অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ— সমাজ বি‍জ্ঞান (X), অতি চমু প্ৰশ্ন আৰু উত্তৰ


১। ব্ৰি‍টিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?
উত্তৰ: ব্ৰি‍টিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমত মুদ্ৰাৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা প্ৰৱৰ্তন হয়৷ অৰ্থাৎ, তেতিয়াৰে পৰা অসমৰ অৰ্থনীতি মুদ্ৰা অৰ্থনীতিলৈ পৰিৱৰ্তিত হ’বলৈ আৰম্ভ কৰে৷
২। কোন চনত মফট মিলচ অসমলৈ আহিছিল?
উত্তৰ: ১৮৫৩ চনত মফ্‌ট মিল্‌ছ অসমলৈ আহে৷
৩। কেঞাসকল কোন আছিল?
উত্তৰ: কেঞাসকল বা মাৰোৱাৰীসকল হ’ল ৰাজস্থানৰ পৰা অহা বণিক শ্ৰেণী৷
৪। অসমত ১৮৫৭ চনৰ বিদ্রোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ: মণিৰাম দেৱানে ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল৷
৫। ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল?
উত্তৰ: ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্রোহীসকলে আহোম ৰাজকোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক (পুৰন্দৰ সিংহৰ নাতি) পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল
৬। মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল?
উত্তৰ: মণিৰাম দেৱানক মধু মল্লিক নামৰ বাঙালী মুক্তিয়াৰে সহায় কৰিছিল
৭। মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল?
উত্তৰ: মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ফাঁচীকাঠত ওলমিব লগা হৈছিল
৮৷ কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?
উত্তৰ: কেপ্টেইন হল্‌ৰইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল৷
৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ: অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ হ’ল—
(ক) অসমত বিদ্ৰোহীৰ সংখ্যা তেনেই কম আছিল৷
(খ) বিদ্ৰোহীসকলে তেওেঁলাকৰ কৰ্মপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল৷
১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্রৱৰ্তন কৰা হৈছিল?
উত্তৰ: ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল৷
১১। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।
উত্তৰ: ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ হ’ল—
(ক) প্ৰচলিত অন্যান্য কৰ-কাটলৰ লগতে নতুনকৈ ভালেমান কৰ-কাটল আৰু ৰাজহৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল৷ কৰ বৃদ্ধিৰ হাৰ ১৮৫৪ চনৰ পৰা ১৮৭০ চনৰ ভিতৰত ১০০% হৈছিল৷
(খ) প্ৰাকৃতিক দুৰ্যোগ, মহামাৰি আৰু দুৰ্ভি‍ক্ষৰ দিনতো কৃষক-ৰাইজে কৰৰ পৰা ৰেহাই নাপাইছিল৷
১২। লেফ্‌টেনেণ্ট ছিংগাৰ কোন আছিল?
উত্তৰ: লেফটেনেণ্ট ছিংগাৰ আছিল অসমত কৃষক বিদ্ৰোহৰ সময়ছোৱাত নগাঁও জিলাৰ সহকাৰী উপায়ুক্ত৷
১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: ১৮৬১ চনত ফুলগুৰিৰ ধাৱা সংঘটিত হৈছিল
১৪। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: ৰঙিয়াৰ কৃষক বিদ্রোহ ১৮৯৩ চনত সংঘটিত হৈছিল
১৫। লচিমা ক’ত অৱস্থিত?
উত্তৰ: বৰপেটা জিলাৰ বজালী অঞ্চলৰ সৰুক্ষেত্ৰী মৌজাত লচিমা অৱস্থিত৷
১৬। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: লচিমাৰ কৃষক বিদ্রোহ ১৮৮৪ চনৰ জানুৱাৰি মাহত সংঘটিত হৈছিল
১৭। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ: পথৰুঘাটৰ কৃষক বিদ্ৰোহ ১৮৯৪ চনত সংঘটিত হৈছিল
১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ: উকিয়াং নবাই ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল
১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ: শম্ভুধন কছাৰীয়ে‍১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল
২০। টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল?
উত্তৰ: ব্ৰিটিছ চৰকাৰে টিকেন্দ্ৰজিতক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল
২১। জে ডব্লিউ কুইণ্টনক কোন চনত হত্যা কৰিছিল?
উত্তৰ: ১৮৯১ চনত জে ডব্লিউ কুইণ্টনক হত্যা কৰা হৈছিল


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ