অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ— সমাজ বি‍জ্ঞান, দশম শ্ৰেণীৰ প্ৰশ্ন


অনুশীলনীৰ প্ৰশ্ন
চমু উত্তৰৰ প্রশ্ন
১। ব্ৰি‍টিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?
২। কোন চনত মফট মিলচ অসমলৈ আহিছিল?
৩। কেঞাসকল কোন আছিল?
৪। অসমত ১৮৫৭ চনৰ বিদ্রোহৰ নেতৃত্ব কোনে দিছিল?
৫। ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল?
৬। মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল?
৭। মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল?
৮৷ কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?
৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।
১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্রৱৰ্তন কৰা হৈছিল?
১১। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।
১২। লেফটেনেণ্ট ছিংগাৰ কোন আছিল?
১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল?
১৪। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?
১৫। লচিমা ক’ত অৱস্থিত?
১৬। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?
১৭। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?
১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
২০। টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল?
২১। জে ডব্লিউ কুইণ্টনক কোন চনত হত্যা কৰিছিল?


দীঘল উত্তৰৰ প্রশ্ন

১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা।
২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।
৩। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা।
৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।
৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা।
৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা।
৭। ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা।
৮। ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।
৯। ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।


চমু টোকা লিখা

১। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা
২। মণিৱাম দেৱান
৩। ফুলগুৰি ধাৱা
৪। লাচিমাৰ কৃষক বিদ্ৰোহ
৫। পথৰুঘাটৰ ৰণ
৬। অসমত কৃষক বিদ্ৰোহৰ গুৰত্ব
৭। টিকেন্দ্ৰজিৎ



অতিৰিক্ত প্ৰশ্নাৱলী
অতি চমু প্রশ্নাৱলী
মূল্যাংক: ১


১৷ অসমত ব্ৰিটিছ শাসনকালৰ পূৰ্বে ৰাজহ সংগ্ৰহ কিহৰ জৰিয়তে হৈছিল?
২৷ ব্ৰিটিছৰ শাসনকালত অসমত সৃষ্টি হোৱা সুদখোৰ মহাজন শ্ৰেণীটো ক’ৰ আছিল?
৩৷ মাৰোৱাৰীসকলৰ গৃহভূমি ক’ত?
৪৷ অসমত মহামাৰিয়ে সংকট সৃষ্টি কৰা বছৰকেইটা উল্লেখ কৰা৷
৫৷ চাহখেতিয়কক উৎসাহিত কৰিবৰ বাবে ব্ৰিটিছে কি পদক্ষেপ গ্ৰহণ ক‍িৰিছিল?
৬৷ আহোম ৰাজত্বকালতে ভাৰতবৰ্ষৰ এক বিশেষ বজাৰ দখল কৰা কুটীৰ শিল্পটো কি আছিল?
৭৷ ৰাজহ সংগ্ৰহৰ দায়িত্বৰ বাবে ব্ৰিটিছে কোন কোন অঞ্চলৰ লোকক অসমলৈ আনিছিল?
৮৷ কি কাৰণে অসমৰ অভিজাত শ্ৰেণীটোৰ অধিকাংশই ব্ৰি‍টিছ প্ৰশাসনত জড়িত হোৱাৰ পৰা বঞ্চিত হৈছিল?
৯৷ কেতিয়া ব্ৰিটিছে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল?
১০৷ দাস প্ৰথা বিলুপ্তিৰ জৰিয়তে ব্ৰিটিছে অসমৰ লগুৱা-লিকছৌ শ্ৰেণীটোক অভিজাত শ্ৰেণীৰ পৰা মুক্ত কৰাৰ আঁৰৰ মুখ্য উদ্দেশ্য কি আছিল?
১১৷ ব্ৰিটিছৰ বিৰুদ্ধে কোনে অসমত প্ৰথমবাৰৰ বাবে বিদ্ৰোহ কৰিছিল আৰু কেতিয়া কৰিছিল?
১২৷ সৰ্বভাৰতীয় পৰ্যায়ত হোৱা ১৮৫৭ চনৰ বিদ্ৰোহক আৰু কি নামেৰে জনা যায়?
১৩৷ বশ্যতামূলক মিত্ৰতা নীতি কোনে প্ৰচলন কৰিছিল?
১৪৷ স্বত্ববিলোপ নীতি কোনে প্ৰচলন কৰিছিল?
১৫৷ কেতিয়া মিৰাটত ভাৰতীয় সৈন্যই বিদ্ৰোহ ঘোষণা কৰিছিল?
১৬৷ ১৮৫৭ চনৰ বিদ্ৰোহীসকলে কোনজন মোগল সন্তানক ভাৰতৰ সম্ৰাট পাতিব বিচাৰিছিল?
১৭৷ ১৮৫৭ চনত অসমত হোৱা বিদ্ৰোহত কোন শ্ৰণেীৰ লোকে মুখ্য ভূমিকা পালন কৰিছিল?
১৮৷ মণিৰাম দেৱানৰ প্ৰকৃত নাম কি?
১৯৷ মণিৰাম দেৱানে কলিকতাৰ পৰা চিঠি প্ৰেৰণ কৰা দুজন ব্যক্তিৰ নাম লিখা৷
২০৷ মণিৰাম দেৱানে বিদ্ৰোহৰ প্ৰস্তুতি কৰাৰ কথা ব্ৰিটিছে কেনে ধৰণে গম পাইছিল?
২১৷ কন্দৰ্পেশ্বৰ সিংহক কেতিয়া ব্ৰিটিছে আটক কৰিছিল?
২২৷ মণিৰাম দেৱানক ব্ৰিটিছে ক’ত গ্ৰেপ্তাৰ কৰিছিল?
২৩৷ আলিপুৰ জেইলত মণিৰাম দেৱানক কিমান দিন ৰখা হৈছিল?
২৪৷ কেতিয়া মণিৰাম দেৱানক ফাঁচী দিয়া হৈছিল?
২৫৷ মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল?
২৬৷ ১৮৬৩ চনৰ পৰা ব্ৰিটিছ চৰকাৰে কন্দৰ্পেশ্বৰ সিংহক কিমান টকাকৈ পেঞ্চন দিছিল?
২৭৷ কিমান চনত অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল?
২৮৷ মণিৰাম দেৱানক কেতিয়া ব্ৰিটিছে চিৰস্তাদাৰ পদত নিযুক্তি দিছিল?
২৯৷ ‘অসম টি কোম্পানি’ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
৩০৷ কেপ্তেইন হল্‌ৰইডে কেতিয়া শিৱসাগৰৰ মুখ্য বিষয়া হিচাপে কৰ্মত যোগ দিছিল?
৩১৷ কন্দৰ্পেশ্বৰ সিংহৰ পিতৃ কোন আছিল?
৩২৷ মণিৰাম দেৱানে মফট্ মিল্‌ছ‍ক কেইখন আৱেদন দাখিল কৰিছিল?
৩৩৷ ১৮৫৩ চনত কলিকতা উচ্চ ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ কোন আছিল?
৩৪৷ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক’ত ফাঁচী দিয়া হৈছিল?
৷ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ এটা প্ৰধান কাৰণ উল্লেখ কৰা৷
  অসমত হোৱা ১৮৫৭ চনৰ বিদ্ৰোহৰ এটা গুৰুত্ব উল্লেখ কৰা৷
৷ কেতিয়া ভাৰতৰ শাসনক্ষমতা ইষ্ট ইণ্ডিয়া কোম্পানিৰ হাতৰ পৰা ইংলেণ্ডৰ ৰাণীলৈ হস্তান্তৰিত হয়?
৷ ১৮৫৭-৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানিৰ ঘাটি বাজেট কিমানলৈ বৃদ্ধি পাইছিল?
৷ ১৮৫৭-৫৮ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ ঘাটি বাজেট পূৰণৰ বাবে কি উপায় অৱলম্বন কৰিছিল?
৪০৷ ভাৰতত কৰ বৃদ্ধিৰ হাৰ ১৮৫৪ চনৰ পৰা ১৮৭০ চনৰ মাজৰ কালছোৱাত কিমানলৈ বৃদ্ধি পাইছিল?
৪১৷ অসমৰ কোনকেইখন জিলাত ব্ৰিটিছে আৱকাৰী কৰ আৰোপ কৰিছিল?
৷ ৰাইজমেলসমূহ কোন শ্ৰেণীৰ লোকৰ তত্ত্বাৱধানত গঢ় লৈ উঠিছিল?
৷ অসমৰ কৃষক ৰাইজে ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথম বিদ্ৰোহ কোনটো?
৷ অসমৰ কৃষক ৰাইজে ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো বিদ্ৰোহ কেতিয়া আৰু ক’ত সংঘটিত হৈছিল?
৷ আফুগুটিৰ পৰা কি প্ৰস্তুত কৰা হয়?
৷ ব্ৰিটিছে কেতিয়া অসমত আফুখেতি কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল?
৷ ফুলগুৰিত কৃষক বিদ্ৰোহ সংঘটিত হোৱাৰ সময়ত নগাঁও জিলাৰ উপায়ুক্ত কোন আছিল?
৷ ফুলগুৰিত কৃষক বিদ্ৰোহ সংঘটিত হোৱাৰ সময়ত নগাঁও জিলাৰ সহকাৰী উপায়ুক্ত কোন আছিল?
৷ ফুলগুৰিৰ কৃষক ৰাইজে উপায়ুক্তক কি দাবী উত্থাপন কৰিছিল?
৫০৷ ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল?
৫১৷ ব্ৰিটিছ কৰ্তৃপক্ষই ফুলগুৰি ধাৱাক কি হিচাপে অভিহিত কৰিছিল?
৷ ফুলগুৰিৰ কৃষক বিদ্ৰোহত প্ৰধানতঃ কোন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিছিল?
৫৩৷ ফুলগুৰি বিদ্ৰোহৰ সময়ত অসমৰ কমিছনাৰ কোন আছিল?
৷ ১৮৬৮-৬৯ চনৰ কালছোৱাত অসমত মাটিৰ খাজনা কি হাৰত বৃদ্ধি হৈছিল?
৷ ‘আসাম ৰায়ত’ (Assam Riot)  বুলিলে কি বুজা?
৷ নামনি অসমৰ কোনকেইখন জিলাত কৃষক বিদ্ৰোহ হৈছিল?
৷ ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?
৷ কৃষক বিদ্ৰোহৰ সময়ত ৰঙিয়া আৰু তামোলপুৰৰ তহচিলদাৰ কোন আছিল?
৷ কৃষক বিদ্ৰোহৰ সময়ত ৰঙিয়াৰ উপায়ুক্ত কোন আছিল?
৬০৷ নামনি অসমত কৃষক বিদ্ৰোহ সংঘটিত হোৱা কেইটামান অঞ্চলৰ নাম লিখা৷
৬১৷ লচিমা কোন জিলাৰ অন্তৰ্গত আছিল?
৷ লচিমাৰ কৃষক বিদ্ৰোহৰ সময়ত সৰুক্ষেত্ৰী মৌজাৰ মৌজাদাৰ কোন আছিল?
৷ লচিমাৰ কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰা ক‍েইজনমান নেতৃস্থানীয় ব্যক্তিৰ নাম লিখা৷
৷ পথৰুঘাট কোন জিলাৰ অন্তৰ্গত?
৷ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত দৰঙৰ উপায়ুক্ত (জিলাধিপতি) কোন আছিল?
৬৬৷ পথৰুঘাটৰ বিদ্ৰোহৰ বিচাৰ কোনে কৰিছিল?
৷ জয়ন্তীয়া ৰাজ্য কেতিয়া ব্ৰিটিছৰ অধীনলৈ যায়?
৬৮৷ ১৮৩৫ চনত জয়ন্তীয়া ৰাজ্য কাৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়?
৷ জয়ন্তীয়াসকলে ব্ৰিটিছৰ বিৰুদ্ধে কেতিয়া বিদ্ৰোহ কৰিছিল?
৭০৷ জয়ন্তীয়া বিদ্ৰোহৰ সময়ত ব্ৰিটিছ প্ৰশাসনে কাক সামৰিক আৰু অসামৰিক দুয়ো ধৰণৰ কৰ্তৃত্ব প্ৰদান কৰিছিল?
৭১৷ জয়ন্তীয়া বিদ্ৰোহৰ সময়ত ব্ৰিটিছ প্ৰশাসনে কাক খাচী-জয়ন্তীয়া পাহাৰৰ ডেপুটি কমিছনাৰ হিচাপে নিয়োগ কৰিছিল?
৭২৷ উকিয়াং নবাক ধৰাই দিয়াৰ বাবদ ব্ৰিটিছ চৰকাৰে কিমান টকা পুৰস্কাৰ হিচাপে ঘোষণা কৰিছিল?
৭৩৷ কেতিয়া জয়ন্তীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে?
৷ জয়ন্তীয়া বিদ্ৰোহ কোন চনৰ পৰা কোন চনলৈ হৈছিল?
৷ জয়ন্তীয়াসকলে কৰা বিদ্ৰোহত কোনে নেতৃত্ব দিছিল?
৷ জয়ন্তীয়াসকলে কেতিয়া জোৱাইত থকা ব্ৰিটিছ ছাউনীত আক্ৰমণ কৰিছিল?
৷ আংগামী নগাসকলে কেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল?
  আংগামী নগাসকলে কোনজন ব্ৰিটিছ বিষয়াক হত্যা কৰিছিল?
৷ আংগামী নগাসকলৰ বিদ্ৰোহ কোনে দমন কৰিছিল?
৮০৷ টিকেন্দ্ৰজিৎ কোন আছিল?
৮১৷ টিকেন্দ্ৰজিতক কিয় ফাঁচী দিয়া হৈছিল?
৮২৷ মণিপুৰীসকলে ব্ৰিটিছৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
৮৩৷ কেতিয়া মণিপুৰ ৰাজ্য ব্ৰিটিছৰ শাসনলৈ যায়?
চমু প্রশ্নাৱলী
মূল্যাংক: ২/

১৷
 মণিৰাম দেৱানক বিদ্ৰোহত সহায় কৰা কেইজন মান ব্যক্তিৰ নাম লিখা
২৷ মণিৰাম দেৱানৰ বিদ্ৰোহৰ ব্যৰ্থতাৰ এটা কাৰণ উল্লেখ কৰা
৩৷ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ দুটা গুৰুত্ব লিখা
ৰচনাধৰ্মী প্ৰশ্নাৱলী
মূল্যাংক: ৪/৫/৬

১৷
 অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ কাৰণসমূহ চমুকৈ ব্যাখ্যা কৰা
২৷ মণিৱাম দেৱানে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ কাৰণ সমূহ বুজাই লিখা
৩৷ মণিৰাম দেৱানৰ বিদ্ৰোহৰ যো-জাৰ সম্পৰ্কে লিখা৷
৪৷ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ লিখা
৫৷ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে লিখা
৬৷ অসমত ব্ৰিটিছে আৰোপ কৰা কৰ-কাটলৰ প্রভাৱ কেনে আছিল লিখা
৭৷ ফুলগুৰিত ধাৱাত বিদ্ৰোহৰ কাৰণ আৰু ফলাফল বৰ্ণনা কৰা
৮৷ নামনি অসমৰ কৃষক বিদ্ৰোহ দুটাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা৷
৯৷ ব্ৰিটিছৰ বিৰুদ্ধে হোৱা জনজাতীয় বিদ্ৰোহ সমূহৰ বিষয়ে চমুকৈ লিখা৷
১০৷ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা৷
১১৷ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা
১২৷ কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা
১৩৷ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা
১৪৷ ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা
১৫৷ ১৮৯৪চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা
১৬৷ ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা
১৭৷ ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা
১৮৷ চমুটোকা লিখা:
    (i) মণিৰাম দেৱান
    (ii) টিকেন্দ্ৰজিত সিং
    (iii) অংগামী নগা বিদ্ৰোহ
    (iv) জয়ন্তীয়া বিদ্ৰোহ
    (v) উত্তৰ কাছাৰৰ বিদ্ৰোহ
    (vi) মণিপুৰৰ বিদ্ৰোহ
    (vii) পথৰুঘাটৰ ৰাইজ মেল
    (viii) ৰঙিয়াৰ কৃষক বিদ্ৰোহ
    (ix) ফুলগুৰি ধাৱা
    (x) কন্দৰ্পেশ্বৰ সিংহ


HSLC পৰীক্ষাৰ প্ৰশ্ন
অতি চমু উত্তৰৰ প্ৰশ্ন
মূল্যাংক: ১

১৷ শুদ্ধ উত্তৰটো বাছি উলিওৱা:
 (i) মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল? [HSLC ’১৮]
   (a) জিউৰাম দুলীয়া বৰুৱাক
   (b) পিয়লি বৰুৱাক
   (c) গোমধৰ কোঁৱৰক
   (d) দুতিৰাম বৰুৱাক
২৷ তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল? [HSLC ’১৯]
   (i) ১৮৪৩ চনত 
   (ii) ১৮৫৭ চনত
   (iii) ১৮৬০ চনত 
   (iv) ১৮৬৩ চনত
৩৷ কোন চনত অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল? [HSLC ’১৬]
চমু প্ৰশ্নাৱলী
মূল্যাংক: ২/

১৷ ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত কিয় ব্ৰিটিছ বিৰোধী বিদ্ৰোহ সংঘটিত হৈছিল? [HSLC '১০]
২৷ অসমত ফুলগুৰিৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? এই বিদ্রোহৰ দুটা প্রধান কাৰণ উল্লেখ কৰা। [HSLC '১১]
৩৷ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ কিয় বিফল হৈছিল? [HSLC '১৪]
৪৷ ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্বৰ বিষয়ে এটি চমু টোকা লিখা। [HSLC '১৭]
৫৷ ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়া সকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি চমু টোকা লিখা। [HSLC '১৭]
৬৷ ১৮৫৭ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে চমুকৈলিখা। [HSLC ’১৮]
৭৷ ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ এটি চমু বিৱৰণ লিখা৷ [HSLC '১৮]
৮৷ ভাৰতৰ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ আৰু অসমত ইয়াৰ প্রভাৱ চমুকৈ আলোচনা কৰা। [HSLC '১৯]
৯৷ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা৷ [HSLC '১৯]
১০৷ ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব আলোচনা কৰা। [HSLC '১৯]
ৰচনাধৰ্মী প্রশ্নাৱলী
মূল্যাংক: ৪/৫/৬
১৷ আহোম ৰাজ্যৰ পতনৰ পিছত ব্ৰিটিছসকলে অসমত কেনেদৰে প্রশাসনিক সংস্কাৰ প্রবৰ্তন কৰিছিল আলোচনা কৰা। [HSLC '১২]
২৷ অসমত ১৮৫৭-৫৮ চনত কিয় বিদ্ৰোহ সংঘটিত হৈছিল? [HSLC '১৭]
৩৷ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণবোৰ আলোচনা কৰা। [HSLC ’১৭]
৪৷ ব্ৰিটিছৰ শাসনকালত অসমৰ জিলা প্ৰশাসনত সংস্কাৰ সাধনৰ বাবে ৰবার্টচন আৰু ফ্রে জেনকিন্সে কেনে ব্যৱস্থা লৈছিল চমুকৈ লিখা। [HSLC '১৭]
৫৷ ব্ৰিটিছৰ শাসনকালত অসমত কৃষক আৰু কুটিৰশিল্পৰ লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ কাৰণ সমূহ লিখা। [HSLC '১৮]
দেৱপল্লৱৰ দ্বাৰা যুুগুত 
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ