মুদ্ৰা আৰু বেংক ব্যৱস্থা, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— প্ৰশ্নাৱলী


অনুশীলনীৰ প্ৰশ্নাৱলী
অতি চমু উত্তৰৰ প্ৰশ্ন
১। বিনিময় প্রথা কি?
২। মুদ্ৰা কি?
৩। মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা।
৪৷ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।
৫। প্রতিনিধিত্বমূলক কাগজী মুদ্ৰা কি?
৬। বেংক কি?
৭৷ ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল?
৮। চলিত আমানত কি?

চমু উত্তৰৰ প্ৰশ্ন
১৷ সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে?
২৷ মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?
৩। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়?
৪। মুদ্ৰাৰ তাৰল্য গুণ কি?
৫৷ ‘মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী’— ব্যাখ্যা কৰা।
৬। সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি?
৭। আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে?
৮। অনা-বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ?

দীঘল উত্তৰৰ প্রশ্ন
১৷ বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা।
২। মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা।
৩। মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা।
৪। চেক এখন মুদ্ৰানে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা।
৫৷ মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্ৰধান অসুবিধা ব্যাখ্যা কৰা।
৬। কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা।
৭। বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কাৰ্য ব্যাখ্যা কৰা।
৮। তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা।
(ক) আই ডি বি আই
(খ) আঞ্চলিক গ্ৰাম্য বেংক
(গ) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক
(ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক

অতি চমু প্রশ্নাৱলী
মূল্যাংক: ১ 


১৷ বিনিময় প্ৰথাৰ যিকোনো এটা অসুবিধা লিখা৷
২৷ মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায়টো কি আছিল?
৩৷ মুদ্ৰাৰ ক্ৰমবিকাশৰ দ্বিতীয় পৰ্যায়টো কি আছিল?
৪৷ মুদ্ৰাৰ ক্ৰমবিকাশৰ তৃতীয় পৰ্যায়টো কি আছিল?
৫৷ মুদ্ৰাৰ ক্ৰমবিকাশৰ চতুৰ্থটো পৰ্যায়টো কি আছিল?
৬৷ মুদ্ৰাৰ ক্ৰমবিকাশৰ শেষ তথা পঞ্চমটো পৰ্যায়টো কি আছিল?
৭৷ মুদ্ৰাৰ মুখ্য কাৰ্য কেইটা?
৮৷ মুদ্ৰাৰ মুখ্য কাৰ্যকেইটা লিখা৷
৯৷ মুদ্ৰাৰ গৌণ কাৰ্য কেইটা?
১০৷ মুদ্ৰাৰ গৌণ কাৰ্যকেইটা লিখা৷
১১৷ মুদ্ৰাৰ দুটা উপনিমিত্ত কাৰ্য উল্লেখ কৰা৷
১২৷ বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰৰ?
১৩৷ বহল অৰ্থত মুদ্ৰাৰ প্ৰকাৰকেইটা লিখা৷
১৪৷ সামগ্ৰী মুদ্ৰা বুলিলে কি বুজা?
১৫৷ জন্তু মুদ্ৰা বুলিলে কি বুজা?
১৬৷ ধাতুগত মুদ্ৰা বুলিলে কি বুজা?
১৭৷ কাগজী মুদ্ৰা বুলিলে কি বুজা?
১৮৷ বিহিত মুদ্ৰা বুলিলে কি বুজা?
১৯৷ অবিহিত মুদ্ৰা বুলিলে কি বুজা?
২০৷ আদেশী মুদ্ৰা বুলিলে কি বুজা?
২১৷ প্ৰতীক মুদ্ৰা বুলিলে কি বুজা?
২২৷ চেক মুদ্ৰা বুলিলে কি বুজা?
২৩৷ মান মুদ্ৰা বুলিলে কি বুজা?
২৪৷ সংকোচিত মুদ্ৰা বুলিলে কি বুজা?
২৫৷ তপত মুদ্ৰা বুলিলে কি বুজা?
২৬৷ সুলভ মুদ্ৰা বুলিলে কি বুজা?
২৭৷ ক’লা মুদ্ৰা বুলিলে কি বুজা?
২৮৷ উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা বুলিলে কি বুজা?
২৯৷ বিহিত মুদ্ৰাৰ ভাগকেইটা কি কি?
৩০৷ কাগজী মুদ্ৰাৰ এটা উদাহৰণ দিয়া৷
৩১৷ জন্তু মুদ্ৰাৰ এটা উদাহৰণ দিয়া৷
৩২৷ ধাতুগত মুদ্ৰাৰ এটা উদাহৰণ দিয়া৷
৩৩৷ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া৷
৩৪৷ আদেশী মুদ্ৰাৰ এটা উদাহৰণ দিয়া৷
৩৫৷ মান মুদ্ৰাৰ এটা উদাহৰণ দিয়া৷
৩৬৷ নিকট মুদ্ৰা বুলিলে কি বুজা?
৩৭৷ প্ৰদৰ্শিত মূল্য বুলিলে কি বুজা?
৩৮৷ বেংকৰ পূৰ্বপুৰুষ বুলি কাক কোৱা হয়?
৩৯৷ ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম লিখা৷
৪০৷ ভাৰতবৰ্ষৰ প্ৰথমটো বেংক কেতিয়া স্থাপিত হৈছিল?
৪১৷ বেংক অব ভেনিচ কি?
৪২৷ মন্তে (Monte) শব্দটোৱে কি বুজায়?
৪৩৷ মধ্যযুগত ইটালিৰ বৃহৎ অঞ্চল কাৰ দখলত আছিল?
৪৪৷ মন্তে (Monte) শব্দটোৰ ঠাইত জাৰ্মানসকলে কোনটো শব্দ ব্যৱহাৰ কৰিছিল?
৪৫৷ জাৰ্মানসকলে ব্যৱহাৰ কৰা ‘banck’ শব্দটো ইটালিত কোনটো শব্দলৈ ৰূপান্তৰিত হৈছিল?
৪৬৷ জাৰ্মানসকলে ব্যৱহাৰ কৰা ‘banck’ শব্দটো ফ্ৰান্সত কোনটো শব্দলৈ ৰূপান্তৰিত হৈছিল?
৪৭৷ জাৰ্মানসকলে ব্যৱহাৰ কৰা ‘banck’ শব্দটো ইংলেণ্ডত কোনটো শব্দলৈ ৰূপান্তৰিত হৈছিল?
৪৮৷ থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংকৰ নাম কি?
৪৯৷ গুৱাহাটী বেংক কোন চনত স্থাপিত হৈছিল?
৫০৷ কি বেংকে দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক হিচাপে কাৰ্য কৰে?
৫১৷ বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম লিখা৷
৫২৷ বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো কোন দেশত অৱস্থিত?
৫৩৷ বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো কেতিয়া স্থাপিত হৈছিল?
৫৪৷ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম লিখা৷
৫৫৷ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো কেতিয়া স্থাপিত হৈছিল?
৫৬৷ কোন বেংকে দেশ এখনৰ কাগজী মুদ্ৰা ছপা কৰে?
৫৭৷ দেশ এখনৰ কাগজী মুদ্ৰা ছপা কৰাৰ একছত্ৰী অধিকাৰ কোন বেংকৰ থাকে?
৫৮৷ আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ কোন বেংকে নিয়ন্ত্ৰণ কৰে?
৫৯৷ বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদানৰ ক্ষমতা কোন বেংকে নিয়ন্ত্ৰণ কৰিব পাৰে?
৬০৷  কোন বেংকে আন বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে?
৬১৷ কি বেংকে চৰকাৰক বিত্তৰ যোগান ধৰে?
৬২৷ ঘাটি বাজেট কাক বোলে?
৬৩৷ বাজেট ঘাটি দূৰ কৰিবলৈ আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰে কাৰ পৰা বিত্তীয় সাহায্য ল’ব পাৰে?
৬৪৷ কেন্দ্ৰীয় চৰকাৰৰ বাজেট ঘাটি দূৰ কৰাত কেন্দ্ৰীয় বেংকে কি দৰে সাহায্য আগ বঢ়ায়?
৬৫৷ কোন বেংকে চৰকাৰৰ প্ৰতিনিধি হিচাপে চৰকাৰৰ আয়-ব্যয়ৰ হিচাপ ৰাখে?
৬৬৷ কোন বেংক দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক?
৬৭৷ বৈদেশিক মুদ্ৰাৰ বিনিময় হাৰ ভাৰতবৰ্ষত কোন বেংকে নিৰ্ধাৰণ কৰে?
৬৮৷ মুক্ত অৰ্থনীতিত বৈদেশি‍ক মুদ্ৰাৰ বিনিময়ৰ হাৰ কিহে নিৰ্ণয় কৰে?
৬৯৷ আন্তঃবেংক লেনদেন কি?
৭০৷ ভাৰতবৰ্ষত বৰ্তমান অগ্ৰাধিকাৰ খণ্ডলৈ আগ বঢ়োৱা বেংক ঋণৰ পৰিমাণ কিমান হ’ব লাগে?
৭১৷ বাণিজ্যিক বেংক বুলিলে কি বুজা?
৭২৷ বাণিজ্যিক বেংকৰ সঞ্চয় কেই প্ৰকাৰৰ?
৭৩৷ চলিত আমানত কি?
৭৪৷ স্থিৰ আমানত বা কাল আমানত কি?
৭৫৷ সঞ্চয় আমানত কি?
৭৬৷ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনংখ্যাৰ কিমান শতাংশ লোকে বেংকত হিচাপ খুলিছিল?
৭৭৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনংখ্যাৰ কিমান শতাংশ লোকে বেংকত হিচাপ খুলিছিল?
৭৮৷ ২০১৪ চনৰ আগষ্ট মাহলৈ ভাৰতবৰ্ষত কিমান সংখ্যক লোকে বেংকত হিচাপ খুলিছিল?
৭৯৷ বাণিজ্যিক বেংকৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা৷
৮০৷ মুদ্ৰাৰ যিকোনো এটা অসুবিধা লিখা৷
৮১৷ মুদ্ৰাৰ যিকোনো এটা ভূমিকা লিখা৷
৮২৷ কিহৰ ভিত্তিত বাণিজ্যিক বেংকসমূহে উদ্ভূত বা সক্ৰিয় আমানত সৃষ্টি কৰে?
৮৩৷ প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত কি?
৮৪৷ বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যাৱলীৰ যিকোন‍ো এটা উদাহৰণ দিয়া৷
৮৫৷ IDBI-ৰ সম্পূৰ্ণ নাম লিখা৷
৮৬৷ IDBI কোন চনত স্থাপন হৈছিল?
৮৭৷ IDBI-ৰ যিকোনো এটা কাৰ্য লিখা৷
৮৮৷ ১৯৭৫ চনত কেইটা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল?
৮৯৷ আঞ্চলিক গ্ৰাম্য বেংকে সম্পাদন কৰা মূল কাম দুটা উল্লেখ কৰা৷
৯০৷ ভাৰতবৰ্ষত ২০১৪ চনলৈ কেইটা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে?
৯১৷ NABARD-ৰ সম্পূৰ্ণ নাম লিখা৷
৯২৷ NABARD কোন চনত স্থাপন কৰা হৈছিল?
৯৩৷ গ্ৰাম্য ঋণৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে সম্পাদন কৰি অহা কাৰ্যসমূহ কোন বেংকলৈ হস্তান্তৰ কৰা হ’ল?
৯৪৷ নাবাৰ্ডৰ যিকোনো এটা কাৰ্য লিখা৷
৯৫৷ SIDBI-ৰ সম্পূৰ্ণ নাম লিখা৷
৯৬৷ SIDBI আইনখন কোন চনত সংসদত গৃহীত হয়?
৯৭৷ কোন চনৰ পৰা SIDBI কাৰ্যকৰী হৈ উঠে?
৯৮৷ SIDBI-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
৯৯৷ SIDBI-ৰ যিকোনো এটা কাৰ্য লিখা৷
১০০৷ অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পঞ্চীকৰণ ক’ত কৰা হয়?
১০১৷ অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকেনে?
১০২৷ অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহে চেকৰ যোগান ধৰেনে?
১০৩৷ বিহিত মুদ্ৰা কেই প্ৰকাৰৰ?
১০৪৷ বিহিত মুদ্ৰাৰ প্ৰকাৰকেইটা উল্লেখ কৰা৷
১০৫৷ সসীম বিহিত মুদ্ৰা বুলিলে কি বুজা?
১০৬৷ অসীম বিহিত মুদ্ৰা বুলিলে কি বুজা?

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(i) ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা-- [HSLC '10]
(a) কেন্দ্ৰীয় বেংক (b) বাণিজ্যিক বেংক
(c) সমবায় বেংক (d) কৃষি উন্নয়ন বেংক 
(ii) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল--- [HSLC '11]
(a) ভাৰতীয় ষ্টেট বেংক 
(b) ভাৰতৰ ৰিজাৰ্ভ বেংক
(c) ভাৰতীয় ইউনিয়ন বেংক
(d) ভাৰতীয় ইউনাইটেড বেংক
(iii) তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰাটো হ'ল----[HSLC '12]
(a) কাগজী মুদ্ৰা (b) ধনাদেশ মুদ্ৰা
(c) ধাতু মুদ্ৰা (d) আদেশ মুদ্ৰা
(iv) তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক? [HSLC ’13]
(a) NABARD (b) RBI
(c) SBI (d) IDBI 
(v) কোন বছৰত অসমৰ গাৱলীয়া বেংক-সমূহক অসম গ্ৰামীণ বিকাশ বেংক নামেৰে নামকৰণ কৰা হৈছিল?
[HSLC ’14]
(a) 2004 (b) 2006
(c) 2008 (d) 2010 
(vi) ১৭৭০ চনত ভাৰতত প্রথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল? [HSLC '17]
(a) ভাৰতীয় ৰিজাৰ্ভ বেংক
(b) বেংক অব হিন্দুস্থান
(c) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক
(d) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক
(vii) তলৰ কোনটো কেন্দ্ৰীয় বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক? [HSLC ’18]
(a) বেংক অৱ হিন্দুস্তান
(b) ৰিস্ক বেংক অৱ ছুইদেন
(c) ভাৰতীয় ৰিজাৰ্ভ বেংক
(d) বেংক অৱ ভেনিচ
2. 'পণ্য বিনিময় প্ৰথা’ কি? [HSLC '12]
3. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম কি? [HSLC '15]
B. চমু প্রশ্নাৱলী: মূল্যাংক- 2/3
1. মুদ্ৰাৰ দুটা কুফল উল্লেখ কৰা। [HSLC '15]
2. পণ্য বিনিময় প্রথা কি? পণ্য বিনিময় প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰা।[HSLC '16]
3. আঞ্চলিক গ্ৰাম্য বেংকৰ দুটা মূল কাৰ্য লিখা৷ [HSLC '17]
4. বিনিময় প্রথাৰ দুটা অসুবিধা লিখা । [HSLC '17]
5. মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা লিখা। [HSLC '18]
6. কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে (নাবাৰ্ড) সম্পাদন কৰা দুটা মূল কাৰ্য লিখা। [HSLC '18]
7. বিনিময় প্ৰথাৰ অসুবিধাসমূহ কিকি? [HSLC '19]
8. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্রধান কাৰ্যসমূহ আলোচনা কৰা। [HSLC ’19]
A. অতি চমু প্রশ্নাৱলী: মূল্যাংক-1

1. শুদ্ধ উত্তৰ বাছি উলিওৱা

(i) তলৰ কোনটো মুদ্ৰাৰ বৈশিষ্ট্য নহয়?
(a) মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকে।
(b) মুদ্ৰা সহজে নষ্ট হোৱা সামগ্ৰী হ'ব পাৰে।
(c) মুদ্ৰাৰ তাৰল্য গুণ থাকে।
(d) মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব।
(ii) তলৰ কোনটো মুদ্ৰাৰ কাৰ্য নহয়?
(a) মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম।
(b) মুদ্ৰাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাম কৰে।
(c) মুদ্ৰাই স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কাম কৰে।
(d) মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন নকৰে।
(iii) তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য।

(a) কেন্দ্ৰীয় বেংকে আন বেংকৰ খণ পৰিশোধ নকৰে।
(b) কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে।
(c) কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তৰ যোগান নধৰে।
(d) কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য নকৰে।
(iv) তলৰ কোনটো বেংকে ক্ষুদ্ৰ উদ্যোগিক উন্নয়নৰ কাম কৰে।.
(a) SIDBI (b) RBI
(c) SBI (d) IDBI
(v) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল।
(a) 1928 চনত (b) 1935 চনত
(c) 1945 চনত (d) 1947 চনত।
(vi) কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক’ কথাষাৰ কৈছিল -- 
(a) ৱাকাৰে (b) জন হিক্সে
(c) জিয়ফ্ৰি ক্ৰাউথাৰে (d) চেমুৱেলচনে
(vii) কাগজী মুদ্ৰা যোগান ধৰাৰ একমাত্ৰ অধিকাৰ ---
(a) ষ্টেটবেংকৰ (b) বাণিজ্যিক বেংকৰ
(c) কেন্দ্ৰীয় বেংকৰ (d) বিশ্ববেংকৰ
(viii) ভাৰতৰ প্রধান চৈধ্যটা বাণিজ্যিক বেংক প্রথম ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল-- 
(a) 1969 চনত (b) 1949 চনত
(c) 1995 চনত (d) 1979 চনত
(ix) অসম সমবায় এপেক্স বেংক লিমিটেড স্থাপন কৰা হয়-
(a) 1938 চনত (b) 1948 চনত
(c) 1945 চনত (d) 1947 চনত


2. খালী ঠাই পূৰ কৰা:-

(i) সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্রত্যক্ষ বিনিময়েই হ’ল__________
(ii) __________হ’ল সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ ।
(iii) মুদ্ৰাৰ _______ গুণ থাকিব লাগিব।
(iv) মুদ্ৰাই সা-সামগ্ৰীৰ মূল্যৰ________ হিচাপে কাৰ্য সম্পাদন কৰে।
(v) মুদ্ৰাই স্থগিত দেনা-পাওনাৰ ______ হিচাপে কাৰ্য সম্পাদন কৰে।
(vi) _________ উৎপত্তিৰ কাৰণ হ’ল অর্থনৈতিক অপৰাধ।
(vii)_________এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে।
(viii) ছুইডেনৰ__________বেংক সবাতোকৈ পূৰণি কেন্দ্ৰীয় বেংক ।
(ix) থলুৱা প্রচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্রথমটো বেংক হ'_________ বেংক।
(x) কেন্দ্ৰীয় বেংকে_______ছপা কৰে।
(xi) __________বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।
(xii) _________ বেংকে সঞ্চয় সংগ্ৰহ কৰে।
(xiii) গ্ৰাম্য ঋণৰ যিবোৰ কাৰ্য ৰিজাৰ্ভ বেংকে সম্পাদন কৰিছিল, সেইবোৰ কাৰ্য ___________লৈ হস্তান্তৰ কৰা হয়।
(xiv) ছিদৱিৰ মুখ্য কাৰ্যালয় _________ অৱস্থিত।
(xv) বিনিময় প্রথাক মুদ্ৰাৰ ক্ৰমবিকাশৰ ________বুলি ক’ব পাৰি।
(xvi) পণ্য বিনিময় প্ৰথাত দ্রব্যৰ সলনি দ্রব্যৰ বিনিময় ________সংঘটিত হয়।
(xvii) বিনিময় প্ৰথা কাৰ্যকৰী হোৱাৰ বাবে________ ব্যক্তিৰ অভাৱ পৰস্পৰ পৰিপূৰক হ’ব লাগে।
(xviii) মুদ্ৰাই যি কাৰ্য কৰে সিয়ে মুদ্ৰা’ কথাষাৰ কৈছিল __________
(xix) মুদ্ৰা নিয়ন্ত্ৰণৰ জৰিয়তে_________মুদ্ৰাৰ যোগান কম-বেছি কৰিব পাৰে।
(xx) অর্থনীতিবিদ ক্ৰাউথাৰৰ মতে __________ সকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ।
(xxi) দেশৰ সকলো মানুহৰ মাজত প্রচলিত মুদ্ৰা__________বোলে।
(xxii) 1656 চনত স্থাপিত ছুইডেনৰ________ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক। 
(xxiii) মুদ্ৰা দুই প্রকাৰ _______ মুদ্ৰা আৰু_________ মুদ্ৰা।
3. হিচাপৰ মুদ্ৰা বুলিলে কি বুজা?
4. প্রকৃত মুদ্ৰা কি?
5. পৰিবর্তনীয় কাগজী মুদ্ৰাকি?
6. অপৰিবৰ্তনীয় কাগজী মুদ্ৰা কি?
7. প্রতীক মুদ্ৰাৰ অর্থ লিখা।
8. এটা প্রতীক মুদ্ৰাৰ উদাহৰণ দিয়া। :
9. আদেশ মুদ্ৰা কি?
10. বিহিত মুদ্ৰা কি?
11. এটা বিহিত মুদ্ৰাৰ উদাহৰণ দিয়া। 
12. ধনাদেশক মুদ্ৰা বুলিব পাৰিনে?
13. মুদ্ৰা সংকোচন-মানে কি? 
14. বাণিজ্যিক বেংকৰ সংজ্ঞা লিখা।
15. বিনিময় প্ৰথাৰ এটা অসুবিধা লিখা।
16. মুদ্ৰাৰ ক্ৰমবিকাশৰ প্রথম পৰ্য্যায়টো কি?
17. মুদ্ৰাৰ ক্ৰমবিকাশৰ যিকোনো এটা পৰ্য্যায় উল্লেখ কৰা?
18. অমৌদ্ৰিক ধাতুমান ব্যৱস্থাত বিনিময়ৰ মাধ্যম হিচাপে কি ব্যৱহাৰ কৰা হৈছিল?
19. মুদ্ৰাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। 
20. মুদ্ৰাৰ যিকোনো এটা কাৰ্য্য উল্লেখ কৰা। 
21. মুদ্ৰা কেই প্রকাৰৰ?
22. মান মুদ্ৰা কি?
23. ক’লা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ কি?
24. বেংক কি?
25. ভাৰতবৰ্ষৰ প্ৰথমটো বেংক কেতিয়া স্থাপন হৈছিল?
26. ভাৰতবৰ্ষৰ প্রথমটো বেংকৰ নামটো কি?
27. ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত হৈছিল?
28. ভাৰতৰ কেন্দ্রীয় বেংকৰ এটা কাৰ্য উল্লেখ কৰা।
29. IDBI বেংক কেতিয়া স্থাপিত হৈছিল?
30. IDBI বেংকৰ এটা কাৰ্য উল্লেখ কৰা।
31. আঞ্চলিক গ্রাম্য বেংক কেতিয়া স্থাপন কৰা হৈছিল?
32.1975 চনত কেইটা আঞ্চলিক বেংক স্থাপন কৰা হৈছিল?
33. ভাৰতবৰ্ষত বৰ্তমান কেইটা আঞ্চলিক বেংক আছে?
34. NABARD বেংক কেতিয়া স্থাপন হৈছিল?
35. NABARD ৰ সম্পূৰ্ণ ৰূপটো লিখা।
36. IDBI ৰ সম্পূৰ্ণ ৰূপটো লিখা। 
37. SIDBI ৰ সম্পূৰ্ণ ৰূপটো লিখা।.
38. SIDBI ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
39. গ্রাম্য ঋণৰ ক্ষেত্রত কাৰ্য কৰা বেংক কোনটো?
40. ক্ষুদ্ৰ উদ্যোগলৈ ঋণ আগবঢ়োৱা মূখ্যতঃ বেংক কোনটো?
41. NABARD ৰ এটা কাৰ্য লিখা।
42. SIDBI ৰ এটা কাৰ্য লিখা। 
43. বিশ্বৰ আটাইতকৈ পুৰণি কেন্দ্রীয় বেংকটোৰ নাম কি?
44. বিশ্বৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটো কেতিয়া প্ৰতিষ্ঠা হৈছিল?
45. কাগজী মুদ্ৰা ছপা কৰাৰ ক্ষমতা কোনটো বেংকৰ আছে?
46. আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ কোন বেংকে নিয়ন্ত্ৰণ
47. অসমৰ প্রথমটো বেংকৰ নাম কি?
48. অসমৰ প্ৰথমটো বেংক কেতিয়া প্রতিষ্ঠা হৈছিল?
49. বেংক সমূহৰ বেংক কোনটো?
50. সঞ্চয় কেই প্রকাৰৰ?
51. যিকোনো এবিধ সঞ্চয়ৰ নাম লিখা ।52. চলিত আমানত কি? 
53. বিনিময়ৰ অর্থ লিখা।
54. মুদ্ৰাৰ সংজ্ঞা দিয়া। 
55. বৰ্তমান কালত দ্ৰব্য মূল্যাংকৰ প্ৰধান মাপকাঠী কি?
56. কাগজী মুদ্ৰা ছপা আৰু প্রচলন কৰাৰ একচেটিয়া অধিকাৰ কোনটো বেংকৰ ওপৰত ন্যস্ত কৰা হৈছে।
57. আমাৰ দেশৰ হিচাপ-নিকাচৰ মুদ্ৰাটোৰ নাম কি? 
 58. প্রতিনিধিত্বমূলক কাগজী মুদ্ৰা মানে কি?
59. আদেশ মুদ্ৰাবোৰক পূৰ্ণমুদ্ৰা বুলিব পাৰিনে?
60. ধনাদেশক নিকট-মুদ্ৰা বোলাৰ কাৰণ কি?
61. মুদ্ৰাৰ প্রাথমিক কাৰ্য কি? 
62. বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য কৰিবলৈ মুদ্ৰাৰ অত্যাৱশ্যকীয় গুণটো কি?
63. সঞ্চয়ৰভাণ্ডাৰ হিচাপে কাৰ্য কৰিবলৈ মুদ্ৰাৰ প্ৰধান গুণটো কি?
64. ক’লা ধনৰ অৰ্থ লিখা।
65. কোনটো বেংকক বাণিজ্যিক বেংকৰ অন্তিম ঋণদাতা বুলি কোৱা হয়?
66. ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংকটোৰ নাম লিখা।
B. চমু উত্তৰৰ প্রশ্ন: মূল্যাংক- 2/3
1. পণ্য বিনিময় প্রথাৰ দুটা অসুবিধা উল্লেখ কৰা।
2. অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বুলিলে কি বুজা?
3. বিনিময় প্ৰথা বিলুপ্ত হোৱাৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।
4. মুদ্ৰাৰ দুটা গুৰুত্বপূৰ্ণ কাৰ্য উল্লেখ কৰা।
5. মুদ্ৰাৰ তিনিটা কুফল উল্লেখ কৰা।
6. মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?
7. মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়?
8. সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি?
9. পূৰ্ণ মূল্য মুদ্ৰা আৰু প্রতীক মুদ্ৰাৰ পাৰ্থক্য লিখা ।
10. আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে?
11. বেংক জমা কেই প্রকাৰৰ আৰু কি কি?
12. ঋণমুদ্ৰা সৃষ্টি কেনেকৈ হয়?
13. মুদ্ৰাৰ তিনিটা বৈশিষ্ট্য লিখা।
14. মুদ্ৰাৰ তাৰল্য গুণ বুলিলে কি বুজা?
15. মুদ্ৰা কেই প্রকাৰৰ কি কি?
16. প্রকত মুদ্ৰা কেই প্রকাৰৰ? তিনিটাৰ নাম উল্লেখ কৰা।
17. বেংক কেই প্রকাৰৰ কি কি?
18. কেন্দ্ৰীয় বেংকৰ তিনিটা কাৰ্য উল্লেখ কৰা।
19. IDBI বেংকৰ দুটা কাৰ্য্য উল্লেখ কৰা। 
20. NABARD ৰ দুটা কাৰ্য্য উল্লেখ কৰা।
21. SIDBI ৰ দুটা কাৰ্য্য উল্লেখ কৰা।
22. সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে?
C. ৰচনাধৰ্মী প্ৰশ্নাৱলী: মূল্যাংক-4/5
1. মুদ্ৰাৰ কাৰ্যাৱলীসমূহ চমুকৈ আলোচনা কৰা। 
2. আধুনিক অৰ্থব্যৱস্থাত মুদ্ৰাৰ গুৰুত্ব আলোচনা কৰা।
3. মুদ্ৰাৰ কুফলসমূহ বৰ্ণনা কৰা। 
4. বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আলোচনা কৰা
5. কেন্দ্ৰীয় বেংকৰ প্রধান কাৰ্যাৱলী আলোচনা কৰা।
6. মুদ্ৰাৰ ক্ৰমবিকাশৰ বিষয়ে চমুকৈ বাখ্যা কৰা ।
7. ক’লা মুদ্ৰা কিদৰে সৃষ্টি হয়? 
8. অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি দৰে পৃথক?
9. কেন্দ্ৰীয় বেংকৰ চাৰিটা প্রধান কাৰ্য ব্যাখ্যা কৰা। 
10. বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা।
11. চমুটোকা লিখাঃ-

(i) বিনিময় প্রথা
(ii) মুদ্ৰা মূল্যৰ ভাণ্ডাৰ
(iii) মুদ্ৰা হিচাপ-নিকাচৰ উমৈহতীয়া একক
(iv) মুদ্ৰাৰ তাৰল্য গুণ
(v) বিহিত মুদ্ৰা
 
(vi) প্ৰতীক মুদ্ৰা
(vii) ক’লা মুদ্ৰা
 
(viii) বেংক
 
(ix) বাণিজ্যিক বেংক
 
(x) ভাৰতীয় ঔদ্যোগিক উন্নয়ণ বেংক
 
(xi) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক
 
(xii) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক
 
(xiii) কেন্দ্ৰীয় বেংক

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ