ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য— সমাজ বি‍জ্ঞান, দশম শ্ৰেণী


অনুশীলনীৰ প্ৰশ্ন

অতি চমু উত্তৰৰ প্রশ্ন

১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?
২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
৩৷ ঋকবেদৰ আনুমানিক ৰচনাকাল কি?
৪৷ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা ‘‘সত্যমেৱ জয়তে’’—‍ এই বাক্যশাৰী মূলত কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম কি?
৬। ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) —এই বাক্যাংশই কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
৭। ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্রয়োগ হৈছিল?
৮। ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল?
৯। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে?
১০। হেৰাকা আন্দোলন কি?
১১। নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত?
১২। ‘চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?
১৩। ‘মিজো’ শব্দৰ অর্থ কি?
১৪। উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্রচলিত?
১৫। মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে?
১৬। অসমৰ প্ৰাচীন নাম কি আছিল?
১৭। কি বড়োমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
১৮। চৰ্যাপদ মানে কি?
১৯। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?
২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?
২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?
২৩। আজানপীৰ কোন?
২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
২৫। দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল?
২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?
২৭। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল?
২৮। অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি?
২৯। উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্ৰি‍ক নৃ-গোষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো কি?
৩০। ৰচয়িতাসকলৰ নাম লিখা:
   (ক) অর্থশাস্ত্ৰ
   (খ) হস্তি‍বিদ্যাৰ্ণৱ
   (গ) কীৰ্ত্তন
   (ঘ) নামঘোষা
   (ঙ) চোৰধৰা পিম্পৰা গুচোৱা
   (চ) কালিয় দমন
   (ছ) ৰামবিজয়
   (জ) কথাগীতা
   (ঝ) ৰাজতৰঙ্গিনী
   (ঞ) ভাৰত সম্ভেদ



চমু উত্তৰৰ প্রশ্ন

১। খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা৷
২। সিন্ধু উপত্যকাত আৱি‍ষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা৷
৩। অষ্ট্রিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
৪। ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্রহণ কৰিছে?
৫৷ বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
৬। অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
৭৷ সাংস্কৃতিক বহুত্ববাদ মানে কি?
৮। ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
৯। প্রাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা।
১০। ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভগাব পাৰি?
১১৷ চিত্ৰকলাৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা৷
১২। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা৷
১৩। হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।
১৪। ঝুম খেতি মানে কি বুজা?
১৫। জেং বিহু মানে কি?
১৬৷ ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
১৭। প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা।
১৮। আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
১৯। বিহুৰ সমধৰ্ম্মী হিচাপে নামনি অসমত উদ্‌যাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লে‍খ কৰা।
২০। দৰঙৰ দুবিধ লোকনৃত্যৰ নাম উল্লেখ কৰা।
২১। ভাৰতত থকা মূল নৃ-গোষ্ঠীকেইটা কি কি?
২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।
২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে?
২৪। UNESCO-ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনি‍টা স্থাপত্য উল্লেখ কৰা।
২৫। ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল?
২৬। ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্রধান শৈলী কি কি?
২৭। দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।
২৮। মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।
২৯। চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা?
৩০। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।
৩১। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
৩২। ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?
৩৩। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?
৩৪। অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা৷



দীঘল উত্তৰৰ প্রশ্ন

১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।
২। ‘‘ভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব’’— বাক্যশাৰীৰ ভাবাৰ্থ আলোচনা কৰা।
৩। ভাৰতৰ ধৰ্মীয় এতিহ্যৰ বিষয়ে লিখা।
৪। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?
৫। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা।
৬। ‘‘অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰি‍ত সংস্কৃতিৰ উৎপত্তি হৈছে’’— এই প্ৰসংগটো চমুকৈ আলোচনা কৰা।
৭। অসমৰ চিত্র কলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।
৮। অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।
৯। উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে?
১০। ‘‘লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে’’— এই প্রসংগত তোমাৰ মন্তব্য আগবঢ়োৱা।

চমু টোকা লিখা

১। প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প
২। ভাৰতীয় চিত্ৰকলা
৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ এ্রতিহ্য
৪। অসমৰ ভাস্কৰ্য শিল্প
৫। অসমৰ স্থাপত্য শিল্প
৬। অসমৰ বৈষ্ণৱী সাহিত্য
৭। অসমৰ লোক সংগীত
৮। অসমৰ ধৰ্মীয় সংহতি
৯। অসমৰ বুৰঞ্জী সাহিত্য
১০। বিহু উৎসৱ

অতি চমু প্ৰশ্নাৱলী

মূল্যাংক: 

১৷ ভাৰতবৰ্ষত বিকশিত হোৱা প্ৰাচীনতম সভ্যতাটোৰ নাম লিখা৷
২৷ সিন্ধু উপত্যকাত নাগৰিক সভ্যতাৰ বিকাশ কেতিয়া হৈছিল?
৩৷ সিন্ধু সভ্যতাৰ উল্লেখযোগ্য নগৰ দুখনৰ নাম লিখা৷
৪৷ সিন্ধু সভ্যতা ক’ৰ পৰা ক’লৈকে বিস্তৃত আছিল?
৫৷ কোনবোৰ বস্তু আৱিষ্কাৰৰ পৰা অনুমান কৰা হৈছে যে সিন্ধু সভ্যতাৰ লোকসকল জীৱ-জন্তুৰ পূজা বা টোটেম বিশ্বাসী আছিল?
৬৷ সিন্ধু সভ্যতাৰ পতন কেতিয়া হৈছিল?
৭৷ পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থখনৰ নাম লিখা৷
৮৷ ঋকবৈদিক যুগক আৰু কি যুগ বুলি কোৱা হয়?
৯৷ ঋকবৈদিক যুগ বুলিলে কোনছোৱা সময়ক বুজোৱা হয়?
১০৷ পৰৱৰ্তী বৈদিক যুগ বুলিলে কোনছোৱা সময়ক বুজোৱা হয়?
১১৷ বেদ কেইখন?
১২৷ কোনখন বেদ সবাতোকৈ প্ৰাচীন?
১৩৷ আৰণ্যক আৰু উপনিষদসমূহ কেতিয়া ৰচনা কৰা হৈছিল?
১৪৷ ৰামায়ণ আৰু মহাভাৰত কেতিয়া ৰচনা কৰা হৈছিল বুলি অনুমান কৰা হয়?
১৫৷ সমগ্ৰ ভাৰতবৰ্ষত আৰ্য সংস্কৃতিৰ বিস্তাৰ কেতিয়া হৈছিল?
১৬৷ ভাৰতৰ যিকোনো দুটা নৃ-গোষ্ঠীৰ নাম লিখা৷
১৭৷ ধানখেতিৰ কৌশল কোন নৃ-গোষ্ঠীৰ অৱদান?
১৮৷ কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰাৰ কৌশল কোন নৃ-গোষ্ঠীৰ অৱদান?
১৯৷ কপাহৰ পৰা সূতা উলিয়াই কাপোৰ তৈয়াৰ কৰাৰ কৌশল কোন নৃ-গোষ্ঠীৰ অৱদান?
২০৷ ধৰ্মীয় পৰম্পৰাত সেন্দূৰৰ ব্যৱহাৰ কোন নৃ-গোষ্ঠীৰ অৱদান?‍
২১৷ হালধিৰ ব্যৱহাৰ কোন নৃ-গোষ্ঠীৰ অৱদান?
২২৷ হাতী পোহ মনোৱা কোন নৃ-গোষ্ঠীৰ অৱদান?
২৩৷ ভাৰতীয় সংবিধানত তালিকাবদ্ধ অনুসূচিত জনজাতিৰ সংখ্যা কিমান?
২৪৷ ২০০১ চনৰ পিয়ল অনুসৰি ভাৰতত বিবেচনাপূৰ্বকভাৱে মাতৃভাষা বুলি ক’ব পৰা প্ৰচলিত ভাষা কিমান আছে?
২৫৷ ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখ থকা ভাষাৰ সংখ্যা কিমান?
২৬৷ বৌদ্ধ ধৰ্মৰ সূচনা কেতিয়া হৈছিল?
২৭৷ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন?
২৮৷ জৈন ধৰ্মৰ সূচনা কেতিয়া হৈছিল?
২৯৷ জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?
৩০৷ ‘‘কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে৷ বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে’’— এনেদৰে কোনে ঘোষণা কৰিছিল?

৩১৷ ভাৰতীয় সংস্কৃতিৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা৷
৩২৷ ‘‘ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যৰ মাজত একতা’’ বাক্যাংশটো জনপ্ৰিয় কৰি তোলা কেইজনমান নেতাৰ নাম লিখা৷
৩৩৷ ‘ভাৰত সম্ভেদ’ গ্ৰন্থখনিৰ লেখক কোন?
৩৪৷ কোন দুখন মহাকাব্যই ভাৰতৰ বিভি‍ন্ন প্ৰান্তক মূল সাস্কৃতিক সুঁতিৰ লগত সাঙুৰি এক বৃহৎ সাংস্কৃতিক পৰিয়াল গঠন কৰাত অৱদান যোগাইছে?
৩৫৷ অৰ্থশাস্ত্ৰৰ ৰচক কোন?
৩৬৷ চৰক সংহিতাৰ ৰচক কোন?
৩৭৷ সুশ্ৰুত সংহিতাৰ ৰচক কোন?
৩৮৷ ৰাজতৰংগিনীৰ ৰচক কোন?
৩৯৷ সংগম সাহিত্য ভাৰতৰ কোন প্ৰান্তৰ সাহিত্যিক সমল?
৪০৷ হিন্দু ধৰ্মৰ বৰ্ণাশ্ৰম ব্যৱস্থাত কেইটা আশ্ৰম আছে?
৪১৷ ‘‘সত্যমেৱ জয়তে’’ কথাষাৰ কোনখন প্ৰাচীন গ্ৰন্থত উল্লেখ আছে?
৪২৷ ‘‘অহিংসা পৰম ধৰ্ম’’ কথাষাৰ কোনখন প্ৰাচীন গ্ৰন্থত উল্লেখ আছে?
৪৩৷ ‘‘জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী’’ কথাষাৰ কোনখন প্ৰাচীন গ্ৰন্থত উল্লেখ আছে?
৪৪৷ ‘‘বসুধৈৱ কুটুম্বকম’’ কথাষাৰ কোনখন প্ৰাচীন গ্ৰন্থত উল্লেখ আছে?
৪৫৷ ‘‘অসতো মা সদ্‌গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ্মা অমৃতং গময়’’ কথাষাৰৰ অৰ্থ কি?
৪৬৷ ‘‘অসতো মা সদ্‌গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ্মা অমৃতংগময়’’ কথাষাৰ কোনখন প্ৰাচীন গ্ৰন্থত উল্লেখ আছে?
৪৭৷ ভাৰতত চুলতানী আৰু বাদছাহী যুগত মূলতঃ কেই প্ৰকাৰৰ স্থাপত্য দেখা গৈছিল?
৪৮৷ ‘মাকোৱাৰা’ কি?
৪৯৷ ভাৰতৰ প্ৰাচীন মঠ-মন্দিৰ নিৰ্মাণশৈলীৰ ঘাইকৈ কেইটা ভাগ পোৱা যায়?
৫০৷ নাগৰ শৈলী ভাৰতৰ কোন প্ৰান্তত প্ৰচলিত আছিল?
৫১৷ দ্ৰাবিড় শৈলী ভাৰতৰ কোন প্ৰান্তত প্ৰচলিত আছিল?
৫২৷ ৱেচৰ শৈলী ভাৰতৰ কোন প্ৰান্তত প্ৰচলিত আছিল?
৫৩৷ নাগৰ শৈলীৰ মন্দিৰৰ ওপৰৰ অংশ কেনেকুৱা?
৫৪৷ দ্ৰাবিড় শৈলীৰ মন্দিৰৰ ওপৰৰ অংশ কেনেকুৱা?
৫৫৷ কি শাস্ত্ৰ অনুসৰি ভাৰতৰ প্ৰাচীন মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল?
৫৬৷ ভাৰতৰ কোনটো স্তূপৰ ৰূপটোক আদৰ্শ ৰূপ বুলি কোৱা হয়?
৫৭৷ তুৰ্কী, আফগান আৰু মোগল যুগৰ স্থাপত্যসমূহত কি শৈলীৰ প্ৰয়োগ হৈছিল?
৫৮৷ ভাৰতৰ স্থাপত্যৰাজিৰ ভিতৰত কোনটো স্থাপত্যক মধ্যমণি বুলি ক’ব পাৰি?
৫৯৷ অশোকৰ স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ কাৰ জীৱনৰ ঘটনাৰ লগত জড়িত?
৬০৷ ভাৰতৰ ভাস্কৰ্য শিল্পক মূলতঃ কেইটা ভাগত ভাগ কৰা হৈছে?

৬১৷ গান্ধাৰ শিল্পকলা কোন অঞ্চলত বিকশিত হৈছিল?
৬২৷ কেতিয়াৰ পৰা কেতিয়ালৈকে গান্ধাৰ শিল্পকলা সজীৱ হৈ আছিল?
৬৩৷ মথুৰা শিল্পকলাত পৰৱৰ্তী সময়ত কোন শৈলীৰ প্ৰভাৱ পৰিছিল?
৬৪৷ মথুৰা শিল্পকলাই কোনছোৱা সময়ত চৰম উৎকৰ্ষ সাধন কৰিছিল?
৬৫৷ অমৰাৱতী শিল্পকলা কেতিয়াৰ পৰা কেতিয়ালৈকে প্ৰচলিত আছিল?
৬৬৷ অমৰাৱতী শিল্পকলাৰ পৃষ্ঠপোষক কোন আছিল?
৬৭৷ কেতিয়া ভাৰতৰ ভাস্কৰ্য শিল্পৰ অৱনতী ঘটে?
৬৮৷ প্ৰাচীন ভাৰতৰ চিত্ৰকলাক প্ৰধানতঃ কেইটা ভাগত ভাগ কৰিব পাৰ‍ি?
৬৯৷ ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ ক’ত প্ৰয়োগ কৰা হৈছিল?
৭০৷ অজন্তা কোন ৰাজ্যত অৱস্থিত?
৭১৷ আনুমানিক কোন শতিকাৰ পৰা ভাৰতৰ বিভিন্ন প্ৰান্তত তালপাত, সাঁচিপাত, পাটকাপোৰ আদিত চিত্ৰ অংকন কৰিবলৈ লোৱা হৈছিল?
৭২৷ প্ৰাচীন কালত ৰং প্ৰস্তুত কৰিবলৈ কি কি প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰা হৈছি‍ল?
৭৩৷ মোগল যুগৰ দুখন সচিত্ৰ গ্ৰন্থৰ নাম লিখা৷
৭৪৷ মোগল যুগৰ চিত্ৰসমূহৰ বিষয়বস্তু কি আছিল?
৭৫৷ ভাৰতৰ ধ্ৰুপদী সংগীতত প্ৰয়োগ কৰা দুবিধ বাদ্যযন্ত্ৰৰ নাম লিখা৷
৭৬৷ ভাৰতত চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্য কেইবিধ?
৭৭৷ কথাকলি নৃত্য মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
৭৮৷ মোহিনী আট্টম নৃত্য মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
৭৯৷ ভাৰতনাট্যম মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
৮০৷ কুচিপুড়ী নৃত্য মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
৮১৷ অ’ডি‍ছি নৃত্য মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
৮২৷ কথক নৃত্য মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
৮৩৷ সত্ৰীয়া নৃত্য মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
৮৪৷ মণিপুৰী নৃত্য মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
৮৫৷ ‘যোগসূত্ৰ’ গ্ৰন্থখনৰ সংকলক কোন?
৮৬৷ ‘যোগসূত্ৰ’ গ্ৰন্থখন আনুমানিক কোন শতিকাত সংকলন কৰা হৈছিল?
৮৭৷ ‘উত্তৰ-পূৰ্বাঞ্চল’ শব্দটো কোনে প্ৰথমে প্ৰয়োগ কৰিছিল?
৮৮৷ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে থকা ভাৰত চৰকাৰৰ পৰিষদখনৰ নাম কি?
৮৯৷ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত কেইখন ৰাজ্য অৱস্থিত?
৯০৷ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল কেইখন বিদেশী ৰাষ্ট্ৰৰে আবৃত?


৯১৷ বৰ্মন বংশ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
৯২৷ অসমত আহোম ৰাজবংশই কিমান বছৰ শাসন কৰিছিল?
৯৩৷ মেঘালয়ৰ খাছীয়াসকল কোন গোষ্ঠীৰ লোক?
৯৪৷ ডনিপ’ল কোনখন ৰাজ্যৰ বাসিন্দাসকলৰ জনপ্ৰিয় দেৱতা?
৯৫৷ হৰ্নবিল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়?
৯৬৷ হৰ্নবিল উৎসৱ কে‍তিয়া পালন কৰা হয়?
৯৭৷ নগাসকলে কোনবিধ পক্ষীক ত্ৰাণকৰ্তা পৱিত্ৰ জীৱ হিচাপে জ্ঞান কৰে?
৯৮৷ ‘হেৰাকা আন্দোলন’ কোনে গঢ়ি তুলিছিল?
৯৯৷ মণিপুৰৰ চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ সম্প্ৰদায়টোৰ নাম কি?
১০০৷ প্ৰকৃতিপ্ৰাণবাদী (Animist) বিশ্বাস কি?
১০১৷ মেঘালয়ৰ জনজাতীয় লোকসকল কেতিয়াৰ পৰা খ্ৰীষ্টান হ’বলৈ আৰম্ভ কৰে?
১০২৷ মেঘালয়ৰ কিমান শতাংশ লোক কৃষিজীৱী?
১০৩৷ চেৰাও নৃত্য কোন ৰাজ্যত প্ৰচলিত?
১০৪৷ অসমৰ প্ৰাচীন নাম কি?
১০৫৷ প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ কি?
১০৬৷ কোনটো টাইমূলীয় শব্দৰ পৰা ‘অসম’ নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
১০৭৷ কোনটো বড়োমূলীয় শব্দৰ পৰা ‘অসম’ নামটো উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
১০৮৷ অসমত শাসন কৰা যিকোনো দুটা ৰাজবংশৰ নাম উল্লেখ কৰা৷
১০৯৷ কোনখন আলোচনীৰ জৰিয়তে অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল?
১১০৷ অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন কি?
১১১৷ চতুৰ্দশ শতিকাৰ অসমৰ দুগৰাকী কবিৰ নাম লিখা৷
১১২৷ মাধৱ কন্দলিয়ে কোনখন কাব্য সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল?
১১৩৷ উত্তৰ ভাৰতীয় ভাষাসমূহৰ ভিতৰত কোনটো ভাষাত ৰামায়ণ প্ৰথম‍ে অনুবাদ কৰা হৈছিল?
১১৪৷ প্ৰাচীন অসমীয়া সাহিত্যৰ মূল বিষয়বস্তু কি আছিল?
১১৫৷ ‘কীৰ্ত্তন’ পুথিখন কোনে ৰচনা কৰিছিল?
১১৬৷ ‘নামঘোষা’ কোনে ৰচনা কৰিছিল?
১১৭৷ শংকৰদেৱে কেইখন অংকীয়া নাট ৰচনা কৰিছিল?
১১৮৷ শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি আছিল?
১১৯৷ ‘বৃন্দাৱনী বস্ত্ৰ’ বৰ্তমান ক’ত সংৰক্ষিত হৈ আছে?
১২০৷ অসমীয়া ভাষাত গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?

১২১৷ ‘কথা গীতা’ কোনে ৰচনা কৰিছিল?
১২২৷ ‘ভাগৱত কথা’ কোনে ৰচনা কৰিছিল?
১২৩৷ ‘ৰত্নাৱলী কথা’ কোনে ৰচনা কৰিছিল?
১২৪৷ বৈষ্ণৱ সাহিত্যৰ প্ৰভাৱ নপৰা শংকৰোত্তৰ যুগৰ যিকোনো দুজন কবিৰ নাম লিখা৷
১২৫৷ গোবিন্দ মিশ্ৰই ৰচনা কৰা জনপ্ৰিয় গ্ৰন্থখনৰ নাম কি?
১২৬৷ কাৰ পৃষ্ঠপোষকতাত অসমত বুৰঞ্জীসমূহ ৰচনা কৰা হৈছিল?
১২৭৷ অসমত বুৰঞ্জীসমূহ পোনপ্ৰথমে কি ভাষাত ৰচনা কৰা হৈছিল?
১২৮৷ কেতিয়াৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখিবলৈ লোৱা হয়?
১২৯৷ অসমৰ দুখন উল্লেখযোগ্য বুৰঞ্জীৰ নাম লিখা৷
১৩০৷ অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি?
১৩১৷ অসমৰ প্ৰথম বাৰ্তালোচনীখন প্ৰথম প্ৰকাশ কেতিয়া হৈছিল?
১৩২৷ অসমৰ প্ৰথম বাৰ্তালোচনীখন কোনে প্ৰকাশ কৰিছিল?
১৩৩৷ কিহৰ জৰিয়তে অসমীয়া সাহিত্যলৈ য়ুৰোপীয় সাহিত্যৰ বিভিন্ন ৰূপ আৰু বৈশিষ্ট্যৰ প্ৰৱেশ ঘটে?
১৩৪৷ হাজোত থকা, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ তীৰ্থস্থানখনৰ নাম কি?
১৩৫৷ আজানপীৰক আৰু কি নামেৰে জনা যায়?
১৩৬৷ কাৰ দিনত আজানপীৰ অসমলৈ আহিছিল?
১৩৭৷ জিকিৰ আৰু জাৰিসমূহ কোনে ৰচনা কৰিছিল?
১৩৮৷ মানৰ আক্ৰমণৰ সময়ত চন্দ্ৰকান্ত সিংহক পঞ্জাৱৰ কোন ৰজাই সহায় কৰিছিল?
১৩৯৷ অসমত থকা যিকোনো দুখন প্ৰাচীন চিত্ৰপুথিৰ নাম লিখা৷
১৪০৷ অসমৰ পুথি‍চিত্ৰসমূহৰ বিষয়বস্তু কি আছিল?
১৪১৷ ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখনৰ কোনে ৰচনা কৰিছিল?
১৪২৷ ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখনৰ চিত্ৰসমূহ অংকন কৰা চিত্ৰশি‍ল্পী দুগৰাকীৰ নাম লিখা৷
১৪৩৷ অসমৰ প্ৰাচীন ভস্কৰ্য শিল্পৰ নিদৰ্শন আৱিষ্কৃত হোৱা দুখন ঠাইৰ নাম লিখা৷
১৪৪৷ মদন-কামদেৱ মন্দিৰৰ মৈথুন মূৰ্তিসমূহ কি উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল বুলি পণ্ডিতসকলে মত পোষণ কৰিছে?
১৪৫৷ অসমৰ স্থাপত্য শিল্পৰ নিদৰ্শনসমূহ কোন যুগত নিৰ্মিত?
১৪৬৷ অসমৰ স্থাপত্য শিল্পৰ নিদৰ্শনসমূহ কাৰ পৃষ্ঠপোষকতাত নিৰ্মিত?
১৪৭৷ আহোম ৰাজত্বকালত নিৰ্মিত শিৱসাগৰ জিলাৰ দুটা ৰাজকীয় অট্টালিকাৰ নাম লিখা৷
১৪৮৷ ৰংঘৰ ক’ত অৱস্থিত?
১৪৯৷ কাৰেংঘৰ ক’ত অৱস্থিত?
১৫০৷ তলাতল ঘৰ ক’ত অৱস্থিত?


১৫১৷ কামাখ্যা মন্দিৰ ক’ত অৱস্থিত?
১৫২৷ উগ্ৰতাৰা মন্দিৰ ক’ত অৱস্থিত?
১৫৩৷ উমানন্দ মন্দিৰ ক’ত অৱস্থিত?
১৫৪৷ নৱগ্ৰহ মন্দিৰ ক’ত অৱস্থিত?
১৫৫৷ শিৱদ’ল ক’ত অৱস্থিত?
১৫৬৷ জয়দ’ল ক’ত অৱস্থিত?
১৫৭৷ দেৱীদ’ল ক’ত অৱস্থিত?
১৫৮৷ হয়গ্ৰীৱ মাধৱ মন্দিৰ ক’ত অৱস্থিত?
১৫৯৷ শুক্লেশ্বৰ মন্দিৰ ক’ত অৱস্থিত?
১৬০৷ অসমৰ প্ৰাচীন মন্দিৰসমূহ কোন শৈলীৰ বৈশিষ্ট্যযুক্ত?
১৬১৷ অসমত থকা মন্দিৰসমূহৰ প্ৰধান অংশ দুটা কি কি?
১৬২৷ কোন স্বৰ্গদেউৰ দিনত তলাতল ঘৰৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল?
১৬৩৷ কোন স্বৰ্গদেউৰ দিনত তলাতল ঘৰৰ নিৰ্মাণকাৰ্য সমাপ্ত হৈছিল?
১৬৪৷ ৰংঘৰটো কেই মহলীয়া?
১৬৫৷ ৰংঘৰৰ চালখনত কি আৰ্হি নিৰ্মাণ কৰা আছে?
১৬৬৷ আহোমৰ ৰাজত্বকালত নিৰ্মিত দুখন শিলৰ সাঁকোৰ নাম লিখা৷
১৬৭৷ কৰাল কিহেৰে তৈয়াৰ কৰা হৈছিল?
১৬৮৷ কৰাল কি কামত ব্যৱহাৰ কৰা হৈছিল?
১৬৯৷ আহোম ৰাজত্বকালত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্ৰাসাদ আদিৰ নিৰ্মাণকাৰ্যৰ জোখ-মাখ কৰা বিষয়াক কি বুলি কোৱা হৈছিল?
১৭০৷ চাংৰুং ফুকনৰ বুৰঞ্জীৰ বিষয়বস্তু কি?
১৭১৷ অসমৰ লোকসংস্কৃতি বুলিলে কি বুজা?
১৭২৷ অসমৰ জাতীয় উৎসৱ কি?
১৭৩৷ বিহু কেইটা আৰু কি কি?
১৭৪৷ ব’হাগ বিহুক আৰু কি বুলি কোৱা হয়?
১৭৫৷ কাতি বিহুক আৰু কি বুলি কোৱা হয়?
১৭৬৷ মাঘ বিহুক আৰু কি বুলি কোৱা হয়?
১৭৭৷ ব’হাগ বিহু কেতিয়া পালন কৰা হয়?
১৭৮৷ কাতি বিহু কেতিয়া পালন কৰা হয়?
১৭৯৷ মাঘ বিহু কেতিয়া পালন কৰা হয়?
১৮০৷ ব’হাগ বিহু কেইদিনীয়াকৈ পালন কৰা হয়?


১৮১৷ ব’হাগ বিহুৰ প্ৰথম দিনটোক কি বোলে?
১৮২৷ ব’হাগ মাহৰ প্ৰথম দিনটোক কি বোলে?
১৮৩৷ কোন স্বৰ্গদেউৰ দিনত প্ৰদৰ্শনীমূলকভাৱে বিহুনৃত্য আৰু খেল-ধেমালিৰ আয়োজন কৰা হৈছিল?
১৮৪৷ ভঠেলি উৎসৱ ক’ত পালন কৰা হয়?
১৮৫৷ বাঁসপূজা উৎসৱ ক’ত পালন কৰা হয়?
১৮৬৷ বিহুৰ সমধৰ্মী হিচাপে দৰং জিলাত পালন কৰা উৎসৱটোৰ নাম কি?
১৮৭৷ বিহুৰ সমধৰ্মী হিচাপে পুৰণি কামৰূপত  কি কি উৎসৱ পালন কৰা হয়?
১৮৮৷ বিহুৰ সমধৰ্মী হিচাপে পুৰণি গোৱালপাৰাত কি উৎসৱ পালন কৰা হয়?
১৮৯৷ কোন বিহুত ধাননিপথাৰত বন্তি জ্বলোৱা হয়?
১৯০৷ বড়োসকলে কাতি বিহুৰ সময়ত কি গছৰ তলত চাকি জ্বলায়?
১৯১৷ আকাশবন্তি কি?
১৯২৷ ভেলাঘৰ কি?
১৯৩৷ যিকোনো দুবিধ পিঠাৰ নাম লিখা৷
১৯৪৷ মাঘ বিহুক কিয় ভোগালী বিহু বোলা হয়?
১৯৫৷ লোকগীত বুলিলে কি বুজা?
১৯৬৷ অসমৰ যিকোনো দুবিধ লোকগীতৰ নাম লিখা৷
১৯৭৷ কামৰূপী লোকগীতৰ বিষয়বস্তু কি?
১৯৮৷ গোৱলপৰীয়া লোকগীতৰ বিষয়বস্তু কি?
১৯৯৷ টোকাৰিগীতৰ বিষয়বস্তু কি?
২০০৷ লোকগীতৰ ক্ষেত্ৰখনলৈ আগ বঢ়োৱা অৱদানৰ বাবে সংগীত নাটক অকাদেমি বঁটা লাভ কৰা অসমৰ দুগৰাকী শিল্পীৰ নাম লিখা৷
২০১৷ ওজা-পালিৰ মূল ভাগ কেইটা?
২০২৷ ব্যাসৰ ওজাৰ বিষয়বস্তু কি?
২০৩৷ সুকনান্নী ওজাৰ বিষয়বস্তু কি?
২০৪৷ ওজা-পালিৰ প্ৰচলন থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
২০৫৷ ওজা-পালিৰ দুজন বিশিষ্ট শি‍ল্পীৰ নাম লিখা৷
২০৬৷ দৰং জিলাত প্ৰচলিত দুবিধ লোকনৃত্যৰ নাম লিখা৷
২০৭৷ লোকনৃত্যৰ ক্ষেত্ৰখনলৈ আগ বঢ়োৱা অৱদানৰ বাবে সংগীত নাটক অকাদেমি বঁটা লাভ কৰা অসমৰ দুগৰাকী শিল্পীৰ নাম লিখা৷
২০৮৷ ঢুলীয়া ওজা-পালিৰ প্ৰচলন অসমৰ কোন অঞ্চলত দেখা যায়?
২০৯৷ অসমৰ স্থাপত্য শিল্পকলাত কোন যুগৰ শিল্পকলাই বিশেষ স্থান অধিকাৰ কৰিছে?
২১০৷ বাগুৰুম্বা কোন জনজাতিৰ জাতীয় উৎসৱ?

২১১৷ ফাৰকান্তি নৃত্য কোন জনজাতিৰ?

২১২৷ উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্রিকজনগোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি?
২১৩৷ সিন্ধু সভ্যতাৰ নিদৰ্শন কোন দুখন নগৰত দেখা গৈছিল?
২১৪৷ সিন্ধু সভ্যতাৰ বিকাশৰ সময় কেতিয়া?
২১৫৷ সিন্ধু সভ্যতাৰ ঘাই নিৰ্মাতা কোন আছিল?
২১৬৷ সিন্ধু সভ্যতাৰ পতনৰ পিছত কোন যুগৰ সুচনা হৈছিল?
২১৭৷ ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ভাষা কেইটা?
২১৮৷ মিনাৰ কি?
২১৯৷ এটা ভাস্কৰ্য শিল্পকলাৰ নাম লিখা।
২২০৷ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়?
২২১৷ বৰ্তমান উত্তৰ পূৰ্বাঞ্চল পৰিষদত কেইখন ৰাজ্য আছে?
২২২৷ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্রচলন কোনে কৰিছিল?
২২৩৷ ভট্টদেৱে ৰচনা কৰা দুখন গ্রন্থৰ নাম লিখা।
২২৪৷ অসমত থকা পৃথিৱী বিখ্যাত মন্দিৰটো কি?
২২৫৷ পোৱামক্কা কি?
২২৬৷ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?


চমু প্রশ্নাৱলী

মূল্যাংক: /


১৷ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য’ পাঠটিত ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলি কি বুজাব বিচৰা হৈছে?
২৷ সিন্ধু সভ্যতাৰ নিদৰ্শন ক’ৰ পৰা ক'লৈ বিস্তৃত আছিল?
৩৷ সিন্ধু সভ্যতাৰ নিদৰ্শন থকা আৱিস্কৃত হোৱা দুবিধ বস্তুৰ নাম লিখা।
৪৷ পৰৱৰ্তী বৈদিক যুগত ৰচিত তিনিখন সংহিতাৰ নাম লিখা।
৫৷ পৰৱৰ্তী বৈদিক যুগত ৰচিত দুখন মহাকাব্যৰ নাম লিখা।
৬৷ অষ্টিকসকলে উদ্ভাৱন কৰা কেইবিধমান কাৰ্য লিখা।
৭৷ চিকিৎসা বিষয়ক দুখন প্রাচীন পুথিৰ নাম লিখা।
৮৷ তিনিজন প্রাচীন সাহিত্যিকৰ নাম লিখা।
৯৷ তিনিজন প্রাচীন ভাৰতীয় দাৰ্শনিকৰ নাম লিখা।
১০৷ তিনিজন প্রাচীন ভাৰতীয় বিজ্ঞানীৰ নাম লিখা।
১১৷ প্রাচীন কালৰ শিলেৰে নিৰ্মিত মঠ মন্দিৰসমূহৰ নিৰ্মাণশৈলীসমূহৰ নাম লিখা।
১২৷ UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে চিহ্নিত দুটা স্থাপত্যৰ নাম লিখা।
১৩৷ ভাৰতবৰ্ষত গঢ়ি উঠা ভাস্কৰ্য শিল্পকলা তিনিটাৰ নাম লিখা৷
১৪৷ প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্য দুটাৰ নাম লিখা।
১৫৷ ভাৰতবৰ্ষত স্বীকৃতি প্রাপ্ত নৃত্য কলাসমূহৰ নাম লিখা।
১৬৷ অষ্টাংগ কৰ্তব্যৰ বিধান কি কি?
১৭৷ চতুৰ্দশ শতিকাৰ কেইজনমান অসমীয়া সাহিত্যিকৰ নাম লিখা
১৮৷ শংকৰদেৱৰ দ্বাৰা ৰচিত আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাট কেইখন মানৰ নাম লিখা।
১৯৷ অসমৰ কেইখন মান প্রাচীন বুৰঞ্জীৰ নাম লিখা।
২০৷ অসমৰ প্ৰথমখন বাৰ্তলোচনীৰ নাম কি আৰু ই কেতিয়া প্রকাশিত হৈছিল?
২১৷ অসমৰ পূৱ অংশত বাস কৰা বৌদ্ধ ধৰ্মালম্বী লোকসকল কোন কোন আছিল?
২২৷ আহোম ৰাজত্ব কালত নিৰ্মিত তিনিটা ৰাজকীয় অট্টালিকাৰ নাম লিখা।
২৩৷ তলাতল ঘৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল আৰু কোনে শেষ কৰিছিল?
২৪৷ ৰংঘৰ কিয় নিৰ্মাণ কৰা হৈছিল?
২৫৷ আহোম ৰাজত্ব কালত নিৰ্মিত কেইখন মান দলঙৰ নাম লিখা৷
২৬৷ অসমৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা 
২৭৷ অসমৰ লোকগীতৰ প্রতি অৱদান আগবঢ়োৱা তিনিগৰাকী খ্যাতিমান ব্যক্তিৰ নাম লিখা। 

HSLC পৰীক্ষাৰ প্ৰশ্নাৱলী

অতি চমু প্রশ্নাৱলী

মূল্যাংক: 

১৷ শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(i) তলত দিয়া জনজাতীয় গোষ্ঠীসমূহৰ ভিতৰত অষ্ট্ৰিক ভাষাৰ অন্তৰ্গত গোষ্ঠীটো হ’ল- [HSLC ’১২]
   (a) নগা  
   (b) কাৰ্বি
   (c) খাচীয়া 
   (d) আদি
(ii) “নামঘোষা’ৰ ৰচক আছিল-- [HSLC '১৩]
   (a) মাধৱদেৱ 
   (b) দামোদৰদেৱ
   (c) শঙ্কৰদেৱ 
   (d) ভট্টদেৱ

(iii) ‘গীত গোবিন্দ’ অসমীয়ালৈ অনুবাদ কৰিছিল--- [HSLC '১৬]
   (a) ৰাম নাৰায়ণ চক্ৰৱৰ্তী
   (b) বলদেৱ সূৰ্যখৰী
   (c) সুকুমাৰ বৰকাইথ 
   (d) পীতাম্বৰ কবি।
(iv) কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান--- [HSLC '১৮]
   (a) অষ্ট্ৰিকসকলৰ 
   (b) নিগ্ৰোসকলৰ
   (c) দ্ৰাবিৰসকলৰ 
   (d) মংগোলীয়সকলৰ
(v) তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধপ্ৰদেশৰ? [HSLC ’১৯]
   (a) কথাকলি 
   (b) কুচিপুড়ী
   (c) ভাৰতনাট্যম 
   (d) 'ডিছি
২৷ ভাৰতবৰ্ষত কিমানটা ভাষাক ৰাজ্য-ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল? [HSLC '0]
৩৷ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্ৰিয় নামটো কি? [HSLC '১৪]
৪৷ আজান ফকীৰৰ প্রকৃত নাম কি আছিল? [HSLC ’১৫]


চমু প্রশ্নাৱলী

মূল্যাংক: /

১৷ লোকসংস্কৃতি কি? অসমৰ লোকসংস্কৃতিৰ দুটা উদাহৰণ দিয়া? [HSLC '১১]
২৷ মধ্যযুগৰ অসমীয়া সাহিত্য সম্পৰ্কে এটি চমু টোকা লিখা। [HSLC '১১]
৩৷ অসমীয়া সমাজলৈ বিহুৰ অৱদান সম্পৰ্কে চমুকৈ আলোচনা কৰা। [HSLC ’১৩]
৪৷ অসমত কিদৰে মুছলমান লোকসকলৰ বসবাসৰ সূচনা হৈছিল?  [HSLC’১৪]
৫৷ অসমৰ যি কোনো তিনিটা প্রধান জনজাতীয়ে ‘বিহু’ উৎসৱক কি কি বোলে লিখা। [HSLC '১৫]
৬৷ আহোম সকলৰ দিনত অসমীয়া সাহিত্যৰ উন্নয়নৰ এটি খতিয়ান দিয়া। [HSLC '১৬]
৭৷ অসমৰ নৱ-বৈষ্ণৱ আন্দোলনৰ বিষয়ে লিখা। [HSLC ’১৬]
৮৷ অষ্ট্ৰিক সকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা। [HSLC '১৭]
৯৷ প্রাচীন ভাৰতৰ দুজন দাৰ্শনিকৰ নাম লিখা। [HSLC ’১৭]
১০৷ ভাৰতীয় চিত্ৰকলাৰ প্রধান ভাগ দুটা কি কি? উদাহৰণ দিয়া। [HSLC ’১৭]
১১৷ ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন ‘সাঁচিপতীয়া’ পুথিৰ নাম লিখা। [HSLC ’১৮]
১২৷ ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ দুটা স্থাপত্যৰ নাম লিখা। [HSLC ’১৮]
১৩৷ ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নামলিখা। [HSLC ’১৮]
১৪৷ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি কি? [HSLC ’১৮]
১৫৷ প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শন সমূহক ঘাইকৈ কিকি ভাগত ভগোৱা হৈছে? [HSLC '১৮]
১৬৷ ওজাপালিৰ দুটা ভাগৰ নাম লিখা আৰু উদাহৰণ দিয়া। [HSLC ’১৯]


ৰচনাধৰ্মী প্রশ্নাৱলী

মূল্যাংক: //

১৷ অসমৰ লোক-সংস্কৃতিলৈ বিহুৰ অৱদান সম্পৰ্কে মতামত দিয়া  [HSLC ’১৩]
২৷ উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিবৰ্তন কিয় অধিকতৰ হৈছে? চমুটোকা লিখা।  [HSLC ’১৭]

৩৷ অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা৷ [HSLC ’১৯]

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ