মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি মেধা সন্ধানী পৰীক্ষা— ২০১৯

CHIEF MINISTER’S SPECIAL
SCHOLARSHIP SCHEME
Talent Search Examination, 2019
Class—V
MEDIUM : ASSAMESE
Full Marks : 100
Time : 3 hours


PART—I
বিষয়: অসমীয়া (মাতৃভাষা)
(নম্বৰ: ১৫)
১। উত্তৰ দিয়া : ১ x ৫ =৫
(ক) ডঃ ভূপেন হাজৰিকাৰ অনুলিখিত আত্মজীৱনীখনৰ নাম কি?
(খ) সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল?
(গ) অনাগতবিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল?
(ঘ) চৰকাৰে অমল প্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল?
(ঙ) ‘সৰু ছোৱালী আৰু পখী’ কবিতাটিৰ কবিজনৰ নাম কি?

২। যুক্তাক্ষৰ গঠন কৰি একোটাকৈ শব্দ লিখা :         
          ন + ৱ =
          ষ + ঠ =

৩। বাক্য ৰচনা কৰা : ২
অলেখ, শুৱলা।

৪। শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা :     
(ক) _____ সদায় স্কুললৈ যাওঁ। (সি/মই)
(খ) গোলাপ ফুলৰ পাহি _______ ৰঙা।
(ধকধকীয়া/টিকটিকীয়া)

৫। (ক) নিজৰ ওপৰত নিৰ্ভৰশীল। (এটা শব্দত প্ৰকাশ কৰা) ১
(খ) তলত দিয়া বাক্যটোৰ আঁচ টনা শব্দটো কি পদ, লিখা: ১
   তেখেতৰ পঢ়াৰ প্ৰতি অদম্য হেঁপাহ আছিল।

৬। চমু টোকা লিখা (যি কোনো এটা) :        
(ক) বিহু
(খ) উদ্ভিদ

 

PART—II
Sub: English
(Marks: 10)
1. Answer the following questions:    1x2 =2
(a) Write the name of two small creatures.
(b) For which team did Tarun play?

2. Make words by adding ‘ing’ for the following (any two): 1x2=2
(a) Love
(b) Care
(c) Make
(d) Share

3. Choose and write the correct form of tense of the following sentences: 1x2=2
  (a) He is reading a book.
(Present/Past/Future)
  (b) Arun Das will drive the bus.
(Past/Present/Future)

4. Write synonyms for the following : 1x2=2
(a) Beautiful
(b) Large

5. Write the meaning in Assamese : 1x2=2
(a) Farmer
(b) Peacock

PART—III

বিষয়: গণিত
(নম্বৰ: ২৫)

১। উত্তৰ লিখা : ১ x ৫ = ৫
(ক) এক লাখত কেইটা শূন্য থাকে?
(খ) এটা ত্ৰিভুজৰ কেইটা কোণ থাকে?
(গ) কোণ জোখা যন্ত্ৰটোৰ নাম কি?
(ঘ) চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি?
(ঙ) 7 x 5 x 0 = ....
২৷

ক)2007
+ 2376

খ)75
x 25
                                       ২ x ২= ৪
৩৷
খ)321
- 78
(খ) 475 + 25                         ২ x ২= ৪

8 । এটা আয়তৰ পৰিসীমা 40 ছে: মি: আৰু দীঘ 15 ছে: মি: হ’লে প্ৰস্থ কিমান? ৩
৫। এটা গেলনত 12 লিটাৰ পানী ধৰে। তেনেকুৱা 24 টা গেলনত কিমান লিটাৰ পানী ধৰিব?

৬। তলত দিয়া ভগ্নাংশবোৰৰ হৰ আৰু লব বাছি লিখা:

হৰলব
\(\frac{7}{8}\)
\(\frac{3}{9}\)

৭৷ (ক) 6 লিটাৰ 250 মিলি লিটাৰক মিলি লিটাৰত লিখা। ২

(খ) 9 কিলোগ্ৰামক গ্ৰামলৈ নিয়া। ২

 
PART—IV
বিষয়: কলাশিক্ষা আৰু সাধাৰণ জ্ঞান
(নম্বৰ: ২৫)
১। উত্তৰ লিখা : ১x১০=১০
(ক) জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি?
(খ) তৰাঘৰ গুৱাহাটীৰ কোন ঠাইত অৱস্থিত?
(গ) ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি?
(ঘ) ‘চন্দ্ৰযান-২’ ভাৰতৰ কোন ঠাইৰ পৰা উৎক্ষেপণ হৈছিল?
(ঙ) ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সজা তৃতীয় দলংখনৰ নাম কি?
(চ) পৃথিৱী বিখ্যাত নদী দ্বীপটোৰ নাম কি?
(ছ) তুমি কোন মহাদেশৰ মানুহ?
(জ) অসমৰ কোনখন অভয়াৰণ্যত একশিঙীয়া গঁড় পোৱা যায়?
(ঝ) মিচিংসকলৰ লোকনাট্য অনুষ্ঠানটো কি?
(ঞ) ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম কি?

২। এখন চাইকেলৰ ছবি‍ আঁকা।  ১০
৩। তুমি ভাল পোৱা এপাহ ফুলৰ ছবি আঁকা।
 

PART—V

বিষয়: পৰিৱে‍শ
(নম্বৰ: ২৫)
১। উত্তৰ লিখা : ১ x ৪=৪
(ক) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা?
(খ) ২০১৯ চনৰ মৰণোত্তৰভাৱে ভাৰতৰত্ন পোৱা অসমীয়া ব্যক্তিগৰাকীৰ নাম কি?
(গ) কিমান চনত অসমত প্ৰথম কয়লাখনিৰ আৱিষ্কাৰ হৈছিল?
(ঘ) ভাৰতৰ দক্ষিণ দিশত থকা মহাসাগৰখনৰ নাম কি?

২। খালী ঠাই পূৰ কৰা : ১ x ৪= ৪
(ক) গাখীৰ, ফলমূল আৰু শাক-পাচলিত যথেষ্ট পৰিমাণে _____ থাকে।
(খ) ভূমিকম্পৰ ফলত নদীৰ _____ সলনি হয়।
(গ) _____ চনত ইয়াণ্ডাবু সন্ধি হৈছিল।
(ঘ) অসমৰ প্ৰথম ৰেলপথটো আছিল _____ ৰেলপথ।

৩। চমু উত্তৰ লিখা : ২ x ৫= ১০
(ক) দুৰ্যোগ বুলিলে কি বুজা? অসমৰ প্ৰাকৃতিক দুৰ্যোগটো কি?
(খ) দুবিধ অসমীয়া গহনাৰ নাম লিখা।
(গ) ব্যাঘ্ৰ প্ৰকল্প থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা।
(ঘ) উদ্যোগ গঢ়ি উঠিবলৈ যি কোনো দুটা কাৰকৰ নাম লিখা।
(ঙ) মণিপুৰ ৰাজ্যত থকা দুখন পাহাৰৰ নাম লিখা।

৪। তলত দিয়া ৰাজ্যকেইখন ৰাজধানীৰ সৈতে লিখা: ৪

ৰাজ্যৰাজধানী
অসম
মেঘালয়
ত্ৰিপুৰা
চিকিম

৫। চমু টোকা লিখা (যি কোনো এটা): ৩
(ক) সালোকসংশ্লেষণ
    (খ) পচন সাৰ
    (গ) চিপাহী বিদ্ৰোহ
            অথবা
  গাঁও পঞ্চায়তৰ যি কোনো তিনিটা কাম উল্লেখ কৰা।
***


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ