ভাৰতীয় গণতন্ত্ৰ, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী) — প্ৰশ্নাৱলী

সমাজ বি‍জ্ঞান, দশম শ্ৰেণী

অনুশীলনীৰ প্ৰশ্ন 
অতি চমু উত্তৰৰ প্ৰশ্ন 

১৷ ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? 
২৷ ‘কেবিনেট মিছন’ ভাৰতলৈ কেতিয়া আহিছিল? 
৩৷ সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? 
৪৷ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? 
৫৷ ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপে‍ক্ষ’ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? 
৬৷ ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? 
৭৷ ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা হয়? 
৮৷ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে? 
৯৷ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?

চমু উত্তৰৰ প্ৰশ্ন 

১৷ ব্ৰিটিছ চৰকাৰে ‘কেবিনেট মিছন’-ক কিয় ভাৰতলৈ পঠাইছিল? 
২৷ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰিলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল? 
৩৷ প্ৰস্তাৱনাত ‘আমি‍ভাৰতীয় জনগণে’ বুলি কিয় উল্লেখ কৰা হৈছে? 
৪৷ ‘সাৰ্বভৌম’ মানে কি বুজা? 
৫৷ কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপে‍ক্ষ’ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে? 
৬৷ ‘অৰ্ধ যুক্তৰাষ্ট্ৰ’ কাক বোলে? 
৭৷ কোনকেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল?

দীঘল উত্তৰৰ প্রশ্ন

১৷ ভাৰতবৰ্ষত সংবিধানৰ প্রস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্রকাশ পাইছে আলোচনা কৰা। 
২৷ ‘সাৰ্বভৌম’, ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’, গণতান্ত্ৰিক’ আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা। 
৩। নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্রস্তাৱকে‍ইটা আলোচনা কৰা। 
৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। 
৫। ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা।

অতিৰিক্ত প্ৰশ্নাৱলী
অতি চমু প্রশ্নাৱলী
মূল্যাংক: ১
১৷ ভাৰতবৰ্ষত ব্ৰিটিছে কিমান বছৰ শাসন কৰিছিল?
২৷ কেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল?
৩৷ গণতন্ত্ৰৰ পৰিপূৰক অংগ কোনটো?
৪৷ সংবিধান নাথাকি‍লে এখন ৰাষ্ট্ৰ গণতান্ত্ৰিক হ’ব পাৰেনে?
৫৷ ইংলেণ্ডত শ্ৰমিক দল কেতিয়া ক্ষমতালৈ আহিছিল?
৬৷ ইংলেণ্ডৰ কোন চৰকাৰে ভাৰতক স্বাধীনতা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল?
৭৷ ভাৰতৰ বাবে সংবিধান  প্ৰণয়নৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ কোনে লৈছিল?
৮৷ কেবিনেট মিছনক কোনে ভাৰতলৈ পঠিয়াইছিল?
৯৷ কেবিনেট মিছনত কেইজন সদস্য আছিল?
১০৷ কাৰ তৎপৰতাত ভাৰতত সংবিধান সভা গঠিত হৈছি‍ল?
১১৷ সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিল?
১২৷ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল?
১৩৷ সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল?
১৪৷ কেতিয়া সংবিধান সভাৰ স্থায়ী সভাপতিজন নিৰ্বাচন কৰা হৈছিল?
১৫৷ সংবিধান প্ৰস্তুতকৰকণৰ সম্পৰ্কত সংবিধান সভাৰ মুঠ কেইখন বৈঠক হৈছিল?
১৬৷ সংবিধান সভাৰ খচৰা কমিটি‍খন কেতিয়া গঠন কৰা হৈছিল?
১৭৷ সংবিধান সভাৰ খচৰা কমিটি‍ত কেইজন সদস্য আছিল?
১৮৷ সংবিধান সভাৰ খচৰা কমিটিখনৰ অধ্যক্ষ কোন আছিল?
১৯৷ সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতে খচৰা কমিটি‍ক কিমান দিনৰ প্ৰয়োজন হৈছিল?
২০৷ সংবিধান সভাৰ খচৰা কমিটিয়ে কেতিয়া সংবিধানৰ খচৰাখন সভাপতিক দাখিল কৰিছিল?
২১৷ ভাৰতৰ সংবিধানখন কেতিয়া বলৱৎ কৰা হয়?
২২৷ ভাৰত চৰকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
২৩৷ সংবিধানৰ প্ৰস্তাৱানাই কি বুজায়?
২৪৷ ভাৰতীয় সংবিধানৰ আত্মা, বিবেক, দুৱাৰডলি আৰু ছাবি-কাঠী বুলি কি‍হক কোৱা হয়?
২৫৷ ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘ঐক্য’— এই তিনিটা শব্দ কেতিয়া সংবিধানৰ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল?
২৬৷ ভাৰতৰ সংবিধানৰ কোন সংশোধনী অনুসৰি ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘ঐক্য’ শব্দকেইটা প্ৰস্তাৱনাত সংয‍োগ কৰা হৈছিল?
২৭৷ সাৰ্বভৌম মানে কি?
২৮৷ সমাজবাদী ৰাষ্ট্ৰ মানে কি?
২৯৷ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ মানে কি?
৩০৷ গণতান্ত্ৰিক শব্দটোৱে‍ কি বুজায়?
৩১৷ প্ৰজাতন্ত্ৰ বা গণৰাজ্য মানে কি?
৩২৷ ভাতৃত্ববোধ মানে কি?
৩৩৷ কেতিয়া নেহৰুৱে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহ উত্থাপন কৰিছিল?
৩৪৷ নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহ কেতিয়া গ্ৰহণ কৰা হয়?
৩৫৷ নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱত থকা কোনটো শব্দ পৰৱৰ্তী সময়ত বাদ দিয়া হৈছিল?
৩৬৷ ‘যুক্তৰাষ্ট্ৰ’ শব্দটোৰ ইংৰাজী প্ৰতিশব্দটো লিখা৷
৩৭৷ ‘Federation’ শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা আহিছে?
৩৮৷ লেটিন শব্দ ‘foedus’-ৰ অৰ্থ কি?
৩৯৷ যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা?
৪০৷ ভাৰতত কেতিয়া যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰৱৰ্তন কৰা হৈছিল?
৪১৷ যুক্তৰাষ্ট্ৰীয় পদ্ধতি পোনপ্ৰথমে ক’ত প্ৰয়োগ কৰা হৈছিল?
৪১৷ ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কোনখন দেশক কোৱা হয়?
৪২৷ স্বাধীন ভাৰতত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধান অনুসৰণ কৰা হৈছে?
৪৩৷ যুক্তৰাষ্ট্ৰৰ যিকোনো এটা বৈশিষ্ট্য লিখা৷
৪৪৷ ভাৰতৰ সংবিধানত ‘যুক্তৰাষ্ট্ৰ’ শব্দটো কিয় উল্লেখ কৰা হোৱা নাই?
৪৫৷ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক ‘ৰাজ্যসমূহৰ সংঘ’ (Union of States) বুলি ঘোষণা কৰা হৈছে?
৪৬৷ ভাৰতৰ অংগৰাজ্যবিলাকৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা আছেনে?
৪৭৷ কেইখন সূচীৰ জৰিয়তে ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ কৰা হৈছে?
৪৮৷ ভাৰতৰ ৰাজ্যবিলাকত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাক নিযুক্ত কৰা হয়?
৪৯৷ ভাৰতবৰ্ষত এক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ মূল কাৰণটো কি?
৫০৷ ‘ছাৰকাৰিয়া আয়োগ’ কেতিয়া গঠন কৰা হৈছিল?
৫১৷ ‘ছাৰকাৰিয়া আয়োগ’ কিয় গঠন কৰা হৈছিল?
৫২৷ ভাৰতক কিয় ‘সহযোগিতামূলক যুক্তৰাষ্ট্ৰ’ হিচাপে অভিহিত কৰিবলৈ লোৱা হৈছে?
৫৩৷ সংসদীয় গণতন্ত্ৰ কি?
৫৪৷ আমেৰিকাত সংসদক কি বুলি কোৱা হয়?
৫৫৷ শাসনৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা, জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত সন্থা বা গোটক ভাৰতবৰ্ষত কি বুলি কোৱা হয়?
৫৬৷ ‘সংসদ’ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি?
৫৭৷ ভাৰতৰ সংসদত কেইখন সদন আছে?
৫৮৷ ভাৰতৰ উচ্চ সদন কোনখন?
৫৯৷ ভাৰতৰ নিম্ন সদন কোনখন?
৬০৷ ভাৰতত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধান অনুসৰণ কৰা হৈছে?
৬১৷ কেতিয়া ভাৰতত সীমিত ৰূপত সংসদীয় পদ্ধতি আৰম্ভ কৰা হৈছিল?
৬২৷ ‘ভাৰতীয়কৰণ’ মানে কি?
৬৩৷ ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা যিকোনো এটা প্ৰভেদ উল্লেখ কৰা৷
৬৪৷ ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজনক কি বুলি কোৱা হয়?
৬৫৷ ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজনক কোনে নিৰ্বাচন কৰে?

৬৬৷ ইংলেণ্ডত উচ্চ সদনক কি বুলি কোৱা হয়?
৬৭৷ তলত দিয়া প্ৰশ্নসমূহৰ বাবে‍ শুদ্ধ উত্তৰটো বাছি লিখা:
(i) কেবিনেট মিছন ইংলেণ্ডৰ কেইজন মন্ত্ৰীৰে গঠিত গোট আছিল?
(a) দুজন
(b) তিনিজন
(c) চাৰিজন
(d) পাঁচজন
(ii)
 সংবিধান সভাৰ সভাপতি আছিল?
(a) ° বি আৰ আম্বেদকাৰ
(b) ° সচ্চিদানন্দ সিনহা
(c) ° ৰাজেন্দ্ৰ প্ৰসাদ 
(d) এটাও নহয়।
(iii)
 নতুন সংবিধান বলবৎ কৰা হৈছিল--
(a) ১৫ আগষ্ট ১৯৪৭ চনত
(b) ২৬ জানুৱাৰীত ১৯৫০ চনত
(c)  ডিচেম্বৰ ১৯৪৬ চনত 
(d) ২৯ আগষ্ট ১৯৪৭ চনত
(iv)
 ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত তলৰ কোনকেইটা শব্দ নাছিল?
(a) সাৰ্বভৌম, সমাজবাদী, ঐক্য
(b) গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, গণৰাজ্য
(c) সমাজবাদী, ঐক্য, গণৰাজ্য
(d) সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য
(v)
 সৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ_________ক্ষমতা।
(a) আভ্যন্তৰীণ
(b) সৰ্বোচ্চ
(c) বাহ্যিক
(d) গণতান্ত্ৰিক
(vi)
 যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ ‘Federation’ টো প্রকৃততে তলৰ কোনটো ভাষাৰ শব্দ? 
(a) গ্ৰীক 
(b) ফৰাচী
(c) স্পেনিচ
(d) লেটিন
(viii)
 যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়- 
(a) ইংলেণ্ড
(b) আমেৰিকা
(c) চুইজাৰলেণ্ড
(d) জাপান
(viii)
 সংবিধানৰ প্রস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ দুটা কোন নং সংশোধনী মতে অন্তৰ্ভূক্ত হয়?
(a) ২৪ নং 
(b) ৪১ নং
(c) ৪৪ নং 
(d) ৪২ নং
(ix)
 জনপ্ৰতিনিধিৰে গঠিত সন্থাক আমেৰিকাত কি বোলে?
( a) কংগ্ৰেছ
(b) মেম্বাৰ
(c) প্ৰতিনিধি
(d) এটাও নহয়
(x)
 কোন চনৰ আইনে পৰাধীন ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰ প্রৱৰ্তন কৰিছিল?
(a) ১৯০৫ চনৰ বংগ বিভাজন আইন
(b) ১৮৫৮ চনৰ ভাৰত শাসন আইন
(c) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন
(d) ১৯১৯ চনৰ ভাৰত পৰিষদ আইন
(xi)
 ভাৰতবৰ্ষৰ সংসদ ইংলেণ্ডৰ সংসদতকৈ---
(a) বেছি শক্তিশালী
(b) কম শক্তিশালী
(c) সম শক্তিশালী
(d) এটাও নহয়
(xii)
 ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?
(a) আমেৰিকা
(b) ইংলেণ্ড
(c) কানাডা
(d) অষ্ট্ৰেলিয়া
(xiii)
 ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোন দেশৰ সংবিধান অনুসৰণ কৰিছিল? -
(a) আমেৰিকা
(b) ইংলেণ্ড
(c) কানাডা
(d) চুইজাৰলেণ্ড
(xiv)
 কেবিনেট মিচন ভাৰতলৈ আহিছিল---
(a) ১৯৪৭ চনত
(b) ১৯৪৫ চনত 
(c) ১৯৪২ চনত
(d) ১৯৪৬ চনত
(xv)
 ভাৰতবৰ্ষৰ সংবিধানখন প্রস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ কেইখন বৈঠক বহিছিল? 
(a) ১১ খন
(b) ১০ খন
(c) ১২ খন
(d) ১৫ খন

৬৮. খালী ঠাই পূৰণ কৰাঃ-
(i) বৃটিছৰ অধীনত থকা ভাৰতবৰ্ষই______চনৰ_____আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰাৰ লগে লগে বিশ্বৰ এখন বৃহৎ ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিলে।
(ii) ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্রস্তুতি চলাবৰ অৰ্থে বৃটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত_____________ক ভাৰতলৈ পঠিয়াই।
(iii) কেবিনেট মিছনৰ তৎপৰতাত _______ সভা গঠন হৈছিল আৰু ইয়াৰ প্রথমখন বৈঠক বহিছিল _______চনৰ____তাৰিখে।
(iv) সংবিধান সভাৰ প্রথম বৈঠকত সভাপতিত্ব কৰিছিল ____________।
(v) _______________ক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নির্বাচিত কৰা হয়।
(vi) সংবিধান সভাই________চনৰ____ তাৰিখে এখন খচৰা কমিটি‍ গঠন কৰে।
(vii)_____________ আছিল খচৰা কমিটীৰ অধ্যক্ষ।
(viii) নতুন সংবিধানখন___________চনৰ _________তাৰিখে বলৱৎ কৰাহয়। 
(ix)___________হ'ল সংবিধানৰ পাতনি। 
(x)__________যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। 
(xi) ১ নং অনুচ্ছেদত ভাৰতক এখন __________ বুলি ঘোষণা কৰা কৰা হৈছে।
(xii) ভাৰতবৰ্ষৰ সংসদ_________সদনেৰে গঠিত।
(xiii) ১৯৩৫ চনৰ_________আইনখনে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল।
(xiv) ভাৰতবৰ্ষৰ সংসদৰ ________সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অৱ লৰ্ডছতকৈ বহু পৃথক।
(xv) ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধানজন_________ হোৱা ব্যক্তি নহয়।

চমু প্ৰশ্নাৱলী

মূল্যাংক- /

১৷ ইংলেণ্ডত কোন দলে কেতিয়া ক্ষমতালৈ অহাৰ পাছত ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লৈছিল?
২৷ বিট্ৰিছ চৰকাৰে কেতিয়া আৰু কিয় কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল?
৩৷ সংবিধান সভাৰ প্রথমখন বৈঠক কেতিয়া বহিছিল আৰু ইয়াত কোনে সভাপতিত্ব কৰিছিল?
৪৷ সংবিধান সভাৰ স্থায়ী সভাপতি আৰু খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল?
৫৷ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰি‍লৈ ভাৰতৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্রস্তুত কৰিছিল?
৬৷ প্রস্তাৱনাৰ তাৎপৰ্য চমুকৈ লিখা।
৭৷ প্রস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰা হৈছে?
৮৷ ভাৰতৰ সংবিধানৰ  প্রস্তাৱনাত থকা কথাখিনি‍ লিখা।
৯৷ কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে?
১০৷ সংবিধান খচৰা কমিটি‍ৰ সদস্যসকলৰ নাম লিখা।
১১৷ ‘সাৰ্বভৌম’ মানে কি বুজা? 
১২৷ ধৰ্মনিৰপেক্ষতা বুলিলে কি বুজা?
১৩৷ ‘সমাজবাদ’-ৰ দ্বাৰা ভাৰতবৰ্ষত কি প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে?

১৪৷ গণতান্ত্ৰিক ব্যৱস্থা মানে কি?

১৫৷ অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে ? 

ৰচনাধৰ্মী প্রশ্নাৱলী
মূল্যাংক: /

. ভাৰতবৰ্ষৰ সংবিধানৰ প্রস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্রকাশ পাইছে আলোচনা কৰা।
. ‘সাৰ্বভৌম’, ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্ৰিক’ আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা।
. নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা।
. ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা।
. ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ পাৰ্থক্য সমূহ লিখা।

HSLC পৰীক্ষাৰ প্ৰশ্নাৱলী
অতি চমু প্ৰশ্নাৱলী
মূল্যাংক: 

. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 
(i) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে-- [HSLC '১৭]
(a) উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ এজন মুখ্যমন্ত্ৰীক
(b) উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ এজন ৰাজ্যপালক
(c) উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ এজন বিত্তমন্ত্ৰীক
(d) উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ এজন মুখ্যসচিবক
(ii) ভাৰতৰ সংবিধান সভাৰ প্রথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল? [HSLC ’১৮]
(a) ° বি. আৰ. আম্বেদকাৰে
(b) এন. গোপালাস্বামীয়ে
(c) ° সচ্চিদানন্দ সিনসাই
(d) চৈয়দ মহম্মদ চাদুল্লাই 
(iii) তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? [HSLC '১৮]
(a) এন. গোপালস্বামী আয়েংগাৰ
(b) কে. এম. মুন্সি
(c) জৱাহৰলাল নেহৰু
(d) ডি. পি. খৈটান

ৰচনাধৰ্মী প্ৰশ্নাৱলী
মূল্যাংক: /

. ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা: [HSLC '১৮]
. সংসদীয় গণতন্ত্ৰ কি? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পাৰ্থক্যকেইটা লিখা: [HSLC ’১৯] 
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ