আন্তৰ্জাতিক সংস্থা— ৰাষ্ট্ৰসংঘ আৰু অন্যান্য, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— অতি চমু প্ৰশ্নোত্তৰ



১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল?
উত্তৰ: আন্তঃৰাষ্ট্ৰীয় শান্তি-শৃংখলা আৰু নিৰাপত্তা বজাই ৰখা আৰু বিশ্বৰ দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰাৰ উদ্দেশ্যে ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল।
২৷ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰ: ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হ’ল
(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা৷
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশখনৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা।
৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম কি?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ অংগকেইটা হ’ল
(ক) সাধাৰণ সভা,
(খ) নিৰাপত্তা পৰিষদ,
(গ) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ,
(ঘ) ন্যাসৰক্ষী পৰিষদ,
(ঙ) আন্তৰ্জাতিক ন্যায়ালয় আৰু
(চ) সচিবালয়।
৪৷ ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেঞ্চিৰ নাম লিখা।
উত্তৰ: ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেঞ্চি হ’ল—
(ক) বিশ্ব স্বাস্থ্য সংস্থা (WHO)
(খ) আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থা (ILO)।
৫। নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।
উত্তৰ: নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম হ’ল
(ক) পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি৷
(খ) সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি৷
৬৷ মানৱ অধিকাৰ মানে কি বুজা?
উত্তৰ: বিশ্বৰ মানৱ সমাজক মৰ্যদাপূৰ্ণ জীৱন-যাপনৰ বাবে প্রয়োজন হোৱা অধিকাৰসমূহকেই মানৱ অধিকাৰ বুলি কোৱা হয়৷


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ