১৷ ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত
ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?
উত্তৰ: ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত
ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল৷
২৷ ‘কেবিনেট মিছন’ ভাৰতলৈ কেতিয়া আহিছিল?
উত্তৰ: ১৯৪৬ খ্ৰীষ্টাব্দৰ
মাৰ্চত ‘কেবিনেট মিছন’ ভাৰতলৈ আহিছিল৷
৩৷ সংবিধান সভাৰ প্ৰথম সভাপতি কোন
আছিল?
উত্তৰ: সংবিধান সভাৰ প্ৰথম সভাপতি
আছিল সচ্চিদানন্দ সিন্হা৷
৪৷ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি?
উত্তৰ: খচৰা সমিতিৰ অধ্যক্ষ আছিল ড° ভীমৰাও আম্বেদকাৰ৷
৫৷ ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’
শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল?
উত্তৰ: ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনী
(১৯৭৬ চনৰ ১৮ ডিচেম্বৰ) মতে ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ প্ৰস্তাৱনাত
সন্নিৱিষ্ট হৈছিল৷
৬৷ ইংৰাজী Federation শব্দটো কোনটো
লেটিন শব্দৰ পৰা আহিছে?
উত্তৰ: ইংৰাজী Federation শব্দটো
লেটিন শব্দ ‘Foedus’-ৰ পৰা আহিছে৷
৭৷ ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক
কোৱা হয়?
উত্তৰ: আমেৰিকাক ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’
বুলি কোৱা হয়৷
৮৷ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা
আছেনে?
উত্তৰ: ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব
ব্যৱস্থা নাই৷
৯৷ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো
কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?
উত্তৰ: ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ
ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে৷