অৰ্থনৈতিক উন্নয়ন, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— অতি চমু প্ৰশ্নোত্তৰ

ব্যাখ্যা কৰা: (এটা বাক্যত)

ক) অৰ্থনৈতিক বিকাশ
খ) অৰ্থনৈতিক উন্নয়ন
গ) মানৱ উন্নয়ন
ঘ) অৰ্থনৈতিক পৰিকল্পনা
ঙ) গণতান্ত্ৰিক পৰিকল্পনা
চ) উদাৰীকৰণ
ছ) ব্যক্তিগতকৰণ
জ) গোলকীকৰণ বা বিশ্বায়ন

উত্তৰ: 

ক) অৰ্থনৈতিক বিকাশ: অৰ্থনৈতিক বিকাশ হৈছে দেশ এখনৰ জনমূৰি আৰু জাতীয় আয়ৰ বৃদ্ধি৷
খ) অৰ্থনৈতিক উন্নয়ন:
গ) মানৱ উন্নয়ন: দেশ এখনৰ জনসাধাৰণৰ স্বাস্থ্য, শি‍ক্ষা, জীৱন ধাৰণৰ মান, আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নেই হৈছে মানৱ উন্নয়ন৷
ঘ) অৰ্থনৈতিক পৰিকল্পনা: নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিক দৰ্শনেই হৈছে অৰ্থনৈতিক পৰিকল্পনা৷
ঙ) গণতান্ত্ৰিক পৰিকল্পনা: যি পৰিকল্পনা যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয়, সেই পৰিকল্পনাই হৈছে অৰ্থনৈতিক পৰিকল্পনা৷
চ) উদাৰীকৰণ: দেশ এখনৰ আৰ্থিক ব্যৱস্থাটোৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণেই হৈছে উদাৰীকৰণ৷
ছ) ব্যক্তিগতকৰণ: দেশ এখনৰ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধিনত থকা প্ৰতিষ্ঠান বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া প্ৰক্ৰিয়াই হৈছে ব্যক্তিগতকৰণ৷
জ) গোলকীকৰণ বা বিশ্বায়ন: অৰ্থনীতিৰ ক্ষেত্ৰত এখন দেশৰ অৰ্থব্যৱস্থাৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থব্যৱস্থাৰ সংযোগ তথা সংহতি স্থাপন কৰা প্ৰক্ৰিয়াটোৱেই হৈছে গোলকীকৰণ বা বিশ্বায়ন৷


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ