বিদ্যালয় সুৰক্ষাৰ সংকল্প (Safety Pledge for Schools)

সমগ্ৰ শিক্ষা, অসম

বিদ্যালয় সুৰক্ষা শপত

বিদ্যালয় সুৰক্ষাৰ সংকল্প

(এই সংকল্পটি প্ৰতিখন বিদ্যালয়ত ডাঙৰ হৰফেৰে লিখি‍/ প্ৰিণ্ট কৰি সকলোৱে দেখাকৈ আঁৰি‍ থ'ব লাগিব৷)


    আমি, ............................ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে আমাৰ বিদ্যালয়খন সকলোৰে বাবে নিৰাপদ, সুৰক্ষিত আৰু আনন্দদায়ক স্থান হিচাপে নিশ্চিত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হওঁ৷ আমি সকলোৱে আমাৰ বিদ্যালয়ৰ মুৰব্বীগৰাকীক সকলো সময়তে সহায়-সহযোগিতা আগবঢ়াবলৈ প্ৰতিজ্ঞাবদ্ধ হওঁ যে—

১৷ বিদ্যালয় ছুটী হোৱাৰ পাছত বিদ্যালয় চৌহদৰ ভিতৰত বা বাহিৰত কোনো ছাত্ৰ-ছাত্ৰী ৰৈ নোযোৱাটো নিশ্চিত হোৱাৰ পাছতহে বিদ্যালয় ত্যাগ কৰিম৷

২৷ বিদ্যালয় প্ৰধানগৰাকীৰ অনুমতি সাপেক্ষেহে বিদ্যালয়ৰ কোনো শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী বা কৰ্মচাৰীয়ে বিদ্যালয় ছুটীৰ পাছত বিভিন্ন কামৰ বাবে বিদ্যালয়ত ৰৈ যোৱাটো নিশ্চিত কৰিম৷

৩৷ সকলো ছাত্ৰ-ছাত্ৰী আৰু আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ স’তে নিয়মীয়াকৈ আৰু সপ্তাহত অন্ততঃ এদিন মত বিনিময় কৰিম৷

৪৷ সকলো ছাত্ৰ-ছাত্ৰী, বিশেষকৈ প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি শিক্ষক-শিক্ষয়িত্ৰীসকল অনুভূতিশীল হোৱাটো নিশ্চিত কৰিম৷

৫৷ এটি স্বাস্থ্যসন্মত, পৰিষ্কাৰ-পৰিচ্ছন্ন তথা শংকামুক্ত পৰিৱেশ সৃষ্টি কৰিম৷ লগতে সংঘাত নিয়ন্ত্ৰণ কৰিম৷

৬৷ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল’বলগীয়া সাৱধানতাৰ অৱলম্বনসমূহ নিয়মিতভাৱে অনুশীলন কৰিম৷

৭৷ পৰামৰ্শ/ অভিযোগ (POCSO) সম্পৰ্কীয় বাকচ এটাৰ ব্যৱস্থা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মতামতসমূহ নিয়মিতভাৱে পৰীক্ষা কৰিম৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ