ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য— সমাজ বি‍জ্ঞান (X), অতি চমু প্ৰশ্ন আৰু উত্তৰ



১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?
উত্তৰ: সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ মীৰাটলৈকে‍ বিস্তৃত আছিল
২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰ: খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত সিন্ধু সভ্যতাত নাগকিৰ সংস্কৃতিৰ বিকাশ হৈছিল৷
৩৷ ঋকবেদৰ আনুমানিক ৰচনাকাল কি?
উত্তৰ: ঋকবেদৰ আনুমানিক ৰচনাকাল খ্ৰীষ্টপূৰ্ব ১৫০০-ৰ পৰা ১০০০-ৰ ভিতৰত৷
৪৷ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা ‘‘সত্যমেৱ জয়তে’’—‍ এই বাক্যশাৰী মূলত কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা ‘‘সত্যমেৱ জয়তে’’—‍ এই বাক্যশাৰী মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে
৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম কি?
উত্তৰ: প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম অৰ্থশাস্ত্ৰ৷
৬। ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) — এই বাক্যাংশই কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
উত্তৰ: ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) — এই বাক্যাংশই জৱাহৰলাল নেহৰুৰ দ্বাৰা ৰচিত ‘ভাৰত সম্ভেদ’ নামৰ গ্ৰন্থখনিৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে
৭। ভাৰতৰ ভাস্কৰ্য শিল্পলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্রয়োগ হৈছিল?
উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্পলাৰ গান্ধাৰ শৈলীটোত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্রয়োগ হৈছিল
৮। ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল?
উত্তৰ: খ্ৰীষ্টপূৰ্ব ২০০-ৰ পৰা খ্ৰীষ্টীয় ২০০ মানৰ ভিতৰত ভৰত মুনিৰ নাট্যশাস্ত্ৰ ৰচিত হৈছিল
৯। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে?
উত্তৰ: ভৰতৰ নাট্যশাস্ত্ৰত ৬,০০০ শ্লোক আছে
১০। হেৰাকা আন্দোলন কি?
উত্তৰ: নাগালেণ্ডৰ স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে গঢ়ি তোলা আন্দোলনটোকেই ‘হেৰাকা আন্দোলন’ বুলি কোৱা হয়৷‍
১১। নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত?
উত্তৰ: নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ ধনেশ পক্ষীৰ নামত উৎসৰ্গিত
১২। ‘চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?
উত্তৰ: ‘চপছৰ কূট’ মিজোৰাম ৰাজ্যৰ পৰম্পৰাগত উৎসৱ
১৩। ‘মিজো’ শব্দৰ অর্থ কি?
উত্তৰ: ‘মিজো’ শব্দৰ অর্থ হ’ল ‘পাহাৰৰ বাসিন্দা’৷
১৪। উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্রচলিত?
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্রচলিত
১৫। মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে?
উত্তৰ: চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা আদি বিষয়বস্তুক আলম কৰি মণিপুৰী নৃত্য গঢ়ি উঠিছে
১৬। অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰ: অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ৷
১৭। কি বড়োমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
উত্তৰ: বড়োমূলীয় ‘হা-চোম’ শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়
১৮। চৰ্যাপদ মানে কি?
উত্তৰ: চৰ্যাপদ হৈছে তান্ত্ৰিক বৌদ্ধ ধৰ্মৰ সহজযানী সিদ্ধাচাৰ্যসকলে ৰচনা কৰা ধৰ্মীয়া গুপ্ত সাধন-পদ্ধতি‍ বিষয়ক গীত৷ চৰ্যাপদসমূহেই হৈছে অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন৷  
১৯। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?
উত্তৰ: খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাৰ ভিতৰত চৰ্যাপদসমূহ ৰচনা কৰা হৈছিল
২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?
উত্তৰ: মাধৱ কণ্ডলিয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল
২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
উত্তৰ: ভট্টদেৱে অসমৰ গদ্য সাহিত্যৰ সূচনা কৰিছিল
২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?
উত্তৰ: আজান পীৰ বা আজান ফকিৰ হিচাপে খ্যাত শ্বাহ মিলনে জিকিৰ আৰু জাৰিসমূহ ৰচনা কৰিছিল
২৩। আজানপীৰ কোন?
উত্তৰ: আজান পীৰ হ’ল স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা এজন চুফী সাধক৷ কোনো কোনোৰ মতে আজমীৰৰ পৰা আৰু কোনো কোনোৰ মতে আৰবৰ পৰা তেওঁ অসমলৈ আহিছিল৷
২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰ: স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত (খ্ৰীষ্টীয় সপ্তম শতিকাত) আজানপীৰ অসমলৈ আহিছিল
২৫। দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল?
উত্তৰ: দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন খ্ৰীষ্টীয় ষষ্ঠ শতিকাত নিৰ্মিত হৈছিল বুলি ঠাৱৰ কৰা হৈছে৷
২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?
উত্তৰ: চাংৰুং ফুকন আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্ৰাসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণকাৰ্যৰ জোখ-মাখ আদি চোৱা-চিতা কৰাৰ দায়িত্বত ন্যস্ত আছিল৷
২৭। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল?
উত্তৰ: লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ প্ৰতিমা পাণ্ডে বৰুৱাক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল
২৮। অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি?
উত্তৰ: অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম ‘অৰুণোদই’৷
২৯। উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্ৰি‍ক নৃ-গোষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো কি?
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্ৰি‍ক নৃ-গোষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো হৈছে মেঘালয় ৰাজ্যৰ খাছীয়া জনজাতি‍৷
৩০। ৰচয়িতাসকলৰ নাম লিখা:
 (ক) অর্থশাস্ত্ৰ
 (খ) হস্তি‍বিদ্যাৰ্ণৱ
 (গ) কীৰ্ত্তন
 (ঘ) নামঘোষা
 (ঙ) চোৰধৰা পিম্পৰা গুচোৱা
 (চ) কালিয় দমন
 (ছ) ৰামবিজয়
 (জ) কথাগীতা
 (ঝ) ৰাজতৰঙ্গিনী
 (ঞ) ভাৰত সম্ভেদ
উত্তৰ:

গ্ৰন্থৰ নামৰচয়িতাৰ নাম
(ক) অর্থশাস্ত্ৰকৌটিল্য
(খ) হস্তি‍বিদ্যাৰ্ণৱসুকুমাৰ বৰকাইথ
(গ) কীৰ্ত্তনশংকৰদেৱ
(ঘ) নামঘোষামাধৱদেৱ
(ঙ) চোৰধৰা পিম্পৰা গুচোৱামাধৱদেৱ
(চ) কালিয় দমনশংকৰদেৱ
(ছ) ৰামবিজয়শংকৰদেৱ
(জ) কথাগীতাভট্টদেৱ
(ঝ) ৰাজতৰঙ্গিনীকলহন
(ঞ) ভাৰত সম্ভেদজৱাহৰলাল নেহৰু


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ