ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ— সমাজ বি‍জ্ঞান, দশম শ্ৰেণী


অনুশীলনীৰ প্ৰশ্ন

অতি চমু উত্তৰৰ প্রশ্ন
১। য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
২। কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?
৩। অসমত বাংলা ভাষাৰ প্রচলন কেতিয়া হৈছিল?
৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্রচলন কেতিয়া হৈছিল?
৫। অসম ছাত্র সন্মিলনৰ মুখপত্ৰখন কি আছিল?
৬। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?
৭। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?
৮। আহোম সভাৰ সম্পাদক কোন আছিল?
৯। যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?
১০। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্রথম সভাপতি আৰু সম্পাদক কোন আছিল?
১১। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল?
১২। অসমৰ প্রথম প্রধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল?
১৩। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?
১৪৷ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
১৫। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়?
১৬। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?

চমু উত্তৰৰ প্রশ্ন


১। ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ৰ বিষয়ে চমুকৈ লিখা।
২। জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাষ দিয়া।
৩। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা।
৪। আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?
৫। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।
৬। কানিংহাম চার্কুলাৰৰ বিষয়ে লিখা।
৭। গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা।
৮। অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।
৯। অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।

দীঘল উত্তৰৰ প্রশ্ন

১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।
২। অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা।
৩। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
৪। যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা।
৫। আছাম এছ'চিয়েচনৰ ব্রিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা।
৬। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া।
৭। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।
৮। অসহযোগ আন্দোলনত অসমৰ ভুমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা।

১১। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।


অতিৰিক্ত প্ৰশ্নাৱলী

অতি চমু প্রশ্নাৱলী

মূল্যাংক: ১


১৷ ইংগো-ব্ৰহ্মী যুদ্ধ কেতিয়া হৈছিল?
বা
ইংৰাজ আৰু মানৰ মাজত যুদ্ধ কেতিয়া হৈছিল?
২৷ য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
৩৷ য়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল?
৪৷ কেতিয়াৰ পৰা ব্ৰিটিছে অসম শাসন কৰিবলৈ লয়?
৫৷ চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল?
৬৷ কিমান চনত জাৰি কৰা ইংলেণ্ডৰ ৰাণীৰ ঘোষণাপত্ৰ অনুসৰি ভাৰতবৰ্ষ ইংলেণ্ডৰ ৰাণীৰ অধীনলৈ গৈছিল?
৭৷ কোনছোৱা কালক কোম্পানিৰ দিন বা কোম্পানিৰ আমোল বুলি কোৱা হয়?
৮৷ জ্ঞান প্ৰদায়িনী সভা কেতিয়া গঠন হৈছিল?
৯৷ কাৰ কাৰ নেতৃত্বত জ্ঞান প্ৰদায়িনী সভা গঠন হৈছিল?
১০৷ কেতিয়াৰ পৰা অসমত চৰকাৰী ভাষা হিচাপে বাংলা ভাষাৰ প্ৰচলন হৈছিল?
১১৷ কেতিয়া অসমীয়া ভাষাই অসমত চৰকাৰী ভাষা হিচাপে স্বীকৃতি পাইছিল?
১২৷ অসমীয়া লিটাৰেৰী ছ’চাইটি কেতিয়া গঠন কৰা হৈছিল?
১৩৷ কাৰ কাৰ নেতৃত্বত অসমীয়া লিটাৰেৰী ছ’চাইটি গঠন হৈছিল?
১৪৷ অসমীয়া লিটাৰেৰী ছ’চাইটি গঠনৰ প্ৰধান উদ্দেশ্য কি আছিল?
১৫৷ ‘লিটাৰেৰী ছ’চাইটি’-ৰ হৈ কোন দুজন ব্যক্তিয়ে লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰকপত্ৰ দাখিল কৰিছিল?
১৬৷ ‘লিটাৰেৰী ছ’চাইটি’ কেতিয়ালৈকে সক্ৰিয় হৈ আছিল?
১৭৷ অ: ভা: উ: সা: স:-ৰ সম্পূৰ্ণ ৰূপটো লিখা৷
১৮৷ অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল?
১৯৷ অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠনৰ উদ্দেশ্য কি আছিল?
২০৷ হেমকোষ কি?
২১৷ হেমকোষ কোনে প্ৰণয়ন কৰিছিল?
২২৷ অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰি উলিওৱা আলোচনীখনৰ নাম কি?
২৩৷ প্ৰথম অসমীয়া বাৰ্তালোচনীখনৰ নাম কি?
২৪৷ কেতিয়াৰ পৰা ‘অৰুণোদই’ প্ৰকাশ পাইছিল?
২৫৷ কোন চনত ‘জেনাকী’ প্ৰকাশ পাইছিল?
২৬৷ ‘জোনাকী’-ৰ প্ৰথম সম্পাদক কোন আছিল?
২৭৷ জোনাকীৰ প্ৰথম সংখ্যাত ৰাজনৈতিক বিষয়ৰ সম্পৰ্কত কি কথা স্পষ্ট কৰা হৈছিল?
২৮৷ ‘জোনাকী’ আলোচনীত অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় প্ৰবন্ধ লিখা দুজন ব্যক্তিৰ নাম লিখা৷
২৯৷ অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল?
৩০৷ অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য কি আছিল?
৩১৷ অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ সভাপতি কোন আছিল?
৩২৷ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল?
৩৩৷ তেজপুৰ ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল?
৩৪৷ নগাঁও ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল?
৩৫৷ ঊনৈছ শতিকাৰ শেষৰ ফালে গঠি‍ত হোৱা ৰায়ত সভা দুখন কি কি?
৩৬৷ তেজপুৰ ৰায়ত সভা গঠনত আৰু কাৰ্যসূচী ৰূপায়ণত মুখ্য ভূমিকা পালন কৰা তিনিগৰাকী ব্যক্তিৰ নাম লিখা৷
৩৭৷ ৰায়ত সভাৰ উদ্দেশ্য কি আছিল?
৩৮৷ কোনছোৱা কালত অসমত কৃষক বিদ্ৰোহসমূহ সংঘটিত হৈছিল?
৩৯৷ আইন অমান্য আন্দোলনৰ সময়ছোৱাত কিহৰ তত্ত্বাৱধানত ৰায়ত সভাসমূহ পুনৰ সক্ৰিয় হৈ উঠিছিল?
৪০৷ আইন অমান্য আন্দোলনৰ সময়ছোৱাত যথেষ্ট শক্তিশালী হৈ পৰা দুখন ৰায়ত সভাৰ নাম লিখা৷
৪১৷ অসমত ৰায়ত সভাই ভূমি ৰাজহ কিমান শতাংশ হ্ৰাসৰ বাবে আৱেদন জনাইছিল?
৪২৷ সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল?
৪৩৷ সদৌ অসম ৰায়ত সভা গঠনৰ মুখ্য উদ্দেশ্য কি আছিল?
৪৪৷ সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশন ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?
৪৫৷ সদৌ অসম ৰায়ত সভাৰ প্ৰথম সভাপতি কোন আছিল?
৪৬৷ সদৌ অসম ৰায়ত সভাৰ দেৰগাঁও অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল?
৪৭৷ সদৌ অসম ৰায়ত সভাৰ দেৰগাঁও অধিৱেশনত কিমান কৃষকে অংশগ্ৰহণ কৰিছিল?
৪৮৷ সদৌ অসম ৰায়ত সভাৰ দেৰগাঁও অধিৱেশনত সভাপতি কোন আছিল?
৪৯৷ ১৯৩৪-৩৯-ৰ কালছোৱাত অসমত কিমানখন ৰায়ত সভা গঠন হৈছিল?
৫০৷ কেতিয়াৰ পৰা ৰায়ত সভাসমূহৰ কাম-কাজ নোহোৱা হৈ পৰিছিল?
৫১৷ আহোম সভা কেতিয়া গঠন কৰা হৈছিল?
৫২৷ কাৰ নেতৃত্বত আহোম সভা গঠন হৈছিল?
৫৩৷ আহোম সভাৰ প্ৰথম অধিৱেশন ক’ত আৰু কেতিয়া হৈছিল?
৫৪৷ আহোম সভাৰ সম্পাদক কোন  আছিল?
৫৫৷ পদ্মনাথ গোহাঞিবৰুৱা কিমান বছৰৰ বাব‍ে আহোম সভাৰ সম্পাদক হৈ আছিল?
৫৬৷ আহোম সভা কিয় গঠন কৰা হৈছিল?
৫৭৷ আহোম সভাক পাছলৈ কি বুলি নামকৰণ কৰা হৈছিল?
৫৮৷ ‘আহোম সভা’-ক কেতিয়া ‘সদৌ অসম আহোম এছ’চিয়েছন’ নামকৰণ কৰা হৈছিল?
৫৯৷ সদৌ অসম আহোম এছ’চিয়েছনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী উল্লেখ কৰা৷
৬০৷ সদৌ অসম আহোম এছ’চিয়েছনত কেতিয়াৰ পৰা বিভাজনৰ সৃষ্টি হৈছিল?
৬১৷ কিহৰ দ্বাৰা অনুপ্ৰাণিত হৈ একাংশ সদস্য সদৌ অসম আহোম এছ’চিয়েছনৰ পৰা ওলাই গৈছিল?
৬২৷ সদৌ অসম আহোম এছ’চিয়েছনৰ পৰা ওলাই যোৱা সদস্যসকলে নতুনকৈ কি সংগঠনৰ জন্ম দিছিল?
৬৩৷ কেতিয়াৰ পৰা আহোম এছ’চিয়েছন ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল?
৬৪৷ যোৰহাট সাৰ্বজনিক সভা কেতিয়া গঠন কৰা হৈছিল?
৬৫৷ যোৰহাট সাৰ্বজনিক সভা কাৰ নেতৃত্বত গঠন হৈছিল?
৬৬৷ যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন?
৬৭৷ যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক সম্পাদক কোন?
৬৮৷ কিহৰ দ্বাৰা অনুপ্ৰাণিত হৈ জগন্নাথ বৰুৱাই যোৰহাট সাৰ্বজনিক সভা গঠনৰ প্ৰচেষ্টা হাতত লৈছিল?
৬৯৷ অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠানটোৰ নাম লিখা৷
৭০৷ যোৰহাট সাৰ্বজনিক সভাৰ দুটা মূল উদ্দেশ্য লিখা?
৭১৷ বংগ বিভাজনৰ সময়ত যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি কোন আছিল?
৭২৷ যোৰহাট সাৰ্বজনিক সভাই ১৮৮৬ চনৰ কোনখন আইনৰ প্ৰতিবাদ কৰিছিল?
৭৩৷ যোৰহাট সাৰ্বজনিক সভাই ১৮৯৩ চনত কোনখন আয়োগৰ ওচৰত কানি প্ৰচলন বন্ধ কৰিবৰ বাবে স্মাৰকপত্ৰ দাখিল কৰিছিল?
৭৪৷ বংগ বিভাজনৰ সময়ত অসমৰ মুখ্য আয়ুক্ত কোন আছি‍ল?
৭৫৷ কেতিয়া জগন্নাথ বৰুৱাৰ মৃত্যু হৈছিল?
৭৬৷ যোৰহাট সাৰ্বজনিক সভা কেতিয়ালৈকে বৰ্তি আছিল?
৭৭৷ যোৰহাট সাৰ্বজনিক সভা কেতিয়াৰ পৰা ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল?
৭৮৷ আছাম এছ’চিয়েছন গঠনৰ মুখ্য উদ্দেশ্য কি আছি‍ল?
৭৯৷ কেতিয়া আছাম এছ’চিয়েছন গঠন কৰা হৈছি‍ল?
৮০৷ কাৰ নেতৃত্বত আছাম এছ’চিয়েছন গঠন কৰা হৈছিল?
৮১৷ আছাম এছ’চিয়েছনৰ প্ৰথমখন বৈঠক কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?
৮২৷ আছাম এছ’চিয়েছনৰ প্ৰথম বৈঠকত কাক সভাপতি নিৰ্বাচন কৰা হৈছিল?
৮৩৷ আছাম এছ’চিয়েছনৰ প্ৰথমখন বৈঠকত কাক উপসভাপতি নিৰ্বাচন কৰা হৈছিল?
৮৪৷ আছাম এছ’চিয়েছনৰ প্ৰথমখন বৈঠকত কাক সম্পাদক নিৰ্বাচন কৰা হৈছিল?
৮৫৷ আছাম এছ’চিয়েছনে সম্পাদন কৰা যিকোনো এটা কাম উল্লেখ কৰা৷
৮৬৷ মণ্টেগ’-ছেম্‌ছফ’ৰ্ড ৰিপ’ৰ্ট কেতিয়া প্ৰকাশ কৰা হৈছিল?
৮৭৷ আছাম এছ’চিয়েছনে কাক কাক প্ৰতিনিধিৰূপে লণ্ডনলৈ পঠিয়াইছিল?
৮৮৷ কোনটো সংগঠনৰ হেঁচাৰ বাব‍ে অসম মণ্টেগ’-ছেম্‌ছফ’ৰ্ড সংস্কাৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈছিল?
৮৯৷ আছাম এছ’চিয়েছনে কেতিয়া স্বতন্ত্ৰ পৰিচয় ত্যাগ কৰিছিল?
৯০৷ আছাম এছ’চিয়েছনে স্বতন্ত্ৰ পৰিচয় ত্যাগ কৰি কোনটো সংগঠনৰ লগত চামিল হৈছিল?
৯১৷ ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল?
৯২৷ আছাম এছ’চিয়েছনৰ একাংশ নেতা-কৰ্মীয়ে এছ’চিয়েছনক কোনটো সংগঠনলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা চলাইছিল?
৯৩৷ আছাম এছ’চিয়েছনক কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে কাৰ পৌৰোহি‍ত্যত যোৰহাটতত এখন অধিৱেশন অনুষ্ঠিত হৈছিল?
৯৪৷ জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ্গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল?
৯৫৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল?
৯৬৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক কোন আছিল?
৯৭৷ অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰৰ বাবে মহাত্মা গান্ধীক কোন সংগঠনৰ তত্ত্বাৱধানত আমন্ত্ৰণ জনোৱা হৈছিল?
৯৮৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৪১ তম বাৰ্ষিক অধিৱেশন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?
৯৯৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি কোন আছি‍ল?
১০০৷ বিষ্ণুৰাম মেধিয়ে কোন চনৰ পৰা কোন চনলৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ কাৰ্যভাৰ চলাইছিল?
১০১৷ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল?
১০২৷ কেবিনেট মিছনে গোট ‘গ’-ৰ বাবে কোন কোন অঞ্চল নিৰ্বাচন কৰিছিল?
১০৩৷ অসমৰ সৈতে পূৰ্ববংগক সংলগ্ন কৰি নতুনকৈ গঠন কৰা প্ৰদেশখনৰ নাম প্ৰথম অৱস্থাত কি আছিল?
১০৪৷ ‘পূৰ্ব বংগ’ নামটোৰ লগত ‘অসম’ নামটো সংযোগ কৰিবলৈ কোনটো সংস্থাই দাবী জনাইছিল?
১০৫৷ বংগ বিভাজন কেতিয়া কাৰ্যকৰী হৈছিল?
১০৬৷ ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশৰ লেফ্‌টেনেণ্ট গৱৰ্নৰ কোন আছিল?
১০৭৷  বংগ বিভাজনৰ ফলত অসমৰ ৰাজধানী ক’ৰ পৰা ক’লৈ স্থানান্তৰিত হৈছিল?
১০৮৷ বংগ ভংগৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা অসমৰ কেইগৰাকীমান ব্যক্তিৰ নাম লিখা৷
১০৯৷ ‘বন্দিনী ভাৰত’ কি?
১১০৷ ‘বন্দিনী ভাৰত’ কোনে ৰচনা কৰিছিল?
১১১৷ ‘সেৱা সংঘ’ নামৰ বিপ্লৱী অনুষ্ঠানটো কোনে গঢ়ি তুলিছিল?
১১২৷ অম্বিকাগিৰী ৰায়চৌধুৰীক ব্ৰিটিছে কিয় বন্দী কৰিছিল?
১১৩৷ অসহযোগ আন্দোলন কেতিয়াৰ পৰা কেতিয়ালৈকে চলিছিল?
১১৪৷ কোনে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল?
১১৫৷ অসহযোগ আন্দোলনৰ উদ্দেশ্য কি আছিল?
১১৬৷ আছাম এছ’চিয়েছনৰ কোন অধিৱেশনত অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল?
১১৭৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল?
১১৮৷ মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল?
১১৯৷ তিলক সোঁৱৰণী স্কুল কেতিয়া আৰু ক’ত প্ৰতিষ্ঠা কৰা হৈছিল?
১২০৷ কাৰ বাসভৱনৰ চৌহদত তিলক সোঁৱৰণী স্কুল আৰম্ভ কৰা হৈছিল?
১২১৷ অসমৰ অসহযোগ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা৷
১২২৷ ‘গান্ধী মহাৰাজৰ জয়’ ধ্বনিৰে কোনে অসহযোগ আন্দোলনত যোগ দিছিল?
১২৩৷ আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
১২৪৷ আইন অমান্য আন্দোলন কেতিয়াৰ পৰা কেতিয়ালৈকে চলিছিল?
১২৫৷ আইন অমান্য আন্দোলনৰ উদ্দেশ্য কি আছিল?
১২৬৷ কিহৰ জৰিয়তে আইন অমান্য আন্দোলনৰ আৰম্ভণি হৈছিল?
১২৭৷ সবৰমতী আশ্রম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান?
১২৮৷ দাণ্ডিযাত্ৰাত মহাত্মা গান্ধীৰ সতীৰ্থ কিমান আছিল?
১২৯৷ দাণ্ডিযাত্ৰাত অসমৰ কোনে অংশগ্ৰহণ কৰিছি‍ল?
১৩০৷ কানিংহাম চাৰ্কুলাৰ কেতিয়া প্ৰকাশ কৰা হৈছি‍ল?
১৩১৷ আইন অমান্য আন্দোলনৰ কাৰ্যপন্থাস্বৰূপে অসমৰ কিমান ছাত্ৰই শি‍ক্ষানুষ্ঠান ত্যাগ কৰিছিল?
১৩২৷ জাপানে কেতিয়া ছিংগাপুৰ আৰু ৰেংগুন দখল কৰিছিল?
১৩৩৷ ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ কেতিয়া গৃহীত হৈছিল?
১৩৪৷ ভাৰত ত্যাগ আন্দোলনক আৰু কি নামেৰে জনা যায়?
১৩৫৷ আগষ্ট ক্ৰান্তি মৈদান বুলি কোনখন ঠাইক কোৱা হয়?
১৩৬৷ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কি শ্ল’গান দিছিল?
১৩৭৷ কুশল কোঁৱৰক ব্ৰিটিছে কিয় ফাঁচী দিছিল?
১৩৮৷ কনকলতা ক’ৰ জীয়াৰী আছিল?
১৩৯৷ মৃত্যুৰ সময়ত কনকলতাৰ বয়স কিমান আছিল?
১৪০৷ ভাৰত ত্যাগ আন্দোলনৰ সময়ত আত্মগোপন কৰা দুগৰাকী নেতাৰ নাম লিখা৷
১৪১৷ ভাৰত ত্যাগ আন্দোলনৰ সময়ত আত্মগোপন কৰা অসমৰ দুগৰাকী নেতাৰ নাম লিখা৷
১৪২৷ ভাৰত ত্যাগ আন্দোলনৰ সময়ত বজালীত কিমান গোপন স্বেচ্ছাসেৱী কেন্দ্ৰ গঠিত হৈছিল?
১৪৩৷ ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে বিধানসভাৰ কিমান আসন লাভ কৰিছিল?
১৪৪৷ ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত সংখ্যগৰিষ্ঠ দল কোনটো আছিল?
১৪৫৷ ১৮৪৬ চনত অসমত কংগ্ৰেছ দলৰ নেতা কোন আছিল?
১৪৬৷ বৰদলৈ মন্ত্ৰীসভা কেতিয়া গঠিত হৈছি‍ল?
১৪৭৷ কৰিমগঞ্জৰ কৃষি গৱেষণা কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
১৪৮৷ তিতাবৰ কৃষি গৱেষণা কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
১৪৯৷ নগাঁৱত অসম পশু চিকিৎসা মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল?
১৫০৷ যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
১৫১৷ অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
১৫২৷ অসম কৃষি বিশ্ববিদ্যালয়ে সামৰি লোৱা মহাবিদ্যালয় দুখনৰ নাম লিখা৷
১৫৩৷ নগাঁৱৰ পশু চিকিৎসা মহাবিদ্যালয় পৰৱৰ্তী সময়ত ক’লৈ স্থানান্তৰিত কৰা হয়?
১৫৪৷ উত্তৰ-পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়খনৰ নাম কি?
১৫৫৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ যিকোনো এটা উদ্দেশ্য লিখা৷
১৫৬৷ উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি ৰাজহুৱা বিশ্ববিদ্যালয়খনৰ নাম কি?
১৫৭৷ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল?
১৫৮৷ অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ’ব পাৰে বুলি পোনপ্ৰথমে কোনে অভিমত প্ৰকাশ কৰিছিল?
১৫৯৷ অসমত এখন বিশ্ববিদ্যালয় গঢ়ি তোলাৰ ৰাজহুৱা দাবী কেতিয়া উত্থাপন হৈছিল?
১৬০৷ ১৯৪০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে যাৱতীয় তথ্য-পাতি সংগ্ৰহ আৰু উপযুক্ত স্থান নিৰ্বাচনৰ দায়িত্ব কাক দিয়া হৈছিল?
১৬১৷ কোন অধীনিয়মৰ অধীনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল?
১৬২৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়?
১৬৩৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাকালত ইয়াৰ অধীনত কেইখন মহাবিদ্যালয় আছিল?
১৬৪৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাকালত ইয়াৰ অধীনত কেইটা স্নাতকোত্তৰ বিভাগ আছিল?
১৬৫৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদক বৰ্তমান কি নামেৰে জনা যায়?
১৬৬৷ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া জালুকবাৰীলৈ স্থানান্তৰিত কৰা হয়?
১৬৭৷ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ৰ নাম লিখা৷
১৬৮৷ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক’ত অৱস্থিত?
১৬৯৷ বেৰি হোৱাইট স্কুলৰ বাবে কোন‍ে আৰু কিমান আৰ্থিক পুঁজি আগ বঢ়াইছিল?
১৭০৷ বেৰি হোৱাইট কোনখন জিলাৰ চিভিল ছাৰ্জন আছিল?
১৭১৷ অসম চিকিৎসা মহাবিদ্যালয়ত ৰেডিঅ’ল’জি বিভাগ কেতিয়া আৰম্ভ কৰা হৈছিল?
১৭২৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ আনুষ্ঠানিক নামকৰণ কেতিয়া কৰা হৈছিল?
১৭৩৷ অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নাম লিখা৷
১৭৪৷ শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপন কৰা হৈছিল?
১৭৫৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?
১৭৬৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে কিমান ছাত্ৰৰ নামভৰ্তি কৰা হৈছিল?
১৭৭৷ ‘জোনাকী যুগ’ বুলিলে কোনছোৱা সময়ক বুজোৱা হয়?
১৭৮৷ ‘জোনাকী’ আলোচনীৰ প্ৰথম প্ৰকাশ কেতিয়া হৈছিল?
১৭৯৷ ‘জোনাকী’ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন?
১৮০৷ শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(i) হেমকোষ ৰচনা কৰিছিল
   (a) হেমচন্দ্ৰ বৰুৱা 
   (b) হেমচন্দ্ৰ গোস্বামী
   (c) হেমেন্দ্ৰ প্ৰসাদ বৰুৱা 
   (d) হোমেন বৰগোহাঞি
(ii) অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল
   (a) 1916 চনত 
   (b)1917 চনত
   (c) 1918 চনত 
   (d)1920 চনত
(iii) যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি আছিল
   (a) জগন্নাথ বৰুৱা 
   (b) পদ্মনাথ গোঁহাই বৰুৱা
   (c) ৰজা নৰনাৰায়ণ সিংহ 
   (d) ৰজা পুৰন্দৰ সিংহ
(iv) অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্রথমজন সভাপতি আছিল
   (a) কুলধৰ চলিহা 
   (b) গোপীনাথ বৰদলৈ
   (c) নবীন চন্দ্ৰ বৰদলৈ 
   (d) বিষ্ণুৰাম মেধি
(v) ৰোহিণী কুমাৰ চৌধুৰীৰ ভৰলুমুখৰ বাসভৱন চৌহদত আৰম্ভ কৰা প্রথম জাতীয় শিক্ষানুষ্ঠানখনৰ নাম হ
   (a) কটন কলেজিয়েট 
   (b) সোণাৰাম হাইস্কুল
   (c) ৰোহিণী চৌধুৰী হাইস্কুল
   (d) তিলক সোঁৱৰণী স্কুল।
(vi) কোন অধিৱেশনত ‘পূৰ্ণ স্বৰাজ কংগ্ৰেছৰ মূল লক্ষ্যৰূপে বিবেচিত হয়?
   (a) লাহোৰ অধিৱেশন 
   (b) বোম্বাই অধিৱেশন
   (c) পাণ্ডু আধিৱেশন 
   (d) কলিকতা অধিৱেশন
(vii) আগষ্ট বিপ্লৱ বুলি কোৱা হয়
   (a) অসহযোগ আন্দোলন
   (b) ভাৰত ত্যাগ আন্দোলন
   (c) আইন অমান্য আন্দোলন
   (d) স্বদেশী আন্দোলন
(viii) দাণ্ডি যাত্ৰা একেৰাহে চলিছিল
   (a) ২০ দিন 
   (b) ২৫ দিন
   (c) ৩০ দিন 
   (d) ৩৫ দিন
(ix) গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়
   (a) ১৯৪৭ চনৰ ২৬ জানুৱাৰীত
   (b) ১৯৪৯ চনৰ ২৬ জানুৱাৰীত
   (c) ১৯৪৮ চনৰ ২৬ জানুৱাৰীত
   (d) ১৯৪৮ চনৰ ২৫ জানুৱাৰীত 
(x) উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল
   (a) যোৰহাট 
   (b) ডিব্ৰুগড়ত
   (c) গুৱাহাটীত 
   (d) শিলচৰত
(xi) ১৮৬৭ চনত গঠিত আসাম এছোচিয়েছনৰ সভাপতি আছিল
   (a) ৰজা কন্দৰ্পেশ্বৰ সিংহ 
   (b) ৰজা পুৰন্দৰ সিংহ
   (c) দীননাথ বেজবৰুৱা 
   (d) গংগাগোবিন্দ ফুকন।
(xii) ১৯১৭ চনত অসমত এটি বিশ্ববিদ্যালয় স্থাপনৰ দাবী উত্থান হোৱা অসম এছোচিয়েছনৰ অধিৱেশনখন হৈছিল
   (a) গুৱাহাটীত 
   (b) ধুবুৰীত
   (c) তেজপুৰত 
   (d) শিৱসাগৰত
(xiii) ‘যোৰহাট সাৰ্বজনীন সভাৰ জন্ম হৈছিল
   (a) ১৮৫৭ চনৰ ৫ জুলাইত
   (b) ১৮৮৬ চনৰ ২ জুনত
   (c) ১৮৯৭ চনৰ ১২ মে’ত
   (d) ১৯০১ চনৰ ১৫ আগষ্টত।
(xiv) অসম প্ৰাদেশিক কংগ্ৰেছ গঠন হৈছিল
   (a) ১৮৫৭ চনৰ ৬ মাৰ্চত
   (b) ১৮৯৭ চনৰ ৫ জুলাইত
   (c) ১৯২১ চনৰ ৫ জুনত
   (d) ১৯৮২ চনৰ ৭ মে'
(xv) অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ প্রথমজন সভাপতি আছিল
   (a) গোপীনাথ বৰদলৈ 
   (b) মহাত্মা গান্ধী
   (c) নবীন চন্দ্ৰ বৰদলৈ 
   (d) কুলধৰ চলিহা।
(xvi) ১৯৩৩ চনত নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল
   (a) মালিগাঁৱত 
   (b) বৰমাত
   (c) মৰিগাঁৱত 
   (d) টিলিকিয়ামত
(xvii) প্ৰায় ৪০ বছৰ ধৰি আহোম সভাৰ সম্পাদক হোৱা ব্যক্তিজন
   (a) তৰুণৰাম ফুকন 
   (b) লক্ষীনাথ বেজবৰুৱা
   (c) পদ্মনাথ গোঁহাইবৰুৱা 
   (d) ওপৰৰ এটাও নহয়
(xix) লোণ আইন ভংগ কৰা গান্ধীৰ দাণ্ডি যাত্ৰাত অসমৰ পৰা অংশ লৈছিল
   (a) চন্দ্ৰ নাথ শৰ্মা 
   (b) নীলমণি ফুকন
   (c) তৰুণৰাম ফুকন 
   (d) লীলাধৰ বৰুৱা।
(x) কনকলতা বৰুৱাৰ মৃত্যু হৈছিল
   (a) গহপুৰত 
   (b) ঢেকিয়াজুলিত
   (c) বজালীত 
   (d) নলবাৰীত।
১৮১৷ আনন্দাৰাম ঢেকীয়াল ফুকনে কেতিয়াৰ পৰা অসমত বাংলা ভাষা প্ৰচলনৰ চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছিল?
১৮২৷ অসহযোগ আন্দোলনৰ সময়ত কোন চনৰ কোন মাহত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল?
১৮৩৷ অসহযোগ আন্দোলনৰ ফলত ১৯২১-২২ চনত অসমত স্কুলৰ ছাত্ৰ সংখ্যা কিমানলৈ হ্ৰাস পাইছিল?

চমু প্ৰশ্নাৱলী

মূল্যাংক: ২/৩
১৷ অসমীয়া লিটাৰেৰী ছ’চাইটী’ৰ বিষয়ে চমুকৈ লিখা।
২৷ জোনাকী যুগ বুলিলে কোনটো সময়ক বুজোৱা হয় ? এই যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা আভাষ দিয়া।
৩৷ আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা।
৪৷ কানিৰ প্রচলন সম্পৰ্কে যোৰহাট সাৰ্বজনিক সভাৰ স্থিতি কি আছিল চমুকৈ লিখা।
৫৷ আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উখাপন কৰা বিষয়সমূহ কি আছিল?
৬৷ অসমত বিদেশী বস্তু বৰ্জন আন্দোলনৰ কাৰ্যাৱলী সম্পৰ্কে চমুকৈ লিখা।
৭৷ অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।
৮৷ কানিংহাম চাৰ্কুলাৰে অসমত আইন অমান্য আন্দোলনৰ ক্ষেত্ৰত কেনে প্রভাৱ পেলাইছিল?
৯৷ গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে লিখা।
১০৷ অসম কৃষি বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।
১১৷ অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।
১২৷ কাৰ প্ৰচেষ্টাত জ্ঞান প্রদায়িনী সভা প্ৰতিষ্ঠা হৈছিল?
১৩৷ ‘অসম লিটাৰেৰী ছ'চাইটী কেতিয়া আৰু কাৰ প্রচেষ্টাত গঠন হৈছিল?
১৪৷ অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠনৰ অন্তৰালত থকা ব্যক্তিসকল কোন কোন আছিল?
১৫৷ কৃষকৰ সমস্যা সমাধানৰ অৰ্থে ১৯ শতিকাৰ শেষৰফালে কোন দুটা অনুষ্ঠানৰ জন্ম হৈছিল?
১৬৷ কাৰ নেতৃত্বত আৰু কেতিয়া যোৰহাট সাৰ্বজনিক সভা স্থাপিত হৈছিল?
১৭৷ যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি আৰু সম্পাদক কোন আছিল?
১৮৷ কাৰ নেতৃত্বত আৰু কেতিয়া আসাম এছ'ছিয়েছনৰ জন্ম হৈছিল? ইয়াৰ প্রথম অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল?
১৯৷ বংগ বিভাজনৰ অজুহাত বৃটিছ চৰকাৰে কি বুলি কৈছিল?
২০৷ অসহযোগ আন্দোলনত অৰিহণা যোগোৱা দুটা কাৰক লিখা।
২১৷ ‘তিলক সোঁৱৰণী স্কুল’ কেতিয়া আৰু কাৰ স্মৃতিত প্রতিষ্ঠা কৰা হৈছিল?
২২৷ দাণ্ডি যাত্ৰা ক'ৰ পৰা ক'লৈ আৰু কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ অন্ত কেতিয়া পৰিছিল?
২৩৷ ব্ৰিটিছ ঔপনিবেশিক আমোলত অসমৰ উদীয়মান মধ্যৱিত্ত শ্ৰেণীৰ লোকে গঢ়ি তোলা পাঁচটা ৰাজনৈতিক সামাজিক সংগঠনৰ নাম লিখা।
২৪৷ ব্ৰিটিছৰ অনুগত অনুষ্ঠানৰূপে গঢ়ি উঠা আসাম এছোচিয়েছনে কি কি লক্ষ্য কাৰ্যকৰী কৰাত মনোনিৱেশ কৰিছিল?
২৫৷ কি লক্ষ্যৰে অসম ৰায়ত সভা গঠন হৈছিল আৰু আন্দোলনৰ সময়ত অসম ৰায়ত সভাৰ মূল দাবী কি আছিল?
২৬৷ অসমত প্ৰথমৰে পৰা অসহযোগ আন্দোলনৰ শক্তি বৃদ্ধি কৰিবলৈ অহোপুৰুষাৰ্থ কৰা চাৰিজন ব্যক্তিৰ নাম লিখা।
২৭৷ অসমত অসহযোগ আন্দোলনৰ বিৰোধিতা কৰি প্রতিৰোধ আন্দোলন গঢ়ি তোলা চাৰিজন ব্যক্তিৰ নাম লিখা।

ৰচনাধৰ্মী প্ৰশ্নাৱলী

মূল্যাংক: ৪/৫
১৷ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।
২৷ অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা।
৩৷ ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
৪৷ যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা।
৫৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া।
৬৷ স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।
৭৷ অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
৮৷ আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
৯৷ অসমত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু প্রভাৱ সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
১০৷ চমু টোকা লিখা:
   (i) আহোম সভা 
   (ii) যোৰহাট সাৰ্বজনিক সভাৰ লক্ষ্য আৰু উদ্দেশ্য
   (iii) তেজপুৰ ৰায়ত সভা
   (iv) নগাঁও ৰায়ত সভা
   (v) অসম ৰায়ত সভা
   (vi) পূৰ্ণ স্বৰাজ দিৱস
   (vii) কানিংহাম চাৰ্কুলাৰ



HSLC পৰীক্ষাৰ প্ৰশ্নাৱলী

মূল্যাংক: ১

শুদ্ধ উত্তৰটো বাছি উলিওৱা:
১৷ আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল? [HSLC '১৮]
   (a) শিৱসাগৰত 
   (b) যোৰহাটত
   (c) ডিব্ৰুগড়ত  
   (d) গোলাঘাটত
২৷ তলৰ কোনজন 'জোনাকী'ৰ প্ৰথম সম্পাদক আছিল?  [HSLC '১৯]
   (i) হেমচন্দ্ৰ বৰুৱা 
   (ii) হেমচন্দ্ৰ গোস্বামী
   (iii) লক্ষ্মীনাথ বেজবৰুৱা 
   (iv) চন্দ্ৰকুমাৰ আগৰৱালা
৩৷ গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে পোনপ্ৰথমে দাবী উত্থাপন কৰিছিল? [HSLC '১১]

চমু প্রশ্নাৱলী

মূল্যাংক: ২/৩
১৷ যোৰহাট সাৰ্বজনিক সভাৰ প্ৰথমখন সভা কেতিয়া হৈছিলইয়াৰ মূল উদ্দেশ্য কি আছিল? [HSLC '১২]
২৷ স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা দুটা সামাজিক-ৰাজনৈতিক সংগঠনৰ নাম উল্লেখ কৰা। [HSLC '১৩]
৩৷ অসমত ১৮৫৭ চনৰ চিপাহী বিদ্রোহ কিয় বিফল হৈছিলতিনিটা কাৰণ দিয়া৷ [HSLC '১৬]
৪৷ অসম এছ'চিয়েচনৰ প্রথমখন অধিৱেশনত নিৰ্বাচিত হোৱা সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম লিখা। [HSLC '১৯]

ৰচনাধৰ্মী প্ৰশ্নাৱলী

মূল্যাংক: ৪/৫/৬
১৷ অসমত ভাৰত ত্যাগ আন্দোলন কেনেদৰে সংঘটিত হৈছিল লিখা। [HSLC '১১]
২৷ ব্ৰিটিছৰ শাসন কালত গঠিত আসাম এছোছিয়েচনৰ ক্ৰিয়া-কলাপৰ বিষয়ে আলোচনা কৰা। [HSLC '১১]
৩৷ ব্ৰিটিছৰ শাসন কালত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত হোৱা কৃষক বিদ্ৰোহৰ কাৰণ আৰু ফলাফলসমূহ আলোচনা কৰা। [HSLC ’১২]
৪৷ মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল লিখা। [HSLC ’১২, ’১৬, ’১৭]
৫৷ ১৯৪২ “ভাৰত ত্যাগ আন্দোলনত” অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল চমুকৈ আলোচনা কৰা। [HSLC '১৩]
৬৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ যোৰহাট সাৰ্বজনিক সভা” গঠন হৈছিলইয়াৰ প্রধান ক্ৰিয়া-কলাপবোৰ উল্লেখ কৰা। [HSLC '১৩]
৭৷ ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে চমুকৈ আলোচনা কৰা। [HSLC ’১৫]
৮৷ অসমত অসহযোগ আন্দোলনৰ কাৰ্য্যসূচী কিদৰে ৰূপায়িত কৰা হৈছিল চমুকৈ লিখা। [HSLC ’১৬]
৯৷ ব্ৰিটিছ শাসনাধীন অসমত আসাম এছ'চিয়েচনৰ সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা" অৱদান সম্পৰ্কে লিখা। [HSLC '১৭]
১০৷ ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভাসমূহ গঢ়ি উঠিছিল? [HSLC ’১৭, ’১৯]
১১৷ যোৰহাট সাৰ্বজনিক সভাৰ বিষয়ে এটি খতিয়ান দাঙি ধৰা। [HSLC ’১৮]
১২৷ অসমত ‘ভাৰত ত্যাগ আন্দোলন’ৰ কাৰ্যাৱলী আৰু প্রভাৱ সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। [HSLC '১৮]
১৩৷ বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠান সমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।  [HSLC '১৮]
১৪৷ ‘ভাৰত ত্যাগ আন্দোলন’ত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে সংক্ষেপে আলোচনা কৰা। [HSLC ’১৯]

দেৱপল্লৱৰ দ্বাৰা যুগুত 
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ