৷ কিছুমানৰ আকৌ ডিঙি অংশ মুগা বৰণীয়া আৰু পিছৰ অংশ বগা৷ কজলা ৰঙৰ পাৰ চৰাইয়ো আছে৷ পাৰ চৰাইৰ ঠোঁট আৰু মূৰটো সৰু৷ ওপৰৰ ঠোঁটটো সামান্য বেঁকা৷ পাৰ চৰাইৰ প্ৰতিখন ঠেঙতে আগফালে তিনিটা আৰু পাছফালে এটা আঙুলি থাকে৷ প্রতিটো আঙুলিতে নখ থাকে৷ পাৰ চৰায়ে সহজে পোহ মানে৷ ইহঁতে মানুহৰ লগত থাকি ভাল পায়৷ গৃহস্থই সাজি দিয়া বাহবোৰত পাৰ চৰাই থাকে৷ কেতিয়াবা ইহঁতে নিজেই খেৰ, বন আদিৰে ঘৰৰ মুধচত বাহ সাজি লয়৷ পাৰ চৰাইয়ে এবাৰত দুটাকৈ কণী পাৰে৷ মতা আৰু মাইকী দুয়োটাই পাল পাতি কণী উমনি দিয়ে৷ কণী ফুটি পোৱালি জগাৰ পিছত মতা-মাইকী দুয়োৱে ঠোঁটেৰে আহাৰ খুৱায়৷ ইহঁতে ধান, চাউল, মাহ আদি খায়৷ পাৰ চৰায়ে একেলগে খোৱা দৃশ্য চাবলৈ বৰ মনোমোহা৷ ইহঁতে বৰ ধুনীয়াকৈ ৰুণ দি দি মাতে৷ বগা পাৰ চৰাইক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়৷ পাৰ চৰায়ে নিজৰ থকা ঠাইৰ কথা কেতিয়াও নাপাহৰে৷ বহু দূৰণিলৈ গ’লেও পাৰ চৰায়ে আকৌ নিজৰ বাহলৈ উভতি আহে৷ আগৰ দিনত মানুহে পাৰ চৰাইৰ পাখিত চিঠি গাঁঠি দি দূৰণিৰ বাতৰি অনা-নিয়া কৰিছিল৷ 

ওপৰত দিয়া দফাটো পঢ়ি প্রশ্নসমূহৰ উত্তৰ দিয়া৷ 

7. পাৰ চৰাইৰ ওপৰৰ ঠোঁটটো কেনেকুৱা?

  (A) সৰু 

  (B) বগা

  (C) বেঁকা

  (D) মুগা

৪. পাৰ চৰাইয়ে পোৱালিক কিহেৰে আহাৰ খুৱায়?

  (A) ডিঙিৰে

  (B) ঠোঁটেৰে

  (C) পাখিৰে

  (D) ঠেঙেৰে

9. কেনেকুৱা ৰঙৰ পাৰ চৰাইক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়? 

  (A) মুগা

  (B) কজলা

  (C) পখৰা

  (D) বগা

10. পাৰ চৰাইৰ পাখিত চিঠি গাঁঠি দি দূৰণিৰ বাতৰি অনা নিয়া কৰাৰ কাৰণ কি?

  (A) পাৰ চৰাই বহু দূৰণিলৈ উৰিব পাৰে বাবে

  (B) পাৰ চৰাইৰ পাখিত আঁৰি দিবলৈ সুবিধা বাবে

  (C) বহু দূৰণিলৈ গ’লেও আকৌ নিজৰ ঠাইলৈ ঘূৰি আহে বাবে

  (D) পাৰ চৰাই দেখিবলৈ ধুনীয়া বাবে৷

11. ‘প্রতীক’ শব্দৰ অর্থ কি?

  (A) মনোমোহা

  (B) শান্তি

  (C) ধুনীয়া

  (D) চিহ্ন৷


জাৰৰ দিন

মিনুৱে বার্ষিক পৰীক্ষা দি মাকৰ লগত কেইদিমান থকাকৈ মামাকহঁতৰ গাঁৱলৈ গ’ল৷ গাঁওখনৰ নাম গোবিন্দপুৰ৷ মিনু অহাত মামাকৰ ল’ৰা-ছোৱালী কণ ভাইটি আৰু ৰূপাৰ কি যে স্ফূর্তি৷ ৰূপা মিনুতকৈ বয়সত এবছৰ ডাঙৰ৷ মিনুৱেও বহুদিনৰ মূৰত ককাক আইতাকক লগ পাই বৰ ভাল পালে৷ সন্ধিয়াপৰত ককাকে তিনিওকে নামঘৰলৈ লৈ গ’ল৷ নামঘৰত প্ৰসাদ খাই তিনিও আইতাকৰ ওচৰত বহিলোঁ৷ ঠাণ্ডাৰ দিন হোৱাৰ বাবে আইতাকে জুই পুৱাই আছিল৷ আইতাকে সিহঁতক সাধু শুনালে৷ আইতাকে ৰূপাক তামোল আনিবলৈ দিলে৷ ৰূপাই তামোল, পাণ আৰু চূণ দি খুন্দনাত ৰঙাকৈ তামোল খুন্দি দিলে৷ পাছদিনাখন ৰূপাই মিনুক সিহঁতৰ খেতিপথাৰ দেখুৱাবলৈ লৈ গ’ল৷ পথাৰত তেতিয়া দাৱনীয়ে ধান কাটি আছিলে৷ পকা ধানবোৰ সোণালী ৰঙৰ৷ অলপ দূৰ গৈ মিনুৱে দেখিলে ডাঙৰ পথাৰখনত চাৰিওফালে সেউজীয়াৰ মাজে মাজে ধুনীয়া হালধীয়া ফুল ফুলি আছে৷ মিনুৱে ৰূপাক সুধিলে, ‘‘এইবোৰ কি ফুল?’’ ৰূপাই ক’লে— ‘‘এইবোৰ সৰিয়হৰ ফুল৷’’ ইয়াৰ গুটিৰ পৰাই আমি খোৱা সৰিয়হৰ তেল প্ৰস্তুত কৰা হয়৷ মিনুৱে খেতিডৰালৈ গৈ ফুলবোৰ হাতেৰে চুই চালে৷ দুয়ো ফুৰি ফুৰি ঘৰলৈ উভতি আহিল৷ ঘৰত মামীয়েকে চোতালত বহি জলফাই টেঙা কাটি আছিল৷ তাকে দেখি ওচৰৰ জুপিও আহিল৷ মিনু, ৰূপা, কণ ভাইটি আৰু ওচৰৰ লগৰীয়া জুপিয়ে কলপাতত জলফাই টেঙা টকালি পাৰি খালে৷ এনেদৰে মিনুৱে ৰূপাহঁতৰ লগত স্ফূর্তি কৰি মামাকহঁতৰ ঘৰত জাৰৰ দিন কটালে৷ 

ওপৰত দিয়া দফাটো পঢ়ি প্রশ্নসমূহৰ উত্তৰ দিয়া৷ 

7. পকা ধানবোৰ কেনেকুৱা ৰঙৰ?

  (A) হালধীয়া

  (B) ৰঙা

  (C) সোণালী

  (D) সেউজীয়া

৪. আইতাকক খুন্দনাত কোনে তামোল খুন্দি দিছিল? 

  (A) ৰূপাই

  (B) কণ ভাইটিয়ে

  (C) জুপিয়ে

  (D) মিনুৱে

9. জুপিয়ে ৰূপাহঁতৰ ঘৰলৈ কিয় আহিছিল?

  (A) খেলিবলৈ

  (B) জলফাই খাবলৈ

  (C) ফুৰিবলৈ

  (D) সাধু শুনিবলৈ

10. মিনুৱে কাৰ লগত মামাকহঁতৰ ঘৰলৈ গৈছিল?

  (A) ককাকৰ লগত

  (B) আইতাকৰ লগত

  (C) মাকৰ লগত

  (D) মামীয়েকৰ লগত

11. তলত দিয়া কোনটো বাক্যই ‘দাৱনী’ শব্দৰ অৰ্থ বুজাইছে? 

  (A) যিয়ে ধান ৰোৱে

  (B) যিয়ে ধান কাটে 

  (C) যিয়ে ধান বানে 

  (D) যিয়ে ধান জাৰে


গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
তৃতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— C
মাধ্যম: অসমীয়া

Language— 2

Read the following passage and answer the questions from 17 to 19. 

Riya’s cousins Tina, Diya and Mithu planned to spend their summer vacation at Riya’s house. Riya was the youngest and Diya was the eldest of the cousins. After dinner, they planned to watch a movie. Riya lied on the carpet, Tina sat on a chair, Mithu and Diya rested on the bed. ‘Look at the ghost in the movie!’ said Mithu. The girls closed their eyes. They were all frightened. Then, suddenly the lights went out. Tina shouted in fear. ‘What is that?’ cried Diya. Tina felt something walking over her feet. Riya looked around and shouted, ‘Tim!’ She knew it was her cat that frightened Tina. She ran after the cat towards the kitchen. 

17. Where did the cousins plan to spend their summer vacation?

  (A) at Mithu’s house

  (B) at Riya’s house

  (C) at Tina's house

  (D) at Diya’s house

18. Who shouted— ‘Look at the ghost in the movie!’

  (A) Mithu 

  (B) Diya 

  (C) Tina 

  (D) Riya

19. Why did the girls close their eyes? 

  (A) because Tina shouted

  (B) because the lights went out

  (C) because there was a ghost in the movie

  (D) because Mithu shouted


Read the following passage and answer the questions from 20 to 22. 

Rongpur Primary School is at Janakpur Colony of Goalpara district. It is a very good school. Children from nearby areas go there to study. There are five classrooms in the school. There are eleven male and eight female teachers in the school. The school also has a library, a kitchen and two playgrounds. There are separate toilets for girls and boys. The school has a beautiful flower garden at the front and a vegetable garden at the backyard. The school boundary is mostly covered with trees like banana, mango, coconut, guava etc. There are two neem trees at the front gate. It helps in keeping the air cool and clean. Sometimes the teachers take the children out and teach them under the neem trees. 

20. How many neem trees are there at the front gate?

  (A) eleven

  (B) eight

  (C) five

  (D) two

21. Why do the children from nearby areas go to Rongpur Primary School?

  (A) because it is a very good school

  (B) because it has toilets for boys and girls

  (C) because it has a vegetable garden

  (D) because it has a flower garden

22. What is the opposite of ‘come’? 

  (A) go 

  (B) take 

  (C) teach 

  (D) help 


Read the following passage and answer the questions from 23 to 26. 

    Pabitora is a famous wild life sanctuary. It is situated at Morigaon district of Assam. In 1987 it was declared as a wild life sanctuary. There are different kinds of animals in Pabitora like the rhinos, wild boar, wild buffalo, Indian jackal, fox, kingfisher, owl, parrot, woodpecker, crane and wild ducks etc. Water buffaloes are also found there. Pabitora is famous for one-horned rhino too. There is a hanging bridge in Pabitora. The name of it is ‘Haduk Hanging Bridge’. People from different places come to visit Pabitora to see the animals.

23. What is Pabitora famous for?

  (A) water buffalo

  (B) kingfisher

  (C) one-horned rhino

  (D) parrot

24. Which of the following statements is correct?

  (A) Pabitora is a district of Assam

  (B) Pabitora is a hanging bridge.

  (C) Pabitora is a wild animal.

  (D) Pabitora is a wild life Sanctuary.

25. Which one is the opposite of ‘domestic’? 

  (A) wild

  (B) famous

  (C) visit

  (D) declared

26. Why do people visit Pabitora?

  (A) to declare it as a wild life sanctuary.

  (B) to see the animals.

  (C) to build a hanging bridge.

  (D) to see Morigaon district.


গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
তৃতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— C
মাধ্যম: অসমীয়া

MATHEMATICS

27. ‘চাৰি হাজাৰ সাত’ক সংখ্যাত প্ৰকাশ কৰিলে তলৰ কোনটো হ’ব? 

  (A) 47

  (B) 407

  (C) 4007

  (D) 40007

24. তলৰ কোনটো 4 আৰু 6ৰ এটা সাধাৰণ গুণিতক?

  (A) 4

  (B) 6

  (C) 10

  (D) 12

29. তলৰ কোনটো সকলো সংখ্যাৰে উৎপাদক?

  (A) 0

  (B) 1

  (C) 2

  (D) 10

30. ভাজ্য = 5712, ভাজক = 100, ভাগফল = 57 তেন্তে, ভাগশেষ কিমান? 

  (A) 2

  (B) 12

  (C) 712

  (D) 157

31. কাষৰ চিত্ৰত থকা ৰং দিয়া অংশক ভগ্নাংশত প্ৰকাশ কৰিলে তলৰ কোনটো হ’ব?

  (A) 1

  (B) \(\frac{1}{2}\)

  (C) \(\frac{1}{3}\)

  (D) \(\frac{1}{4}\)

32. \(\frac{7}{1000}\)ক দশমিকত প্রকাশ কৰিলে তলৰ কোনটো হ’ব?

  (A) 0.0007

  (B) 0.007

  (C) 0.07

  (D) 0.7

33. তলৰ দণ্ডচিত্ৰটোত কিছুমান ছাত্র-ছাত্রীৰ তেজৰ গ্ৰুপৰ তথ্য প্রকাশ কৰা হৈছে৷ AB তেজৰ গ্ৰুপৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

  (A) 4

  (B) 6

  (C) 7

  (D) 13

34. এটা বৰ্গৰ পৰিসীমা 20 চে.মি.৷ বর্গটোৰ এটা বাহুৰ দীঘ কিমান হ’ব?

  (A) 4 চে.মি.

  (B) 5 চে.মি.

  (C) 10 চে.মি. 

  (D) 20 চে.মি. 

35. কাষৰ চিত্ৰৰ আয়তটোৰ কালি কিমান হ’ব?

  (A) ৪ চে.মি.

  (B) 15 চে.মি.

  (C) 16 বর্গ চে.মি.

  (D) 15 বর্গ চে.মি.

36. 2159 চে.মি.ত কিমান মিটাৰ?

  (A) 0.2159 মিটাৰ

  (B) 2.159 মিটাৰ

  (C) 21.59 মিটাৰ

  (D) 215.9 মিটাৰ

37. 1000 মিলিগ্রামত কিমান গ্রাম?

  (A) 1 গ্রাম

  (B) 10 গ্রাম

  (C) 100 গ্রাম

  (D) 0.1 গ্রাম

38. এক সমকোণত কিমান ডিগ্রী?

  (A) 30°

  (B) 60°

  (C) 90°

  (D) 180°

39. ঘড়ীৰ ঘণ্টা আৰু মিনিটৰ কাঁটা দুডালে 9 বজাত সৃষ্টি কৰা কোণটোৰ মাপ কিমান হ’ব?

  (A) 30°

  (B) 45°

  (C) 60°

  (D) 90°

40. তলৰ কোনটো দ্বিমাত্রিক আকৃতিৰ চিত্র?

  (A)

41. তলৰ চানেকিটোৰ খালী বাকচত কি বহিব?

(A)
(B)

(C)
(D)

42. 39470 ত 3ৰ স্থানীয় মান কি?

  (A) 3

  (B) 300

  (C) 3000

  (D) 30000

43. তলৰ চানেকিটো সম্পূর্ণ কৰা—

5, 6, 12 , 6, 7, 14 , 7, 8, 16 , 4, 8, 20

  (A) 7, 9, 17

  (B) 7, 9, 18

  (C) 8, 9, 16

  (D) 8, 9, 18

44. 3 কিলোগ্রাম চাহপাতক 250 গ্রামকৈ পেকেট কৰিলে কিমানটা পেকেট হ’ব?

  (A) 12 টা

  (B) 10 টা

  (C) 6 টা

  (D) 3 টা


গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
তৃতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— C
মাধ্যম: অসমীয়া

EVS

45. তলৰ কোনবিধ জৈৱিক উপাদান?

  (A) মাটি

  (B) উদ্ভিদ

  (C) পানী

  (D) সূৰ্যৰ পোহৰ

46. সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহটো হ’ল— 

  (A) ইউৰেনাচ

  (B) পৃথিৱী

  (C) বৃহস্পতি

  (D) নেপচুন

47. তলৰ কোনটো গোট সর্বভোজী প্রাণীৰে গঠিত বাছি উলিওৱা—

  (A) মানুহ, ভালুক

  (B) বাঘ, সিংহ

  (C) হৰিণা, হাতী

  (D) শেন চৰাই, সাপ

48. তলৰ কোনবিধ তিৱা জনগোষ্ঠীয়ে পৰিধান কৰা সাজপাৰ?

  (A) টঙালি

  (B) ফাগা

  (C) পহ

  (D) বিচা

49. শুদ্ধ উক্তিটো বাছি উলিওৱা:

  (A) উমৰাংচুত খাৰুৱা তেল পোৱা যায়৷

  (B) মৰাণত চূণশিল পোৱা যায়৷

  (C) লিডুত তেল শোধনাগাৰ আছে৷

  (D) মাৰ্ঘেৰিটাত কয়লা পোৱা যায়৷

50. কোনবিধ ভিটামিনৰ অভাৱত হাড়ৰ গঠন দুর্বল হয়? 

  (A) ভিটামিন B

  (B) ভিটামিন A

  (C) ভিটামিন D

  (D) ভিটামিন C

51. বানপানীৰ পৰা ৰক্ষা পাবলৈ আমি কি ব্যৱস্থা ল’ব লাগে? 

  (A) য’তে ত’তে জাৱৰ-জোথৰ দ’ম কৰি থব লাগে

  (B) বিছনা বা মেজৰ তলত আশ্রয় ল’ব লাগে

  (C) জলাশয়বোৰ পুতি পেলাব লাগে৷

  (D) নলা-নর্দমা খান্দি পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে৷

52. বতৰৰ তথ্য সংগ্ৰহৰ বাবে ব্যৱহাৰ হোৱা কোনবিধ সঁজুলিৰ ছবি তলত দিয়া হৈছে?

  (A) হাইগ্র’মিটাৰ

  (B) ৰেইনগজ

  (C) বায়ু দিকদর্শীসূচক

  (D) এনিম’মিটাৰ

53. চর্বীজাতীয় খাদ্যৰ এটা উদাহৰণ হ’ল—

  (A) ডাইল

  (B) নেমুটেঙা

  (C) মিঠাতেল

  (D) আলু

54. মাটি প্ৰদূষণ হ্রাস কৰিবলৈ কোনটো ব্যৱস্থা ল’ব লাগে?

  (A) কৃষিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবলৈ খেতিয়কক ক’ব লাগে

  (B) পেলনীয়া প্লাষ্টিকৰ সামগ্রী মাটিত পুতি থ’ব লাগে

  (C) কৃষিত পচনসাৰ ব্যৱহাৰ কৰিবলৈ খেতিয়কক ক’ব লাগে

  (D) খেতিত ৰাসায়নিক কীটনাশক দ্রব্য ব্যৱহাৰ কৰিবলৈ খেতিয়কক ক’ব লাগে

55. কি সঁজুলিৰ সহায়ত বতাহৰ দিশ জোখা হয়?

  (A) এনিমমিটাৰ

  (B) দিক্-দর্শীসূচক

  (C) হাইগ্ৰ’মিটাৰ

  (D) ৰেইনগজ

56. কোনবিধ খনিজ দ্রব্যৰ অভাৱত গৰল বেমাৰ হয়?

  (A) কেলচিয়াম

  (B) লো

  (C) আয়’ডিন

  (D) ছডিয়াম

57. একেৰাহে কেইবাদিন ধৰি বেছি পৰিমাণে হৈ থকা বৰষুণৰ বাবে পাহাৰীয়া অঞ্চলত কি হ’ব পাৰে?

  (A) ভূমিস্খলন

  (B) ভূমিকম্প

  (C) ঘূর্ণীবতাহ

  (D) বনজুই

58. কয়লা এবিধ—

  (A) বনজ সম্পদ

  (B) খনিজ সম্পদ

  (C) জলজ সম্পদ

  (D) কৃষিজাত সম্পদ৷


গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
তৃতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— C
মাধ্যম: অসমীয়া

Writing L1

59. তলৰ যিকোনো এটা বিষয় লৈ তিনিশাৰী বাক্য লিখা৷

  (A) তুমি খেলি ভাল পোৱা এবিধ খেল

  (B) তোমাৰ বিদ্যালয়ত পালন কৰা এটি উৎসৱ

  (C) পুথিভঁৰাল

উত্তৰ:






Writing L2

60. Write three sentences on any one of the following:

  (A) Pencil box

  (B) My favourite festival

  (C) Library

Ans: 






Numeracy

61. (a) যোগ কৰা:

1729
+ 253

উত্তৰ:

(b) বিয়োগ কৰা:

292
- 79

উত্তৰ:

(c) পূৰণ কৰা:

209
× 16

উত্তৰ:

(d) হৰণ কৰা:

20 960

উত্তৰ:





(e) এক ডজন মালভোগ কলৰ দাম 96 টকা হ’লে 5 টা কলৰ দাম কিমান?

উত্তৰ:





গুণোৎসৱ, দ্বিতীয় পর্যায়— ২০২২
তৃতীয় দিন
শ্রেণী : পঞ্চম
(L-1, L2, Maths, EVS, W-1, W-2, Numeracy, R-1 & R-2)
Set— C
মাধ্যম: অসমীয়া

Reading— L1

শিক্ষকলৈ নির্দেশনা : ছাত্ৰ-ছাত্ৰীসকলক ইচ্ছানুসাৰে যিকোনো এটা অংশ পঢ়িবলৈ দিব।

তলত দিয়া যিকোনো এটা অংশ পঢ়া৷

প্রথম অংশ চুমকিয়ে বৰ সুন্দৰ বিহু নাচে৷ তাই চক্ৰপুৰৰ বিহু নাচ প্রতিযোগিতাৰ একেৰাহে দুই বছৰৰ মৌ-কুঁৱৰী৷ এইবাৰো তাই অংশগ্রহণ কৰিবলৈ আহিছে৷
দ্বিতীয় অংশ স্কুলত সৰস্বতীপূজা পাতিছে৷ প্রতিমা আৰু নন্দিতাহঁতে মাকৰ মেখেলা-চাদৰ পিন্ধি আহিছে৷ সিহঁতৰ বৰ স্ফূর্তি, কিন্তু হঠাতে বতৰ ডাৱৰীয়া হৈ অহাত সিহঁতৰ ভয় লাগিল৷
তৃতীয় অংশ ‘‘তুমি এইবাৰ কি হবা?’’ মাকে বৈকুণ্ঠক সুধিলে৷ মই এইবাৰ সুভাষ চন্দ্র বসু হ’ম, সি উত্তৰ দিলে৷ সিহঁতৰ স্কুলত কাইলৈ ভেশচন প্রতিযোগিতা আছে৷

Reading— L2
FRAME 1 Trees are an important part of the environment. They provide us with clean air. The colorful leaves of the trees make the environment more beautiful. The more we plant trees, the better our environment is going to be. 
FRAME 2 A postman is an important person for the society. A postman carries letters, money orders, and parcels in a bag and goes door to door to deliver them to us. A postman wears a uniform of khaki colour. 
FRAME 3 When Sumi met Rani for the first time, she asked Rani— ‘‘Where do you live?’’ Rani replied quickly— ‘‘I live in Sivsagar.’’ ‘‘Wow! Sivsagar!’’— Sumi said excitedly and continued ‘‘I heard Sivsagar is a beautiful place and it has many historical places to visit.’’ Rani replied proudly— ‘‘Yes! Therefore I love my home town a lot.’’
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ