মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি মেধা সন্ধানী পৰীক্ষা— ২০১৮

শ্ৰেণী: পঞ্চম
মাধ্যম: অসমীয়া

সময়: ৩ ঘণ্টা

মুঠ নম্বৰ : ১০০


(PART—I)

বিষয়: অসমীয়া (ভাষা)

(নম্বৰ: ১৫)

 

১। উত্তৰ দিয়া: ১ x ৫=৫

  (ক) ড° ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে?

  (খ) মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি?

  (গ) আৱে‍দনক কি বুলি কয়?

  (ঘ) ড° কৃষ্ণকান্ত সন্দিকৈয়ে ৰচনা কৰা গ্ৰন্থ দুখনৰ নাম কি কি‍?

  (ঙ) মহাপুৰুষ শংকৰদেৱে কিহৰ বাবে ওজাপালিৰ সহায় লৈছিল?

 

২। অৰ্থ লিখি বাক্য ৰচনা কৰা (যিকোনো এটা): ১

      দিন, দীন

 

৩। (ক) ‘ন্ম’ যুক্তাক্ষৰ থকা দুটা শব্দ লিখা। ১

(খ) বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা:   ১

   পুৰস্কাৰ, বন্ধু

 

৪। (ক) তলত আঁচ দিয়া শব্দ দুটাৰ পদ বাছা:   ১

   চন্দ্ৰপ্ৰভাই নাৰীসকলৰ বাবে মহিলা সমিতি গঠন কৰিছিল

 

(খ) কাল নিৰ্ণয় কৰা : ১

   মই অহাকালি গাঁৱলৈ যাম।

 

(গ) এটা শব্দত প্রকাশ কৰা: ১

   আইৰ ককায়েক বা ভায়েক।

 

৫। প্ৰশ্নবোধক বাক্যলৈ নিয়া : ১+১=২

  (ক) বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া।

  (খ) ৰিজু গৰমৰ বন্ধত ঘৰলৈ আহিব।

 

৬। চমু টোকা লিখা (যি কোনো এটা) ২

  (ক) মাজুলী

  (খ) পুতলা নাচ

 

(PART-II)

Sub: English

(Marks: 10)

1. Answer the following questions: 2

  (a) Where did the Ningthou and Leima live?

  (b) Why did Sultan call the barber?

2. Fill in the blanks with proper verb from the brackets: 2

  (a) He ____ to school every day.

(goes, went, gone)

  (b) I have ___ the sum.

(do, done)

3. Write the opposite word of the following: 1

Closed

4. Fill in the blanks with proper article: 2

  (a) He got ___ umbrella yesterday.

  (b) Give me ___ glass of water.

5. Write the plural form of the following: 2

(a) Man

(b) Child

6. Select the subject and object in the following: 1

   The hunter killed a tiger.

 

(Part—III)

বিষয়: গণিত

(নম্বৰ: ২৫)

১। উত্তৰ দিয়া: ১ x ৫=৫

  (ক) 18 মি. = 1800 চেমি.

(শুদ্ধ নে অশুদ্ধ)

  (খ) এটা ঘড়ীত কেইটা সমকোণ থাকে?

  (গ) 15 ৰ \(\frac{3}{5}\) অংশ মানে কিমান?

  (ঘ) 2 আৰু 7 ৰ সাধাৰণ গুণিতক দুটা লিখা।

  (ঙ) 9 ৰ দুটা উৎপাদক লিখা।

২। তলৰ অংকবিলাক কৰা : ১+১=২

  (ক) 200 + 300 + ___ = 400+ ___ + 200

  (খ) 4.05 + 5 + 3.70 =

৩।

  (ক) 28 ক বিশেষ সংখ্যালৈ পৰিৱৰ্তন কৰা।

  (খ) এটা কণীৰ দাম 6:50 টকা হ’লে 15 ডজন কণীৰ দাম কিমান?

  (গ) এটা 2 টকীয়া মুদ্ৰাৰ ওজন 5 গ্ৰাম। 2 কি.গ্ৰা. ওজনত কিমানটা মুদ্ৰা থাকিব? ২ x ৩=৬

৪৷

  (ক) এটা আয়তৰ দীঘ 11 ছেমি., প্ৰস্থ 10 ছেমি. হ’লে কালি আৰু পৰিসীমা উলিওৱা।

  (খ) বেলাৰ পদ্ধতিৰে পূৰণ কৰা:

225 x 22

  (গ) এটা বাকচত 24 খন কিতাপ ধৰে। 576 খন কিতাপ ভৰাবলৈ কেইটা বাকচ লাগিব?

  (ঘ) এটা হাতী পোৱালিয়ে প্ৰতিদিনে 12 লিটাৰ গাখীৰ খায়। এবছৰত কিমান লিটাৰ গাখীৰ খাব? ৩ x ৪=১২

 

(PART— IV)

বিষয়: কলাশিক্ষা আৰু সাধাৰণ জ্ঞান

(নম্বৰ: ২৫)

১। এপাহ পদুম ফুলৰ ছবি আঁকা । ৫

২। পাহাৰ, সূৰ্য, গছ, নদী আৰু নাৱৰীয়া থকা প্রাকৃতিক দৃশ্য আঁকা। ১০

৩। উত্তৰ লিখা: ১ x ১০=১০

  (ক) জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া মহিলাগৰাকীৰ নাম লিখা।

  (খ) কাৰ্বিসকলৰ এটি লোকনাট্য অনুষ্ঠানৰ নাম লিখা৷

  (গ) বৰপেটাত নতুনকৈ স্থাপন কৰা মেডিকেল কলেজখনৰ নাম কি?

  (ঘ) 2018 চনত কোনখন অসমীয়া ছবিয়ে ৰাষ্টীয় সন্মান লাভ কৰিছে?

  (ঙ) দেশভক্ত বুলিলে কোনজন ব্যক্তিক বুজায়?

  (চ) বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ নাম কি?

  (ছ) পৰশুৰাম কুণ্ড কোন প্ৰদেশত আছে?

  (জ) 2018 চনত এছিয়ান গেমছত স্বৰ্ণপদক পোৱা অসমীয়া মহিলাগৰাকীৰ নাম কি?

  (ঝ) দিল্লীত থকা বিমানবন্দৰটোৰ সম্পূৰ্ণ নাম কি?

  (ঞ) প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?

 

(PART-V)

বিষয়: পৰিৱে‍শ অধ্যয়ন

(নম্বৰ: ২৫)

 

১। চমু উত্তৰ লিখা : ১ x ৪ = ৪

  (ক) উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যত প্রধানকৈ সমভূমি আছে?

  (খ) ‘বিশ্ব পৰিৱেশ দিৱস’ কোন তাৰিখে পালন কৰা হয়?

  (গ) কোনটো খতুত কপৌফুল ফুলে?

  (ঘ) পৌৰ নিগমৰ মুৰব্বীজনক কি বোলে?

 

২। খালী ঠাই পূৰ কৰা : ১ x ৪=৪

  (ক) চনত গুৱাহাটী পৌৰ নিগম স্থাপন হৈছিল।

  (খ) ___ ক দেশৰ সৰ্বোত্তম আইন বোলে।

  (গ) ভিটামিন ___ ৰ অভাৱত চকুৰ দৃষ্টি কমে।

  (ঘ) সুতুলী এবিধ ____৷

 

৩। উত্তৰ লিখা: ২ x ৫=১০

  (ক) নৱীকৰণক্ষম সম্পদ মানে কি? দুবিধ নৱীকৰণক্ষম সম্পদৰ নাম লিখা।

  (খ) বিশ্ব ঐতিহাত স্থান পোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম লিখা।

  (গ) বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়?

  (ঘ) সমাজ বুলিলে কি বুজা?

  (ঙ) পানী প্ৰদূষণ ৰোধৰ এটা ব্যৱস্থা লিখা।

 

৪। সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্ৰয়োজন? ২ + ২ = ৪

৫। চমু টোকা লিখা (যি কোনো এটা): ৩

(ক) প্ৰদূষক

(খ) অন্ধবিশ্বাস



অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ