মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি মেধা সন্ধানী পৰীক্ষা—২০১৪

মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি মেধা সন্ধানী পৰীক্ষা২০১৪

পঞ্চম শ্ৰেণী, সময়: 3 ঘণ্টা
মুঠ নম্বৰ: 100
(Part- I)
বিষয়: অসমীয়া (মাতৃভাষা)
নম্বৰ: 15
1. উত্তৰ দিয়া:   1 x 5= 15
(ক) ‘অসম আমাৰ ৰূপহী’ গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই ‘সূৰ্য উঠা দেশ’ মানে কোনখন দেশক বুজাইছে?
(খ) প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালটোৰ নাম কি?
(গ) উদ্ধৃতি চিহ্ন বা প্ৰক্ষেপ চিহ্নটো লিখা৷
(ঘ) “জানে জেঠাই বৰফৰ দেশটো বোলে কুকুৰ আছে।” এই কথাষাৰ কোনে কৈছে?
(ঙ) ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম কি?
2. অর্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা (যিকোনো এটা)  1
          প্ৰত্যুৎপন্নমতি, খুটিগছা।
3. (ক) ‘হ্ম’ যুক্তাক্ষৰ থকা দুটা শব্দ লিখা।  \(\frac{1}{2}\)+\(\frac{1}{2}\)=1
  (খ) তলৰ শব্দ দুটাৰ সমাৰ্থক শব্দ লিখা: \(\frac{1}{2}\)+\(\frac{1}{2}\)=1
          ঘূৰণীয়া, বিষাদ
4, (ক) তলত আঁচ দিয়া শব্দ দুটাৰ পদ বাছা। 1
    অমলপ্ৰভা দাস পঢ়া-শুনাত চোকা আছিল।
(খ) কাল নিৰ্ণয় কৰা: ‘অৰূপ যোৱাকালি স্কুললৈ আহিছিল।” 1
(গ) এটা শব্দত প্ৰকাশ কৰা: 1
    বনত থাকে যি
5. খালী ঠাই পূৰ কৰা:
  (ক) বাছি খাবা, --------- শুবা।  1
  (খ) মহাপুৰুষ শংকৰদেৱে --------- ধৰ্ম প্ৰচাৰ কৰিছিল। 1
6. চমুটোকা লিখা। (যিকোনো এটা)                2
  (ক) ছাৰ আইজাক নিউটন
  (খ) কৃষ্ণ কান্ত সন্দিকৈ


Subject: English (Part-II)
Marks-10
7. Write four lines of the poem given below: 4
“Sing a song of People”
8. Fill in the blank: \(\frac{1}{2}\)+\(\frac{1}{2}\)=1
(a) Where did Malue go to ___.
(b) Where is Manipur on the Map of _____.

9, Answer the following: \(\frac{1}{2}\)+\(\frac{1}{2}\)=1
(a) Which tribe of Red Indians attacked the travellers?

(b) How did the king want to select their future king?

10. Select the verbs and noun of the following sentence. 2
    Jadu goes to school.

11. Write the opposite words of the words: \(\frac{1}{2}\)+\(\frac{1}{2}\)=1
    (a) Lend
    (b) Nobody

12. Give the plural form of the following: \(\frac{1}{2}\)+\(\frac{1}{2}\)=1
    (a) Child
    (b) Tooth


বিষয়: গণিত (Part-III)
নম্বৰ-25
13. (ক) এক সমকোণৰ \(\frac{1}{3}\) অংশ = ___ 1
(খ) এক টকাৰ \(\frac{1}{4}\) অংশ = কিমান পইচা? 1
(গ) 99 ছেণ্টিমিটাৰ = কিমান মিটাৰ? 1
(ঘ) এটা অনুলোম-বিলোম সংখ্যা লিখা। 1
(ঙ) আধাপাক ঘূৰালেও একে দেখা যিকোনো এটা সংখ্যা লিখা? 1
14, (ক) এটা গভীৰ চিত্ৰ অংকন কৰিবলৈ কি কি জোখৰ প্ৰয়োজন? 1\(\frac{1}{2}\)
(খ) সমান ভগ্নাংশৰে খালী ঠাই পূৰ কৰাঃ \(\frac{1}{2}\)
\(\frac{1}{2}\)= \(\frac{2}{...}\)= \(\frac{...}{6}\)=\(\frac{...}{8}\)
15. 360 X 24 = .......... (বেলাৰ পদ্ধতি প্ৰয়োগ কৰি পূৰণ কৰা) 2
16. 12 মিটাৰৰ পৰা 5 মিটাৰ 25 ছেণ্টিমিটাৰ বিয়োগ কৰা। 2
17. (ক) এক কিল'গ্ৰাম ৰঙালাউৰ দাম 8 টকা হ’লে 4\(\frac{1}{2}\) কিল’গ্ৰাম ৰঙালাউৰ দাম কিমান হ’ব? 3

(খ) বৰ্গাকাৰ কেৰমবোৰ্ড এখনৰ পৰিসীমা 320 চে-মিটাৰ হ’লে ইয়াৰ ক্ষেত্ৰফল কিমান হ’ব? 3

18. লীনাৰ খুৰীয়েকে চীনৰ পৰা তাইৰ বাবে এটা উপহাৰ আনিছিল। উপহাৰটোৰ মূল্য 30 ইয়ান হ’লে ভাৰতীয় মূল্যত ইয়াৰ মূল্য কিমান হ’ব? (ইয়াত = 8.78) 3

19. এখন স্কুলত 16 টা কোঠালি আছে। প্ৰত্যেকটো কোঠালিত 4 জোপাকৈ গছপুলি আছে। যদি প্ৰত্যেকটো গছপুলিৰ বাবে 2 কাপকৈ পানী লাগে তেন্তে কিমান কাপ পানীৰ প্ৰয়োজন হ’ব? 4

বিষয়: কলা শিক্ষা আৰু সাধাৰণ জ্ঞান (Part-IV)
নম্বৰ-25

20. এখন প্ৰাকৃতিক দৃশ্য অংকন কৰা। 10
21. এটা অমিতাৰ ছবি আঁকা। 5
22. (ক) ড° মামনি ৰয়চম গোস্বামীৰ প্ৰকৃত নামটো কি? 1
(খ) ভাৰত পাকিস্থানৰ সীমাৰেখাডালৰ নাম কি? 1
(গ) সুগন্ধি-পখিলাৰ কবি কোন? 1
(ঘ) 2014 চনৰ 24 নৱেম্বৰত মৰণোত্তৰ ভাৱে “বীৰ লাচিত বঁটা” কাক প্ৰদান কৰা হৈছে? 1
(ঙ) ব্ৰহ্মপুত্ৰ ননীৰ ওপৰত থকা প্ৰথম দলংখনৰ নাম কি? 1
(চ) ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? 1
(ছ) ভাৰতৰ কোনজন খেলুৱৈয়ে “ভাৰত ৰত্ন” লাভ কৰিছে? 1
(জ) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সংবিধান থকা দেশখনৰ নাম কি? 1
(ঝ) ড° ভূপেন হাজৰিকাৰ মৃত্যু দিনটো কি দিৱস হিচাপে পালন কৰা হয়? 1
(ঞ) পৃথিৱীৰ বৃহত্তম নদী-দীপটোৰ নাম কি? 1

বিষয়: পৰিবেশ অধ্যয়ন (Part-V)
নম্বৰ-25
23. উত্তৰ লিখা: 1x 4=4
(ক) মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰ কোনটো পৰিৱেশৰ পৰা লোৱা হৈছে?
(খ) ২৬ জানুৱাৰী কি দিৱস হিচাপে পালন কৰা হয়?
(গ) অসমৰ বস্ত্ৰ নগৰী বুলি কোনখন ঠাইক কোৱা হয়?
(ঘ) ভাৰতবৰ্ষৰ সীমাত থকা এখন ৰাষ্ট্ৰৰ নাম লিখা।

24. খালী ঠাই পূৰ কৰা: 1x4=4
(ক) অসমৰ পঞ্চতীৰ্থ ____৷
(খ) অসম পঞ্চায়ত আইনখন _____ চনত গ্রহণ কৰা হয়?
(গ) ভাৰতীয় নাগৰিকৰ _____ টা মৌলিক কৰ্তব্য আছে।
(ঘ) ভাৰতৰ বেছি ৰেছমী কাপোৰ _____ ৰাজ্যত উৎপন্ন হয়।

25. বুজাই লিখা: 2x5=10
(ক) ভূমিস্খলন ৰোধ কৰিব পৰা দুটা কাৰণ লিখা।
(খ) জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল বুজাই লিখা।
(গ) তোমাৰ ভাল লগা এটা বতৰৰ বিষয়ে দুই শাৰী বাক্য লিখা।
(ঘ) স্বাধীনতা আন্দোলনত গহপুৰ থানাত শ্বহীদ হোৱা শ্বহীদ দুজনৰ নাম লিখা।
(ঙ) ১৮২৬ চনত মানসকল আৰু ইংৰাজৰ মাজত কি সন্ধি হৈছিল? তাৰ ফলাফল কি হৈছিল?

26. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা বুলিলে কি বুজা? প্ৰস্তাৱনাত গুৰুত্ব পোৱা দুটা দিশৰ বিষয়ে লিখা। 2+2=4
27. চমুটোকা লিখা: (যিকোনো এটা) 3
    (ক) উত্তৰ পূব-ভাৰত
    (খ) মালভূমি



অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ