মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম— সমাজ বি‍জ্ঞ‍ান, দশম শ্ৰেণীৰ প্ৰশ্ন

সমাজ বি‍জ্ঞান দশম শ্ৰেণী

অনুশীলনীৰ প্ৰশ্ন

অতি চমু উত্তৰৰ প্রশ্ন

১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?
২। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্রথমতে প্রয়োগ কৰিছিল?
৩। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল?
৪। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?
৫। চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?
৬। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল?
৭। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল?
৮। গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান?
৯। সীমান্ত গান্ধী নামেৰে কাক জনা যায়?
১০। লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্রতিনিধিত্ব কৰিছিল?
১১। ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰি‍টিছ প্রধানমন্ত্ৰীজনৰ নাম কি আছিল?
১২। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল?
১৩। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন?
১৪। ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’— এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল?
১৫। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়?

দীঘল উত্তৰৰ প্রশ্ন


১। সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্রথমতে প্রয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা।
২। ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?
৩। ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?‍
৪। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল?
৫ কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া।

৬। ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টোকা লিখা।



অতিৰিক্ত প্ৰশ্নমালা

অতি চমু উত্তৰৰ প্রশ্ন

মূল্যাংক: ১

১৷ প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল?
২৷ মহাত্মা গান্ধীৰ প্ৰকৃত নাম কি?
৩৷ ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ মিত্ৰশক্তিয়ে ভাৰতৰ জাতীয়তাবাদীসকলক কি প্ৰতি‍শ্রুতি দিছিল?
৪৷ কিহৰ আশাত ভাৰতৰ জাতীয়তাবাদীসকলে প্ৰথম বিশ্বযুদ্ধত ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ মিত্ৰশক্তিলৈ সমৰ্থন আগ বঢ়াইছিল?
৫৷ ৰুছ বিপ্লৱ কেতিয়া সংঘটিত হৈছিল?
৬৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত কেতিয়া মহাত্মা গান্ধীৰ প্ৰৱেশ ঘটিছিল?
৭৷ মহাত্মা গান্ধীয়ে কেতিয়া দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল?
৮৷ সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল?
৯৷ দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ত মহাত্মা গান্ধীৰ বয়স কিমান আছিল?
১০৷ মহাত্মা গান্ধীৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?
১১৷ মহাত্মা গান্ধীৰ পিতৃৰ নাম কি আছিল?
১২৷ মহাত্মা গান্ধীৰ মাতৃৰ নাম কি আছিল?
১৩৷ মহাত্মা গান্ধীৰ পত্নীৰ নাম কি আছিল?
১৪৷ মহাত্না গান্ধীয়ে আইন পঢ়িবৰ বাবে কেতিয়া লণ্ডনলৈ গৈছিল?
১৫৷ মহাত্না গান্ধীয়ে‍ কেতিয়া ব্যাৰিষ্টাৰ পাছ কৰিছিল?
১৬৷ মহাত্না গান্ধী কেতিয়া দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল?
১৭৷ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ কোন ঠাইত উকালতি কৰিবলৈ গৈছিল?
১৮৷ দক্ষিণ আফ্ৰিকালৈ গৈ মহাত্মা গান্ধী কিহৰ বাবে হতচকীত হৈ পৰিছিল?
১৯৷ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ নাটালত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম কি আছিল?
২০৷ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত উলিওৱা বাতৰি কাকতখনৰ নাম কি আছিল?
২১৷ দক্ষিণ আফ্ৰিকাত অন্যায়-অবিচাৰৰ বিৰুদ্ধে কৰা সংগ্ৰামত মহাত্মা গান্ধীয়ে কিহক মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল?
২২৷ দক্ষিণ আফ্ৰিকাৰ কোনখন প্ৰদেশত ভাৰতীয়সকলক ভাৰতীয়সকল প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল?
২৩৷ মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাত থকা কালছোৱাত ভাৰতীয়সকলে কোন ধৰ্মৰ নীতি অনুসৰি বিয়া কৰাবলগীয়া হৈছিল?
২৪৷ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কিমান দিন কাৰাবাস খটিবলগীয়া হৈছিল?
২৫৷ দক্ষিণ আফ্ৰিকাত কোনখন আইনৰ জৰিয়তে মহাত্মা গান্ধীক কাৰামুক্ত কৰা হৈছিল?
২৬৷ ‘সত্যাগ্ৰহ’ শব্দটো গান্ধীজীয়ে পোনপ্ৰথমে ক’ত প্ৰয়োগ কৰিছিল?
২৭৷ কোন দুটা শব্দ লগ লাগি ‘সত্যাগ্ৰহ’ শব্দটো সৃষ্টি হৈছে?
২৮৷ ‘সত্যাগ্ৰহ’ শব্দটোৰ অৰ্থ কি?
২৯৷ গান্ধীজীৰ মতে সত্যাগ্ৰহৰ তাৎপৰ্য কি?
৩০৷ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা কোন চনত ঘূৰি আহিছিল?
৩১৷ মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ঘূৰি অহাৰ পাছত ভাৰতৰ কোনকেইটা অঞ্চলৰ স্থানীয় বিবাদ সমাধানত জড়িত হৈ পৰিছিল?
৩২৷ কি চৰ্তত মহাত্মা গান্ধীয়ে গুজৰাটৰ কৃষকসকলক সেন্যবাহিনীত যোগ দিবলৈ উৎসাহ যোগাইছিল?
৩৩৷ কোন চনলৈকে মহাত্মা গান্ধী ব্ৰিটিছ চৰকাৰৰ সহযোগী আছিল?
৩৪৷ কেতিয়া ব্ৰিটিছ চৰকাৰৰ প্ৰতি মহাত্মা গান্ধীৰ মোহভংগ ঘটিছিল?
৩৫৷ ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
৩৬৷ ৰাওলাট আইনে ব্ৰিটিছ চৰকাৰক কি অধিকাৰ প্ৰদান কৰিছিল?
৩৭৷ মহাত্মা গান্ধীয়ে কেতিয়া অহিংস আন্দোলন আৰম্ভ কৰিছিল?
৩৮৷ ১৯১৯ চনৰ হৰতাল কাৰ্যসূচী কোন তাৰিখে আৰম্ভ হৈছিল?
৩৯৷ কোনটো আন্দোলনে মহাত্না গান্ধীক এজন সৰ্বভৰতীয় নেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল?
৪০৷ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল?
৪১৷ জালিয়ানৱালাবাগ কোনখন ৰাজ্যৰ অন্তৰ্গত?
৪২৷ ১৯১৯ চনৰ ১০ এপ্ৰিলত ব্ৰিটিছে গ্ৰেপ্তাৰ কৰা পঞ্জাৱৰ জনপ্ৰিয় নেতা দুগৰাকীৰ নাম কি কি?
৪৩৷ জালি‍য়ানৱালাবাগৰ গণসভা কেতিয়া অনুষ্ঠিত হৈছিল?
৪৪৷ জালি‍য়ানৱালাবাগৰ হত্যাকাণ্ডৰ মূল খলনায়ক কোন আছিল?
৪৫৷ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ কালছোৱাত নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া কোন আছিল?
৪৬৷ কাৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে জালিয়ালৱালাবাগৰ নিৰীহ লোকলৈ গুলীচালনা কৰিছিল?
৪৭৷ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ অনুসন্ধান কৰিবলৈ কাৰ নেতৃত্বত এখন আয়োগ গঠন কৰা হৈছিল?
৪৮৷ ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি কিয় ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল?
৪৯৷ মুছলমানলকলে তুৰস্কৰ সম্ৰাটক কি হিচাপে গণ্য কৰিছিল?
৫০৷ কাৰ কাৰ নেতৃত্বত খিলাফৎ সমিতি গঠন হৈছিল?
৫১৷ অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
৫২৷ অসহযোগ আন্দোলনৰ মুখ্য লক্ষ কি আছিল?
৫৩৷ অসহযোগ আন্দোলনত কোনে নেতৃত্ব দিছিল?
৫৪৷ অসহযোগ আন্দোলনৰ এটা কাৰক উল্লেখ কৰা৷
৫৫৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথম সৰ্ববৃহৎ আন্দোলন হিচাপে কোনটো আন্দোলন পৰিগণিত হৈছিল?
৫৬৷ কেতিয়া অসহযোগ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল?
৫৭৷ অসহযোগ আন্দোলনৰ সময়ছোৱাত কংগ্ৰেছে গঢ়ি তোলা দুটা জাতীয়া শি‍ক্ষানুষ্ঠানৰ নাম লিখা৷
৫৮৷ কাছাৰী ত্যাগ কৰা উকীলসকলৰ ভৰণ-পোষণৰ বাবে বছৰি এক লাখকৈ টকা দিয়াৰ কথা কোনে ঘোষণা কৰিছিল?
৫৯৷ অসহযোগ আন্দোলনৰ সময়ছোৱাত কংগ্ৰেছে কিমান স্বেচ্ছাসেৱক সদস্যভুক্ত কৰিছিল?
৬০৷ অসহযোগ আন্দোলনৰ সময়ছোৱাত স্থানীয় ৰাজহুৱা বিবাদবোৰ ক’ত মীমাংসা কৰা হৈছিল?
৬১৷ অসহযোগ আন্দোলনৰ এটা ইতিবাচক দিশ উল্লেখ‍ কৰা৷
৬২৷ অসহযোগ আন্দোলনৰ এটা নেতি‍বাচক দিশ উল্লেখ‍ কৰা৷
৬৩৷ চৌৰিচৌৰাৰ হিংসাত্মক ঘটনা কেতিয়া সংঘটিত হৈছিল?
৬৪৷ কেতিয়া অসহযোগ আন্দোলনৰ অন্ত পৰিছিল?
৬৫৷ অসহযোগ আন্দোলনৰ পাছত গান্ধীয়ে কিমান দিন কাৰাবাস খাটিছিল?
৬৬৷ ভাৰত চৰকাৰ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল?
৬৭৷ চাইমন কমিছন কেতিয়া ভৰতলৈ আহিছিল?
৬৮৷ চাইমন কমিছনত কেইজন সদস্য আছিল?
৬৯৷ কি ধ্বনিৰে কংগ্ৰেছে চাইমন কমিছনৰ প্ৰতিবাদ কৰিছিল?
৭০৷ লালা লাজপত ৰায়ৰ মৃত্যু কেতিয়া হৈছিল?
৭১৷ ১৯২৯ চনত লাহোৰত হোৱা কংগ্ৰেছৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?
৭২৷ আইন অমন্য আন্দোলন  কেতিয়া আৰম্ভ হৈছিল?
৭৩৷ চাইমন কমিছনৰ প্ৰধান উদ্দেশ্য কি আছিল?
৭৪৷ চাইমন কমিছন কেতিয়া গঠন কৰা হৈছিল?
৭৫৷ ‘শ্বেতকায়সকলৰ কমিছন’ বুলি কিহক বুজোৱা হয়?
৭৬৷ কিয় চাইমন কমিছনক ‘শ্বেতকায়সকলৰ কমিছন’ বুলি ভাৰতীয়সকলে অভিহিত কৰিছিল?
৭৭৷ চাইমন কমিছনৰ প্ৰতিবাদস্বৰূপে কেতিয়া বংগদেশত হৰতাল আৰম্ভ হৈছিল?
৭৮৷ আইন অমান্য আন্দোলনৰ সময়ছোৱাত ভাৰতৰ ভাইচ্‌ৰয় কোন আছিল?
৭৯৷ ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছ অধিৱেশনে ব্ৰিটিছ চৰকাৰক কি সকীয়নি দিছিল?
৮০৷ ১৯৩০ চনৰ ২৬ জানুৱাৰিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত কি দিৱস হিচাপে পালন কৰা হৈছিল?
৮১৷ গান্ধী-আৰৱিন চুক্তিৰ যিকোনো এটা চৰ্ত উল্লেখ কৰা৷
৮২৷ গান্ধীয়ে ভাইচ্‌ৰয় আৰৱিনলৈ প্ৰেৰণ কৰা পত্ৰখনত মুঠ কেইটা দাবী অন্তৰ্ভুক্ত হৈছিল?
৮৩৷ আইন অমান্য আন্দোলনৰ আৰম্ভণি কিহৰ জৰিয়তে হৈছিল?
৮৪৷ দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল?
৮৫৷ সবৰমতী আশ্রম কোনে প্ৰতিষ্ঠা কৰিছিল?
৮৬৷ দাণ্ডি যাত্ৰাৰ বাবে মুঠ ৰিমান দিনৰ প্ৰয়োজন হৈছিল?
৮৭৷ সবৰমতী আশ্রম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান?
৮৮৷ মহাত্মা গান্ধী আৰু তেওঁৰ অনুগামীসকল দাণ্ডিত উপস্থিত হোৱা দিনটো উল্লেখ কৰা৷
৮৯৷ সীমান্ত গান্ধী নামে কাক জনা যায়?
৯০৷ প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল?
৯১৷ ‘খুদাই খিট্‌মদগাৰছ’ মানে ক‍ি?
৯২৷ কংগ্ৰেছে কিয় প্ৰথম ঘূৰণীয়া মেজমেল বৰ্জন কৰিছিল?
৯৩৷ গান্ধী-আৰৱিন চুক্তি কেতিয়া সম্পন্ন হৈছিল?
৯৪৷ কোন চুক্তি অনুসৰি ভাৰতৰ সাগৰৰ পাৰৰ গাঁওবাসীয়ে প্ৰয়োজনীয় নিমখ তৈয়াৰ কৰাৰ অনুমতি পাইছিল?
৯৫৷ দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল?
৯৬৷ দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি কোন আছিল?
৯৭৷ আইন অমান্য আন্দোলনৰ কাৰ্যসূচী প্ৰথমবাৰৰ বাবে কেতিয়া প্ৰত্যাহাৰ কৰা হৈছিল?
৯৮৷ আইন অমান্য আন্দোলন দ্বিতীয়বাৰৰ বাবে কেতিয়া আৰম্ভ হৈছিল?
৯৯৷ কেতিয়া আইন অমান্য আন্দোলন সম্পূৰ্ণৰূপে স্তিমিত হৈ পৰিছিল?
১০০৷ কেতিয়া আইন অমান্য আন্দোলন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈ‍ছিল?
১০১৷ কোনজন ব্ৰিটিছ প্ৰধান মন্ত্ৰীয়ে  সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰি‍ছিল?
‍১০২৷ সাম্প্ৰদায়িক বাটোৱাৰাৰ মূল নীতি কি আছিল?
১০৩৷ সাম্প্ৰদায়িক বাটোৱাৰা নীতি কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?
১০৪৷ কোনখন চুক্তিৰ জৰিয়তে ব্ৰিটিছে বাটোৱাৰা নীতি সংশোধন কৰিবলৈ সন্মত হৈছিল?
১০৫৷ হৰিজন সেৱক সংঘ কোনে প্ৰতিষ্ঠা কৰিছিল?
১০৬৷ ব্ৰিটিছে কেতিয়া ভাৰতক প্ৰাদেশিক স্বায়ত্ত শাসন প্ৰদান কৰে?
১০৭৷ প্ৰাদেশিক স্বায়ত্ত শাসনৰ বাবে ব্ৰিটিছ-ভাৰতত মুঠ কেইখন প্ৰদে‍শ আছিল?
১০৮৷ কংগ্ৰেছ মন্ত্ৰীসভাই কেতিয়া পদত্যাগ কৰিছিল?
১০৯৷‍ কংগ্ৰেছ মন্ত্ৰীসভাই কিয় পদত্যাগ কৰিছিল?
১১০৷ মুছলীম লিগে কেতিয়া মুক্তি দিৱস পালন কৰিছিল?
১১১৷ কেতিয়া পাকিস্তান ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰা হৈছিল?
১১২৷ দ্বিজাতি তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোনে বক্তৃতা আগ বঢ়াইছিল?
১১৩৷ মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমিৰ প্ৰস্তাৱত ব্ৰিটিছে কিয় উৎসাহ যোগাইছিল?
১১৪৷ আগষ্ট প্ৰস্তাৱ কেতিয়া ঘোষণা কৰা হৈছিল?
১১৫৷ কংগ্ৰেছ আৰু মুছলিম লিগে কিয় আগষ্ট প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল?
১১৬৷ ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী কেতিয়া পালন কৰা হৈছিল?
১১৭৷ কিয় ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল?
১১৮৷ ব্যক্তিগত সত্যাগ্ৰহক আৰু কি নামেৰে জনা যায়?
১১৯৷ ব্যক্তিগত সত্যাগ্ৰহৰ বাবে গ্ৰেপ্তাৰ হোৱা প্ৰথমজন সত্যাগ্ৰহী কোন আছিল?
১২০৷ ক্ৰিপ্‌ছ মিছন কেতিয়া গঠন কৰা হৈছিল?
১২১৷ স্ব-শাসিত ভাৰত যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ কোনে আগ বঢ়াইছিল?
১২২৷ কংগ্ৰেছ আৰু মুছলিম লিগে কিয় স্ব-শাসিত ভাৰত যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল?
১২৩৷ ‘এটা দেওলীয়া বেংকৰ এখন দিন ওকলা চেক’ বুলি কিহক কোৱা হৈছিল?
১২৪৷ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি কেতিয়া হৈছিল?
১২৫৷ গান্ধী আৰু নেহৰুৱে কি চৰ্তসাপেক্ষে দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছক সহায় কৰাৰ প্ৰতি‍শ্রুতি দিছিল?
১২৬৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী কোন আছিল?
১২৭৷ ছাৰ ষ্টেন্‌ফ’ৰ্ড ক্ৰিপ্‌ছক কিয় ভাৰতলৈ পঠিওৱা হৈছিল?
১২৮৷ ছাৰ ষ্টেনফ’ৰ্ড ক্ৰিপ্‌ছে ভাৰতৰ প্ৰতি কি প্ৰস্তাৱ আগ বঢ়াইছিল?
১২৯৷ ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ তৃতীয় বৃহৎ আন্দোলন হিচাপে কোনটো আন্দোলনক জনা যায়?
১৩০৷ ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কেতিয়া হৈছিল?
১৩১৷ ভাৰত ত্যাগ আন্দোলনক আৰু কি নামেৰে জনা যায়?
১৩২৷ আগষ্ট বিপ্লৱ বুলি কোনটো আন্দোলনক কোৱা হয়?
১৩৩৷ আগষ্ট ক্ৰান্তি মৈদান বুলি কোনখন ঠাইক কোৱা হয়?
১৩৪৷ কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কৰিম কিম্বা মৰিম শ্ল’গান দিছিল?
১৩৫৷ সুভাষ চন্দ্ৰ বসু কেইবাৰৰ বাবে কংগ্ৰেছৰ সভপতি হিচাপে নিৰ্বাচিত হৈছিল?
১৩৬৷ কেতিয়া সুভাষ চন্দ্ৰ বসুক ব্ৰিটিছে গৃহবন্দী কৰিছিল?
১৩৭৷ কাৰ সহযোগত সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজৰ পুনৰ্গঠন কৰিছিল?
১৩৮৷ কোনে পোনপ্ৰথমে ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো পোষণ কৰিছিল?
১৩৯৷ ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন?
১৪০৷ ভাৰতীয় স্বতন্ত্ৰ লিগ কেতিয়া গঠন কৰা হৈছিল?
১৪১৷ ভাৰতীয় স্বতন্ত্ৰ লিগৰ বেংকক অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল?
১৪২৷ ভাৰতীয় স্বতন্ত্ৰ লিগৰ বেংকক অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?
১৪৩৷ আই এন এ (INA)-ৰ সম্পূৰ্ণ নাম কি?
১৪৪৷ কেতিয়া সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় স্বতন্ত্ৰ লিগৰ সভাপতিপ পদ গ্ৰহণ কৰিছিল?
১৪৫৷ ভৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্ল’গান কি আছিল?
১৪৬৷ সুভাষ চন্দ্ৰ বসুৱে স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ কেতিয়া গঠন কৰিছিল?
১৪৭৷ সুভাষ চন্দ্ৰ বসুৱে স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ ক’ত গঠন কৰিছিল?
১৪৮৷ সুভাষ চন্দ্ৰ বসুৱে গঠন কৰা স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰক কি নামেৰে জনা যায়?
১৪৯৷ কাৰ সহযোগত ভাৰতীয় জাতীয় সেনা বাহিনীয়ে ব্ৰিটিছ আৰু ব্ৰিটিছৰ সহযোগী সেনাৰ বিপক্ষে যুদ্ধ কৰিছিল?
১৫০৷ ভাৰতীয় জাতীয় সেনা বাহিনীৰ মহিলা বাহিনীটোৰ নাম কি আছিল?
১৫১৷ ‘‘মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম’’—এই বিখ্যাত উক্তিটো কাৰ?
১৫২৷ ১৯৪৬ চনত ইংলেণ্ডত কোন দলে চৰকাৰ গঠন কৰে?
১৫৩৷ ১৯৪৬ চনত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী কোন আছিল?
১৫৪৷ ভাৰতলৈ কেতিয়া কেবিনেট মিছন পঠিওৱা হৈছিল?
১৫৫৷ কেবিনেট মিছন ভাৰতলৈ কোনে পঠিয়াইছিল?
১৫৬৷ কেবিনেট মিছনৰ উদ্দেশ্য কি আছিল?
১৫৭৷ এট্‌লি মন্ত্ৰীসভাৰ কোন কোন সদস্য কেবিনেট মিছনৰ সদস্য হিচাপে আছিল?
১৫৯৷ মুছলি‍ম লিগে কেতিয়া প্ৰত্যক্ষ দাবী দিৱস পালন কৰিছিল?
১৬০৷ মুছলিম লিগে প্ৰত্যক্ষ দাবী দিৱস কিয় পালন কৰিছিল?
১৬১৷ লৰ্ড মাউণ্ট বেটেন কেতিয়া ভাৰতৰ ভাইচ্‌ৰয় হৈছিল?
১৬২৷ কেতিয়া ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইনৰ অনুমোদন জনায়?
১৬৩৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰতত ব্ৰিটিছ ভাইচ্‌ৰয় কোন আছিল?
১৬৪৷ কেতিয়া ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল?
১৬৫৷ স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্নৰ জেনেৰেল কোন আছিল?
১৬৬৷ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী কোন আছিল?
১৬৭৷ স্বাধীন পাকিস্তানৰ প্ৰথম গৱৰ্নৰ জেনেৰেল কোন আছিল?
১৬৮৷ ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা কেতিয়া আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল?
১৬৯৷ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়?
১৭০৷ কেতিয়া বাংলাদেশে স্বাধীনতা লাভ কৰে?
১৭১৷ ভাৰত আৰু বাংলাদেশৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়?
১৭২৷ বাংলাদেশক পূৰ্বতে কি নামেৰে জনা গৈছিল?
১৭৩৷ মহাত্মা গান্ধীয়ে ‘কাইজাৰ ই হিন্দ’ স্বৰ্ণ পদক কিহৰ বাবে লাভ কৰিছিল?
১৭৪৷ মহাত্মা গান্ধীয়ে ‘কাইজাৰ ই হিন্দ’ স্বৰ্ণ পদক কিয় ঘূৰাই দিছিল?
১৭৫৷ মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল?

চমু উত্তৰৰ প্রশ্ন

মূল্যাংক: ২/৩
১৷ সত্যাগ্ৰহ মানে কি?
২৷ অসহযোগ আন্দোলনৰ তিনিটা কাৰক উল্লেখ কৰা।
৩৷ কেতিয়া আৰু কোন অধিৱেশনত অসহযোগ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল?
৪৷ গান্ধীয়ে কিয় অসহযোগ আন্দোলন স্থগিত কৰিছিল?
৫৷ আইন অমান্য আন্দোলনৰ দুটামান দাবী উল্লেখ কৰা।
৬৷ কেবিনেট মিছনৰ উদ্দেশ্য কি আছিল?
৭৷ কেবিনেট মিছনৰ তিনিজন সদস্য কোন কোন আছিল?
৮৷ মন্ত্ৰীদূতৰ ঘোষণামতে প্রদেশসমূহক কি কি শাখাত ভাগ কৰা হৈছিল আৰু তাৰ প্রতি শাখাত অন্তৰ্ভুক্ত অঞ্চলসমূহৰ বিষয়ে উল্লেখ কৰা।
৯৷ লৰ্ড ৱাভেলৰ ঠাইত কোন আৰু কেতিয়া ভাৰতৰ ভাইচৰয় হৈ আহিছিল?
১০৷ লৰ্ড মাউণ্টবেটেনৰ ঘোষণা পত্ৰৰ দুটা বৈশিষ্ট্য লিখা।
১১৷ 1947 চনৰ ভাৰত স্বাধীন আইনৰ দুটা দফা উল্লেখ কৰা।
১২৷ অহিংসা নীতিৰ উদ্ভাৱনৰ ক্ষেত্রত গান্ধী কাৰ কাৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল?
১৩৷ গান্ধীজীয়ে পোন প্ৰথমে ক’ত কেনেকৈ অহিংসা নীতি প্রয়োগ কৰিছিল?
১৪৷ গান্ধীজীয়ে ভাৰতবৰ্ষত পোনতে ক’ত অহিংসা নীতি প্রয়োগ কৰে?
১৫৷ বৰ্তমানৰ কোনবোৰ দেশ স্বাধীনতাৰ পূৰ্বে ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত আছিল?
১৬৷ প্রধানকৈ কি কি কাৰণত অসহযোগ আন্দোলনৰ সূচনা হৈছিল?
১৭৷ দেশ বিভাজনৰ সম্পৰ্কত আজাদৰ মনোভাৱ কেনে ধৰণৰ আছিল?
১৮৷ মেকডোনাল্ডৰ ঘোষণাৰ দ্বাৰা ব্ৰিটিছে ভাৰতৰ কোন কোন জাতি/শ্ৰেণীক সংখ্যালঘুৰূপে স্বীকৃতি দিছিল?

ৰচনাধৰ্মী প্রশ্নাৱলী

মূল্যাংক: ৪/৫

১৷ মন্ত্ৰীদূতৰ আঁচনিৰ প্রতি কংগ্ৰেছ আৰু মুছলীম লীগৰ প্ৰতিক্ৰিয়া বৰ্ণনা কৰা।
২৷ ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?
৩৷ ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?
৪৷ আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল?
৫৷ কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া।
৬৷ ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টোকা লিখা।
৭৷ গান্ধীয়ে ভাইচৰয় লৰ্ড আৰউইনলৈ প্ৰেৰণ কৰা দাবীসমূহ কি কি?
৮৷ ১৯৪৭ চনৰ ৩ জুনৰ ঘোষণা পত্ৰৰ বৈশিষ্ট্য সমূহ লিখা?
৯৷ ভাৰত স্বাধীন আইন ১৯৪৭, দফা সমূহ কি কি আছিল?
১০৷ কোন চনৰ পৰা আইন অমান্য আন্দোলনৰ সূচনা কৰা হৈছিল? ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত আইন অমান্য আন্দোলনৰ ভূমিকা উল্লেখ কৰা।
১১৷ মেকডোনাল্ডৰ সাম্প্ৰদায়িক বাঁটোৱাৰাৰ বিষয়ে ব্যাখ্যা কৰা।
১২৷ ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া। এই আন্দোলনক কিয় বিয়াল্লিছৰ আন্দোলন বা আগষ্ট বিপ্লৱ বোলা হয়?
১৩৷ ক্ৰিপছ মিছন কি? ইয়াৰ জৰিয়তে পঠিওৱা প্রস্তাৱসমূহৰ আলোচনা কৰা।
১৪৷ আজাহ হিন্দ ফৌজৰ ইতিহাস বিবৃত কৰা। কোনে এই ফৌজৰ জন্ম দিছিল?
১৫৷ চমুটোকা লিখা:
   (i) সত্যাগ্ৰহ
   (ii) ৰাওলাট আইন
   (iii) জালিৱনালাবাগৰ হত্যাকাণ্ড
   (iv) খিলাফৎ আন্দোলন
   (v) অসহযোগ আন্দোলন
   (vi) ছাইমন কমিছন
   (vii) আইন অমান্য আন্দোলন
   (viii) গান্ধী-আৰউইন চুক্তি
   (ix) দ্বিতীয় ঘূৰণীয়া মেজমেল
   (x) ব্যক্তিগত সত্যাগ্ৰহ
   (xi) ক্ৰিপছ মিছন
   (xii) ভাৰত ত্যাগ আন্দোলন
   (xiii) আজাদ হিন্দ ফৌজ
   (xiv) কেবিনেট মিছন
   (xv) ৰেডক্লিফ লাইন
   (xvi) জেনেৰেল ৰেজিনেল্ড দায়েৰ
   (xvii) চৌৰীচৌৰাৰ কৃষক বিদ্ৰোহ
   (xviii) লোণ আইন ভংগ
   (xix) সীমান্ত গান্ধী
   (xx) সাম্প্ৰদায়িক বাঁটোৱাৰা
   (xxi) ক্ৰিপ্‌ছ মিছন
   (xxii) কেপ্তেইন মোহন সিং
   (xxiii) আজাদ হিন্দ ফৌজ
   (xxiv) ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ
   (xxv) সুভাষ চন্দ্ৰ বসু

HSLC পৰীক্ষাৰ প্ৰশ্নসমূহ

অতি চমু প্ৰশ্নাৱলী
মূল্যাংক: ১

১৷ শুদ্ধ উত্তৰটো বাছি উলিওৱা:
 (i) আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল- [HSLC'১৩]
   (a) জাৰ্মানীত 
   (b) ছিঙ্গাপুৰত
   (c) জাপানত 
   (d) ভাৰতবৰ্ষত
 (ii) আজাদ হিন্দ ফৌজৰ জন্মদাতা আছিল- [HSLC'১৩]
   (a) কেপ্তেইন মোহন সিং 
   (b) ৰাসবিহাৰী বসু 
   (c) সুভাষ চন্দ্ৰ বসু
   (d) প্রেম ছেহগাল
(iii) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল? [HSLC'১৮]
   (a) আইন অমান্য আন্দোলনত
   (b) অসহযোগ আন্দোলনত
   (c) ভাৰত ত্যাগ আন্দোলনত 
   (d) খিলাফৎ আন্দোলনত
(iv) ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্রধানমন্ত্ৰীজন আছিল- [HSLC'১৯]
   (i) ক্লিমেণ্ট এট্‌লি
   (ii) উইনষ্টন চাৰ্চিল
   (iii) ৰামছে মেকডোনাল্ড
   (iv) থেৰেচা মে'

২৷ 'গান্ধী-আৰউইন চুক্তি’ কি আছিল? [HSLC ’১৫]
৩৷ “গান্ধী-আৰউইন চুক্তি”ৰ মুখ্য উদ্দেশ্য কি আছিল? [HSLC '১৩]
৪৷ আজাদ হিন্দ ফৌজৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল? [HSLC ’১৫]

চমু উত্তৰৰ প্রশ্ন
মূল্যাংক: ২/৩

১৷ ১৯৩১ চনত স্বাক্ষৰিত হোৱা গান্ধী-আৰউইন চুক্তিৰ যিকোনো দুটা চৰ্ত উল্লেখ কৰা। [HSLC ’১৫,’১৮]
২৷ গান্ধীজীয়ে কেতিয়া সৱৰমতী আশ্রমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল? সৱৰমতী আশ্ৰম আৰু সাগৰৰ পাৰৰ দাণ্ডিৰ দূৰত্ব কিমান? [HSLC ’১৯]

ৰচনাধৰ্মী প্রশ্নাৱলী

মূল্যাংক: ৪/৫/৬
১৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ ভূমিকা আলোচনা কৰা। [HSLC '১০]
২৷ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে এটি বৰ্ণনা দিয়া। [HSLC '১১]
৩৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত আজাদ হিন্দ ফৌজৰ অৱদান আলোচনা কৰা। [HSLC '১১]
৪৷ কি ৰাজনৈতিক পৰিস্থিতিত 'গান্ধী আৰউইন চুক্তিস্বাক্ষৰ কৰা হৈছিল চমুকৈ ব্যাখ্যা কৰা। [HSLC '১২]
৫৷ অসমত অসহযোগ আন্দোলন কেনেকৈ আৰম্ভ হৈছিল আলোচনা কৰা। [HSLC '১২]
৬৷ ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। [HSLC '১৩]
৭৷ মন্ত্ৰীদূতৰ সদস্যসকল কোন কোন আছিলভাৰতবৰ্ষৰ ৰাজনৈতিক সমস্যা সমাধানৰ বাবে মন্ত্ৰীদূতে আগবঢ়োৱা আঁচনিসমূহ লিখা। [HSLC ’১৬]
৮৷ কি ৰাজনৈতিক পৰিস্থিতিত 'গান্ধী-আৰউইন চুক্তিস্বাক্ষৰিত হৈছিল চুক্তিৰ চৰ্তসমূহ আলোচনা কৰা । [HSLC '১৬]
৯৷ কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত ভাৰতীয় সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? [HSLC ’১৭]
১০৷ ‘সত্যাগ্ৰহ’ বুলিলে কি বুজাযি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্রয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। [HSLC '১৯]

ৰচনধৰ্মী প্রশ্নাৱলী

মূল্যাংক: ৪/৫

১৷ মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰা আৰু এই আন্দোলন স্থগিতকৰণৰ কাৰণ উল্লেখ কৰা। [HSLC '১৭]
২৷ আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্রধান কাৰণ সমূহ কি আছিলগান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল,আলোচনা কৰা। [HSLC ’১৮]
৩৷ কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে অহিংসা আন্দোলন আৰম্ভ কৰিছিলইয়াৰ কাৰ্যসূচী কি আছিলগান্ধীজীয়ে এই আন্দোলন কিয় বন্ধ কৰিবলগীয়া হৈছিল ? [HSLC '১৮]


দেৱপল্লৱৰ দ্বাৰা যুগুত
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ