মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম— সমাজ বি‍জ্ঞান (X) অতি চমু প্ৰশ্নোত্তৰ



১। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত।
২। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত প্ৰথমতে প্রয়োগ কৰিছিল?
উত্তৰ: দক্ষিণ আফ্ৰিকাত গান্ধীয়ে প্ৰথমতে সত্যাগ্ৰহৰ কৌশল প্রয়োগ কৰিছিল।
৩। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল?
উত্তৰ: জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্রতিবাদত ৰবীন্দ্ৰনাথে ‘নাইট’ উপাধি ত্যাগ কৰিছিল।
৪। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল?
উত্তৰ: মহন্মদ চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত খিলাফত আন্দোলন আৰম্ভ হৈছিল।
৫। চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছি‍ল?
উত্তৰ: চৌৰীচৌৰাৰ ঘটনা ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত সংঘটিত হৈছি‍ল ৷
৬। কে‍নে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল?
উত্তৰ: ১৯১৯ চনত লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠি চালনা কৰাৰ ফলত লালা ৰাজপত ৰায় বেয়াকৈ আহত হৈছিল আৰু তাৰ ফলতেই তেওঁৰ মৃত্যু হয়।
৭ ৷ কে‍তিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱে‍শনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল?
উত্তৰ: ১৯২৯ চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰে‍ছ অধিৱে‍শনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল।
৮৷ গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান?
উত্তৰ: সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব ৩৮৫ কিল’মিটাৰ।
৯৷ সীমান্ত গান্ধী নামে কাক জনা যায়?
উত্তৰ: খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামে জনা যায়।
১০। লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্রতিনিধিত্ব কৰিছিল?
উত্তৰ: লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে কংগ্ৰেছক এককভাৱে প্রতিনিধিত্ব কৰিছিল।
১১৷ ১৯৩২ চনত সাম্প্ৰদায়িক বাঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল?
উত্তৰ: ১৯৩২ চনত সাম্প্ৰদায়িক বাঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ৰামছে মেক্‌ড’নাল্ড।
১২। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল?
উত্তৰ: ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল।
১৩। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ: আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কেপ্তেইন মোহন সিং৷
১৪। ‘‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’’ — এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল?
উত্তৰ: ‘‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’’ — এই বিখ্যাত বাণীটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল।
১৫। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়?
উত্তৰ: ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেডক্লিফ ৰেখা নামেৰে জনা যায়।


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ