উদ্ভিদ আৰু ইয়াৰ অংগসমূহ— অ.জা.বি., ষষ্ঠ শ্ৰেণী

বিষয় : বিজ্ঞান

পাঠ নং : ৭


1. শুদ্ধ উত্তৰ বাছি উলিওৱা—

i) তলত দিয়া উদ্ভিদবোৰৰ ভিতৰত অপুষ্পক উদ্ভিদবিধ হ’ল—

    a) মূলা

    b) আদা

    c) কঁঠাল

    d) ঢেঁকীয়া

উত্তৰ: ঢেঁকীয়া৷

ii) সমান্তৰাল সিৰা পোৱা যায়—

    a) কলপাতত

    b) আমৰ পাতত

    c) জবা গছৰ পাতত

    d) আঁহত গছৰ পাতত

উত্তৰ: কলপাতত।

iii) তলত দিয়াবোৰৰ কোনটো কাণ্ড নহয়—

    a) গাজৰ

    b) আদা

    c) আলু

    d) হালধি

উত্তৰ: গাজৰ৷

2. খালী ঠাই পূৰ কৰা— 

(a) স্ত্রীস্তৱকৰ বাহিৰৰ মূৰটোত থকা ৰঙা টেমুনাৰ দৰে অংশক          বোলে।

উত্তৰ: স্ত্রীস্তৱকৰ বাহিৰৰ মূৰটোত থকা ৰঙা টেমুনাৰ দৰে অংশক  গৰ্ভমুণ্ড  বোলে।

(b) বেংছতা হ’ল এবিধ      

উত্তৰ: বেংছতা হ’ল এবিধ  ভেঁকুৰ 

(c)        ফুল অসম্পূর্ণ ফুলৰ উদাহৰণ।

উত্তৰ:  অমিতাৰ  ফুল অসম্পূর্ণ ফুলৰ উদাহৰণ।

(d) মটৰমাহ এবিধ        লতা।

উত্তৰ: মটৰমাহ এবিধ  আৰোহী  লতা।

3. গছৰ কোন অংশই খাদ্য প্রস্তুত কৰিব পাৰে উল্লেখ কৰা।

উত্তৰ: উদ্ভিদৰ পাতে খাদ্য প্ৰস্তুত কৰিব পাৰে।

4. উদ্ভিদৰ কোনটো অংশত গর্ভাশয় থাকে?

উত্তৰ: উদ্ভিদৰ ফুল অংশত গৰ্ভাশয় থাকে।

5. মধ্যসিৰা মানে কি লিখা।

উত্তৰ: পত্ৰফলকৰ গুৰিৰ পৰা আগলৈকে থকা ডাঙৰ স্পষ্ট সিৰাডালক মধ্যসিৰা বোলে।

6. পাহিবোৰ কিয় ৰঙীন হয় লিখা।

উত্তৰ:  আমাৰ প্ৰকৃতিত বিভিন্ন প্ৰজাতিৰ ফুল পোৱা যায়। বিভিন্ন প্ৰজাতিৰ ফুলবোৰৰ পাহিৰ ৰং প্ৰাকৃতিকভাৱেই বেলেগ বেলেগে ধৰণৰ হয়।

7. সালোক-সংশ্লেষণ বুলিলে কি বুজা?

উত্তৰ: গছৰ সেউজীয়া পাতত পত্ৰহৰিৎ নামৰ এবিধ পদাৰ্থ থাকে। ইয়াৰ উপস্থিতিত উদ্ভিদে খাদ্য প্ৰস্তুত কৰে। প্ৰক্ৰিয়াটোত সূৰ্যৰ পোহৰো লাগে। এই প্ৰক্ৰিয়াটোত অক্সিজেন গেছ নিৰ্গত হয়। খাদ্য-প্ৰস্তুতিৰ এই প্ৰক্ৰিয়াটোক সালোক-সংশ্লেষণ বোলে।

8. সমান্তৰাল সিৰাবিন্যাস পোৱা 4 বিধ উদ্ভিদৰ নাম লিখা।

উত্তৰ: সমান্তৰাল সিৰাবিন্যাস পোৱা 4 বিধ উদ্ভিদৰ নাম হ’ল—

    (a) কলপাত

    (b) ধান

    (c) কুঁহিয়াৰ

    (d) বাঁহ।

9. জাল-সিৰাবিন্যাস পোৱা 4 বিধ উদ্ভিদৰ নাম লিখা।

উত্তৰ: জাল-সিৰাবিন্যাস পোৱা 4 বিধ উদ্ভিদ হৈছে—

    (a) আহঁত পাত

    (b) আম পাত

    (c) তুলসী পাত

    (d) কঁঠাল পাত।

10. কাণ্ডৰ কাৰ্য্য উল্লেখ কৰা।

উত্তৰ: উদ্ভিদৰ শিপাই মাটিৰ পৰা খনিজ পদাৰ্থ মিহলি পানী শোষণ কৰে। কাণ্ডই গছৰ বিভিন্ন অংশলৈ এইবোৰ কঢ়িয়াই নিয়ে। গছৰ খাদ্য পাতত উৎপন্ন হয়। কাণ্ডই সেই খাদ্য কঢ়িয়াই আনি আন আন অংগত ব্যৱহাৰ বা সঞ্চিত কৰাত সহায় কৰে।

11. পাতৰ লক্ষণ অনুসাৰে উদ্ভিদৰ মূল কি কি ধৰণৰ হয় লিখা।

উত্তৰ: যিবোৰ উদ্ভিদৰ পাতৰ সিৰাবিন্যাস সমান্তৰাল হয়, তেনে উদ্ভিদৰ শিপা সাধাৰণতে গুচ্ছ মূল হয়। আৰু যিবোৰ উদ্ভিদৰ পাতৰ সিৰাবিন্যাস জালৰ দৰে হয়, তেন্তে উদ্ভিদৰ শিপা মুখ্যমূল হোৱা দেখা যায়।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ