ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ— সমাজ বি‍জ্ঞান (X), অতি চমু প্ৰশ্ন আৰু উত্তৰ

দশম শেণী

 ১। য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰ: ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিত য়াণ্ডাবু সন্ধি হৈছিল৷
২। কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?
উত্তৰ: কোম্পানিৰ আমোল বুলিলে ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈকে এই সময়ছোৱাক বুজোৱা হয়৷
৩। অসমত বাংলা ভাষাৰ প্রচলন কেতিয়া হৈছিল?
উত্তৰ: ১৮৩৬ চনত অসমত বাংলা ভাষাৰ প্রচলন হৈছিল
৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্রচলন কেতিয়া হৈছিল?
উত্তৰ: ১৮৭৩ চনত বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্রচলন হৈছিল
৫। অসম ছাত্র সন্মিলনৰ মুখপত্ৰখন কি আছিল?
উত্তৰ: অসম ছাত্র সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল— মিলন৷
৬। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰ: গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰাই আছিল ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য
৭। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?
উত্তৰ: ১৯৩৩ চনত সদৌ অসম ৰায়ত সভাৰ গঠন হৈছিল
৮। আহোম সভাৰ সম্পাদক কোন আছিল?
উত্তৰ: আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঞিবৰুৱা৷
৯। যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?
উত্তৰ: ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজানিক সভা গঠন হৈছিল৷
১০। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্রথম সভাপতি আৰু সম্পাদক কোন আছিল?
উত্তৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্রথম সভাপতি আছিল কুলধৰ চলিহা আৰু প্ৰথম সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ৷
১১। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল?
উত্তৰ: অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি৷
১২। অসমৰ প্রথম প্রধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল?
উত্তৰ: অসমৰ প্রথম প্রধানমন্ত্ৰী গোপীনাথ বৰদলৈ‍ আৰু ১৯৮৬ চনত তেওঁ নিৰ্বাচিত হৈছিল
১৩। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?
উত্তৰ: সৰুপথাৰত ৰে’ল বগৰোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল৷
১৪৷ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
উত্তৰ: ১৯৪৮ চনৰ ২৬ জানুৱাৰিত গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল
১৫। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়?
উত্তৰ: ১৯৪৭ চনৰ ৩ নৱেম্বৰৰ দিনা অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে নামাংকিত কৰা হয়
১৬। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?
উত্তৰ: ১৯৬০ চনৰ ২০ ২০ ছেপেপ্টম্বৰৰ দিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে আৰম্ভ হয়


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ