মুদ্ৰা আৰু বেংক ব্যৱস্থা, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— অতি চমু প্ৰশ্নোত্তৰ



১। বিনিময় প্রথা কি?
উত্তৰ: এবিধ সামগ্ৰীৰ লগত আন এবিধ সামগ্ৰী প্রত্যক্ষভাৱে সলনি বা বিনিময় কৰা প্রথাই হৈছে বিনিময় প্রথা৷
২। মুদ্ৰা কি?
উত্তৰ: বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই হ’ল মুদ্ৰা৷
৩। মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা।
উত্তৰ: মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে।
৪৷ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।
উত্তৰ: অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হৈছে চেক।
৫। প্রতিনিধিত্বমূলক কাগজী মুদ্ৰা কি?
উত্তৰ: পূৰ্বৰ কাগজী মুদ্ৰা সম মূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তন কৰা হৈছিল। এনে কাগজী মুদ্ৰাক ‘প্রতিনিধিত্বমূলক কাগজী মুদ্ৰা’ বোলা হয়।
৬। বেংক কি?
উত্তৰ: বেংক হ’ল এক প্রকাৰৰ বিত্তীয় প্ৰতি‍ষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে। বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু আৰু এনদেৰে সংগৃহীত সঞ্চয় ঋণ লওঁতাক সুদৰ বিনিময়ত ঋণ হিচাপে দিয়ে৷
৭৷ ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল?
উত্তৰ: ১৯৩৫ চনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল৷
৮। চলিত আমানত কি?
উত্তৰ: যি ধৰণৰ আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে সঞ্চয়কাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে, তেনে আমানতকে ‘চলিত আমানত’ বোলে।
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ