১. তোমাৰ
লক্ষ্য স্থান ক’ত?
সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন
পথে খোজ দিবা কেনেকৈ জানিবা৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব৷ — লিটন
২. শিক্ষাই
জীৱন, জীৱনেই
শিক্ষা৷ — লজ
৩. নিজক
সদায় আনন্দত ৰাখিবা৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল,
নিৰুৎসাহী মানুহৰ বাবে নহয়৷ — ওমাৰ্চন
৪. যি
মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই৷ — বেঞ্জামিন
ফ্ৰেংকলিন
৫. আনক
সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত
দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা৷ —- চক্ৰেটিচ
৬. মানুহে
যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে —জৱাহৰলাল নেহৰু
৭. আমি যি
জানো সি অতি সামান্য৷ আমি যি নাজানো তাৰ সীমা নাই৷ — পাৰলেচ
৮. কোনোৱে
তোমাক সহায় কৰিব নোৱাৰে৷ নিজেই নিজৰ সহায় লোৱা৷ — বুদ্ধদেৱ
৯. এলেহুৱা
মানুহৰ শৰীৰ পেলাই থোৱা চিবিৰ নিচিনা৷ ব্যৱহাৰ নকৰা চিবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ
হয়৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়, শ্ৰম কৰা শৰীৰো তেনে
কটকটীয়া৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা৷ — ৰিচাৰ্ড৷
১০. সময়েই
ধন৷ — বেঞ্জামিন
ফ্ৰেঙ্কলিন৷
১১. খং
নকৰিবা নিজৰে সৰ্বনাশ হ'ব৷ অহংকাৰ নকৰিবা পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত
পৰিবা৷ — বিবেকানন্দ৷
১২. আজিৰ
কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা৷ — হজৰত মহম্মদ৷
১৪.
পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত৷ — পিয়েৰ টেলহাৰ্ড
১৫. সফলতাৰ
পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ'ব বিচাৰিছা তেন্তে
ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা — তুমি কি কৰি ভাল পোৱা আৰু
কিহত বিশ্বাস কৰা৷ দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে৷ — ডেভিদ ফ্ৰষ্ট৷
১৬. এগৰাকী
সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ
পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে — ডেল
কাৰ্নেগী৷
১৭. উশাহ
লৈ থকা মানেইতো জীয়াই থকা নহয়৷ — মেথিউ
১৮. প্ৰেম
হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে
নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি৷ — ডি এইছ লৰেঞ্চ
১৯. কৰ্মৰ
মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে৷ — বেইলী
২০. যিজন
ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই৷ — এৰিষ্ট'টল৷
২১. নজনাটো
লাজৰ কথা নহয়, শিকিবলৈ
যত্ন নকৰাটোহে লাজৰ কথা৷ — বেঞ্জামিন ফ্ৰেংকলিন৷
২২ . এজন
মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই৷ ... সচাঁকৈয়ে! তাতকৈ অন্য ধৰণৰ
হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ?
—এমাৰ্চন৷
২৩. নীৰৱতা
হ'ল জীৱনৰ এক অমূল্য
বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে — থমাছ কাৰ্লাইল৷
২৪. মানুহৰ
মন সদায় একে ঠাইতেই থাকে৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক
আৰু নৰকক স্বৰ্গ কৰি তোলে৷ — কবি জন মিল্টন৷
২৫.
স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দ'ৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা
পাৰ হৈছে৷ কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা
কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম৷ ... অতীত
যিয়েই নহওঁক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে৷ — আমেৰিকাৰ মহান ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন৷
২৬. জীৱনৰ
অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল তথা
প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে৷ — নেপোলেয়ঁ বোনাপাৰ্ট৷
২৭.
প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে, আকৌ এচাম মানুহ আছে, যিসকলে
প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে৷ — উইলিয়াম এ ৱাৰ্ড৷
২৮. মানুহৰ
জন্ম হয় সফল হ'বলৈকে,
ব্যৰ্থ হ'বলৈ নহয়৷ আত্ম-বিশ্বাসেই
মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন৷ — প্ৰখ্যাত
দাৰ্শনিক হেনৰি ডেভিদ থৰো৷
২৯.
প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সচাঁই বৰ মধুৰ৷ — উইলিয়াম শ্বেইক্সপীয়েৰস৷
৩০. তুমি
যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি
সদায়েই কৰিবা৷ সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত
আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত৷ — ফ্ৰান্সিছ
থমছন৷
৩১. মই
মাথোঁ জ্ঞানৰ অনুৰাগী৷ জ্ঞানৰ বৃত্তিধাৰী মই নহয়৷ সচাঁ কথাত মই মাত্ৰ জ্ঞানৰ
আত্মবিনোদক অনুশীলনকাৰীহে৷ যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে, বিশেষকৈ নিজৰ মনৰ মাজত
প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বত:সিদ্ধ বিষয়ত, তেতিয়াই দৰ্শনে পাতনি মেলে৷ — গ্ৰীচৰ
মহান দাৰ্শনিক ছক্ৰেটিছ৷
৩২.
সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই
ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে৷ — অভিনয় শিল্পী মৰিচ চেভালিয়া৷
৩৩. জীৱনটো
হৈছে এক উত্তৰবিহীন সাঁথৰ৷ — এমাৰছন৷
৩৪.
প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা৷ — মাৰ্গাৰেট
বুনেন৷
৩৫. জীৱনত
আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা৷ — জুলিয়েট বেষ্টিয়েনা৷
৩৬. জীৱনটো
এক মহৎ উপহাৰ৷ যিসকলে জীৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত৷ — ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ৷
৩৭. তুমি
ভালেই কৰা বা বেয়াই কৰা মানুহে তোমাক সমালোচনা কৰিবই৷ সেইবুলি সমালোচনাৰ ভয়ত
অকৰ্মণ্য হৈ বহি থাকিবা নেকি? — নেপ'লিয়ান বোনাপাৰ্টি৷
৩৮.
ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও
হৃদয়ংগম কৰিব নোৱাৰে৷ — জন ষ্টুৱাৰ্ট মিল৷
৩৯. সত্যৰ
মুখামুখি হ'বলৈ ভয়
নকৰিবা, যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে৷ — মহাত্মা গান্ধী৷
৪০. সৰু
বুলি কাকো অৱহেলা নকৰিবা৷ তুমি সৰু বুলি উলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট
সত্যৰ সন্ধান দিব পাৰে৷ — গ্যেটে৷
৪১. বহু
কথা জনা জনকেই জ্ঞানী বুলি নকয়৷ জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনহে জ্ঞানী৷ — লেনিন৷
৪২. জীয়াই
থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ
মনত তোমাৰ কৰ্মৰাজি, আদৰ্শ জীপাল হৈ থকাতোহে৷ কাল বলুকাত
খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথোঁ সুকৰ্মৰাজিৰ দ্বাৰাহে৷ — লিঅ'টলষ্টয়৷
৪৩. আমি
অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ৰহস্য৷ সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ'ল
উৎস৷ — এলবাৰ্ট আইনষ্টাইন৷
৪৪. মই মোৰ
নিজৰ বাবে আত্মবিশ্বাস, শক্তি আৰু ক্ষমতা বিচাৰি সদায় বাহিৰলৈ চাওঁ৷ ভাবো অন্য কোনোবাই নহ’লেও উদাৰ এই প্ৰকৃতি বা ঈশ্বৰে সেয়া দিব৷ …কিন্তু
শেষত দেখো যে সেইবোৰ অফুৰন্তভাবে ওলাই আহে মোৰ মন আৰু হৃদয়ৰ নিভৃততম কোণৰ পৰা৷ —- আন্না ফ্ৰয়েড৷
৪৫. কাকো
প্ৰবঞ্চনা বা প্ৰতাৰণা নকৰিবা, কাকো অৱহেলাও নকৰিবা৷ সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্ত্তী হৈ এনে
কোনোধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ’বলগা
হয়৷ মাকে যেনেকৈ নিজৰ সৰ্বস্ব দিয়ো সন্তানক ৰক্ষা কৰে, সেই
মমতা আৰু কৰুণা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা৷
তোমাৰ
বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়েই নহয়, বিশ্বজগতৰ প্ৰতিটো জীৱৰ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা, দ্বেষহীন সহানুভূতি, প্ৰেম তথা কৰুণা৷ —- গৌতম বুদ্ধ৷
৪৬. যি পাৰ
হৈ গ’ল সেই অতীতলৈ
আৰু উভতি নাচাবা৷ কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য
উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা৷ — স্বামী বিবেকানন্দ৷
৪৭. প্ৰেমৰ
আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে৷ — ৰবীন্দ্ৰনাথ
ঠাকুৰ৷
৪৮. কৰো
বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে৷ ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি৷
— এইছ জি
ৱেইলছ৷
৪৯.
কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ঙ্কৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে – আলস্য, বদ অভ্যাস আৰু অভাৱ৷ — ফৰাচী
দাৰ্শনিক ভল্টেয়াৰ৷
৫০. আমি
চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো সঁচা, কিন্তু এই
পৃথিৱীত পৰস্পৰৰ স’তে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই৷ — মাৰ্টিন লুথাৰ৷
৫১. আন
কিবা কৰিছেনে নাই সেই লৈ মূৰ ঘমোৱাতকৈ আমি নিজে কি কৰিছো সেইটোহে ভবা বেছি
প্ৰয়োজন৷ প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ’লেই দহৰ তথা দেশৰ সেৱা কৰা হ’ব৷ — ৰাজা ৰামমোহন ৰায়৷
৫২. প্ৰেম
তেওঁৰ স’তে কৰিবা
যাক তুমি ভালপোৱা৷ কিন্তু বিবাহত তেওঁৰ স’তেহে বহিবা,
যিয়ে তোমাক ভালপায়৷ — আৰবীয়
প্ৰবাদ৷
৫৩.
ইচ্ছাশক্তি প্ৰৱল হ’লে
জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে৷ — মেকিয়াভেলে৷
৫৪. অতীত
আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাটোতকৈ অৰ্থহীন কথা আৰু একো নাই৷ কাৰণ তাৰ পৰা আমি
হেৰুৱাও আমাৰ বৰ্তমানক৷ — উইনষ্টন চাৰ্চিল৷
৫৫. মোক
তেজ দিয়া, মই তোমাক
স্বাধীনতা দিম৷ — নেতাজী সুভাষ চন্দ্ৰ বসু৷
৫৬. আন্ধাৰ
যিমান গভীৰ হ’ব,
প্ৰভাতো সিমানেই উজ্বল হ’ব৷ চাৰিওফালৰ
পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই৷ — জ্যোতি প্ৰসাদ আগৰৱালা৷
৫৭. গভীৰ
অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি
আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে৷ — ভূপেন হাজৰিকা৷
৫৮.
ভৱিষ্যতে আমি যি হ’ব
বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো
জনা দৰকাৰ৷ — স্বামী বিবেকানন্দ৷
৫৯.
কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব৷ হতাশ নহ’ব কাহানিও, যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই
একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব৷ — বিখ্যাত
ৰাজনীতিবিদ এডমাণ্ড বাৰ্ক৷
৬০. আপোনাৰ
অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা
আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপোন৷ ভালেই হওক, বেয়াই হওক নিজৰ বাগিচাৰ পৰিচাৰ্যা আপুনি নিজেই কৰিব লাগিব৷ সুন্দৰ হওঁক
বা অসুন্দৰেই হওক আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব
লাগিব৷ — ডেল কাৰ্ণেগী৷
৬১. যি
মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই৷ — মণ্টেইন৷
৬২. সাফল্য
মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে৷ সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ৷ কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ’ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা৷ — মহান ফুটবলাৰ পেলে৷
৬৩. ডাঙৰ
আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে৷ — উইলিয়াম শ্বেইক্সপীয়েৰ৷
৬৪. এজন
মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে৷ তাৰ প্ৰকৃত
কাৰণ হ’ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু
বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে৷ — ঋকবেদ৷
৬৫. যিসকল
মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায়৷ অথচ যিসকল সদায় কামতেই ব্যস্ত
হৈ থাকে তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয়৷ — লৰ্ড চেষ্টাৰফিল্ড৷
৬৬. কোনো
সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা৷ বৰং সমস্যাকহে তোমাৰ
অধীৰ কৰা আৰু নি:শেষ কৰা৷ — ড° এ পি জে আব্দুল কালাম৷