ছাত্র-জীৱন আৰু সমাজসেৱা (প্ৰশ্নাৱলী)


অনুশীলনীৰ প্ৰশ্নাৱলী


ভাব বিষয়ক:

১) চমুকৈ উত্তৰ দিয়া:

ক) লেখকৰ মতে ছাত্র জীৱনৰ প্রকৃত উদেশ্য কি কি?

খ) বর্তমান প্রচলিত শিক্ষাৰ দোষ কি কি?

গ) ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে?

ঘ) ছাত্ৰসকলে কার্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে লাভ কৰিব পাৰে?

(ঙ) লেখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা?

২) ছাত্রজীৱনৰ প্রকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশসেৱাত ব্ৰতী হ’বলৈ ছাত্র জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।

৩) “এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন৷’’— কোনখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা।

৪) আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা৷

৫) ‘‘গাঁও একাধাৰে নগৰৰ জনক-জননী’’ — কথাষাৰৰ তাৎপৰ্য বুজাই লিখা৷

৬) ব্যাখ্যা কৰা:

ক) ‘‘পঢ়াই, পঢ়ে, ৰোৱে পাণ। এই তিনিয়ে নিচিন্তে আন৷৷’’

খ) ‘‘কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগিব৷ সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয়৷’’

গ) ‘‘এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পিছত ফল হৈ মাতৃ পুজাত লাগে। কাঁইট কলিতে এইসকলক পূজাৰ উপচাৰস্বৰূপে মাতৃয়ে গ্রহণ নকৰে৷’’

ঘ) ‘‘নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা।”

ভাষা বিষয়ক:

১) বিপৰীত শব্দ লিখা:

নিষ্কর্মা, ত্ৰুটি, সহযোগিতা, দেশহিতৈষিতা, প্ৰৌঢ়

২) সমার্থক শব্দ লিখা:

কার্যকৰী, প্ৰকৃত, সাম্য, আনমনা, অর্থকৰী, দুর্দিন, কাপ, কাকত

৩) বাক্য ৰচনা কৰা:

নীতি-বচন, কাপ-কাকত, কূৰ্চুট-কপট, জনক-জননী, লোণ-তেল


অন্যান্য প্ৰয়োজনীয় প্ৰশ্নাৱলী

অতি চমু উত্তৰৰ প্রশ্নাৱলী

মূল্যাংক: ১ নম্বৰকৈ

১) লেখকে কোনছোৱা সময়ক শি‍ক্ষাৰ সময় বুলি কৈছে?

২) লেখকৰ মতে শি‍ক্ষা মানে কি?

৩) বৰ্তমানৰ শিক্ষাৰ প্ৰধান দোষ কোনটো?

৪) ছাত্ৰাৱস্থাত মনৰ গতি কেনে হ’ব লাগে?

৫) লেখকৰ মতে ছাত্ৰাৱস্থাত মনৰ গতি বহুমুখী হ’লে‍ কি হ’ব পাৰে?

৬) ‘কাপ-কাকত’ মানে কি?

৭) লেখকৰ মতে, ছাত্ৰ-ছাত্ৰীক কেনেকুৱা শিক্ষা দান কৰা প্ৰয়োজন?

৮) শিক্ষাৰ্থীৰ উন্নতিৰ ঘাই মন্ত্ৰ কি?

৯) লেখকে অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি বুলি কিহৰ কথা কৈছে?

১১) লেখকে কেনেকুৱা শি‍ক্ষাক প্ৰকৃত শি‍ক্ষা বুলি কৈছে?

১২) শিক্ষাৰ এটি‍ ঘাই কৰ্তব্য উল্লেখ কৰা৷

১৩) প্ৰকৃত শিক্ষা কি কি?

১৪) লেখকৰ মতে শিক্ষাৰ উদ্দেশ্য কেনে হ’ব লাগে?

১৫) ‘ছাত্ৰ জীৱন আৰু সমাজ সেৱা’ পাঠটিৰ লেখকৰ নাম লিখা৷

১৬) ডিম্বেশ্বৰ নেওগৰ জন্ম কেতিয়া হৈছিল?

১৭) ডিম্বেশ্বৰ নেওগৰ জন্ম ক’ত হৈছিল?

১৮) ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি আছিল?

১৯) ডিম্বেশ্বৰ নেওগে কোন কলেজৰ পৰা বি.এছচি. পাছ কৰিছিল?

২০) ডিম্বেশ্বৰ নেওগে কোনখন আলোচনীৰ যোগেদি সাহিত্যিকৰূপে আত্মপ্ৰকাশ কৰে?

২১) ‘ছাত্ৰ-জীৱন আৰু সমাজসেৱা’ পাঠটি কোনখন আলোচনীত প্ৰকাশ পাইছিল?

২২) ‘মালিকা’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

২৩) ‘থুপিতৰা’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

২৪) ‘মালতী’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

২৫) ‘ইন্দ্ৰধনু’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

২৬) ‘মুকুতা’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

২৭) ‘স্বহীদ কাৰবালা’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

২৮) ‘থাপনা’ নামৰ কবিতাপুথি‍খনৰ লেখক কোন?

২৯) ‘আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

৩০) ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি‍’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

৩১) ‘বৈষ্ণৱ ধৰ্মৰ আঁতি-গুৰি’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

৩২) ‘বৈষ্ণৱ ধৰ্মৰ ক্ৰমবিস্তাৰ’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

৩৩) ‘প্ৰাক্ ঐতিহাসিক অসম’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

৩৪) ‘Growth of the Asamiya Language’ নামৰ গ্ৰন্থখনৰ লেখক কোন?


চমু উত্তৰৰ প্ৰশ্নাৱলী

মূল্যাংক: ২/৩ নম্বৰকৈ

১। ডিম্বেশ্বৰ নেওগ অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?

২। ডিম্বেশ্বৰ নেওগৰ দুখন কবিতাপুথিৰ নাম লিখা।

৩। ডিম্বেশ্বৰ নেওগৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

৪। ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া সাহিত্যৰ বুৰঞ্জীমূলক দুখন গ্ৰন্থৰ নাম লিখা।

৫। লেখকৰ মতে ছাত্ৰজীৱনৰ প্রকৃত উদ্দেশ্য কি?

৬। শিক্ষা বুলিলে কি বুজা?

৭। ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে?

৮৷ শিক্ষাৰ ভাগবোৰ কি কি?

৯। ছাত্ৰাৱস্থাত মনৰ গতি কেনে ধৰণৰ হ’ব লাগে লিখা।

১০৷ লেখকৰ মতে, কোনবোৰ বিষয়ৰ জ্ঞানক শিক্ষা বুলিব পাৰি?

১১৷ গাঁৱক কিয় একাধাৰে নগৰৰ জনক-জননী বোলা হৈছে?

১২৷ কি বচন মাতি মানুহে নিজক উদ আৰু বান্দৰৰ শাৰীত বহুৱাই ৰাখিছে?

১৩৷ পাঠ্যপুথিত থকা ‘পঢ়া’ সম্পৰ্কীয় নীতি-বচনষাৰ লিখা৷


ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্নাৱলী

মূল্যাংক: ৪/৫ নম্বৰকৈ

১। ডিম্বেশ্বৰ নেওগৰ জীৱন আৰু কৃতিৰ এটি চমু পৰিচয় দিয়া ।

২। ‘ছাত্ৰ-জীৱন আৰু সমাজসেৱা’ শীৰ্ষক প্রৱন্ধটোৰ মূল কথাখিনি, তোমাৰ ভাষাৰে লিখা।

৩। ছাত্ৰ-জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে?

৪। দেশ সেৱাত ব্ৰতী হ’বলৈ ছাত্ৰ-জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।

৫। ‘ছাত্ৰ-জীৱন আৰু সমাজসেৱা’ প্রৱন্ধটোত বৰ্তমানৰ শিক্ষা ব্যৱস্থাক কিয় আসোঁৱাহযুক্ত বুলি কোৱা হৈছে আলোচনা কৰা।

৬। লেখকৰ মতে বৰ্তমানৰ গাঁৱৰ সমাজ ব্যৱস্থা কেনেকুৱা?

৭। বৰ্তমান আমাৰ পঢ়াশালিৰ দেশী-কচৰতৰ শিক্ষা কেনে ধৰণৰ ?

৮। “চেঁচুকৰ ডেমডেউকা কৰি ৰাখিলে নহ’ব”— কথাষাৰৰ দ্বাৰা লেখকে কি ভাব ব্যক্ত কৰিব বিচাৰিছে? বুজাই লিখা।


HSLC পৰীক্ষাৰ প্ৰশ্নাৱলী

মূল্যাংক: ১ নম্বৰকৈ

১৷ ‘GROWTH OF THE ASAMIYA LANGUAGE’ গ্ৰন্থৰ ৰচক কোন? [HSLC’ 16]

২। ডেম-ডেউকা কি? [HSLC’ 17]

৩। ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি’ গ্ৰন্থৰ ৰচক কোন? [HSLC’ '18]

৪। ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাইক কি বোলে? [HSLC’ 19]


B. চমু উত্তৰৰ প্ৰশ্নাৱলী:

মূল্যাংক ২/৩ নম্বৰকৈ 

১। ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে লাভ কৰিব পাৰে? [HSLC’16]

২। “এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।’’— কোনখিনি কাম তেওঁলোকৰ (ছাত্ৰ-ছাত্ৰীসকলৰ) কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ, বুজাই লিখা৷ HSLC’ 18]

৩। “উদৰ সাতপুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাতপুৰুষ মৰিল ডাল কোবাই।’’— লেখক ডিম্বেশ্বৰ নেওগদেৱে উক্ত নীতিবচনটো পাঠটিত কি অৰ্থত উল্লেখ কৰিছে? [HSLC’ 19]


C. ৰচনাধৰ্মী প্রশ্নাৱলী:

মূল্যাংক ৪/৫ নম্বৰকৈ

১৷ “গাঁও একাধাৰে নগৰৰ জনক-জননী’’ লিখকে গাঁৱক কিয় নগৰৰ জনক-জননী বুলি কৈছে, বুজাই লিখা। [HSLC’ 16]

২৷ লে‍খকে আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয় বুলি কিয় কৈছে বুজাই লিখা। [HSLC’17]

৩। “পঢ়াই, পঢ়ে ৰোৱে পাণ। এই তিনিয়ে নিচিন্তে আন।’’— তাৎপর্য বিচাৰ কৰা। [HSLC’ 19]


যুগুতালে: বাব্লি দেৱীয়ে

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ